ফিৰফিৰীয়া বতাহ বলি থকা এদিনাখন আবেলি উষা চিণ্ডেয়ে নিজৰ নাতিয়েকক কোলাত লৈ নদীখন পাৰ হ’বলৈ ভূৰত উঠিছিল। ভূৰখন সিদিনা বেছিকৈ ঢলং-পলং কৰিছিল আৰু উষাই নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল। নাতিয়েকৰ সৈতে তাই পানীত পৰি যোৱাত উষাৰ নিজৰ লগতে নাতিয়েকৰ প্ৰাণলৈকো সংশয় হৈছিল।
ঘটনাটো ঘটিছিল এই বছৰৰ মাৰ্চ মাহত। তেতিয়া ক’ভিড-১৯ৰ দ্বিতীয়টো ঢৌৱে দেশ চানি ধৰিছিল। চাৰি বছৰীয়া উষাৰ নাতিয়েক শম্ভূৰ সেইদিনা জ্বৰ হৈছিল। “তাৰ ক’ভিড হৈছে বুলি মোৰ ভয় হৈছিল,” ৬৫ বছৰীয়া উষাই ক’লে। “তাৰ মাক-দেউতাক সেই সময়ত আছিল পশ্চিম মহাৰাষ্ট্ৰত। তাতে সিহঁতে চেনীৰ ফেক্টৰিত শ্ৰমিক হিচাপে কাম কৰি আছিল। সেয়ে ময়ে তাক লৰালৰিকৈ ডাক্তৰৰ ওচৰলৈ নিম বুলি ঠিৰাং কৰিলো।”
কিন্তু ডাক্তৰৰ ওচৰলৈ যাবলৈ হ’লে তেওঁ ভূৰত উঠি নদী পাৰ হ’বই লাগিব। “মই ভাৰসাম্য হেৰুৱাই শম্ভূৰ লগতে পানীত পৰি গ’লো,” ঊষাই কলে। “মই সাতুৰিব নাজানো। সৌভাগ্যক্ৰমে মোৰ ভতিজাটো ওচৰতে আছিল। সি পানীত জাপ মাৰি সাতুৰি গৈ আমাক উদ্ধাৰ কৰিলে। মোৰ ভয়ত অণ্ঠ-কণ্ঠ শুকাইছিল, ভাবিছিলো যে মোৰ কাৰণে যাতে নাতিটোৰ একো নহওঁক।”
ঊষাৰ গাঁও সৌতাৰা মহাৰাষ্ট্ৰৰ বীড় জিলাৰ বিনচৰ্ণা নদীৰ পাৰত অৱস্থিত। ২২৫ ফুট উচ্চতাৰ পৰা বৈ আহি নৈখনত পৰা নান্দনিক ৰামেশ্বৰ জলপ্ৰপাতটো গাঁওখনৰ পৰা মাত্ৰ ডেৰ কিলোমিটাৰ দূৰৈৰ পাটোৰা তালুকত। মুল গাওঁখনৰ পৰা এটা অংশ কাটি নদীখনে সৌতাৰা গাঁওখনক দুভাগ কৰিছে। সৌতাৰা সৰু অংশটোৰ নাম চিণ্ডে বস্তি। সেই অকলশৰীয়া বস্তিটোৰ মানুহে বজাৰ-সমাৰৰ পৰা আৰম্ভ কৰি হস্পিতাল আদিৰ কাৰণে নৈখন পাৰ হ’বলগীয়াত পৰে।
নদীখন সহজে পাৰ কৰিবৰ কাৰণে গাঁৱৰ মানুহবোৰে এডাল শকত ৰছী নদীখনৰ ইপাৰ সিপাৰকৈ বান্ধি লৈছে। ৰছীডাল ভূৰবিলাকৰ মাজেৰে পাৰ কৰি নিয়া হৈছে আৰু ইয়ে ভূৰবিলাকক ইফাল-সিফাল হ’ব নোৱাৰাকৈ ধৰি ৰাখে। পাহাৰ এখনৰ দাঁতিত এটি চুটি যাত্ৰাৰ বাবে তিনিখন ভূৰ নদীৰ পাৰতে ৰৈ আছিল। পাহাৰ আৰু সেউজীয়া পথাৰে আগুৰি থকা শান্ত নদীখনৰ সোন্দৰ্য্যত এই যাত্ৰাই দাগ লগাইছে। যাত্ৰী এজনে শিলত খোজ দি ভালকৈ খোপনি পুতি ল’ব লাগে আৰু তাৰ পিছত ৰছী টানি টানি আগুৱাই যোৱা দুলি থকা ভূৰখনত উঠে। নদীখনৰ আনটো পাৰ পাবলৈ ভূৰখনত পাঁচৰ পৰা সাত মিনিট সময় লাগে।
