‘সুন্দৰবনত আমি জীয়াই থাকিবলৈ প্ৰতিদিনে সংগ্ৰাম কৰো। ক’ৰণাভাইৰাছে যদিও সাময়িকভাৱে আমাক অচল কৰিছে, আমি জানো যে আমি বাচি থাকিম। আমাৰ খেতি পথাৰত আলু, পিয়াজ, তিতা কেৰেলা, ধুন্দুলি আৰু ছজিনা আছে। ধানৰ নাটনিও হোৱা নাই। পুখুৰী মাছেৰে ভৰি আছে। গতিকে আমি অনাটনত মৰাৰ প্ৰশ্ন নুঠে,’ মৌসানি অঞ্চলৰ শিক্ষক সৰল দাসে ফোনত ক’লে। ’
দেশজোৰা তলাবন্ধৰ ফলত যিসময়ত সমগ্ৰ দেশত খাদ্য-সামগ্ৰী যোগান ব্যাহত হৈছে, সেই সময়ত মৌসানিত এই বিষয়ে কোনো উদ্বেগ সৃষ্টি হোৱা নাই। ভাৰতীয় সুন্দৰবনৰ পশ্চিমফালৰ ২৪ বৰ্গকিলোমিটাৰ মাটিকালিৰ এটা সৰু দ্বীপ মৌসানি। ‘নামখানা আৰু কাকদ্বীপ বজাৰলৈ ইয়াৰ পৰা নাৱেৰে প্ৰতিদিনে শাক-পাচলি আৰু অনান্য উৎপাদিত সামগ্ৰী পঠোৱা হৈছিল যদিও এতিয়া তলাবন্ধৰ কাৰণে এই পথেৰে পঠাব পৰা নাই,’ দাসে ক’লে।
মৌসানিৰ পৰা ২০ আৰু ৩০ কিলোমিটাৰ দূৰত থকা নামখানা আৰু কাকদ্বীপৰ পাইকাৰী বজাৰলৈ ইয়াৰ পৰা জৰুৰী প্ৰয়োজন পূৰাবলৈ ‘বিশেষ নাৱেৰে’ শাক-পাচলি লৈ যোৱা হৈছে। নাৱেৰে ৩০ মিনিটৰ পথ, তাৰপাছত ৰেল আৰু ট্ৰাকেৰে এই সামগ্ৰী কলকাতালৈ লৈ যোৱা হয় যদিও এতিয়া প্ৰায় নোহোৱা হ’ল।
কলকাতাৰ বজাৰৰ মৌসানিৰ চাউল, তিতা কেৰেলা আৰু পানৰ বিৰাট চাহিদা আছে। ‘সেই কাৰণে এইটো উদ্বেগৰ বিষয় যে কলকাতাই এতিয়া এই বস্তুবিলাক ক’ৰ পৰা পাব,’ মৌসানি দ্বীপৰ বাগদাংগা সমবায় বিদ্যালয়ৰ কেৰাণী ৫১ বছৰীয়া দাসে কয়। তেওঁৰ পাঁচ একৰ খেতিৰ মাটি আছে, বাগদাংগা গাঁৱত থকা এই মাটি তেওঁ খেতি কৰিবলৈ আধিয়াৰ কৃষকক দিয়ে।
পশ্চিমবংগৰ সুন্দৰবনৰ নদী আৰু সাগৰে আগুৰি থকা শতাধিক ক্ষুদ্ৰ দ্বীপমালা ভাৰতৰ মূল ভূভাগৰ পৰা প্ৰায় বিচ্ছিন্ন বুলি ক’ব পাৰি। মৌসানিত মুডিগংগা নদী (বাৰতালা নামেৰেও জনা যায়)খন পশ্চিমলৈ প্ৰৱাহিত হৈছে আৰু পূৱফালে চিনাই নদী। দ্বীপটোৰ চাৰিটা মৌজা (গাওঁসমূহ)- বাগদাংগা, বালিয়াৰা, কুসুমাতালা আৰু মৌসানিৰ ২২,০০০ লোকে (২০০১ৰ লোকপিয়ল মতে) নাও আৰু ফেৰীৰ দ্বাৰা মূল ভূভাগৰ লগত যোগাযোগ ৰাখে।
