মৃত অশোক যাদৱ খোজকাঢ়ি গৈ আছে! আচৰিত যেন লাগিলেও এয়াই সঁচা।
৪৫ বছৰীয়া ব্যক্তিজনে প্ৰতিদিনে পুৱা আন দহজনৰ দৰে সাৰ পাই শেতেলী এৰে। আন যিকোনো শ্ৰমিকৰ দৰেই কাম কৰিবলৈ ঘৰৰ পৰা ওলাই যায়, গোটেই দিনটো খেতিপথাৰত মূৰৰ ঘাম মাটিত পেলায়। সন্ধিয়া ভাগৰত লেবেজান শৰীৰটো চোঁচৰাই আন শ্ৰমিকৰ দৰেই ঘৰলৈ ওভতে তেওঁ। তেওঁৰ আৰু আন শ্ৰমিকসকলৰ মাজত বৰ বিশেষ কোনো পাৰ্থক্য নাই, কেৱল এটাই মাথো পাৰ্থক্য যে অশোকৰ ইতিমধ্যে আনুষ্ঠানিকভাৱে মৃত্যু হৈছে!
খোৰঘৰৰ নিবাসী অশোক যাদৱে ২০২৩ চনৰ জুলাই মাহত এই কথা অনুভৱ কৰে যে তেওঁ একেৰাহে দুবছৰ ধৰি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত প্ৰাপ্য ৬০০০ টকা লাভৰ পৰা বঞ্চিত হৈছে। দৰাচলতে ২০১৯ চনত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা এই আঁচনিৰ জৰিয়তে দেশৰ কৃষক সকলে নূন্যতম উপাৰ্জন সমৰ্থন হিচাপে বছৰি সৰ্বাধিক ৬ হাজাৰ টকালৈকে লাভ কৰিবলৈ সক্ষম হৈছিল। চৰকাৰী আঁচনিৰ এই ধন লাভৰ বাবে যোগ্য আছিল অশোক যাদৱো।
প্ৰথম দুবছৰমান নিয়মিতভাৱেই অশোকৰ বেংক একাউণ্টত জমা হৈছিল এই আঁচনিৰ জৰিয়তে প্ৰাপ্য ধন। কিন্তু আঁচনিৰ ধন লাভ কৰাটো হঠাৎ বন্ধ হৈ যোৱাত অশোকে প্ৰথমে ভাবিছিল যে এয়া কোনো বিসংগতিৰ বাবেই ঘটিছে। অশোক যাদৱে এই বিসংগতি দূৰ হোৱাৰ বাবে অপেক্ষা কৰিছিল। কিন্তু দূৰ নহ’ল। খা-খবৰ কৰাৰ পিছত অশোকে জানিব পাৰিলে যে এই বিসংগতি দৰাচলতে তেওঁ ভবাতকৈ বহুত বেছি ডাঙৰ আৰু আশ্বৰ্যজনক।
আঁচনিৰ ধন লাভ কৰাটো বন্ধ হোৱাৰ কাৰণ জানিবলৈ যেতিয়া অশোক যাদৱে জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈছিল, তেতিয়া তাত কম্পিউটাৰৰ সন্মুখত বহি থকা ব্যক্তিজনে তথ্য পৰীক্ষা কৰি অতি শান্তভাবেই অশোকক জনাইছিল- ২০২১ চনত কোভিড-১৯ মহামাৰীৰ সময়তে মৃত্যু ঘটিছে তেওঁৰ। সেইবাবেই দুবছৰৰ পৰা অশোকে লাভ কৰা নাই আঁচনিৰ ধন। উপায়ুক্ত কাৰ্যালয়ৰ কম্পিউটাৰ সহায়কগৰাকীৰ এই কথা শুনি স্তম্ভিত হৈ পৰিছিল অশোক। ক্ষন্তেক পৰ শিলৰ মূৰ্তি এটাৰ দৰে জঠৰ হৈ পৰিছল শৰীৰ। অশোকে কয়, “এই কথা শুনি মই কি ক’ম ভাবিয়েই পোৱা নাছিলো।''
মধ্যপ্ৰদেশৰ অনুসূচিত জাতি হিচাপে তালিকাভুক্ত যাদৱ সম্প্ৰদায়ৰ শ্ৰমিকসকলে আনৰ খেতিপথাৰত কাম কৰি দৈনিক ৩৫০ টকাৰ হাজিৰাৰে চলাই আহিছে সংসাৰ। অশোকৰ নিজৰ বুলিবলৈ এক একৰ মাটি আছে, তাত তেওঁ নিজে খাবলৈ খেতি কৰে। আনৰ খেতিপথাৰতো কাম কৰে। অশোকৰ পত্নী লীলায়ো পৰিয়ালৰ স্বাৰ্থত খেতিপথাৰত কাম কৰি আহিছে।
