উদ্দাণ্ডৰায়ুনীপালেম গাঁৱৰ গিঞ্জুপাল্লি শংকৰ ৰাওৱে ২০১৭ত চৰকাৰে অমৰাৱতী ৰাজধানী চহৰৰ বাবে চৰকাৰে আৱণ্টন দিয়া ১০০০ স্কোৱেৰ গজৰ এটুকুৰা আবাসিক ভূমি বিজয়ৱাড়াৰ ক্ৰেতাৰ হাতত বিক্ৰী কৰে। তাৰ বাবদ তেঁও ২ কোটি টকা পায়। তাৰে ৮০ লাখ টকাৰে তেঁও পুৰণি ঘৰটো ভাঙি দুমহলীয়া ঘৰ সাজি উলিয়ায়। ‘এই টকাৰে মই ঘৰটো সাজি উলিয়ালো, এখন চাৰ্ভ’লেট আৰু মটৰ চাইকেল কিনিলো, অষ্ট্ৰেলিয়ালৈ পঢ়িবলৈ যাবলৈ মোৰ জীয়ৰীজনীৰ খৰছৰ কাৰণে আৰু তাইৰ বিয়াৰ কাৰণেও অলপমান সাঁচি থৈছো,’ তেঁও আনন্দৰে কয়।
উদ্দাণ্ডৰায়ুনীপালেম গাঁও হৈছে গুণ্টুৰ জিলাৰ কৃষ্ণা নদীৰ উত্তৰ পাৰৰ সেই ২৯ খন গাঁৱৰ মাজৰ এখন য’ত অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ নতুন ‘সেউজ’ ৰাজধানী অমৰাৱতী নিৰ্মাণৰ কাম চলি আছে। অমৰাৱতী বহনক্ষম ৰাজধানী চহৰ উন্নয়ন প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰে লেণ্ড পুলিং স্কীম (এলপিএছ)ৰ জৰিয়তে প্ৰথম পৰ্যায়ৰ নিৰ্মাণৰ বাবেই ৩৩ হাজাৰ একৰৰো অধিক মাটি আহৰণৰ কাম কৰি আছে।
২৯ খন গাঁৱৰ সেই এলেকাটো ঠায়ে ঠায়ে এতিয়া নতুন, কিছুমান সম্পূৰ্ণ হোৱা আৰু কিছুমান অৰ্ধনিৰ্মিত অট্টালিকাৰে ভৰি পৰিছে। ২০১৪ত নতুন ৰাজধানী ঘোষণাৰ পিছৰেপৰা গাঁওবোৰত ৰিয়েল ইষ্টেল এজেন্সী কাঠফুলাৰ দৰে গজি উঠিছে। তাৰপৰা আটাইতকৈ বেছি লাভান্বিত হৈছে উচ্চ জাতৰ ভূস্বামীসকল; বিশেষকৈ কাম্মা সম্প্ৰদায়ৰ লোকসকল। ‘মোৰ দৰে প্ৰায় ৯০ শতাংশ মাটিৰ মালিকে তেঁওলোকৰ মাটি (আৱণ্টিত)ৰ এটা অংশ বিক্ৰী কৰি ঘৰ বান্ধিছে,’ শংকৰা ৰাওৱে (চুবুৰীয়া নাৰিনা চুব্বা ৰাওৰ সৈতে প্ৰচ্ছদ ফটোৰ ওপৰত, সোঁফালে) কয়।
শংকৰা ৰাওৰ ২০ একৰ মাটিৰ বিনিয়মত অন্ধ্ৰপ্ৰদেশ ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধীকৰণ (এপিচিআৰডিএ)য়ে এলপিএছ-ৰ অধীনত তেঁওক নতুন ৰাজধানীত ১০০০ স্কোৱেৰ গজৰ ২০ টা আবাসিক প্লট আৰু ৪৫০ স্কোৱেৰ গজৰ ২০ টা বাণিজ্যিক প্লট আৱণ্টন দিছে। এই ‘পুনৰ্গঠিত উন্নীত’ প্লটবোৰ প্ৰায় এটা দশকৰ ভিতৰত কৃষকলৈ হস্তান্তৰ কৰা হ’ব। ১০ বছৰৰ কাৰণে কৃষকে প্ৰতি একৰ মাটিৰ বাবদ মাটিৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি বছৰি ৩০ৰ পৰা ৫০ হাজাৰ টকা পাব। এপিচিআৰডিএ-এ অৱশিষ্ট মাটি ৰাস্তা-ঘাট, চৰকাৰী অট্টালিকা, উদ্যোগ আৰু নাগৰিকৰ সা-সুবিধা সৃষ্টিৰ বাবে হাতত ৰাখিব।