পশ্চিমবংগৰ দক্ষিণ ২৪ পাৰগানা জিলাৰ নামখানা ব্লকত অৱস্থিত দ্বীপটোৰ বাসিন্দাসকলে তলাবন্ধৰ বাবে ঘৰৰ ভিতৰত সোমাই থাকিবলৈ বেয়া পায় বুলি দাসে কয়। বাগদাংগা বজাৰৰ পাছতে সোমবাৰে আৰু শুকুৰবাৰে বহা অৰ্ধসাংপ্তাহিক বজাৰলৈও তেওঁলোক যাবপৰা নাই। স্থানীয় প্ৰশাসনে অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে প্ৰতিদিনে পুৱা ৬ বজাৰ পৰা ৯ বজালৈ মাত্ৰ তিনি ঘণ্টাৰ বাবে বজাৰ খুলিবলৈ অনুমতি দিছে। অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰী নকৰা দ্বীপটোৰ সকলো দোকান বন্ধ কৰি দিয়া হৈছে। নিকটৱৰ্তী ফ্ৰাজেৰগঞ্জ দ্বীপৰ উপকূলীয় থানাৰ আৰক্ষী আৰু একাংশ স্বেচ্ছাসেৱীয়ে তলাবন্ধ কাৰ্যকৰী কৰিবলৈ প্ৰশাসনক সহায় কৰিছে।
কুসুমতালা গাঁৱৰ ৩২ বছৰীয়া জয়দেৱ মণ্ডলে কয় যে মৌসানিৰ খেতি পথাৰত যথেষ্ট খাদ্যশস্য উৎপাদিত হয়। ‘আমি স্থানীয় বজাৰত কিলোৱে প্ৰতি ৭-৮ টকাকৈ ধুন্দুলি বিক্ৰী কৰো, কিন্তু কলকাতাত আপুনি কিলোত ৫০ টকাকৈ ক্ৰয় কৰিব লাগিব,’ তেওঁ কয়। মণ্ডলে কয় যে দ্বীপৰ প্ৰতিটো পৰিয়ালে শাক-পাচলি উৎপাদন কৰে, মানুহে কেতিয়াবাহে সেইবোৰ কিনিবলগা হয়। তেনে ক্ৰেতাৰ সংখ্য়াও অতি কম।
‘উদাহৰণ স্বৰূপে মোৰ ২০ কিলো পিয়াজ আৰু যথেষ্ট পৰিমাণে আলু আছে। আমাৰ পুখুৰীত প্ৰয়োজনতকৈ বহুত বেছি মাছ আছে। এই অঞ্চলত ক্ৰেতাৰ অভাৱত মাছবিলাক বজাৰত পচে। কেইদিনমান পাছতে আমি বেলিফুলৰ খেতি কৰিম। ইয়াৰ গুটি মিললৈ লৈ গৈ আমি তাৰ পৰা তেল উলিয়াই ল’ম,’ তিনি একৰ কৃষিভূমিত আলু, পিয়াজ আৰু পান খেতি কৰা কৃষক তথা শিক্ষক মণ্ডলে ক’লে।
২০১৯ৰ মে’ মাহত বা-মাৰলি আইলাই যেতিয়া সুন্দৰবনক ধ্বংসস্তুপত পৰিণত কৰিছিল, তেতিয়াৰে পৰা মৌসানি দ্বীপৰ দক্ষিণ উপকুলীয় কুসুমতালা আৰু বালিয়াৰা গাঁৱৰ কৃষিকাৰ্য় প্ৰায় বন্ধ হৈ পৰিছিল। দ্বীপটোৰ ৩০-৩৫ শতাংশ ধ্বংস হৈছিল আৰু মাটিৰ লৱণতা বৃদ্ধি পাইছিল। বহুতো লোকে পথাৰৰ উৎপাদন হ্ৰাস পোৱাৰ বাবে কাম বিচাৰি ঘৰ এৰি আন ঠাইলৈ গৈছিল।