“আমি এখন দলঙৰ বাবে বছৰ বছৰ ধৰি বিনতি কৰি আছো।” চিণ্ডে বস্তিৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ৪৬ বছৰীয়া বালাচাহেব চিণ্ডেয়ে কয়। “ইয়াৰ পৰা ওলাব পৰা আৰু এটা পথ আছে কিন্তু পথটো বেছ দীঘলীয়া। পথটো খেতি পথাৰৰ মাজেৰে গৈছে আৰু খেতিয়কসকলে আমাক পাৰ হ’বলৈ নিদিয়ে। প্ৰতিবাৰেই বাহিৰলৈ যাব লাগিলে জীৱনৰ শংকা লগত লাগি থাকে।”
পাঁচশ বা তাতোকৈ অলপ বেছি জনসংখ্যাৰ চিণ্ডে বস্তিৰ প্ৰায় প্ৰতিজন লোকেই সৌতাৰা নৈ পাৰ হ’বলৈ কৰা এনে দুৰ্গম যাত্ৰাৰ ভুক্তভোগী। শিশু আৰু মহিলাৰ ক্ষেত্ৰত এনে যাত্ৰা আৰু অধিক কঠিন। “আনকি গৰ্ভৱতী মহিলাও এই ঢলং-ঢপং কৰি থকা ভূৰত উঠিয়েই নৈখন পাৰ হ’ব লাগে। ই কিমান বিপদজনক হব পাৰে আপুনি কল্পনা কৰিব পাৰিছেনে? গৰ্ভাৱস্থাৰ শেষৰ দুটা মাহত গৰ্ভৱতী মহিলাক সাধাৰণতে কোনো সম্পৰ্কীয়ৰ ঘৰলৈ পঠিয়াই দিয়া হয়,” ইন্দুবাই চিণ্ডে নামৰ ৪০ বছৰীয়া খেতিয়কজনে ক’লে। “আমি আনটো পাৰে একেবাৰে গুছিও যাব নোৱাৰো কাৰণ আমাৰ খেতিপথাৰবোৰ এই পাৰে আছে।” গাঁৱত তেওঁৰ ১০ একৰ মাটি আছে।
ইন্দুবাইৰ ২২ বছৰীয়া ছোৱালী ৰেখা যেতিয়া গৰ্ভৱতী হৈছিল, জৰুৰীকালীন অৱস্থা হ’ব পাৰে বুলি ভয়তে তৰুণ মহিলাগৰাকী নদী পাৰ হৈ মাকৰ ঘৰলৈ নাহিল। “সাধাৰণতে গৰ্ভাৱস্থাত ছোৱালীবোৰ নিজৰ মাকৰ ঘৰলৈ আহে। কিন্তু মই মোৰ ছোৱালীক সেই সময়ত চোৱাচিতা কৰিব নোৱাৰিলো আৰু সেয়ে মোৰ দুখ লাগে,” তেওঁ ক’লে। “তাইৰ যদি প্ৰসৱ বেদনা হ’লহেতেন আৰু আমি সময়মতে হস্পিতাললৈ যাব নোৱাৰিলোহেতেন, তেতিয়া কি হ’লহেঁতেন? সেয়ে এই শংকাৰ ভয়তে আমি তাইক নানিলো। ইয়াত প্ৰাথমিক চিকিৎসাসেৱাৰ বাবেও আমি দুবাৰ ভাবিব লাগে।”
এই গাঁৱত বাস কৰা মানুহখিনিৰ বাবে আছুতীয়াকৈ থকাটো ২০২০ চনৰ মাৰ্চ মাহত আৰম্ভ হোৱা ক’ভিড-১৯ ৰ প্ৰকোপৰ পিছত বিশেষভাৱে মন কৰিব লগা হৈছিল। “সৌভাগ্যক্ৰমে ক’ভিডত আক্ৰান্ত হৈ ইয়াত কোনো লোকৰ মৃত্যু হোৱা নাছিল,” বালাচাহেবে ক’লে। “কাৰোবাৰ বেমাৰ-আজাৰ হ’লে আমাৰ পৰীক্ষা কৰোৱা নহয়। এই পাৰৰ পৰা কোনো এজন ফাৰ্মাচিলৈ (নদী পাৰ হৈ ) যায় আৰু পেৰাচিটেমল লৈ আনে।”
