যোৱা তিনি বছৰত আপুনি কিমানখন চিকিৎসালয় দেখা কৰিছিল?
এই প্ৰশ্ন সোধোতে সুশীলা দেৱী আৰু তেওঁৰ স্বামী মনোজ কুমাৰৰ মুখ ক্লান্তিৰ ছাঁ আৰু হতাশাই আৱৰি পেলাইছিল। ২০১৭ৰ জুনত বান্দিকুই নগৰৰ মাধুৰ হাস্পতালত সুশীলাৰ প্ৰথম বন্ধ্যাকৰণ কৰাৰ পিছৰ পৰা দুয়োজনে (দুয়োজনৰ নাম সলনি কৰা হৈছে) কিমান চিকিৎসালয়লৈ গৈছিল, তাৰ সীমা-সংখ্যা নাই, কিমান পৰীক্ষা কৰিলে আৰু কিমান পৰস্পৰবিৰোধী ৰোগনিৰ্ণয়ৰ নিদান পালে, তাৰ হিচাপ মনত নাই।
দহ বছৰীয়া বৈবাহিক জীৱনত তিনিজনী ছোৱালীৰ পিছত এটা ল’ৰা সন্তান জন্মৰ এবছৰৰ পিছত এই দম্পতীহালে ভাবিলে ২৭ বছৰীয়া সুশীলা দেৱীৰ জন্ম নিৰোধৰ ব্যৱস্থা কৰা হওঁক। তেওঁলোকে আশা কৰিছিল যে তেওঁলোকৰ পৰিয়াল আৰু জীৱন ভাল হৈ পৰিব। ৰাজস্থানৰ দাউছা তহচিলৰ তেওঁলোকৰ গাওঁ ধানি জামাৰ পৰা ২০ কিলোমিটাৰ দূৰত থকা বান্দিকুইৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ যোৱাৰ চিন্তা কৰিলে, যদিও তেওঁলোকৰ ধানী জামা গাঁৱৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ দূৰত কুন্দল গাঁৱত চৰকাৰী জনস্বাস্থ্য কেন্দ্ৰ এখন আছিল।
“সাধাৰণতে শীতকালৰ মাহবিলাকত চৰকাৰী স্বাস্থ্যকেন্দ্ৰবিলাকত বন্ধ্যাকৰণ শিবিৰ অনুষ্ঠিত হয়। সোনকালে আৰোগ্য লাভ কৰে কাৰণে মহিলাসকলে বন্ধ্যাকৰণ শীতকালত কৰিবলৈ ভাল পায়। গ্ৰীষ্মকালীন মাহত বন্ধ্যাকৰণ অস্ত্ৰোপচাৰ কৰিম বুলি কোৱাৰ পিছত মই তেওঁলোকক দাউছা বা বান্দিকুইৰ ব্যক্তিগত চিকিৎসালয়লৈ লৈ যাওঁ,” স্বীকৃত সামাজিক স্বাস্থ্যকৰ্মী চমুকৈ আশাকৰ্মী ৩১ বছৰীয়া সুনীতা দেৱীয়ে কয়। ২৫ খন বিচনাযুক্ত মাধুৰ হাস্পতাললৈ এই দম্পত্তীৰ লগত সুনীতাও গ’ল। চিকিৎসালয়খন ৰাজ্যিক পৰিয়াল কল্যাণ আঁচনিৰ অধীনত পঞ্জীভূক্ত হেতুকে বন্ধ্যাকৰণ অস্ত্ৰোপচাৰ কৰোতে সুশীলাৰ পৰা পইছা লোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ চৰকাৰৰ পৰা উদগনিমূলক ১৪০০ টকা পালে।
বন্ধ্যাকৰণ অস্ত্ৰোপচাৰৰ কেইদিনমানৰ পিছত সুশীলাৰ মাহেকীয়া হয়, ইয়াৰ লগে লগে এক যন্ত্ৰণাময় বিষ আৰু অৱসাদ হ’বলৈ ধৰে, এই যন্ত্ৰণাময় অৱস্থা পৰৱৰ্তী তিনিটা বছৰৰ অধিককাল সময়তে অব্যাহত থাকিল।
“বিষ যেতিয়া প্ৰথম আৰম্ভ হৈছিল, মই তেওঁক তেতিয়া বিষ নিৰাময়ৰ ঔষধ দিছিলো। ইয়াৰ ফলত অলপ উপশম হৈছিল। প্ৰতি মাহতে মাহেকীয়াৰ সময়ত অসহ্য যন্ত্ৰণাত সুশীলা কান্দি থাকে,” ২৯ বছৰীয়া সুশীলাৰ স্বামী মনোজে কয়।
বিষ বাঢ়িবলৈ ধৰিলে। অত্যাধিক ৰক্তক্ষৰণ হোৱাৰ পিছত মোৰ বমিভাৱ আহে আৰু মই সদায় দুৰ্বল হৈ থাকো। অষ্টমমান শ্ৰেণীলৈকে অধ্যয়ন কৰা গৃহিণী সুশীলাই কয়।
যেতিয়া এই অৱস্থা তিনি মাহ ধৰি চলিবলৈ ধৰিলে, তেতিয়া যাও-নাযাওকৈ এই পৰিয়ালটো কুন্দলৰ জনস্বাস্থ্য কেন্দ্ৰলৈ গ’ল।