প্ৰব্ৰজন কৰাসকলে বিশেষকৈ নিৰ্মাণ খণ্ডত শ্ৰমিক হিচাপে কাম কৰিবলৈ গুজৰাট আৰু কেৰালা তথা দেশৰ আন ঠাইলৈ যায়। কিছুমান লোকে বিদেশলৈ, পশ্চিম এছিয়াৰ দেশলৈও যায়। ‘তলাবন্ধৰ বাবে তেওঁলোকৰ উপাৰ্জনৰ বাট বন্ধ হৈ পৰিছে। কাইলৈ যদি তেওঁলোকে কাম হেৰুৱাবলগীয়া হয়, তেন্তে কি খাব?’ মণ্ডলে আশ্চৰ্য প্ৰকাশ কৰে। তেওঁ দ্বাদশ শ্ৰেণীলৈ পঢ়িছিল। গাঁৱৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীক তেওঁ ঘৰুৱা শিক্ষক হিচাপে পঢ়ায়।
আহমেদাবাদ, চুৰাট, মুম্বাই, প’ৰ্টব্লেয়াৰ আৰু আন ঠাইৰ পৰা যোৱা কেইবাসপ্তাহত ভালেমান প্ৰব্ৰজিত শ্ৰমিক গাঁৱলৈ ঘূৰি আহিছে বুলি মণ্ডলে কয়। সংযুক্ত আৰৱ আমীৰ শ্বাহী, কাটাৰ আৰু ওমানৰ নিৰ্মাণ খণ্ডত কাম কৰা যিসকল উভতি আহিছে, তেওঁলোকৰ বেছিসংখ্যকেই বালিয়াৰা গাঁৱৰ। বেংগালুৰুত নাৰ্ছৰ প্ৰশিক্ষণ গ্ৰহণ কৰা যুৱতীসকলো ঘূৰি আহিছে।
সময়ৰ লগে লগে সুন্দৰবনত সাগৰৰ জলপৃষ্ঠৰ বৰ্দ্ধিত উচ্চতা আৰু লুণীয়া পানীৰ বানে মাটি সঘনে প্লাৱিত কৰাৰ ফলত কেৱল কৃষিক্ষেত্ৰতে নহয়, দক্ষিণাঞ্চলৰ গাওঁসমুহৰ আবাসিক গৃহৰ বাবেও সমস্যাৰ সৃষ্টি কৰিছে। দৰিদ্ৰ লোকৰ আবাসিক গৃহৰ একোটা কোঠাত একোটা পৰিয়ালৰ ৫-১০ জন পৰ্যন্ত সদস্য থাকিব লগা হয়। দৈনন্দিন জীৱন ঘৰৰ বাহিৰত, ৰাস্তাত, পথাৰত কাম কৰি অথবা নদী-জান-জুৰিত মাছ ধৰি পাৰ কৰে। বহুতে ৰাতি ঘৰৰ বাহিৰতে শোৱে। গতিকে তলাবন্ধৰ সময়ত ঘৰৰ ভিতৰত সোমাই থকা তেওঁলোকৰ বাবে অসম্ভৱ।
দ্বীপৰ বাসিন্দাসকল ক’ৰণাভাইৰাছৰ সংক্ৰমণৰ আশংকাৰ প্ৰতি সম্পূৰ্ণ সজাগ। দাসে কয় যে এই সময়চোৱাত দ্বীপবাসীয়ে পালন কৰিবলগীয়া নিয়ম মানি চলিছে। প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে গাঁৱলৈ উলটি অহা সম্পৰ্কে স্থানীয় কৰ্তৃপক্ষক জনোৱা হৈছে, ওচৰ-চুবুৰীয়াই প্ৰতি ঘৰে ঘৰে গৈ অনুসন্ধান কৰিছে। কাকদ্বীপ সাংমণ্ডলিক হাস্পতালৰ চিকিৎসকে ১৪ দিন আইছ’লেশ্যনত থকাৰ বাধ্যতামূলক নিৰ্দেশ দিছে। এই নিয়ম অনুসৰণ কৰাটো নিশ্চিত কৰিবলৈ গাওঁবাসীয়ে চকু ৰাখিছে। যিসকলে চিকিৎসালয়লৈ যালৈ নিবিচাৰে, তেওঁলোকক জোৰ কৰি স্বাস্থ্যপৰীক্ষা কৰিবলৈ পঠিওৱা হৈছে।
