আন এখন টেক্সিচালকৰ পৰা ফোন পাই শিৱপূজন পাণ্ডেয়ে ততাতয়াকৈ তৎকাল এক্সপ্ৰেছ ৰেলৰ টিকট এটা ক্ৰয় কৰে আৰু ৪ জুলাইত উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ ষ্টেছনত ৰেলত উঠে।
পিছদিনা তেওঁ মুম্বাইত উপস্থিত হ’ল। কিন্তু অতি খৰখেদাকৈ উভতি অহা সত্ত্বেও ৬৩ বছৰ বয়সীয়া শিৱপূজনে নিলামৰ পৰা তেওঁৰ টেক্সিখন ৰক্ষা কৰিব নোৱাৰিলে।
মহামাৰীৰ বাবে চৰকাৰে দিয়া লকডাউনৰ বাবে মহানগৰৰ বিমান বন্দৰত কেইবামাহ ধৰি চালক নোহোৱাৰ ফলত পৰি থকা ৪২ খন টেক্সি মুম্বাই আন্তৰ্জাতিক বিমান বন্দৰ লিমিটেডে নিলাম কৰে- তাৰে এখন শিৱপূজনৰ আছিল।
এইদৰে শিৱপূজনে তেওঁৰ জীৱিকা হেৰুৱালে। ১৯৮৭ চনৰে পৰা তেওঁ টেক্সি চলাই আছিল, ২০০৯ত ঋণৰ টকাৰে ক’লা-হালধীয়া মাৰুতি অ’মনি এখন তেওঁ ক্ৰয় কৰিছিল।
“নিলাম কৰি কি পালে সিহঁতে? গোটেই জীৱন মই এই কাম কৰিছো আৰু সিহঁতে আমাৰ হাতৰ পৰা এই সামান্য উপাৰ্জনৰ উৎসও কাঢ়ি নিলে। এই সময়ত সিহঁতে আমাৰ প্ৰতি কৰা এইটোৱেই জঘন্য কাম।” এদিন আবেলি ছাহাৰ বিমান বন্দৰৰ ওচৰৰ পদপথত থিয় হৈ ক্ষোভেৰে তেওঁ কয়।
অলপতে সঞ্জয় মালিও একেই দুৰ্যোগৰ মুখামুখি হৈছে। তেওঁৰ ৱাগন-আৰ ‘কুল কেব’খন ছাহাৰ আন্তৰ্জাতিক বিমান বন্দৰৰ কিছু নিলগত থকা দক্ষিণ মুম্বাইৰ মাৰ’ল এলেকাৰ আন্নাৱাড়িত থকা গাড়ী ৰখোৱা বিশাল স্থানত ২০২০ৰ মাৰ্চৰ পৰা আছিল।
২০২১ৰ ২৯ জুনৰ নিশা গাড়ী ৰখোৱা স্থানৰ পৰা তেওঁৰ গাড়ীখন আঁতৰাই পেলোৱা হ’ল। পিছদিনা এজন বন্ধুৱে তেওঁক জনালে। “কি হৈছে মই একো বুজিব পৰা নাছিলো,” ৪২ বছৰ বয়সীয়া সঞ্জয়ে ক’লে।