শিৱপুৰী জিলাৰ নিজৰ গাঁৱৰ এখন পথাৰত এতিয়া সৰিয়হৰ খেতি চপোৱাত ব্যস্ত অশোক যাদৱ। এই কামৰ মাজতে কিছু জিৰণি লৈ অশোকে কয়, “দিনত উপাৰ্জন কৰিলেহে ৰাতিৰ সাজ খাবলৈ জোৰে। বছৰি ৬ হাজাৰ টকা বহুতৰে বাবে বহু বেছি টকা যেন নালাগিব পাৰে। কিন্তু আমাৰ বাবে সেয়া বহু বেছি। মোৰ ১৫ বছৰীয়া ল’ৰা এটা আছে। স্কুলত পঢ়ি আছে আৰু সি আগলৈও পঢ়িব বিচাৰিছে। আৰু তাতোকৈ ডাঙৰ কথাটো হ’ল মই কেৱল মৃত হ’ব নিবিচাৰো।”
অশোকে নিজেই শিৱপুৰী জিলা উপায়ুক্তলৈ চিঠি লিখি মৃত্যুৰ প্ৰমাণ পত্ৰ বাতিল কৰে। গাঁৱৰ পৰৱৰ্তী ৰাজহুৱা শুনানিত তেওঁ আনকি গাঁও পঞ্চায়তৰ আগত এই বিষয়টো উত্থাপন কৰিছিল, প্ৰক্ৰিয়াটো ক্ষিপ্ৰ কৰাৰ আশাত। ৰাজহুৱা শুনানিৰ অন্তত পঞ্চায়তৰ বিষয়াসকলে তেওঁৰ ওচৰলৈ গৈ তেওঁ জীয়াই আছে বুলি প্ৰমাণ কৰিব লাগিব বুলি কয়। বিমোৰত পৰি তেওঁ কয়, “মই তেওঁলোকৰ সন্মুখত থিয় হৈ আছিলো, তেওঁলোকক আৰু কি প্ৰমাণৰ প্ৰয়োজন?”
কিন্তু এই অস্বাভাৱিক আৰু দুখজনক পৰিস্থিতিৰ একমাত্ৰ অশোক যাদৱেই ভুক্তভোগী নহয়।
২০১৯ চনৰ পৰা ২০২২ চনৰ ভিতৰত ব্লক পঞ্চায়তৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু কম্পিউটাৰ অপাৰেটৰে এক বৃহৎ কেলেংকাৰী সংঘটিত কৰি শিৱপুৰী জিলাৰ ১২-১৫ খন গাঁৱৰ ২৬ জন ব্যক্তিৰ মৃত্যুৰ তথ্য চৰকাৰী নথি-পত্ৰত মিছাকৈ লিপিবদ্ধ কৰি তেওঁলোকে লাভ কৰা ধন আত্মসাৎ কৰিছিল।
মুখ্যমন্ত্ৰীৰ সম্বল যোজনাৰ মতে দুৰ্ঘটনাত মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালে ৰাজ্য চৰকাৰৰ পৰা ক্ষতিপূৰণ হিচাপে ৪ লাখ টকা লাভ কৰে। কেলেংকাৰী সংঘটিত কৰাসকলে মৃত বুলি নথি-পত্ৰত লিপিবদ্ধ কৰা এই ২৬ জন লোকৰ নামত এই ধন আদায় কৰি ১ কোটিৰো অধিক ধন আত্মসাৎ কৰিবলৈ সক্ষম হয়। অৱশ্যে আৰক্ষীয়ে সংশ্লিষ্ট লোকসকলক গ্ৰেপ্তাৰ কৰি ভাৰতীয় দণ্ডবিধিৰ অধীনত ৪২০, ৪৬৭, ৪৬৮ আৰু ৪০৯ ধাৰাত প্ৰতাৰণা আৰু জালিয়াতি সম্পৰ্কীয় গোচৰ ৰুজু কৰিছে।
শিৱপুৰী থানাৰ টাউন ইন্সপেক্টৰ বিনয় যাদৱে কয়, “আমি এফআইআৰত গগন বাজপেয়ী, ৰাজীৱ মিশ্ৰ, শৈলেন্দ্ৰ পাৰমা, সাধনা চৌহান আৰু লতা ডুবেৰ নাম উল্লেখ কৰিছো। এতিয়াও আমি অধিক তথ্যৰ বাবে তদন্ত চলাই আছো।”