ডুবাইৰ পৰা উভতি অহাৰ পিছত জ্বৰত ভোগা এজন যুৱক কলকাতাৰ বেলিয়াঘাটাৰ আইডি আৰু বিজি হাস্পতাললৈ পঠিওৱা হয়। ক’ৰণাভাইৰাছ নাই বুলি পৰীক্ষাত নিশ্চিত হোৱাৰ পিছত তেওঁৰ গাওঁখনে স্বস্থিৰ নিশ্বাস এৰে। কিন্তু ঘৰতে আইছ’লেশ্যনত থাকিবলৈ চিকিৎসালয়ে তেওঁক নিৰ্দেশ দিয়ে। আৰৱ শ্বাহীৰ পৰা পৰা উলটি অহা এক নৱবিবাহিত দম্পত্তি ঘৰতে আইছ’লেচনত আছ। কোনোৱে যদি এই নিয়ম উলংঘা কৰে, তেন্তে খণ্ড উন্নয়ন বিষয়া আৰু স্বাস্থ্য বিভাগৰ মুখ্য চিকিৎসা বিষয়াক ফোনেৰে ততালিকে জনোৱা হয়।
বালিয়াৰা আৰু কুসুমতালা গাওঁ দুখনৰ মানুহৰ উপাৰ্জন যদি একেলগে বন্ধ হৈ পৰে, তেন্তে পৰিয়ালবিলাকলৈ খাদ্য সংকট নামি আহিব। এই পৰিয়ালসমূহ বৰ্তমান ৰাজ্য চৰকাৰে ২ টকা মূল্যত দিয়া ৰেচনৰ চাউলৰ ওপৰত নিৰ্ভৰশীল। অহা ছেপ্তেম্বৰলৈ বিনামূলীয়া চাউলৰ যোগান ধৰিব বুলি চৰকাৰে প্ৰতিশ্ৰুতি দিছে। ক’ভিড-19 সংকট চলি থকা সময়ত প্ৰতিজন লোকক ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ যোগেদি মাহে ৫ কিলোগ্ৰামকৈ চাউল দিব।
সৰল দাসে ভাবে মৌসানি দ্বীপৰ লোকসকলে এই বিপৰ্যয় অতিক্ৰম কৰিবলৈ সক্ষম হ’ব। ‘আমি সুন্দৰবনৰ লোকসকলে ভৌগোলিকভাৱে মূল ভূখণ্ডৰ পৰা বিচ্ছিন্ন। আমাৰ সমুখীন হোৱা অলেখ বিপৰ্যয়ৰ পৰা আমি ইয়াকে শিকিছো যে বিপদত আমি নিজে নিজক সুৰক্ষা দিব লাগিব। আমি সাধাৰণতে মূল ভূখণ্ডৰ সহায়ৰ ওপৰত নিৰ্ভৰ নকৰো, সাহায্য সময়মতে আহি নাপায়। ধৰক, মই কাষৰ ঘৰৰ লোকক দুটা ধুন্দুলি দিলো। তেওঁলোকৰ যদি বেছি তিয়ঁহ আছে, তেন্তে মোক দিব। আমি একেলগে বিপদৰ মুখামুখি হৈ আহিছো আৰু এইবাৰো একেলগেই মুখামুখী হ’ম,’ তেওঁ মিচিকিয়াই হাঁহি কয়।
অনুবাদঃ পংকজ দাস