দাঁতি কাষৰীয়া গাঁও লিম্বাগণেশৰ এজন ডাক্তৰ আৰু স্বাস্থ্যৰ লগত জড়িত সক্ৰিয় কৰ্মী গণেশ ধাৱলেই কৰ’না মহামাৰীৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পিছত চিণ্ডে বস্তিলৈ দুবাৰ আহিছিল। “বহুকেইজন লোকে গাৰ বিষ, মূৰৰ বিষ আৰু ক’ভিদৰ দৰে উপসৰ্গৰ কথা কৈছিল। মই উপসৰ্গৰ চিকিৎসা কৰিলো।” তেওঁ যিমান পাৰে সিমান কৰিলে বুলি কলে। “ইয়াৰ এটা স্থায়ী সমাধান উলিয়াব লাগে। সৌতাৰা টিকাকৰণৰ ক্ষেত্ৰটো বহু পিছ পৰি ৰৈছে। এইহেন একৈশ শতিকাতো গাওঁ এখনলৈ সংযোগৰ একমাত্ৰ উপায় হৈছে অস্থায়ী ভূৰ।
অৱশ্যে এতিয়া যিবোৰ ভূৰত উঠি গাঁৱৰ মানুহবোৰে নদী পাৰ হয়, আগতে চলা পুৰণি ভূৰবোৰৰ তুলনাত মজবুতেই। এই বছৰ মুম্বাইৰ এদল শুভকাংক্ষীয়ে লোহাৰ ৰেলিং আৰু ৰবৰৰ চকা লগাই নতুন ভূৰবোৰ বনাই দিছিল। “ইয়াৰ আগতে আমি ট্ৰাকৰ চকা আৰু ঠাৰ্মক’লৰ ভূৰ বনাই নদী পাৰ হৈছিলো,” চিণ্ডে বস্তিৰ ৭০ বছৰীয়া খেতিয়ক বাৎসালা চিণ্ডেয়ে ক’লে। তেওঁৰ তাত তিনি একৰ মাটি আছে। “সেইবোৰ বৰ বিপজ্জনক আৰু নিয়ন্ত্ৰণ কৰিবলৈও বৰ দিগদাৰ। থাৰ্মক’লৰ টুকুৰাবোৰ খৰখৰীয়া হয়।”
চিণ্ডে বস্তিৰ বেছিভাগ ল’ৰা-ছোৱালীয়ে এই কাৰণেই চতুৰ্থ শ্ৰেণীৰ পৰা আৰু ওপৰলৈ পঢ়া-শুনা নকৰে। “ইয়াৰে প্ৰাথমিক বিদ্যালয়খনত মাত্ৰ চতুৰ্থ শ্ৰেণীলৈকে আছে,” ইন্দুবায়ে ক’লে। “১০ বছৰীয়া ল’ৰা এটাই চকা বা থাৰ্মক’লৰ টুকুৰাৰ ওপৰত বহি নদী পাৰ হোৱাটো কিমান বিপদজ্জনক? আমি বেছিভাগেই জীৱিকা অৰ্জনৰ বাবে পথাৰত কাম কৰিব লাগে, সেয়ে সদায় সিহঁতক বিদ্যালয়লৈ অনা-নিয়া কৰাটোও সম্ভৱ নহয়।”
ইন্দুবায়ে আশা কৰিছে যে নতুন ভূৰবোৰত উঠি ল’ৰা ছোৱালীবোৰ সিটো পাৰলৈ গৈ মাধ্যমিক বিদ্যালয়লৈ যোৱাত সহায় হ’ব। কিন্তু বাৰিষা কালত পানী বাঢ়িলে যিকোনো মানুহৰে নদী পাৰ হোৱাতো বিপজ্জনক হৈ পৰে। “সৌভাগ্যক্ৰমে এতিয়ালৈকে বাৰু কোনোৱেই পানীত ডুবি মৰা নাই। আমি সকলোৱেই এবাৰ বা বেছিকৈ হ’লেও নদীৰ পানীত পৰিছোৱেই,” ইন্দুবায়ে ক’লে।
এখন ভূৰত ডাঙৰ মানুহ চাৰিৰ পৰা ছয়জন উঠিব পাৰে। অলপ বেছি গধুৰ হ’লেই ভূৰবিলাক সহজেই লুটি খাই যায়। মানুহবোৰে বজাৰ কৰিবলৈ যাওতে একেবাৰতে যথেষ্ঠখিনি ৰছদ-পাতি গোটাই ল’ব লাগে, যাতে বাৰে বাৰে নদীখন পাৰ হ’বলগা নহয়, কিন্তু ভূৰখনে ভাৰ ল’ব নোৱাৰাকৈ একে সময়তে আকৌ বহুত বেছিও আনিব নোৱাৰে। সেয়ে ই আমাৰ বাবে একপ্ৰকাৰ সিদ্ধান্ত ল’ব নোৱাৰা অৱস্থা এটা।
গাঁৱৰ মানুহবোৰে প্ৰত্যেক যাত্ৰাতে ভালকৈ ভাৰসাম্য ৰাখিব নোৱাৰে। “মই কেইবাবাৰো নদীৰ পানীত দালি, গাখীৰ আৰু ৰছদৰ সৈতে পৰিছো,” বাটসালাই ক’লে। “বয়স হোৱা বাবে মই আজিকালি বজাৰ নাযাও। গাঁৱৰ বেছিভাগ মহিলাই সাতুৰিব নাজানে। শাড়ী পিন্ধা মহিলা এগৰাকীৰ বাবে ভূৰখনত নিজৰ ভাৰসাম্য নিয়ন্ত্ৰণ কৰাটো কঠিন। সেয়ে মহিলাসকলৰ বেছিভাগে গাঁৱতেই থাকে। জৰুৰীকালীন অৱস্থা এটা আমাৰ গাঁৱৰ বাবে দুঃস্বপ্নৰ লেখীয়া।”
বাৎসালাই দহ বছৰমান পুৰণি ঘটনা এটা কয়ঃ তাইৰ বোৱাৰী জীজাবাই খাদ্যত বিষক্ৰিয়া হৈ নৰিয়াত পৰে। তাইৰ স্বাস্থ্যৰ অৱনতি হোৱা বাবে হস্পিতাললৈ নিবলগা হৈছিল। “কিন্তু তাই থাৰ্মক’লৰ ভূৰত উঠিব নোৱাৰিলে। তাইৰ গা একেবাৰে বেয়া আছিল আৰু তাই সামান্য ভাল হোৱালৈ আমি ৰ’ব লগা হৈছিল। নদীখন পাৰ হ’বলৈ এনেকৈয়ে তাইৰ বহু সময় লাগিল।”
এই যে চিকিৎসাত পলম হ’ল, সেয়া মাৰাত্মক প্ৰমাণিত হ’ল। হস্পিতাল পোৱাৰ পিছতে জীজাবাইৰ মৃত্যু হয়। “কথাটো কোৱাৰ অৰ্থ এইটো নহয় যে হস্পিতাল সোনকালে পোৱা হ’লে তাই বাচি থাকিলেহেঁতেন,” ধাৱলেই ক’লে। পৰিয়ালৰ মানুহে নিশ্চয়কৈ ভাৱে যে সময়মতে হস্পিতাল পোৱা হ’লে হয়তো তেওঁলোকৰ আত্মীয় মানুহবোৰ হয়তো জীয়াই থাকিলহেঁতেন। বিষয়টো জিলা কৰ্তৃপক্ষৰ ওচৰলৈ নিয়াৰ তেওঁৰ যি প্ৰচেষ্টা, তাতো তেওঁ সফল হোৱা নাই বুলি জনালে।
সৌতাৰাৰ এই বিচ্ছিন্নতাই ডেকা ল’ৰাবোৰৰ বিয়াৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি কৰিছে। “আমি দেখিছো যে আমাৰ ল’ৰাবোৰৰ বিয়া কৰোৱাতো খুবেই কঠিন কাম হৈ পৰে। নিজৰ ছোৱালীজনী এই পাৰে আৱদ্ধ হৈ পৰিব বুলিও মাক-দেউতাকৰ চিন্তা হয়, “বালাচাহেবে কয়। “তেওঁলোকৰ ছোৱালীবোৰক ইয়ালৈ পঠিয়াব অনিচ্ছাৰ কাৰণে মই তেওঁলোকক দোষ নিদিও। আনকি আমাৰ আত্মীয়সকলেও আমাৰ ওচৰলৈ কাচিৎহে আহে।”
এই প্ৰতিবেদন সাংবাদিকলৈ সাংবাদিকতা অনুদান আগবঢ়োৱা স্বতন্ত্ৰ পুলিটজাৰ চেণ্টাৰৰ দ্বাৰা সমৰ্থিত এলানি প্ৰতিবেদনৰ অংশ ।
অনুবাদ: চিত্ৰানী সোনোৱাল৷