“মই প্ৰায় ৪৫০ বিধ চৰাইৰ মাত চিনি পাওঁ।”
মিকা ৰাইৰ এই নিপুণতা তেওঁৰ বাবে জৰুৰীও। বন্য আলোকচিত্ৰ শিল্পী হিচাপে চৰাই-চিৰিকতি আৰু জীৱ-জন্তুৰ ফটো তুলিবলৈ হ’লে আপুনি ধৈৰ্য্যৰ খেল খেলিব লাগিব, তাতে যদি আপুনি প্ৰকৃতিৰ মাত-কথাবোৰ বুজি পায়, তেন্তে আপুনি কিবা এটা ভাল আশা কৰিব পাৰে।
ডেউকাধাৰীৰ পৰা আৰম্ভ কৰি নোমাল স্তন্যপায়ীলৈ মিকাই বিগত বছৰবোৰত প্ৰায় ৩০০ ভিন্ন প্ৰজাতিৰ ফটো তুলিছে। তেওঁ তাৰে মাজৰ আটাইতকৈ কষ্টেৰে তোলা ফটোখনৰ কথা কয়, সেয়া হৈছে ব্লাইদ ট্ৰেগোপন ( Tragopan blythii ) ফটো। এই চৰাইবিধ দেখাটো অতিটো বিৰল।
সেয়া ২০২০ৰ অক্টোবৰ মাহৰ কথা। মিকাই চিগমা ১৫০এমএম-৬০০এমএম টেলিফটো জুম লেন্স এখন লৈছিল। সেই শক্তিশালী লেন্সখনেৰে তেওঁ ট্ৰেগোপনৰ ফটো ল’বলৈ মন বান্ধিছিল। তেওঁ চৰাইবিধৰ মাত শুনি শুনি ট্ৰেক কৰিছিল। কোনো কাৰণতে আশা এৰি দিয়া নাছিল। “কাফি দিন চে আৱাজ তোহ সুনায়ী দে ৰহা থা (বহুদিনৰ পৰা মাত শুনি আছিলোঁ)।” মাহৰ পিছত মাহ বাগৰিছিল, কিন্তু চৰাইবিধ চকুত পৰা নাছিল।
শেষত, ২০২১ৰ মে’ত অৰুণাচল প্ৰদেশৰ ইগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্যৰ ঘন অৰণ্যত মিকাই আকৌ এবাৰ ব্লাইদ ট্ৰেগোপনৰ মাত অনুসৰণ কৰিবলৈ ধৰিলে। তেনেতে সেই বাগি দি ফুৰা পখীয়ে স্পষ্টকৈ তেওঁৰ কেমেৰাৰ আগত ধৰা দিলে। তেওঁ পজিছন লৈ আছিল, হাতত আছিল নিকন ডি৭২০০, লগোৱা আছিল চিগমা ১৫০এমএম-৬০০এমএম টেলিফটো জুম লেন্স। কিন্তু তেওঁক নাৰ্ভাছনেছে খালে। “ফটোবোৰ অস্পষ্ট আহিল। কামত নহা ফটোহে তুলিলো,” তেওঁ মনত পেলায়।
দুটা বছৰ পিছত পশ্চিম কামেং জিলাৰ বম্পু শিবিৰত উজ্জ্বল ৰঙচুৱা বৰণ আৰু পিঠিত সৰু সৰু বগা দাগ থকা সেই বাগি দি ফুৰা পখীবিধ পাতৰ আঁৰত আকৌ এবাৰ নজৰত পৰিল। এইবাৰ মিকাই সুযোগ নেহেৰুৱালে। ৩০-৪০ টা বাৰ্ষ্ট শ্বটত তেওঁ এখন কি দুখন ভাল ফটো পালে। সেয়া প্ৰথমবাৰৰ বাবে পাৰিত প্ৰকাশ পালে, প্ৰতিবেদনখন আছিল - অৰুণাচলৰ এধানি পখীয়ে দিছে জলবায়ু পৰিৱৰ্তনৰ সংকেত ।