শংকৰা ৰাওৰ দৰে আন বহুতেই তেঁওলোকৰ ‘আৱণ্টিত’ মাটি (প্ৰকৃত প্লট তেঁওলোকৰ হাতত পৰাই নাই) বিক্ৰী কৰিছে। নিৰ্মাণ খণ্ডৰ বজাৰক লৈ ইয়াত খুব জল্পনা-কল্পনা চলিছে। ২০১৪ত যেতিয়া ৰাজধানী অঞ্চল নিৰ্মাণৰ কাম আৰম্ভ হৈছিল, তেতিয়া অঞ্চলটোত মাটিৰ দাম আছিল প্ৰতি একৰ মাটিত প্ৰায় ৭০ লাখ টকা (১৯৯৬ত আছিল মাত্ৰ ৩ লাখ)। এতিয়া এক একৰ মাটিৰ দাম কাগজে-কলমে নকৰিলে ৫ কোটিলৈ উঠে, গাঁৱৰ খেতিয়কে কয়।
কিন্তু নিৰ্মাণ খণ্ডৰ এই লাভজনক বজাৰখন মানুহ বিশেষেহে লাভজনক। বহু দলিত (কিছুমান ওবিচিও আছে) কৃষকৰ হাতত মাটিৰ পৰিমাণ সামান্য, তেঁওলোকক অন্ধ্ৰপ্ৰদেশ ভূমি সংস্কাৰ (কৃষিভূমি ধাৰণৰ ওপৰত চিলিং) আইন, ১৯৭৩ৰ অধীনত এক একৰ মাটি ৰাজ্য চৰকাৰে ‘হস্তান্তৰ’ কৰিছে। ‘হস্তান্তৰিত’ মাটি থকাবোৰতকৈ পট্টা মাটি থকাসকলক ভাল ক্ষতিপুৰণ দিয়া হৈছে (পুনৰ্গঠিত উন্নীত প্লট)। ‘আমি তেঁওলোকৰ সমানেই ক্ষতিপুৰণ দাবী কৰিছো,’ মালা সম্প্ৰদায়ৰ ৩৮ বৰ্ষীয় দলিত কৃষক পুলি মাট্টাইয়াহে কয়। উদ্দাণ্ডৰায়ুনীপালেমত তেঁওৰ এক একৰ ‘হস্তান্তৰিত’ মাটি আছে যিটুকুৰা তেঁও চৰকাৰক অধিগ্ৰহণৰ বাবে দিবলৈ অমান্তি হৈছে।
যদিও বাৰ্ষিক ৰাশি পট্টা থকা মাটিৰ ক্ষেত্ৰত দিয়া ৰাশিৰ সৈতে একেই (৩০ৰ পৰা ৫০ হাজাৰ) থাকে, তথাপি এক একৰ মাটিৰ বিনিময়ত এপিচিআৰডিএ-এ ৮০০ স্কোৱেৰ গজৰ এটা আবাসিক প্লট আৰু ২৫০ স্কোৱেৰ গজৰ এটা বাণিজ্যিক প্লট ক্ষতিপুৰণ হিচাপে নিৰ্ধাৰণ কৰিছে। আকৌ কৃষ্ণা নদীৰ দ্বীপৰ হস্তান্তৰিত ভূমিৰ বাবদ তাতোকৈও কম ৰাশি, ৫০০ স্কোৱেৰ গজৰ এটা আবাসিক প্লট আৰু ১০০ স্কোৱেৰ গজৰ এটা বাণিজ্যিক প্লট ক্ষতিপুৰণ হিচাপে নিৰ্ধাৰণ কৰা হৈছে।
