পুৱা ৭ বাজিছে, দৌলতগঞ্জৰ ছাদিক মঞ্জিল চ’কটো ব্যস্ততাৰে ভৰি পৰিছে। ট্ৰাকবোৰে কৰ্কশ শব্দ কৰি পাৰ হৈ গৈছে, দোকানবোৰৰ ছাটাৰবোৰ খোলাৰ ঘেৰঘেৰ শব্দ শুনা গৈছে। ওচৰৰে মন্দিৰ এটাৰ পৰা মাইকৰ পৰা হনুমান চালিচা ভাঁহি আহিছে।
দোকান এখনৰ চিৰিত বহি থকা ঋষি মিশ্ৰাই চিগাৰেট এটা হুপি আছে আৰু আশে-পাশে থকা মানুহখিনিৰ লগত ডাঙৰ ডাঙৰকৈ কথা পাতিছে। তেওঁলোকৰ আলোচনাৰ বিষয় হৈছে অলপতে হৈ যোৱা সাধাৰণ নিৰ্বাচন আৰু গঠন হ’বলগীয়া নতুন চৰকাৰ। মানুহে তৰ্ক-বিতৰ্ক কৰি থকা দেখি কাষতে বহি চাধা মলি থকা নজৰুদ্দিন আহমেদে কৈছে, “তহঁতে তৰ্ক কিয় কৰিছ? যোনেই চৰকাৰ গঠন নকৰক কিয়, আমি নিজৰ পেট পালিবলৈ কাম কৰিবই লাগিব।”
ঋষি আৰু নজৰুদ্দিন সেই ঠাইত পুৱাৰ ভাগত গোট খোৱা দিনহাজিৰাৰ কাম বিচাৰি অহা মানুহ। তেওঁলোক গোট খোৱা ঠাইখিনিক লেবাৰ চ’ক বুলিও কয়। পালামুৰ আশে-পাশে গাওঁবোৰত কাম নাই, তেওঁলোকে কয়। ছাদিক মঞ্জিলৰ সেই লেবাৰ চ’কটোত প্ৰায় ২৫-৩০ গৰাকী মানুহ কামৰ আশাত বহি আছে। তেওঁলোকে ঝাৰখণ্ডৰ আশে-পাশে থকা গাওঁবোৰৰ পৰা আহি পুৱাৰ ভাগত সদায় এনেকৈ কামৰ আশাত আহি বহি থাকে। তাত তেনেকুৱা লেবাৰ চ’ক প্ৰায় পাঁচটামান আছে।
“আঠ বজালৈ ৰৈ দিয়ক। ইমান মানুহ তেতিয়ালৈ গোট খাব যে ভৰি দিবলৈ ঠাই নাইকিয়া হ’ব,” ম’বাইল ফোনটোত সময় চাই ঋষিয়ে কয়।
ঋষিয়ে ২০১৪ত আইটিআই প্ৰশিক্ষণ লৈছিল আৰু ড্ৰিলিং মেচিন চলাব জানে, সেই কাম পাব বুলি তেওঁ আশা পালি ইয়াত ৰৈ আছে। “কামৰ আশাত আমি এই চৰকাৰক ভোট দিছিলো। (নৰেন্দ্ৰ) মোদীয়ে ১০ বছৰ শাসনত থাকিল। কিমান পদ মুকলি কৰাৰ ঘোষণা আপুনি শুনিছে আৰু কিমানক চাকৰি দিছে?” সিংগ্ৰহ কালান গাঁৱৰ ২৮ বৰ্ষীয় ডেকাল’ৰাজনে কয়। “এইখন চৰকাৰ যদি আৰু পাঁচ বছৰ থাকে, তেন্তে আমাৰ আৰু একো আশা কৰিবলগীয়া নাথাকিব।”
একেই ভাব ৪৫ বৰ্ষীয় নজৰুদ্দিনৰ মনতো খেলিছে। নেউৰা গাঁৱৰ ৰাজমিস্ত্ৰী নজৰুদ্দিনে অকলে নিজৰ সাতজনীয়া পৰিয়ালটো চলায়। “কোনে দুখীয়া মানুহ আৰু খেতিয়কৰ কথা চিন্তা কৰে?” নজৰুদ্দিনে প্ৰশ্ন কৰে। “প্ৰতিদিনে ইয়ালৈ ৫০০ মানুহ আহে। কেৱল ১০ জনে কাম পায় আৰু বাকীবোৰে শুদাহাতে ঘৰলৈ উভতে।”
মটৰ চাইকেলত লোক এজন আহিলত, আমাৰ কথোপকথনত ব্যাঘাত জন্মিল। মানুহবোৰে আৰোহীজনক আগুৰি ধৰিলে, কিজানি দিনটোৰ বাবে কাম পায়। মজুৰি নিৰ্ধাৰণ কৰাৰ পিছত ডেকা ল’ৰাজনক বাচি লোৱা হ’ল। মটৰ চাইকেলৰ পিছফালে উঠি তেওঁ গ’ল।
ঋষি আৰু তেওঁৰ লগৰীয়া শ্ৰমিক বন্ধুসকল আকৌ নিজৰ ঠাইলৈ উভতি আহিল। “এই কাৰবাৰখন চাওকচোন। এজন মানুহ আহিলনে, আটাইবোৰ একেবাৰে জপিয়াই পৰিল,” ঋষিয়ে কয়। কওতে তেওঁ ভেকাহিয়ে মাৰিছে নে হাঁহিছে, ধৰিব পৰা নগ’ল।
পিছফালে বহি থকা ঋষিয়ে কয়, “যি দলেই চৰকাৰ গঠন নকৰক কিয়, দুখীয়া মানুহৰ সহায় হ’ব লাগে। বস্তু-বাহানিৰ দাম কমিব লাগে। মন্দিৰ বনালে দুখীয়াৰ পেট ভৰিব জানো?”
অনুবাদ: পংকজ দাস