মিকা হৈছে ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (আইআইএছচি), বেংগালুৰুৰ পৰা অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ হিমালয় পৰ্বতাঞ্চলৰ পক্ষীৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰি থকা বিজ্ঞানীসকলক সহায় কৰি অহা স্থানীয় লোকৰ এটা গোটৰ সদস্য।
“মিকাহঁতৰ দৰে লোকসকল আমি ইগলনেষ্টত কৰি থকা কামৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। ফিল্ডত কাম কৰিবলৈ আমাক যি ধৰণৰ ডেটা লাগে সেয়া (তেওঁলোকৰ অবিহনে) সম্ভৱ নহ’লহেঁতেন,” পক্ষীবিদ ড. উমেশ শ্ৰীনিবাসনে কয়।
মিকাৰ চৰাইৰ প্ৰতি আগ্ৰহ বিজ্ঞানৰ পৰিসীমাত সীমাবদ্ধ নহয়। তেওঁ আশীৰ্বাদ দিয়া চৰাইৰ বিষয়ে নেপালী কাহিনী এটা কয়। “মাহীমাকৰ নিষ্ঠুৰতা সহিব নোৱাৰি হাবিলৈ গুছি যোৱা মানুহ এটাই হাবিত কল খাই জীৱন নিৰ্বাহ কৰিবলৈ লয় আৰু পক্ষীলৈ ৰূপান্তৰ হয়। সেই ৰঙীন নিশাচৰ পক্ষীয়ে নেপালী পৰম্পৰাত মানুহ আৰু প্ৰকৃতিৰ মাজত থকা দীৰ্ঘদিনীয়া আৰু ৰহস্যময় সম্পৰ্কৰ কথা বুজায়।” মিকাই কয় যে সেই চৰাইবিধ হৈছে বাগি দি ফুৰা মাউণ্টেইন স্কপচ্ ফেঁচা। বহুতে তাক আশীৰ্বাদ দিয়া পখী বুলি কয়। পখীবিধ বিৰল হোৱাই এই কাহিনীৰ আঁৰৰ কথা।
এই হাবিত চৰাই বিচাৰি ফুৰোতে মিকা আৰু তেওঁৰ লগৰবোৰে কেইবাৰমান চাৰিঠেঙীয়া জন্তু, বিশেষকৈ বিশ্বৰ আটাইতকৈ ডাঙৰ, ওখ আৰু গধুৰ গৰুজাতীয় প্ৰাণী মেঠোন ( Bos gaurus ) দেখিবলৈ পাইছে, যাক ইংৰাজীত ইণ্ডিয়ান বাইচন বুলিও জনা যায়।
ৰাতিৰ বৰষুণৰ পিছত বাটত জমা হোৱা বোকা-শিল আদি আঁতৰাই বাট মোকলাবলৈ মিকা আৰু তেওঁৰ দুজন বন্ধু গৈছিল। তেনে সময়তে সন্মুখতে এই বিশালাকায় মেঠোনটো আগত পৰিল, ব্যৱধান মাত্ৰ ২০ মিটাৰ। “মই চিঞৰ এটা মাৰিলো আৰু মিঠুনটোৱে আমালৈ চোঁচা মাৰি খেদি আহিল!” মেঠোনটোৱ তেনেকৈ খেদি অহাত মিকাৰ বন্ধুজনে ভিৰাই লৰ মাৰি কেনেকৈ গছ এডালত উঠিবলৈ লৈছিল, সেই দৃশ্য মনত পেলাই মিকাই হাঁহিবলৈ ধৰে। তেওঁ আৰু আনজন বন্ধুৱে কোনোমতে বাচি নিৰাপদ স্থানত উপনীত হয়।