স্থানীয় সাংবাদিকসকলে (নাম প্ৰকাশত অনিচ্ছুক) দাবী কৰা মতে, অধিক তদন্তত শিৱপুৰীত অধিক ভুৱা মৃত ব্যক্তিৰ নাম পোহৰলৈ আহিব পাৰে। সঠিক তদন্ত চলালে এই কেলেংকাৰী সংঘটিত কৰা ৰৌ-বৰালিও জালত পৰিব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰে সাংবাদিকসকলে।
কিন্তু চৰকাৰী নথি-পত্ৰত সংঘটিত এই কেলেংকাৰীৰ বাবেই ইফালে ভয়ংকৰ পৰিণামৰ সৈতে যুঁজ দিবলগীয়া হৈছে মৃত বুলি ঘোষিত হোৱা লোকসকলে।
খোৰঘৰৰ ৫ একৰ মাটিৰ গৰাকী কৃষক দত্তৰাম যাদৱ (৪৫)ৰ একে কাৰণতে ট্ৰেক্টৰৰ ঋণ নাকচ কৰা হৈছিল। ২০২২ চনৰ ডিচেম্বৰ মাহত তেওঁক এখন ট্ৰেক্টৰ ক্ৰয় কৰিবলৈ ধনৰ প্ৰয়োজন হোৱাত ঋণ বিচাৰি বেংকলৈ গৈছিল। কিন্তু চৰকাৰী নথিত মৃত বুলি ঘোষণা কৰাৰ বাবেই তেওঁক বেংকৰ পৰা ঋণ প্ৰদান কৰা নহ’ল। দত্তৰাম যাদৱে কয়, “এই কথা প্ৰমাণিত হ’ল যে মৃত মানুহে ঋণ পোৱাটো কঠিন,” কথাখিনি কৈ এটা বিষণ্ণ সেমেকা হাঁহি মাৰে কৃষকজনে।
দত্তৰাম যাদৱে কয় যে এজন খেতিয়কৰ বাবে চৰকাৰী সুবিধা, আঁচনি আৰু ৰাজসাহায্যযুক্ত ঋণ জীৱনৰেখাৰ দৰে। পৰিমাণ নিৰ্দিষ্ট নকৰাকৈ তেওঁ কয় “মোৰ নামৰ বিৰুদ্ধে গুৰুতৰ ঋণৰ বোজা আছে। যেতিয়া আপুনি মোক মৃত বুলি ঘোষণা কৰে, তেতিয়া মোৰ বাবে উপলব্ধ সকলো ঋণ ব্যৱস্থাৰ সুবিধা মই হেৰুৱাই পেলাওঁ। এনে পৰিপ্ৰেক্ষিতত মোৰ কৃষিভূমিত খেতি কৰিবলৈ মই কেনেকৈ মূলধন সংগ্ৰহ কৰিম? শস্যৰ ঋণ কেনেকৈ পাম? ব্যক্তিগত ঋণদাতাৰ ওচৰত হাত পতাৰ বাহিৰে মোৰ হাতত আন একো উপায় নাই।''
ব্যক্তিগত ঋণদাতা বা কাবুলিৱালাৰ বাবে কোনো কাগজ-পত্ৰৰ প্ৰয়োজন নাই। আচলতে তেওঁলোকে আপুনি মৰিছে নে নাই তাকো গুৰুত্ব নিদিয়ে, কিন্তু তেওঁলোকে তেওঁলোকৰ উচ্চ সুতৰ হাৰৰ কথা চিন্তা কৰে যিটো মাহে ৪-৮ শতাংশৰ ভিতৰত হ’ব পাৰে। এবাৰ কৃষকসকলে এনে কাবুলিৱালাৰ শৰণাপন্ন হ’লেই মূলধন আৰু সুত পৰিশোধ কৰি কৰি ভাগৰি পৰিবলগীয়া হয়। গতিকে এটা সৰু ঋণো সাধাৰণ কৃষকৰ বাবে ডিঙিৰ কাঁইটসদৃশ হৈ পৰে।
দত্তৰামে কয়, “মই ভয়ংকৰ বিপদত পৰিছো। মোৰ দুজন ল’ৰাৰ এজনে বি.এড আৰু আনজনে বি.এ পঢ়ি আছে। দুয়োকে মই শিক্ষিত কৰিব বিচাৰো। কিন্তু এই প্ৰৱঞ্চনাৰ বাবেই মই এটা বেয়া সিদ্ধান্ত ল’বলৈ বাধ্য হ’লো আৰু ইয়াৰ প্ৰভাৱ মোৰ সমগ্ৰ বিত্তীয় দিশত পৰিছে।”
৪৫ বৰ্ষীয় ৰামকুমাৰী ৰাৱতৰ বাবে ইয়াৰ পৰিণতি বেলেগ ধৰণৰ হৈছে। এই প্ৰৱঞ্চনাৰ অন্যতম বলি আছিল তেওঁৰ পুত্ৰ হেমন্ত (২৫)। ভাগ্য ভাল যে তেওঁলোকৰ ১০ একৰ খেতিপথাৰ দেউতাকৰ নামত আছে, গতিকে আৰ্থিক পৰিমাণ তেওঁলোকে ভোগ কৰিবলগীয়া নহ’ল।
