তেঁও সোণ ভালদৰে চিনে, দেখিলেই কৈ দিব পাৰে। ''মোৰ হাতত দিলেই মই অলংকাৰবিধত কিমান কেৰেট সোণ আছে কৈ দিব পাৰো’’, ৰফিক পাপাভাই শ্বেইখে কয়। তেঁও নিজকে সোণাৰী বুলি কয়। পুণে-চাতাৰা সংযোগী ৰাজপথৰ দাঁতিৰ পাড়ভি গাঁৱত তেঁওৰ সৈতে আমি কথা পাতিছো। তাতেই তেঁও হয়তো সোণৰ কাম কৰিব পাৰে। অতিশীঘ্ৰেই মুকলি হ’বলগীয়া ৰেষ্টুৰেণ্টখনত।
ৰেষ্টুৰেণ্টখন পাৰ হও মানে আমাৰ গাড়ী পুণে জিলাৰ দাঁতিকাষৰীয়া দাউণ্ড টেহচিলৰ মাজেৰে আগবাঢ়িছে। চকু চাট মৰা ৰঙৰ ঠৰঙা এইখন হোটেল চেলফি। সেউজীয়া আৰু ৰঙা ৰঙেৰে উজ্বল এইখন হোটেল। আমি ঘুৰি চালো আৰু পিছুৱাই আহিলো। নিজকে ক'লো, এয়াতো আমি চাবলগীয়া ঠাই।
মই আচলতে ৰেষ্টুৰেণ্টখন মোৰ ল’ৰাটোৰ কাৰণে সাজিছো, ৰফিকে কয়। ''মই সোণাৰী হিচাপেই থাকিম। কিন্তু মই ভাবিলো যে মোৰ ল’ৰাটোৰ কাৰণে এই ব্যৱসায়বিধ কৰাটো কেনে হ’ব? এই ৰাজপথটোত গাড়ীৰ আহ-যাহ থাকে আৰু মানুহে চাহ-পানীৰ কাৰণে ইয়াতে ৰয়।’’ তেঁও কয়। অইন ব্যৱসায়িক প্ৰতিস্থানটোবোৰৰ দৰে এই ৰেষ্টুৰেণ্টখন ৰাস্তাৰ একেবাৰে দাঁতিতে সজা নাই। ৰেষ্টুৰেণ্টখনৰ আগত ভালেখিনি খালি ঠাই ৰখা হৈছে। সেইকাৰণে মানুহে আমি ৰখাৰ দৰে তেঁওলোকৰ গাড়ী আগত ৰাখিব পাৰে।



