তেঁও সোণ ভালদৰে চিনে, দেখিলেই কৈ দিব পাৰে। ''মোৰ হাতত দিলেই মই অলংকাৰবিধত কিমান কেৰেট সোণ আছে কৈ দিব পাৰো’’, ৰফিক পাপাভাই শ্বেইখে কয়। তেঁও নিজকে সোণাৰী বুলি কয়। পুণে-চাতাৰা সংযোগী ৰাজপথৰ দাঁতিৰ পাড়ভি গাঁৱত তেঁওৰ সৈতে আমি কথা পাতিছো। তাতেই তেঁও হয়তো সোণৰ কাম কৰিব পাৰে। অতিশীঘ্ৰেই মুকলি হ’বলগীয়া ৰেষ্টুৰেণ্টখনত।
ৰেষ্টুৰেণ্টখন পাৰ হও মানে আমাৰ গাড়ী পুণে জিলাৰ দাঁতিকাষৰীয়া দাউণ্ড টেহচিলৰ মাজেৰে আগবাঢ়িছে। চকু চাট মৰা ৰঙৰ ঠৰঙা এইখন হোটেল চেলফি। সেউজীয়া আৰু ৰঙা ৰঙেৰে উজ্বল এইখন হোটেল। আমি ঘুৰি চালো আৰু পিছুৱাই আহিলো। নিজকে ক'লো, এয়াতো আমি চাবলগীয়া ঠাই।
মই আচলতে ৰেষ্টুৰেণ্টখন মোৰ ল’ৰাটোৰ কাৰণে সাজিছো, ৰফিকে কয়। ''মই সোণাৰী হিচাপেই থাকিম। কিন্তু মই ভাবিলো যে মোৰ ল’ৰাটোৰ কাৰণে এই ব্যৱসায়বিধ কৰাটো কেনে হ’ব? এই ৰাজপথটোত গাড়ীৰ আহ-যাহ থাকে আৰু মানুহে চাহ-পানীৰ কাৰণে ইয়াতে ৰয়।’’ তেঁও কয়। অইন ব্যৱসায়িক প্ৰতিস্থানটোবোৰৰ দৰে এই ৰেষ্টুৰেণ্টখন ৰাস্তাৰ একেবাৰে দাঁতিতে সজা নাই। ৰেষ্টুৰেণ্টখনৰ আগত ভালেখিনি খালি ঠাই ৰখা হৈছে। সেইকাৰণে মানুহে আমি ৰখাৰ দৰে তেঁওলোকৰ গাড়ী আগত ৰাখিব পাৰে।
আমি যে চাতাৰালৈ ইমান খৰখেদাকৈ মিটিঙৰ কাৰণে গৈ থকা স্বত্বেও তেঁওৰ হোটেলৰ নামটো দেখিয়েই ৰৈ গ’লো, সেই কথা জানি তেঁও আনন্দিত হ’ল। 'মই তোক কোৱা নাছিলো নে’- ঠিক এনে এটা চাৱনিৰে তেঁও নিজৰ ল’ৰাটোলৈ চালে। তেঁও নিজেই সেই নামটো ঠিক কৰিছিল।
ৰফিকৰ সৰু ৰেষ্টুৰেণ্টখনৰ আগত আমি তেঁওৰ সৈতে চেলফি লোৱা নাছিলো। সেইটো তেনেই সহানুভুতি দেখুওৱা ধৰণৰ কাম হ’লহেঁতেন। ইয়াৰ ফলত তেঁওৰ সেই প্ৰথমবাৰৰ কাৰণে কিবা এটা সুকীয়া কাম কৰাৰ বিষয়টোৰ পৰা মনযোগ আঁতৰিলেহেঁতেন। কোনোবাই কৰ’বাত হোটেল এখনৰ নাম চেলফি ৰাখিবলগীয়া আছিল। তেঁও সৰ্বপ্ৰথম সেই কাম কৰিলে। যিমানদুৰ আমি দেখি আহিছো সেয়াই প্ৰথম। (গ্ৰামীণ ভাৰতত সকলো ৰেষ্টুৰেণ্ট, খোৱা ঠাই, ধাবা আৰু চাহৰ দোকানক হোটেল বুলিয়েই কোৱা হয়)।
সেয়া যি কি নহওক, এই চেলফি হোটেলখন এবাৰ মুকলি কৰিলে নিশ্চয়কৈ ভ্ৰমণকাৰীৰে তেঁওলোকৰ সেই 'চেলফিচ’ হাবিয়াস পুৰণ কৰিব। বোধকৰো বিস্কুট-কেকতকৈ চেলফিৰ কাৰণে। চাহকাপৰ কথা হয়তো পাহৰা যাব, কিন্তু আপোনাৰ মনত হোটেল চেলফিৰ নামটো থাকি যাব। ঈগলচৰ সেই পুৰণি গীতটোৰ দৰেঃ তুমি যিকোনো সময়তে ওলাই যাব পাৰিবা, কিন্তু কেতিয়াও পাহৰিব নোৱাৰিবা।
ভুল কৈ যদি কোৱা নাই, ৰফিক শ্বেইখৰ হোটেলখনত মানুহৰ ভীৰ হ’ব। ৰফিকে সেয়া ভালদৰে জানে। তেঁও সোণ দেখিলেই চিনে।
অনুবাদঃ পংকজ দাস