যোৱা কেইটামান বছৰ দিলীপ কলিৰ ভাল যোৱা নাছিল। ঘূৰ্ণীবতাহ, ধৰা মাছৰ পৰিমাণ কমি অহা, মাছৰ বিক্ৰী হ্ৰাস পোৱা আদিৰে তেওঁৰ দিনবোৰ আছিল সমস্যাবহুল। কিন্তু ২০২০ৰ মাৰ্চত আৰম্ভ হোৱা লকডাউনৰ দিনকেইটা তেওঁৰ বাবে তাতোকৈ বেছি কষ্টকৰ হৈ ধৰা দিছে।
“আগতে আমি সন্মুখীন হোৱা সমস্যাসমূহ যোৱা বছৰটোত যিমান বেয়া আছিল তাৰ তুলনাত আধাখিনিও নহয়।” দক্ষিণ মুম্বাইৰ কোলাবা অঞ্চলৰ কলিৱাড়াৰ ৫০ বছৰীয়া মাছমৰীয়া দিলীপে কয়। “মাছ ধৰিবলৈ আৰু মাছ খাবলৈ ইচ্ছা কৰা মানুহ আছিল, কিন্তু মাছৰ বিক্ৰী একেবাৰে নাছিল (লকডাউনৰ বাবে ২০২০ৰ চেপ্তেম্বৰ পৰ্যন্ত)। বজাৰবোৰ বন্ধ হৈ পৰিল আৰু আমি ধৰি অনা মাছবোৰ পুনৰ সাগৰতে পেলাই দিবলগীয়া হৈছিল।”
দিলীপে প্ৰায় ৩৫ বছৰ ধৰি দক্ষিণ মুম্বাইৰ ছাছুন ডকত কাম কৰি আহিছে। তেওঁৰ তিনিখন নাও আছে আৰু তেওঁ ৮-১০ জন মাছমৰীয়াক কামত লগায়। “লকডাউনৰ সময়ত আমি অন্ততঃ ৰেচনখিনি যোগাৰ কৰিব পাৰিছিলোঁ, কিন্তু অন্য দুখীয়া কলি সম্প্ৰদায়ৰ মাছমৰীয়াসকলৰ খাদ্য বা টকা-পইচা একোৱেই নোহোৱা হৈ পৰিছিল,” তেওঁ কয়।
পুৱা প্ৰায় ৪ বজাতেই মাছমৰীয়াসকলৰ দিনটোৰ কাম আৰম্ভ হয়।বাৰিষাৰ মাহকেইটাত তেওঁলোকে পাৰৰ ওচৰে-পাঁজৰে সাগৰত ৪০ মিনিটকৈ কেইবাবাৰো অহা-যোৱা কৰিবলগীয়া হয়। জোৱাৰ সলনি হ’লে তেওঁলোকে প্ৰায় এঘণ্টামান জিৰণি লৈ পুনৰ সাগৰলৈ যায়। “আমি খুব পুৱাই কাম আৰম্ভ কৰোঁ আৰু আবেলি ২-৩ বজাত শেষ কৰোঁ। আমি চন্দ্ৰৰ জৰিয়তে জোৱাৰ-ভাটাৰ বিষয়ে গম পাওঁ। অতি কম বা অতি বেছি জোৱাৰ থাকিলে আমি মাছ ধৰিবলৈ নাযাওঁ,” দিলীপে কয়।
তেওঁৰ নাওখনত কাম কৰি থকা মাছমৰীয়াসকলৰ বেছিভাগেই কলি সম্প্ৰদায়ৰ। তেওঁলোকৰ কিছুসংখ্যকে ৰায়গড় জিলাৰ তালা তালুকৰ ৱাশ্বি হাভেলি (২০১১ৰ লোকপিয়লৰ মতে জনসংখ্যা ১০৪০) নামৰ গাঁওখনৰ পৰা ৰেল বা ভাৰা কৰি লোৱা বাহনেৰে প্ৰায় ১৫০ কিলোমিটাৰ যাত্ৰা কৰি দক্ষিণ মুম্বাইৰ ছাছুন ডকলৈ আহে। ইয়াত তেওঁলোকে জুনৰ পৰা আগষ্ট মাহলৈ গণপতি উৎসৱ আৰম্ভ হোৱাৰ আগলৈকে কাম কৰে। বছৰটোৰ বাকীখিনি সময়ত তেওঁলোকেপ্ৰধানকৈ ৰত্নগিৰি আৰু ৰায়গড় জিলাত থকা মহাৰাষ্ট্ৰৰ অন্য উপকূলীয় অঞ্চললৈ যাত্ৰা কৰে আৰু অন্য লোকৰ নাৱত কাম কৰি মাহে ১০,০০০-১২,০০০কৈ উপাৰ্জন কৰে।























