দেৱী যিকোনো সময়তে এতিয়া ধৰাত পদাৰ্পণ কৰিব পাৰে, তেৰা মাত্ৰ সাজি-কাচি ওলাবলৈ বাকী। ''সাত বাজিলেই। ৰজত জুবিলি গাঁৱৰ প্ৰিয় ৰাইজ, সোনকালে বিচনা চাদৰ, শাড়ী, কাপোৰ আদি আনক। গ্ৰীণ ৰুম এটা সাজিব লাগে। 'মনসা এলো মর্ত্যে' (মনসা দেৱী ধৰালৈ অহা) পালা গান পৰিৱেশনৰ সময় সমাগত।’’ দক্ষিণ চৌব্বিশ পৰগনাৰ গোসাবা ব্লকৰ এই গাওঁখনৰ ছেপ্টেম্বৰৰ গমগমীয়া সন্ধিয়াটোত গীতি-নাট প্ৰদৰ্শনৰ প্ৰাকমুহূৰ্তত কৰা এই ঘোষণাত গাওঁখনৰ চুক-কোণ ৰজনজনাই গ’ল। ইয়ে জাকজমকতাৰে ভৰা উচৱৰ উলাহে নধৰা ৰাতি এটাৰ ইংগিত দিছে।
এঘণ্টাৰ ভিতৰতে গ্ৰীণ ৰূম এটা পতা হ’ল। ৰূমটো চকুৰ পচাৰতে শিল্পীৰে ভৰি পৰিল। কোনোবাই প্ৰসাধন সানিছে, আ-অলংকাৰ পিন্ধিছে আৰু অলিখিত নাটকৰ সংলাপবোৰ আওৰাইছে। গীতি-নাট্যদলটোক নেতৃত্ব দিয়া নিত্যনন্দ চৰকাৰ ধীৰ-স্থিৰ হৈ আছে, হিৰন্ময় আৰু প্ৰিয়ংকাৰ বিয়াত লগ পোৱা ৰঙীয়াল মানুহজনৰ সম্পূৰ্ণ বিপৰীত এইজন নিত্যনন্দ। আজি তেওঁ মনসাৰ ভাও ল’ব, সৰ্পদেৱীৰ ভাও। পালা গানৰ এই সন্ধিয়াৰ অনুষ্ঠানত ভাগ ল’বলগীয়া আন আন শিল্পীসকলৰ সৈতে তেওঁ মোক চিনাকি কৰি দিলে।
পালা গান হৈছে একপ্ৰকাৰৰ গীতি-নাট। বিভিন্ন লৌকিক দেৱ-দেৱীক কেন্দ্ৰ কৰি থকা মংগলকাব্যৰ ধাৰণাসমূহকে নাট্যৰূপ দি এই পালা গান ৰচনা কৰা হয়। সমগ্ৰ ভাৰততে যিসকল দেৱদেৱীৰ পূজা কৰা হয় (যেনে শিৱ) তেওঁলোকৰ স্তুতিৰ বাবে এই গীতিকবিতাসমূহ পৰিৱেশন কৰা হয়। তাৰেই শৈল্পিক ধাৰাটি মূলতঃ বংগভূমিৰ আৰাধ্য বিভিন্ন লোককথামূলক দেৱ-দেৱীক কেন্দ্ৰ কৰি সৃষ্টি হৈছে। যেনে ধৰক ধৰ্মঠাকুৰ, সৰ্পদেৱী মা মনসা, সৰু আইৰ দেৱী শীতলা, বন বিবি আদি। মন্ত্ৰমুগ্ধ দৰ্শকৰ সন্মুখত এই পালা গান পৰিৱেশন কৰিবলৈ শিল্পীৰ দলবোৰ গোটেই বছৰটো সুন্দৰবনৰ বিভিন্ন দ্বীপবোৰত ভ্ৰমি ফুৰে।
প্ৰাচীন যুগৰ কিংবদন্তি আৰু লোককথাৰ আধাৰত অনুমান কৰা মতে ত্ৰয়োদশৰ পৰা অষ্টাদশ শতিকাত একাধিক মনসামংগল কাব্য ৰচনা কৰা হৈছিল। পশ্চিমবংগ, অসম আৰু বিহাৰৰ বিভিন্ন প্ৰান্তত প্ৰচলিত মনসামংগলৰ পালা গান এই লৌকিক কিন্তু মহাকাব্যিক ধাৰাটিৰ ওপৰত আধাৰিত। কেৱল দক্ষিণ চৌব্বিশ পৰগনাতেই নহয়, পশ্চিমবংগৰ বহু জিলা যেনে বাংকুৰা, বিৰভূম আৰু পুৰুলিয়াৰ দলিত সম্প্ৰদায়ৰ মাজত মনসা দেৱীৰ যথেষ্ট আদৰ আছে। সুন্দৰবনৰ যিটো অংশ ভাৰতত পৰে, তাতে প্ৰতিবছৰে বিশ্বকৰ্মা পুজাৰ দিনা (এইবছৰ ১৭ ছেপ্টেম্বৰ) প্ৰতিখন গাঁৱৰ প্ৰতিঘৰতে সৰ্পদেৱী মনসাৰ পুজা কৰা হয় আৰু পালাগান গোৱা হয়।