খোৰঘৰৰ ঘৰৰ বাৰাণ্ডাত নাতিটোক কোলাত লৈ ৰামকুমাৰীয়ে কয়, “কিন্তু মানুহে আমাৰ কথা বু বু-বা বা কৰিবলৈ আৰম্ভ কৰে। গাঁৱত মানুহে সন্দেহ কৰিছিল যে আমি ইচ্ছাকৃতভাৱে আমাৰ ল’ৰাটোক কাগজত হত্যা কৰিছো, যাতে আমি ৪ লাখ টকা লাভ কৰিব পাৰো। এই গুজৱত মই বিচলিত হৈ পৰিলো। নিজৰ ল’ৰাটোৰ লগত তেনেকুৱা কৰাৰ কথাও ভাবিবও নোৱাৰো।''
ৰামকুমাৰীয়ে কয় যে কেইবা সপ্তাহ ধৰি এনে অৰুচিকৰ উৰাবাতৰিৰ বিৰুদ্ধে তেওঁ যুঁজিবলগীয়া হৈছে। ইয়াৰ ফলত তেওঁ মানসিক শান্তি হেৰুৱাই পেলাইছে। তেওঁ স্বীকাৰ কৰে, “মই অস্থিৰ আৰু খিংখিঙীয়া হৈ পৰিছো। মই কেৱল এয়াই ভাবি থাকো যে এয়া কেনেদৰে ঠিক কৰি মই মানুহৰ মুখ বন্ধ কৰিব পাৰো।”
ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত ৰামকুমাৰী আৰু হেমন্তই বিষয়টো সন্দৰ্ভত লিখিব আবেদন দাখিল কৰিবলৈ জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ গৈছিল। হেমন্তই সেমেকা হাঁহি এটা মাৰি কয়, “মই তেওঁক কৈছিলো যে মই জীয়াই আছো। এনে ধৰণৰ এখন আবেদন হাতত লৈ তেওঁৰ অফিচত প্ৰৱেশ কৰাটো আচহুৱা অনুভৱ হৈছিল। কিন্তু আমি যি পাৰো কৰিলোঁ। আমাৰ হাতত আৰু কি আছে? আমি জানো যে আমি একো ভুল কৰা নাই৷ আমাৰ বিবেক স্পষ্ট।''
অশোক যাদৱেও নিজকে জীয়াই থকা বুলি প্ৰমাণ কৰিবলৈ এৰি দিছে। দৈনন্দিন মজুৰি শ্ৰমিক হিচাপে তেওঁৰ প্ৰথম কৰ্তব্য হৈছে কামৰ সন্ধান কৰা আৰু পৰিয়ালটোৰ বাবে দুমুঠি ভাতৰ ব্যৱস্থা কৰা। তেওঁ কয়, “এয়া শস্য চপোৱাৰ বতৰ, গতিকে নিয়মীয়াকৈ কাম পোৱা যায়। কিন্তু অন্য বতৰত কাম কম পোৱা যায় বাবে কাম বিচাৰি চহৰলৈ যাব লাগিব।”
অৱশ্যে মাজে মাজে কেতিয়াবা প্ৰয়াস একেবাৰে নকৰা নহয়। মুখ্যমন্ত্ৰীৰ হেল্পলাইন নম্বৰলৈ অশোকে কেতিয়াবা ফোন কৰে। কিন্তু প্ৰত্যুত্তৰ একো লাভ নকৰে। তেওঁ কয় যে এতিয়া আৰু নিজকে জীৱিত বুলি প্ৰমাণ কৰিবলৈ চৰকাৰী কাৰ্যালয়লৈ বাটকুৰি বাই দৈনিক মজুৰি হেৰুৱাব নোৱাৰে। অন্যথা পৰিয়ালটো যে লঘোনে মৰিব লাগিব! “এতিয়া আৰু আশা এৰিছো। যি হয় হৈ থাকিব,” অশোকে বিষণ্ণ হাঁহি এটাৰে এইদৰে কয়। এতিয়া তেওঁ আগতকৈ অধিক কঠোৰ পৰিশ্ৰম কৰিছে, জীৱনটো আগুৱাই নিবলৈ সংগ্ৰাম চলাইছে প্ৰতিদিনে। কিন্তু অশোক যাদৱ কোন, আপুনি জানেনে? বিষণ্ণ হাঁহি এটা ওঁঠত সানি খোজকাঢ়ি গৈ থকা তেওঁ এজন মৃত মানুহ!
অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি