“মই প্ৰায় ৪৫০ বিধ চৰাইৰ মাত চিনি পাওঁ।”
মিকা ৰাইৰ এই নিপুণতা তেওঁৰ বাবে জৰুৰীও। বন্য আলোকচিত্ৰ শিল্পী হিচাপে চৰাই-চিৰিকতি আৰু জীৱ-জন্তুৰ ফটো তুলিবলৈ হ’লে আপুনি ধৈৰ্য্যৰ খেল খেলিব লাগিব, তাতে যদি আপুনি প্ৰকৃতিৰ মাত-কথাবোৰ বুজি পায়, তেন্তে আপুনি কিবা এটা ভাল আশা কৰিব পাৰে।
ডেউকাধাৰীৰ পৰা আৰম্ভ কৰি নোমাল স্তন্যপায়ীলৈ মিকাই বিগত বছৰবোৰত প্ৰায় ৩০০ ভিন্ন প্ৰজাতিৰ ফটো তুলিছে। তেওঁ তাৰে মাজৰ আটাইতকৈ কষ্টেৰে তোলা ফটোখনৰ কথা কয়, সেয়া হৈছে ব্লাইদ ট্ৰেগোপন (Tragopan blythii) ফটো। এই চৰাইবিধ দেখাটো অতিটো বিৰল।
সেয়া ২০২০ৰ অক্টোবৰ মাহৰ কথা। মিকাই চিগমা ১৫০এমএম-৬০০এমএম টেলিফটো জুম লেন্স এখন লৈছিল। সেই শক্তিশালী লেন্সখনেৰে তেওঁ ট্ৰেগোপনৰ ফটো ল’বলৈ মন বান্ধিছিল। তেওঁ চৰাইবিধৰ মাত শুনি শুনি ট্ৰেক কৰিছিল। কোনো কাৰণতে আশা এৰি দিয়া নাছিল। “কাফি দিন চে আৱাজ তোহ সুনায়ী দে ৰহা থা (বহুদিনৰ পৰা মাত শুনি আছিলোঁ)।” মাহৰ পিছত মাহ বাগৰিছিল, কিন্তু চৰাইবিধ চকুত পৰা নাছিল।
শেষত, ২০২১ৰ মে’ত অৰুণাচল প্ৰদেশৰ ইগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্যৰ ঘন অৰণ্যত মিকাই আকৌ এবাৰ ব্লাইদ ট্ৰেগোপনৰ মাত অনুসৰণ কৰিবলৈ ধৰিলে। তেনেতে সেই বাগি দি ফুৰা পখীয়ে স্পষ্টকৈ তেওঁৰ কেমেৰাৰ আগত ধৰা দিলে। তেওঁ পজিছন লৈ আছিল, হাতত আছিল নিকন ডি৭২০০, লগোৱা আছিল চিগমা ১৫০এমএম-৬০০এমএম টেলিফটো জুম লেন্স। কিন্তু তেওঁক নাৰ্ভাছনেছে খালে। “ফটোবোৰ অস্পষ্ট আহিল। কামত নহা ফটোহে তুলিলো,” তেওঁ মনত পেলায়।
দুটা বছৰ পিছত পশ্চিম কামেং জিলাৰ বম্পু শিবিৰত উজ্জ্বল ৰঙচুৱা বৰণ আৰু পিঠিত সৰু সৰু বগা দাগ থকা সেই বাগি দি ফুৰা পখীবিধ পাতৰ আঁৰত আকৌ এবাৰ নজৰত পৰিল। এইবাৰ মিকাই সুযোগ নেহেৰুৱালে। ৩০-৪০ টা বাৰ্ষ্ট শ্বটত তেওঁ এখন কি দুখন ভাল ফটো পালে। সেয়া প্ৰথমবাৰৰ বাবে পাৰিত প্ৰকাশ পালে, প্ৰতিবেদনখন আছিল - অৰুণাচলৰ এধানি পখীয়ে দিছে জলবায়ু পৰিৱৰ্তনৰ সংকেত।




















