আব্দুল লতিফ বজৰনে ৰাজৌৰি জিলাৰ পেৰি গাঁৱৰ পৰা মে’ৰ আৰম্ভণিৰ ভাগতে তেওঁৰ ১৫০ টা ছাগলী, ভেড়া, ঘোৰা আৰু কুকুৰটো লৈ চৰণীয়া পথাৰৰ সন্ধানত কাশ্মীৰৰ ওখ পৰ্বতলৈ যাত্ৰা কৰিছিল। “মই মোৰ পৰিয়ালটোক (পত্নী আৰু বোৱাৰীক) দুৰ্বল পশুকেইটাৰ লগতে খাদ্য, আশ্ৰয়ৰ সামগ্ৰী আৰু আৱশ্যকীয়া বস্তু-বাহিনীৰে মিনি ট্ৰাক এখনত পঠিয়াই দিছিলো,” জম্মুৰ ৬৫ বছৰীয়া পশুপালকজনে কয়।
“কিন্তু দুসপ্তাহ পিছত তেওঁলোকক দেখি (ৱয়িলত) মই আচৰিত হৈ পৰো,” তেওঁ কয়। পৰিয়ালটোৱে সেইখিনি সময়ত মিনিমাৰ্গ (ভাৰত-পাক সীমান্তত)ত উপস্থিত হৈ গ্ৰীষ্মকালীন শিবিৰ পাতিব লাগিছিল।
কিন্তু তেওঁলোক সেই ঠাইৰ পৰা ১৫ দিনৰ বাট তেতিয়াও অতিক্ৰম কৰিবলৈ বাকী আছিল। তেওঁ কয় যে তেওঁলোকে বতৰৰ বাবেই মিনিমাৰ্গলৈ যোৱাৰ বাটত থমকি ৰ’বলগীয়া হৈছিল। জোজলা পাছৰ বৰফ গলালৈকে তেওঁলোক ৰৈ আছিল, সেয়া পাৰ হৈহে তেওঁলোক মিনিমাৰ্গ পাব পাৰিব।
প্ৰতি বছৰে জম্মুত গ্ৰীষ্মকাল পৰাৰ সময়ত ঘাঁহনি কমি আহে আৰু বকৰৱালৰ দৰে পশুপালক যাযাবৰ গোষ্ঠীৰ লোকে ঘাঁহনিৰ সন্ধানত কাশ্মীৰ উপত্যকালৈ প্ৰব্ৰজন কৰে। তাত শীত পৰাৰ সময়তহে, অক্টোবৰ মাহত তেওঁলোক উভতি আহে।
ইফালে পাৰ্বত্য এলেকাটোৰ ওখ ঠাইৰ চৰণীয়া ভূমিবোৰ বৰফাবৃত হৈ আছে, আনফালে আকৌ নামনিলৈ ঘূৰি গৈ তাত ঘাঁহনি পোৱাটো সম্ভৱ নহয়, গতিকে আব্দুলৰ দৰে পশুপালকসকল মাজতে আবদ্ধ হৈ থাকিবলগীয়া হ’ল।