তেওঁ কয় যে ইগলনেষ্টত তেওঁৰ আটাইতকৈ প্ৰিয় জীৱবিধ হৈছে মজলীয়া আকাৰৰ বনৰীয়া মেকুৰী এটা, নাম এছীয়ান গ’ল্ডেন কেট ( Catopuma temminckii )। এই বনৰীয়া মেকুৰীবিধ ইগলনেষ্টৰ হাবিত পোৱা যায়। বম্পু শিবিৰলৈ উভতি আহি থাকোতে বাটত মুনিচুনি আন্ধাৰত তেওঁ প্ৰাণীবিধ দেখিছিল। “লগত কেমেৰাটো (নিকন ডি৭২০০) আছিল, ফটো তুলিব পালো,” তেওঁ ফুৰ্তিৰে কয়। “কিন্তু তাৰপিছত আৰু কেতিয়াও তাক নেদেখিলো।”
*****
মিকাৰ জন্ম পশ্চিম কামেং জিলাৰ ডিৰাঙত। তেওঁ পৰিয়ালৰ সৈতে একেখন জিলাৰে ৰামালিংগম গাঁৱলৈ উঠি আহে। “সকলোৱে মোক মিকা ৰাই বুলিয়ে মাতে। ইনষ্টাগ্ৰাম আৰু ফেচবুকত মোৰ নামটো মিকা ৰাই বুলি আছে। কাগজে-পত্ৰই শম্ভু ৰাই বুলি আছে,” পঞ্চমমানৰ পিছতে “টকাৰ অভাৱ আৰু সৰু ভাই-ভনীহঁতে পঢ়িব লাগে” বুলিয়েই তেওঁ স্কুলীয়া শিক্ষা সামৰিছিল।
তাৰপিছৰ কেইটামান বছৰ বহুত কষ্টৰ মাজেৰে পাৰ হ’ল। তেওঁ ডিৰাঙত ৰাস্তা বনোৱা কামত বনুৱা হিচাপে কৰিলে, ইগলনেষ্ট অভয়াৰণ্যৰ বম্পু শিবিৰত ৰান্ধনীশালত সোমাল, চিংচুং বুগুন ভিলেইজ কমিউনিটি ৰিজাৰ্ভ (এছবিভিচিআৰ)ৰ লামা শিবিৰতো কাম কৰিলে।
কৈশোৰ অৱস্থাত মিকাই শেষত ৰামালিংগমলৈ উভতি আহিল। “মই ঘৰত মা-দেউতাৰ লগত আছিলো আৰু তেওঁলোকক খেতিৰ কামত সহায় কৰিছিলোঁ।” তেওঁৰ পৰিয়ালটো নেপালী মূলৰ। বুগুন সম্প্ৰদায়ৰ পৰা তেওঁলোকে ৪-৫ বিঘা মাটি লীজত লৈ তাত বন্ধাকবি আৰু আলুৰ খেতি কৰে আৰু সেয়া তাৰপৰা চাৰিঘণ্টাৰ বাট বাই অসমৰ তেজপুৰ চহৰত বিক্ৰী কৰে।
পক্ষীবিদ তথা ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (আইআইএছচি), বেংগালুৰুৰ চেণ্টাৰ ফৰ ইক’লজিকেল চায়েন্সেজৰ পৰিস্থিতিতন্ত্ৰ বিভাগৰ সহকাৰী অধ্যাপক ড. উমেশ শ্ৰীনিবাসনে জলবায়ু পৰিৱৰ্তনৰ চৰাইৰ ওপৰত প্ৰভাৱ সম্পৰ্কে অধ্যয়ন কৰিবলৈ ৰামালিংগমলৈ আহে, তেওঁক ফিল্ডত কাম কৰিবলৈ দুই-তিনিজন ডেকাল’ৰাৰ প্ৰয়োজন আছিল। সুস্থিৰ আয়ৰ সুযোগ দেখি মিকা আগবাঢ়ি আহিল। ২০১১ৰ জানুৱাৰীত ১৬ বৰ্ষীয় মিকাই শ্ৰীনিবাসনৰ টিমটোত ফিল্ড ষ্টাফ হিচাপে কাম কৰিবলৈ লয়।
তেওঁ আনন্দেৰে কয় যে তেওঁৰ আচল শিক্ষা অৰুণাচল প্ৰদেশৰ অৰণ্যত আৰম্ভ হয়। “পশ্চিম কামেং জিলাত চৰাই মাত মই (সহজেই) চিনিব পাৰো,” তেওঁ কয়। তেওঁৰ প্ৰিয় চৰাইবিধ হৈছে “চিক্কিম ৱেজ-বিলড বেবলাৰ। দেখাত ইমান ধুনীয়া নহয় যদিও মই চৰাইবিধৰ ষ্টাইল ভাল পাওঁ,” চৰাইবিধৰ বিশেষ ধৰণৰ ঠোটটো আৰু চকুৰ চাৰিওকাষে বগা ৰঙৰ গোল গোল আঁক থকাৰ প্ৰসংগত তেওঁ কয়। বিৰল প্ৰজাতিৰ এই চৰাইবিধ অৰুণাচল প্ৰদেশ, আৰু পূবলৈ গৈ পোৱা নেপাল আৰু পূব ভুটানত পোৱা যায়।
“অলপতে মই হোৱাইট-ৰাম্পদ চামা [ Copsychus malabaricus ]ৰ ফটো প্ৰায় ২০০০ মিটাৰ উচ্চতাত তুলিব পাৰিলো। এয়া বৰ আচৰতি হ’বলগীয়া কথা, কিয়নো চৰাইবিধ সাধাৰণতে ৯০০ মিটাৰমান উচ্চতাতহে থাকে। উষ্ণতা বৃদ্ধিৰ কাৰণে চৰাইবিধে নিজৰ স্থান সলাইছে,” মিকাই কয়।
বিজ্ঞানী শ্ৰীনিবাসনে কয়, “পূব হিমালয় অঞ্চলটো বিশ্বৰ দ্বিতীয় বৈচিত্ৰময় অঞ্চল আৰু এই অঞ্চলটোৰ প্ৰজাতিবোৰ উষ্ণতাৰ প্ৰতি অতিকৈ সংবেদনশীল। পৰিৱৰ্তিত জলবায়ুৱে বিশ্বৰ এক বুজন পৰিমাণৰ প্ৰজাতিক বিপদাপন্ন কৰিব পাৰে।” তেওঁৰ গৱেষণাকৰ্মত দেখা গৈছে যে সেই অঞ্চলৰ নিৰ্দিষ্ট উচ্চতাত বসতি কৰা চৰাইবোৰে এতিয়া ধীৰে ধীৰে উচ্চতালৈ যাবলৈ ধৰিছে। পঢ়ক: অৰুণাচলৰ এধানি পখীয়ে দিছে জলবায়ু পৰিৱৰ্তনৰ সংকেত ।
জলবায়ু পৰিৱৰ্তনৰ ওপৰত আলোকিচিত্ৰ শিল্পী হিচাপে আমাৰো আগ্ৰহ থকাত মিকাই তোলা ফটোবোৰ তেওঁৰ ফোনত জুমি জুমি চাই বিস্মিত হ’লো, তেওঁ বিগত বছৰবোৰত তোলা চৰাইৰ ফটোবোৰ আমাক দেখুৱালে। তেওঁ সেয়া তেনেই সহজতে তোলা বুলি আমাক কয়, কিন্তু মোৰ নিজৰ অভিজ্ঞতাৰ পৰা জানো যে সেই সঠিক ফটোবোৰ পাবলৈ কিমান পৰিশ্ৰম, একান্ত ইচ্ছা আৰু অসীম ধৈৰ্য্যৰ প্ৰয়োজন।
*****
টিমটোৰ কেম্পছাইটটো বম্পু শিবিৰত আছে, বিশ্বৰ বিভিন্ন অংশৰ পৰা অহা পক্ষী নিৰীক্ষকৰ বাবে যেন সোণৰ খনি যেন এই ইগলনেষ্ট অভয়াৰণ্যত কেম্পছাইটটো আছে। কাঠ আৰু টাৰ্পনিলেৰে বনোৱা শিবিৰটো অস্থায়ী। গৱেষক দলটোত বিজ্ঞানী, এগৰাকী শিক্ষানবিচ, পশ্চিম কামে জিলাৰ ক্ষেত্ৰকৰ্মী আছে। ড. উমেশ শ্ৰীনিবাসনৰ নেতৃত্বত থকা এই দলটোত মিকাৰ ভূমিকা গুৰুত্বপূৰ্ণ।
গৱেষণা শিবিৰটোৰ বাহিৰত থিয় দি থকাৰ মাজতে বতাহে মিকা আৰু মোক কোবাই গৈছে। ঘন ক’লা ডাঁৱৰৰ মাজেৰে আশে-পাশে থকা পৰ্বতৰ চূড়াবোৰ দেখা গৈছে। পৰিৱৰ্তিত জলবায়ুৰ বিষয়ে তেওঁৰ অভিজ্ঞতা জানিবলৈ মই উৎসুক হৈ পৰিছো।
“কম উচ্চতাত যদি উষ্ণতা বাঢ়ে, তেতিয়া পৰ্বতীয়া এলেকাত উষ্ণতা বেছি বাঢ়ে। পৰ্বতাঞ্চলবোৰত উষ্ণতা বাঢ়িবলৈ ধৰিছে। জলবায়ু পৰিৱৰ্তনৰ বাবে এতিয়া বাৰিষাৰ ৰেহৰূপ একেবাৰে সলনি হৈ পৰিছে,” মিকাই কয়। “আগতে মানুহে বতৰৰ সালসলনিৰ বিষয়ে জানিছিল। বয়সীয়া মানুহখিনিয়ে কয়, কেনেকৈ ফেব্ৰুৱাৰী মাহত জাৰ পৰিছিল আৰু আকাশ মেঘাচ্ছন্ন হৈ থাকিছিল।” এতিয়া ফেব্ৰুৱাৰী মাহত অহা আবতৰীয়া বৰষুণে খেতিয়ক আৰু তেওঁলোকৰ শস্যৰ ক্ষতি কৰে।
পক্ষীৰ কাকলি, ওখ ওখ অল্ডাৰ, মেপল আৰু অ’ক গছেৰে ভৰা সেউজীয়া অৰণ্যৰে আবৃতি ইগলনেষ্ট অভয়াৰণ্যলৈ চাই অনুমান কৰিবলৈ টান হৈ পৰে যে এই ঠাইত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ পৰিব পাৰে। ভাৰতৰ এই পূবদিশত সুৰ্য্য আগতেই উঠে আৰু কৰ্মচাৰীবোৰ পুৱা চাৰে তিনি বজাতে উঠে, নীল আকাশৰ তলত পৰিশ্ৰম কৰে। কাষেৰে শুকুলা মেঘবোৰ পাৰ হৈ গৈ থাকে।
শ্ৰীনিবাসনৰ নেতৃত্বত মিকাই ‘মিষ্ট নেটিং’ - দুটা বাঁহৰ খুটা মাটিত পুতি নাইলন বা পলিষ্টাৰৰ জাল পাতি চৰাই ধৰাৰ এক পদ্ধতি শিকিছে। চৰাইটো ধৰাৰ পিছত তাক মোনা এটাত ভৰাই লোৱা হয়। ইষৎ সেউজীয়া মোনাটোৰ পৰা আলফুলে মিকাই চৰাইটো উলিয়াই শ্ৰীনিবাসনক গতায়।
খুব খৰকৈ চৰাইটোৰ ওজন, ডেউকাৰ দৈৰ্ঘ্য, ঠেং দুখনৰ দৈৰ্ঘ্য জুখি উলিওৱা হয়, এক মিনিটৰো কম সময়ত সেয়া কৰা হয়। চিনাক্তকৰণৰ বাবে আঙঠি এটা পিন্ধাি দিয়াৰ পিছত চৰাইবিধ এৰি দিয়া হয়। কুঁৱলি-জালেৰে চৰাই ধৰাৰ পৰা তাক অস্থায়ী মেজখনলৈ অনা, জোখ-মাখ লোৱা আৰু তাৰপিছত মুকলি কৰি দিয়া - এই সমগ্ৰ প্ৰক্ৰিয়াটো ১৫-২০ মিনিটত শেষ হয়। টিমটোৱে এই কামটো প্ৰত্যেক ২০ মিনিটৰ পৰা আধাঘণ্টাৰ বাবে অতিকমেও আঠ ঘণ্টা কৰে। অৱশ্যে বতৰৰ ওপৰতো এয়া নিৰ্ভৰ কৰে। মিকাই এই কাম কৰি থকাৰ প্ৰায় ১৩ বছৰ হ’ল।
