যোৱা কেইটামান বছৰ দিলীপ কলিৰ ভাল যোৱা নাছিল। ঘূৰ্ণীবতাহ, ধৰা মাছৰ পৰিমাণ কমি অহা, মাছৰ বিক্ৰী হ্ৰাস পোৱা আদিৰে তেওঁৰ দিনবোৰ আছিল সমস্যাবহুল। কিন্তু ২০২০ৰ মাৰ্চত আৰম্ভ হোৱা লকডাউনৰ দিনকেইটা তেওঁৰ বাবে তাতোকৈ বেছি কষ্টকৰ হৈ ধৰা দিছে।
“আগতে আমি সন্মুখীন হোৱা সমস্যাসমূহ যোৱা বছৰটোত যিমান বেয়া আছিল তাৰ তুলনাত আধাখিনিও নহয়।” দক্ষিণ মুম্বাইৰ কোলাবা অঞ্চলৰ কলিৱাড়াৰ ৫০ বছৰীয়া মাছমৰীয়া দিলীপে কয়। “মাছ ধৰিবলৈ আৰু মাছ খাবলৈ ইচ্ছা কৰা মানুহ আছিল, কিন্তু মাছৰ বিক্ৰী একেবাৰে নাছিল (লকডাউনৰ বাবে ২০২০ৰ চেপ্তেম্বৰ পৰ্যন্ত)। বজাৰবোৰ বন্ধ হৈ পৰিল আৰু আমি ধৰি অনা মাছবোৰ পুনৰ সাগৰতে পেলাই দিবলগীয়া হৈছিল।”
দিলীপে প্ৰায় ৩৫ বছৰ ধৰি দক্ষিণ মুম্বাইৰ ছাছুন ডকত কাম কৰি আহিছে। তেওঁৰ তিনিখন নাও আছে আৰু তেওঁ ৮-১০ জন মাছমৰীয়াক কামত লগায়। “লকডাউনৰ সময়ত আমি অন্ততঃ ৰেচনখিনি যোগাৰ কৰিব পাৰিছিলোঁ, কিন্তু অন্য দুখীয়া কলি সম্প্ৰদায়ৰ মাছমৰীয়াসকলৰ খাদ্য বা টকা-পইচা একোৱেই নোহোৱা হৈ পৰিছিল,” তেওঁ কয়।
পুৱা প্ৰায় ৪ বজাতেই মাছমৰীয়াসকলৰ দিনটোৰ কাম আৰম্ভ হয়।বাৰিষাৰ মাহকেইটাত তেওঁলোকে পাৰৰ ওচৰে-পাঁজৰে সাগৰত ৪০ মিনিটকৈ কেইবাবাৰো অহা-যোৱা কৰিবলগীয়া হয়। জোৱাৰ সলনি হ’লে তেওঁলোকে প্ৰায় এঘণ্টামান জিৰণি লৈ পুনৰ সাগৰলৈ যায়। “আমি খুব পুৱাই কাম আৰম্ভ কৰোঁ আৰু আবেলি ২-৩ বজাত শেষ কৰোঁ। আমি চন্দ্ৰৰ জৰিয়তে জোৱাৰ-ভাটাৰ বিষয়ে গম পাওঁ। অতি কম বা অতি বেছি জোৱাৰ থাকিলে আমি মাছ ধৰিবলৈ নাযাওঁ,” দিলীপে কয়।
তেওঁৰ নাওখনত কাম কৰি থকা মাছমৰীয়াসকলৰ বেছিভাগেই কলি সম্প্ৰদায়ৰ। তেওঁলোকৰ কিছুসংখ্যকে ৰায়গড় জিলাৰ তালা তালুকৰ ৱাশ্বি হাভেলি (২০১১ৰ লোকপিয়লৰ মতে জনসংখ্যা ১০৪০) নামৰ গাঁওখনৰ পৰা ৰেল বা ভাৰা কৰি লোৱা বাহনেৰে প্ৰায় ১৫০ কিলোমিটাৰ যাত্ৰা কৰি দক্ষিণ মুম্বাইৰ ছাছুন ডকলৈ আহে। ইয়াত তেওঁলোকে জুনৰ পৰা আগষ্ট মাহলৈ গণপতি উৎসৱ আৰম্ভ হোৱাৰ আগলৈকে কাম কৰে। বছৰটোৰ বাকীখিনি সময়ত তেওঁলোকেপ্ৰধানকৈ ৰত্নগিৰি আৰু ৰায়গড় জিলাত থকা মহাৰাষ্ট্ৰৰ অন্য উপকূলীয় অঞ্চললৈ যাত্ৰা কৰে আৰু অন্য লোকৰ নাৱত কাম কৰি মাহে ১০,০০০-১২,০০০কৈ উপাৰ্জন কৰে।