যদিও এই গীতি-নাটেৰে মনসা দেৱীৰ দৈৱশক্তিৰ বিষয়ে বিভিন্ন গাথা তুলি ধৰা হয় যদিও সুন্দৰবনৰ বিষাক্ত সাপৰ পৰা দ্বীপৰ বাসিন্দাসকলক সুৰক্ষিত কৰি ৰখাৰ বাবেও সেই গীতি-নাটেৰে মিনতি কৰা হয়। সুন্দৰবন অঞ্চলটোত ৩০ বিধৰো বেছি প্ৰজাতিৰ সাপ আছে, তাৰে কিছুমান অতিকৈ বিষাক্ত যেনে ডাঙৰ ফেঁটী সাপৰ দৰে মাৰাত্মক সাপো আছে। সাপে কামোৰাৰ ফলত এই অঞ্চলত কিমানৰ যে মৃত্যু হৈছে তাৰ কোনো পৰিসংখ্যা নাই।
আজিৰ নাটকত চান্দ সদাগৰৰ কাহিনী পৰিৱেশন কৰা হ’ব। পুজা পোৱাৰ বাবে মনসা দেৱীয়ে হাজাৰ চেষ্টা কৰিলেও উপেক্ষা কৰা ধনী বণিক শিৱভক্ত চান্দ সদাগৰে দেৱীক সৰ্বোচ্চ আৰাধ্য দেৱীৰ মৰ্যাদা নিদিয়ে। সেইকাৰণে দেৱীৰ ৰোষত পৰা চান্দ সদাগৰৰ মালবাহী জাহাজ মাজসাগৰত ডুবা যায় আৰু কোপিত দেৱীয়ে সাতোটা সন্তানক দংশন কৰে, তাৰে মাজৰ এজন লক্ষীন্দৰৰ বিয়াৰ দিনাই মৃত্যু হয়। শোকত দগ্ধ হৈ লক্ষীন্দৰৰ নববিবাহিত পত্নী বেউলাই তেওঁৰ জীৱন বিচাৰি মৃত স্বামীৰ শৱদেহ লৈ স্বৰ্গত উপস্থিত হয়। তাতেই ইন্দ্ৰই তেওঁক উপদেশ দিয়ে যে চান্দ সদাগৰে মা মনসা দেৱীক পুজা কৰিলে সকলো ঠিক হৈ যাব। কিন্তু চান্দ সদাগৰেও চৰ্ত ৰাখিলে যে তেওঁ দেৱী মনসালৈ পুষ্পাৰ্ঘ্য আগবঢ়াব ঠিকেই, কিন্তু বাওঁহাতেৰে। সোঁহাতখন শিৱপুজাৰ বাবে মুক্ত কৰি ৰাখিব। মনসা দেৱীয়ে এই পুজাভাগ গ্ৰহণ কৰে আৰু লক্ষীন্দৰক জীৱনদান দিয়াৰ লগতে চান্দ সদাগৰৰ সম্পত্তি ঘূৰাই দিয়ে।
মনসাৰ ভূমিকাত অৱতীৰ্ণ হোৱা ৫৩ বছৰ বয়সীয়া নিত্যনন্দই যোৱা ২৫ৰো অধিক বছৰ পালাগানা পৰিৱেশন কৰি আহিছে। তেওঁ একাধিক পালা গান গোৱা গোটৰ সৈতে কাম কৰে। ''২০১৯ৰ পৰা পৰিস্থিতি বেয়া হৈ পৰিছে,’’ তেওঁ কয়। ''এইবছৰো অতিমাৰীৰ কাৰণে কেইখনমান ঠাইৰ পৰা আমন্ত্ৰণ পাইছো। আমি মাহত ৪ৰ পৰা ৫ খন ঠাইলৈ আমন্ত্ৰণ পাইছিলো। কিন্তু এই বছৰ আমি মাত্ৰ দুখন ঠাইৰ পৰা আমন্ত্ৰণ পাইছো। কম প্ৰদৰ্শনী মানে কম আয়। ''আগতে আমি শিল্পীসকলে প্ৰতিটো প্ৰদৰ্শনীৰ পৰা ৮০০-৯০০ টকা পাইছিলো, এতিয়া সেয়াও কমি ৪০০-৫০০ টকা হৈছে।’’