“মই যেতিয়া প্ৰথম চৰাই ধৰা শিকিছিলো, তেতিয়া হোৱাইট-স্পেক্টাকলড ৱাৰ্বলাৰ ( Seicercus affinis ) আদি নামবোৰ মুখতে ফুটি নুঠিছিল। ইংৰাজী কোৱাৰ অভ্যাস নাই বাবে উচ্চাৰণ কৰা টান হৈ পৰিছিল। এইবোৰ শব্দ কেতিয়াও শুনা নাছিলো,” মিকাই কয়।
ইগলনেষ্ট অভয়াৰণ্যত পক্ষী নিৰীক্ষণৰ দক্ষতা বঢ়াত মিকাই চুবুৰীয়া মেঘালয় ৰাজ্য ভ্ৰমণৰ সুযোগ পাইছিল, তাত শাৰী শাৰী গছ কাটি পেলোৱা তেওঁ দেখিছিল। “আমি দহদিন চেৰাপুঞ্জী (২০১২ত) ঘুৰিছিলো আৰু ২০ বিধো চৰাই নেদেখিলো। তেতিয়া বুজিলো যে মই ইগলনেষ্টত কাম কৰিব লাগিব, কিয়নো তাত বহু প্ৰজাতিৰ চৰাই আছে। বম্পুত বহি থাকিয়েই আমি বহুত চৰাই দেখিছিলো।”
“কেমেৰাৰ প্ৰতি আগ্ৰহ জন্মিল ২০১২ত,” মিকাই কয়। তেওঁ অতিথি বিজ্ঞানী নন্দিনী ভেলহোৰ পৰা কেমেৰা ধাৰে লৈছিল: “গ্ৰীণ-টেইলড চানবাৰ্ড ( Aethopyga nipalensis ) সাধাৰণতে দেখা চৰাই। মই সেই চৰাইবিধেৰে ফটো তোলাৰ আৰম্ভণি কৰিছিলো।”
কেইবছৰমান পিছত মিকাই কেইগৰাকীমান পক্ষী নিৰীক্ষকক অৰণ্যত গাইড কৰিবলৈ ল’লে। ২০১৮ত মুম্বাইৰ বিএনএইছএছ (বম্বে নেচাৰেল হিষ্ট্ৰী ছচাইটি)ৰ এটা দল আহিছিল। ফটো তুলি তেওঁ বৰ আনন্দ পোৱাত দলটোৰ এজন সদস্যই তেওঁক নিকন পি৯০০০ এটাৰ প্ৰস্তাৱ দিলে। “ছাৰ, মই ডিএছএলআৰ এটা (ডিজিটেল লেন্স চিংগল-লেন্স ৰিফলেক্স) কিনিব বিচাৰো। আপুনি দিয়া কেমেৰাটো মোক নালাগে,” তেওঁ এনেকৈ কোৱা মনত পেলায়।
একেটা গোটৰে চাৰিজন সদস্যই বৰঙনি আৰু ক্ষেত্ৰকৰ্ম আৰু পক্ষী নিৰীক্ষকক গাইড কৰি পোৱা টকাৰে “মই ৫০,০০০ টকা যোগাৰ কৰিলো, কিন্তু দাম আছিল ৫৫ হাজাৰ টকা। সেয়ে মোৰ বছে (উমেশ) ক’লে যে তেওঁ বাকীখিনি টকা দিব।” ২০১৮ত মিকাই শেষত নিজৰ প্ৰথমটো ডিএছএলআৰ - নিকন ডি-৭২০০ আৰু ১৮-৫৫এমএম জুম লেন্স কিনিলে।
“২-৩ বছৰ মই সৰু ১৮-৫৫এমএম জুম লেন্সখনেৰে ঘৰৰ আশে-পাশে ফুলৰ ফটো ল’লো।” বহুত দূৰৰ পৰা চৰাইৰ ক্ল’জ আপ ফটো ল’বলৈ বৰ দীঘল আৰু শক্তিশালী টেলিফটো লেন্সৰ প্ৰয়োজন হয়। “কেইবছৰমান পিছত ভাবিলো যে মোক ১৫০-৬০০এমএম ছিগমা লেন্স মই কিনা উচিত।” কিন্তু সেইখন লেন্স ব্যৱহাৰ কৰাটো মিকাৰ বাবে কঠিন কাম হৈ পৰিল। তেওঁ কেমেৰাটোৰ এপাৰ্চাৰ, শ্বাটাৰ স্পীড আৰু আইএছঅ’ মিলাব অসুবিধা পালে। “ইমানযে বেয়া ফটো তুলিছিলো,” তেওঁ মনত পেলায়। চিনেমেটোগ্ৰাফাৰ আৰু মিকাৰ ভাল বন্ধু ৰাম আল্লুৰিয়ে তেওঁক ডিএছএলআৰ কেমেৰা ব্যৱহাৰ কৰাৰ কৌশল শিকালে। “ছেটিংছ কেনেকৈ মিলাব লাগে তেওঁ সেয়া মোক শিকালে, এতিয়া মই কেৱল মেনুৱেল (ছেটিংছ)তে ফটো তোলো,” তেওঁ কয়।
কিন্তু চৰাইৰ ভাল ফটো তুলিলেই নহ’ব, তাক ভালদৰে ফটোশ্বপ ছফটৱেৰত সম্পাদনাও কৰিব লাগিব। ২০২১ত মিকাই স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়নৰত শিক্ষাৰ্থী সিদ্ধাৰ্থ শ্ৰীনিবাসনৰ পৰা ফটোশ্বপত ফটো সম্পাদনাৰ কাম শিকিলে।
তেওঁৰ ফটোগ্ৰাফীৰ পটুতা সোনকালেই মানুহে জনা হ’ল আৰু দা থাৰ্ড প’ল নামে হিমালয়ৰ ওপৰত আধাৰিত ৱেবছাইটৰ এটা আৰ্টিকল ‘লকডাউন ব্ৰিংছ হাৰ্ডশ্বিপ টু বাৰ্ডাৰ্ছ পেৰাডাইজ ইন ইণ্ডিয়া’ৰ বাবে ফটো তেওঁৰ পৰা ফটো বিচৰা হ’ল। “তেওঁলোকে (সেই লেখাটোৰ বাবে) মোৰ পৰা সাতখন ফটো ল’লে। মই পইচা পালো আৰু বৰ সন্তুষ্টি অনুভৱ কৰিলো,” তেওঁ কয়। ক্ষেত্ৰকৰ্মত কৃতসংকল্প হৈ কাম কৰাৰ বাবে তেওঁ কেইখনমান বিজ্ঞান গৱেষণাপত্ৰত সহ-লেখক হিচাপে নামো প্ৰকাশিত হৈছে।
মিকাৰ ভিন্ন প্ৰতিভাধাৰী ব্যক্তি। ফিল্ডত কঠোৰ শ্ৰম কৰা তেওঁ এজন কৰ্মচাৰী, উচ্চাকাংক্ষী ফটোগ্ৰাফাৰ আৰু পক্ষী নিৰীক্ষকৰ গাইড, তেওঁ আকৌ গীটাৰো বজায়। চিত্ৰে বস্তি (চেৰিং পাম বুলিও জনা যায়)ৰ গীৰ্জাত মই মিকাক তেওঁৰ সংগীতজ্ঞ অৱতাৰত দেখিবলৈ পাইছিলো। তিনিগৰাকী মহিলা হালি-জালি থকাৰ মাজত তেওঁ লাহে লাহে গীতাৰৰ তাঁৰত আঙুলিৰে আঘাত কৰিছে। তেওঁ বন্ধু, স্থানীয় যাজক এজনৰ জীয়ৰীগৰাকীৰ বিয়াৰ বাবে গীত এটাৰ আখৰা কৰি আছিল। তেওঁৰ আঙুলিবোৰ যিমান খৰতকীয়াকৈ গীটাৰত চলিছে, সিমানেই মোৰ তেওঁ কুঁৱলি-জালত লগা চৰাই কেনেদৰে আলফুলে এৰুৱাই আনে, সেয়া মনত পৰি গ’ল।
তেওঁ জোখ-মাখ কৰা, টেগ কৰা আৰু অৰণ্যত এৰি দিয়া চৰাইবোৰ - আহি থকা জলবায়ু পৰিবৰ্তনৰ আগজাননীৰ বতৰা দিয়া সেই চৰাইবোৰ উৰি গ’ল।
অনুবাদ: পংকজ দাস