দিলীপে কয়, “মে’ মাহৰ শেষৰ পৰা আগষ্টৰ প্ৰথম ভাগলৈকে সাগৰৰ গভীৰত মাছ ধৰা কাৰ্য নিষিদ্ধ, তথাপিও ইয়াত খাত বা ক্ৰিকত মাছ ধৰাৰ (দোল জালেৰে সৈতে) অনুমতি আছে। আমি এয়া বছৰ ধৰি কৰি আহিছোঁ। আমাৰ কোলাবা খাতটো বম্বিল (ব’ম্বে ডাক)ৰ বাবে বিখ্যাত আৰু এই মাছবিধ ইয়ালৈ কেৱল জুন আৰু জুলাইত আহে। আমাৰ ব’ম্বে ডাকৰ বাবে মহাৰাষ্ট্ৰৰ সৰু সৰু গাঁৱৰ পৰা মাছমৰীয়া ইয়ালৈ আহে। ২-৩ মাহৰ বাবে কোলাবা তেওঁলোকৰ ঘৰ হৈ পৰে। এয়া বৰ ভাল ব্যৱসায়।”
ছাছুন ডকত থকা সেই মাহকেইটাত ৱাশ্বি হাভেলী গাঁৱৰ প্ৰিয়ল দুৰি আৰু অন্য মাছমৰীয়াসকলে শতকৰা ভিত্তিত কাম কৰে। তেওঁ কয়, “এদিনত মাছ ধৰি যি লাভ হয় তাৰ আধা নাৱৰ গৰাকীলৈ যায় আৰু বাকীখিনি আমাৰ মাজত ভাগ হয়।” যোৱা বছৰ তিনিমাহৰ ভিতৰতে প্ৰিয়লৰ দেউতাকৰ ক’ভিডত আৰু মাকৰ লিউকেমিয়াত মৃত্যু হয়। ২৭ বছৰীয়া প্ৰিয়লে প্ৰায় ১০ বছৰ মাছ ধৰি আহিছে। মাকৰ চিকিৎসাৰ বাবে যথেষ্ট টকা-পইচাৰ দৰকাৰ হোৱাৰ বাবে তেওঁ দ্বাদশ শ্ৰেণীৰ পঢ়া সম্পূৰ্ণ কৰিব নোৱাৰিলে।
“বাৰিষাৰ সময়ছোৱাত আমি দিনে প্ৰায় ৭০০ টকাকৈ উপাৰ্জন কৰোঁ, কিন্তু যোৱা বছৰ আমি দৈনিক মাত্ৰ ৫০ টকাহে পাইছিলোঁ। ক’ভিডৰ বাবে আমি সম্পূৰ্ণ এটা বছৰ ঘৰত বহি থাকিবলগীয়া হৈছিল,” তেওঁ কয়। কাম নথকাৰ বাবে ২০২০ৰ মে’ মাহলৈ ৱাশ্বি হাভেলীৰ মাছমৰীয়াসকল আৰু তেওঁলোকৰ পৰিয়ালৰ হাতত ৰেচনো নোহোৱা হৈ পৰিছিল।“ওচৰে-পাঁজৰে খাতত ধৰা মাছবোৰকে যিমান পাৰি ধৰি আমি খাইছিলোঁ। কিন্তু ঘূৰ্ণীবতাহ (নিসৰ্গ)ৰ পাছত আমি কোনোমতেহে খাদ্য আৰু পানী যোগাৰ কৰিব পাৰিছিলোঁ। এইটো বছৰেই (২০২০) আছিল আমি দেখা আটাইতকৈ বেয়া বছৰ,” প্ৰিয়লে কয়।
২০২০ৰ ৩ জুনত ঘূৰ্ণীবতাহ নিসৰ্গই মহাৰাষ্ট্ৰৰ উপকূলীয় জিলাসমূহ জোকাৰি গৈছিল। “এমাহ ধৰি আমাৰ বিদ্যুতৰ আৰু ফোনৰ সংযোগ নাছিল। আমাৰ ঘৰবোৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছিল আৰু আমি চৰকাৰৰ পৰা কোনো ক্ষতিপূৰণো পোৱা নাছিলো,” প্ৰিয়লে কয়। তেওঁ ঘৰটো পুনৰ নিৰ্মাণ কৰিবলৈ বন্ধুৰ পৰা ৪০,০০০ টকা ধাৰলৈ ল’বলগীয়া হৈছিল। ঘৰটোত এতিয়া তেওঁ আৰু তেওঁৰ ককায়েক চন্দ্ৰকান্ত (এগৰাকী মাছমৰীয়া) থাকে।