নিত্যনন্দৰ ঠিক পিছতে বহিছে দলৰ আন এজন সদস্য বনমালী ব্যাপাৰী। গ্ৰামীণ ৰংগমঞ্চৰ কি এক দুৰৱস্থা সেয়া তেওঁ বুজাইছে। গ্ৰীণ ৰূম নাই, ভাল মঞ্চ নাই, পোহৰ আৰু শব্দৰ সঠিক ব্যৱস্থা বাদেই, শৌচ-পেচাৱ কৰাৰো যথোচিত সুবিধা নাই। ''এখন গীতি-নাট ৪-৫ ঘণ্টা পৰ্যন্ত চলে। বৰ খাটনিৰ কাম। পইচাৰ বাবে নহয়, আমাৰ ভক্তি আৰু চখৰ বাবেই এই কাম কৰো,’’ তেওঁ কয়। নাটকখনত তেওঁ দুটা চৰিত্ৰ ৰূপায়ণ কৰে, এটা হ’ল সেই কালনাগিনী যাৰ দংশনত লক্ষীন্দৰে প্ৰাণ হেৰুৱাইছিল আৰু আনটো হ’ল বহুৱা ভৰৰ চৰিত্ৰ, গুৰুগম্ভীৰ গীতি-নাটখনৰ মাজে মাজে তেওঁৰ ৰসিকতাই দৰ্শকক হাঁহিৰ খোৰাক যোগায়।
সকলো বাদ্যযন্ত্ৰ বাজি উঠিল, তাৰমানে প্ৰদৰ্শনী আৰম্ভ হ’ল। নিত্যনন্দৰ লগতে তেওঁৰ আটাইকেইজন পুৰুষ সদস্যই তেওঁলোকৰ গাত জিলিকি থকা ভিন্নৰঙী পোচাকবোৰ পিন্ধি মঞ্চৰ বাবে সাজু হ’ল। মা মনসা আৰু গাঁৱৰ বয়োজ্যেষ্ঠজনৰ আশীৰ্বাদ কামনা কৰি প্ৰদৰ্শনী আৰম্ভ হ’ল। গাঁৱৰ সকলোৱে এই কাহিনীৰ নাট্যৰূপ আগতে বহুবাৰ দেখিছে যদিও পুনৰবাৰ তেওঁলোক মন্ত্ৰমুগ্ধৰ দৰে সেই গীতি-নাট চাই ৰ’ল। উল্লেখ্য যে নিত্যনন্দকে ধৰি এই নাটকত ভাগ লোৱা কোনো এজনো পেছাদাৰী অভিনেতা নহয়, তেওঁলোক আটায়ে হৈছে কৃষক, খেতিপথাৰৰ শ্ৰমিক বা ঋতুগত প্ৰব্ৰজিত মজদুৰ।
নিত্যনন্দই ছজনীয়া পৰিয়াল এটাক পোহপাল দিব লাগে। তেওঁ কয়, ''য়াছ ঘূৰ্ণীবতাহৰ কাৰণে এইবাৰ আমাৰ খেতিৰ আয় একেবাৰে শূন্য হৈ পৰিল। পথাৰৰ মাটিখিনি লুণীয়া হৈ পৰিল, এতিয়া আকৌ প্ৰচণ্ড বৰষুণ। মোৰ দলৰ মানুহখিনিও খেতিয়ক, বা আন কামত নিয়োজিত। তেওঁলোকেও গভীৰ সমস্যাত পৰিছে। ধন্যবাদ যে মই চৰকাৰৰ পৰা ১,০০০ টকা (লোকপ্ৰচাৰ প্ৰকল্প নামে ৰাজ্যিক আঁচনিৰ অধীনত নবীন-প্ৰবীণ লোকশিল্পীক মাহে দিয়া পেঞ্চনৰ ধনৰাশি) পাওঁ।’’
নতুন প্ৰজন্মৰ ল’ৰাহঁত, নিত্যনন্দৰ নিজৰ ল’ৰাটোও পালা গানত আগ্ৰহী নহয়। লাহিৰীপুৰৰ গাওঁ পঞ্চায়তৰ গাওঁবোৰৰ বহুতেই নিৰ্মাণখণ্ডৰ মজদুৰ হিচাপে নাইবা খেতিপথাৰৰ শ্ৰমিক হিচাপে কাম কৰিবলৈ আন ৰাজ্যলৈ ওলাই যায়। ''সংস্কৃতিৰ পৰিৱৰ্তন ঘটিছে। ৩-৫ বছৰ পাছত এই শিল্প হয়তো নাইকিয়া হৈ যাব,’’ নিত্যনন্দই কয়।
''আনকি দৰ্শকৰো ৰুচি আগৰ দৰে হৈ থকা নাই। লোকশিল্পৰ প্ৰদৰ্শনীৰ ঠাই ম’বাইলে লৈছে,’’ দলটোৰ দুকুৰি বছৰ বয়স পাৰ কৰা এজন শিল্পী বিশ্বজিৎ মণ্ডলে কয়।
শিল্পীসকলৰ লগত পালাগানৰ কথা পাতি পাতি দীঘলীয়া সময় পাৰ হ’ল। এতিয়া তেওঁলোকক বিদায় জনোৱাৰ সময় আহি পৰিল। মই যাবলৈ সাজু হওঁতে পিছফালৰ পৰা নিত্যনন্দই মাত লগালেঃ ''শীতকালত অনুগ্ৰহ কৰি আহিব। আমি মা বন বিবিৰ পালা গান গাম। আপুনি সেয়াই ৰেকৰ্ড কৰিব পাৰিব। ভয় লাগে, কিজানি মানুহে এই শিল্পৰ কথা কেৱল বুৰঞ্জীৰ কিতাপত পঢ়িবলৈ পাব।’’
অনুবাদ: পংকজ দাস