ফাঁটবোৰ
এইবোৰ এদিনতে হোৱা নাছিল।
মিহি, চুলিৰ দৰে ফাঁটবোৰ
লুকাই আছিল,
তাইৰ প্ৰথমে পক ধৰা চুলি কেইডাল
অথবা তাইৰ চকুৰ তলৰ আঁচ কেইডালৰ দৰে।
গাওঁ, পাহাৰ, অৰণ্য আৰু নদীৰ মাজত
দূৰৈৰ পৰা ধৰিব নোৱাৰাকৈ
কিছুমান সৰু সৰু ফাঁট আছিলেই।
লাহে লাহে আৰু অহৰহ
যেতিয়া তাতকৈ ডাঙৰ ফাঁটবোৰ ওলাল, তাই ভাবিলে,
সেইবোৰ তথাপিও তাই বাতি ল’ব পাৰিব –
এইফালে এখন বেৰ
সৌ তাত অলপমন কোমল প্লাষ্টাৰ দি,
বস্তুবোৰ সুলকি নপৰাকৈ ধৰি ৰাখিবৰ বাবে
ল’ৰা-ছোৱালী কেইটামান জন্ম দিয়াৰ দৰে।
কিন্তু তাৰ পিচত প্ৰকাণ্ড ফাঁটবোৰে
আইনাৰ দৰে বেৰৰ মাজেদি
তাইলৈকে মুখমেলি থৰ লাগি চালে,
প্ৰগলভ, স্থিৰ, ক্ষমাহীন
নৰসিংহৰ চকুৰে।
তাই জানিছিল সেইবোৰৰ আকৃতি, দিশ-
অনুভূমিক, উলম্ব, খটখটিযুক্ত,
সেইবোৰ আবিৰ্ভাৱ হোৱা বিশেষ ঠাইবোৰ –
ইটাৰ মাজত মৰ্টাৰ ৰখা ঠাইবোৰত,
প্লাষ্টাৰ ব’ৰ্ডত, ইটাৰ গাঁথনিত,
আধাৰ বেৰত আৰু পলকতেই দেখিলে
সেইবোৰ কেৱল যোশীমঠতেই ৰৈ নাথাকিল।
তাই সেইবোৰ বিয়পি পৰা দেখিছিল, অতিমাৰীটোৰ দৰে
পাহাৰে পাহাৰে, দেশে দেশে, বাটে-পথে,
তাইৰ গোৰোহাৰ তলৰ মাটিখিনিলৈকে আহি পাই,
তাইৰ ভাগৰুৱা দেহা আৰু অন্তৰাত্মাক আৱৰি ধৰিলেহি।
জীয়াই থাকিবৰ বাবে এতিয়া যে বহুতেই পলম হৈ গ’ল
যাবলৈ নাই কোনো ঠাই
দেৱতাবোৰ গুচি গ’লগৈ।
প্ৰাৰ্থনাৰ বাবেও এতিয়া যে বহুতেই পলম হৈ গ’ল
পুৰণি বিশ্বাসটোকে ধৰি থাকিবৰ বাবেও বহু বেছি পলম হৈ গ’ল
কিবা এটা মানো বচাই ৰাখিবৰ বাবেও বহুতেই পলম হৈ গ’ল।
ৰ’দৰ উত্তাপেৰে এই ফাঁটবোৰ পূৰোৱাৰ কথা অৰ্থহীন
গলিত শালিগ্ৰামৰ দৰে
এই বিস্ফোৰিত আন্ধাৰ,
অজান ক্ৰোধ, পুঞ্জীভূত ঘৃণাই
যেন গ্ৰাস কৰিলে সকলো।
কোনে দলিয়াই গৈছিল সেই অভিশপ্ত মাহৰ বীজ
তাইৰ ঘৰৰ পিচফালৰ উপত্যকাত?
তাই মনত পেলাবলৈ চেষ্টা কৰিলে।
নহ’লে বা পোকে ধৰিলে নেকি
এই আকাশত শিপা থকা লতাডালত?
যাৰ প্ৰাসাদ কিজানি এই বিষাক্ত লতাডালৰ ওপৰতে আছে?
কেতিয়াবা লগ পাই গ’লে সেই যক্ষটো চিনি পাব নে বাৰু তাই?
তাইৰ বাহুত তেতিয়ালৈ থাকিবনে শক্তি
কুঠাৰখন দাঙি ল’বলৈ?
মোক্ষ মানুহে ক’ত বিচাৰে?
ভাগৰুৱা হৈ, তাই শুবলৈ চেষ্টা কৰিলে, আকৌ এবাৰ,
সপোনৰ দৰে এক সন্মোহনীত
মেলা চকুকেইটা ওপৰ-তল কৰিবলৈ
এৰি দিলে,
পুৰণি দেৱালত গজি উঠা
যাদুকৰী মাহৰ গা-গছ।