২০২১ চনৰ ১৪ মে’ত টওক্টে ঘূৰ্ণিবতাহ আহিছিল। “খুব বেছিকৈ অহা জোৱাৰত আমাৰ নাওবোৰ ধ্বংস হৈছিল। আমাৰ লাখ টকাৰ লোকচান হৈছিল। চৰকাৰে আমাক কেইহাজাৰমান টকা দিও সহায় নকৰিলে। মাছমৰীয়াসকলৰ এতিয়াও খং আছে (এই বিষয় লৈ),” দিলীপ কলিয়ে কয়। তেওঁৰ তিনিজন পুত্ৰও মাছমৰীয়া, আনহাতে তেওঁৰ পত্নী ৪৯ বছৰীয়া ভাৰতীয়ে ছাছুন ডকত পাইকাৰী ক্ৰেতাক মাছ বিক্ৰী কৰে (এয়া চাওঁকঃ কলি মহিলাৰ গাথা: মাছ, বন্ধুত্ব আৰু অদম্য উদ্যম ) । “তেওঁলোকে আমাৰ কলি সম্প্ৰদায়ৰ মাছমৰীয়াসকলৰ বাবে কেতিয়াও একোৱেই কৰা নাই,” তেওঁ আকৌ কয়, “কিন্তু সেই ঘূৰ্ণিবতাহবোৰ অহাৰ সময়ত আমি সম্পূৰ্ণ ক্ষতিপূৰণ পাব লাগিছিল।”
এই বিপৰ্যয়বোৰৰ লগতে মাছ ধৰাৰ পৰিমাণো নিয়মীয়া হাৰত হ্ৰাস পাইছে। “আমি ডেকা হৈ থাকোঁতে মাছৰ মূল্য কম আছিল, কিন্তু ডিজেলৰ মূল্যও (নাৱৰ বাবে) এক লিটাৰত ২০ টকাহে আছিল। এতিয়া ডিজেলৰ মূল্য বাঢ়ি গৈ এক লিটাৰত প্ৰায় ১০০ টকা হ’লগৈ আৰু মাছ ধৰাটো কমি আহিল,” দিলীপে কয়।
মাছমৰীয়াসকলৰ জালত কেতিয়াবাহে সুৰমাই, ৰূপছন্দা আৰু ছাৰ্ডিনৰ দৰে জনপ্ৰিয় মাছবোৰ উঠে, তেওঁ কয়। কেন্দ্ৰীয় সামুদ্ৰিক মীনমহল গৱেষণা প্ৰতিষ্ঠানৰ তথ্য অনুসৰি, ২০১৯ চনত আগৰ বছৰৰ তুলনাত মহাৰাষ্ট্ৰৰ উপকূল অঞ্চলত মাছ ধৰাৰ পৰিমাণ ৩২ শতাংশ হ্ৰাস পাইছিল। প্ৰতিবেদনটোৱে সেই বছৰটোত ভাৰতত হোৱা ঘূৰ্ণিবতাহেই ইয়াৰ কাৰণ বুলি উল্লেখ কৰে। সেইসমূহৰ ভিতৰত ছটা ঘূৰ্ণিবতাহ আছিল যথেষ্ট বিপৰ্যয় সৃষ্টিকাৰী।
“আমাৰ জীৱিকা সম্পূৰ্ণৰূপে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল,” দিলীপে কয়। “প্ৰকৃতি যদি আমাৰ বাবে অনুকূল নহয়, আমি আমাৰ কাম আৰু জীৱন দুয়োটাই হেৰুৱাম।”
আৰু ইয়াৰ পিছতে, ক’ভিড-১৯ অতিমাৰী অহাৰ লগে লগে ছাছুন ডকৰ এই মাছমৰীয়াসকলে সেই ধুমুহাৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিছে।
অনুবাদ: বন্যা বৰুৱা