“তাতে কি কৰিছা?” অলপ উৎসুকতাসনা টান মাতেৰে প্ৰশ্ন কৰি তেওঁ মোলৈ চাই ৰ’ল।
মই বুজি পাবলৈ সময় নালাগিল যে নদীখনৰ যি ঠাইত মই তেওঁক দেখা পালো, সেই ওখ ঠাইখিনিলৈ মানুহ নাযায়।
অনিৰুদ্ধ সিংহ পাটৰে নদীখনৰ ফালে অকণমান নামি গৈ হঠাতে পিছলৈ ঘুৰি চাই মোক সতৰ্ক কৰি দিলে: “সেই ঠাইত সিহঁতে শৱদাহ কৰে। কালি কোনোবা এজন ঢুকাইছে। তাতে থিয় হৈ নাথাকিবা। মোৰ পিছে পিছে আহা!”
ভালেই নিৰ্দেশ, অন্ততঃ নিৰ্জনতাত শুই থকা মৃতকক শান্তিত থাকিব দিয়াটোৱেই ভাল, মই মনতে ভাবিলো।
দুই মিটাৰমান ওখ নদীৰ পাৰটোৰে নামি গৈ মই দেখিলো, তেওঁ পশ্চিমবংগৰ পুৰুলিয়া জিলাৰ কংসাৱতী নদীৰ একাঠু পানী ফালি খৰকৈ আগবাঢ়িছে। তেওঁৰ সৈতে খোজ মিলাবলৈ ময়ো নদীৰ পাৰে পাৰে যিমান পাৰো বেগাই খোজ কাঢ়িলো।
বয়সে তেওঁৰ খোজক বাধা দিব পৰা নাছিল, তেওঁৰ হাতদুখন আছিল আচৰিত হ’বলগীয়াকৈ নিপুণ। পঞ্চাশোৰ্ধ মানুহজনক মই নুসুধি নোৱাৰিলো, “কাকা (খুৰা), আপুনি নৈখনত নামি কি কৰিছে?”
অনিৰুদ্ধই কঁকালত বান্ধি লোৱা বগা কাপোৰৰ খোচনিত লৈ থকা মাছবোৰৰ মাজৰ পৰা আলফুলকৈ এটা মিছামাছ উলিয়াই শিশুসুলভ আনন্দৰে ক’লে, “এই চিংৰি (মিছামাছ)টো দেখিছা? এয়াই আমাৰ (পৰিয়ালটোৰ) আজিৰ দুপৰীয়া আহাৰ। শুকান জলকীয়া আৰু নহৰুৰে এই মিছামাছ গৰম ভাতৰ লগত খাবলৈ বৰ জুতি লাগে।” শুকান জলকীয়া আৰু নহৰুৰে মিছামাছ ৰান্ধি গৰম ভাতৰ লগত খোৱা আইডিয়াটো শুনি ভালেই লাগিল।