ৰাজধানী অঞ্চলৰ গাঁওবোৰৰ গৰিষ্ঠসংখ্যক লোকে তেঁওলোকৰ মাটি এৰি দিছে যদিও ৪০৬০ কৃষকে অধিগ্ৰহণৰ বাবে সন্মতি দিয়া নাই। তেঁওলোকৰ মাজৰ এজন হৈছে পুলি য়না (৬২)। কমেও ৫০০ গৰাকী দলিত কৃষকৰ সংগঠন উদ্দাণ্ডৰায়ুনীপালেম সমবায় যুটীয়া হস্তান্তৰিত কৃষক সমাজৰ তেঁও উপসচিব। তেঁওলোকে সমূহীয়াকৈ প্ৰায় ৬০০ একৰ ‘হস্তান্তৰিত’ মাটিত খেতি কৰে।
তেঁওলোকে কয় যে ২৯ খন গাঁও কৃষ্ণা-গোদাবৰীৰ অতি উৰ্বৰ বদ্বীপভূমিত অৱস্থিত য’ত বছৰি একাধিক শস্যৰ খেতি কৰা হয়। ’১৫-২০ ফুটমান খান্দিলেই পানী ওলায় আৰু প্ৰায় ২০ টা জলসিঞ্চন আঁচনি আছে,’ মাট্টাইয়াহে কয়। ‘বজাৰ ভাল হ’লে একাধিক শস্যৰ খেতি কৰি ভাল মুনাফা লাভ কৰিবপৰা যায়। কিন্তু ২০১৫ত সাৰৰ দোকানবোৰ এপিচিআৰডিএ-এ বলপূৰ্বকভাৱে বন্ধ কৰি দিছিল, এতিয়া সাৰ আৰু কীটনাশক কিনিবলৈ আমি বিজয়ৱাড়া আৰু গুণ্টুৰলৈ যাবলগীয়া হয়। চৰকাৰে কৃষকৰ বাবে আৰু কৃষিৰ বাবে প্ৰতিকূল পৰিস্থিতি সৃষ্টি কৰাত লাগিছে, যাতে আমি বাধ্য হৈ আঁতৰি যাও।‘
কৃষিঋণ নোহোৱা হোৱাৰ ফলত ভালেমান ক্ষুদ্ৰ খেতিয়কৰ আৰ্থিক অৱস্থা শোচনীয় হৈ পৰিছে। য়নাই তেঁওৰ এক একৰ মাটিত প্ৰথমবাৰ কলৰ খেতি কৰি ২০১৮ৰ মে’ত হোৱা ধুমুহাৰ ফলত ৪ লাখ টকাৰ লোকচানৰ সমুখীন হয় আৰু বেংকৰ তথা ব্যক্তিগত সুদখোৰকে ধৰি মুঠ ৬ লাখ টকা তেঁওৰ ধাৰ লাগে। খেতিয়কে অনুমান কৰা মতে প্ৰচণ্ড ধুমুহাই উদ্দাণ্ডৰায়ুনীপালেমত প্ৰায় ৩০০ একৰ মাটিত খেতি নষ্ট কৰে আৰু ১০ টা পৰিয়ালে ক্ষতিগ্ৰস্ত হয়। ফলত গাঁৱৰ আন বহুতৰ দৰে য়নাও ২০১৮ৰ জুলাইৰ পৰা অক্টোবৰৰ কালচোৱাত তেঁওৰ মাটিত খেতি কৰিব নোৱাৰিলে। ‘২০১৪ৰ পিছত বেংকে আমাক ঋণ নিদিয়া হ’ল,’ তেঁও কয়। ‘বেংক বিষয়াই কয় যে অমৰাৱতী ৰাজধানী অঞ্চলৰ গাঁৱৰ কাকো যাতে ঋণ দিয়া নহয় তাৰ বাবে বেংকবোৰক চৰকাৰে নিৰ্দেশ দিছে।’
এইখিনি সময়তে শাসকীয় দল তেলেগু দেশম পাৰ্টিৰ ঘোৰ সমৰ্থক শংকৰা ৰাওৱে ২ কোটিত তেঁওৰ প্লটটো বিক্ৰী কৰাৰ পিছত কাম নকৰা হৈছে। মই চাহাবৰ দৰে জীৱন কটাইছো। মই এতিয়া উপভোগ কৰিছো। চৰকাৰী কৰ্মচাৰীয়ে অৱসৰ লোৱাৰ ১০ বছৰ আগেয়ে মই খেতিৰ পৰা অৱসৰ লৈছো,’ তেঁও হাঁহি হাঁহি ক’লে। ‘অঞ্চলটোত হৈ থকা উন্নয়ন খুবেই চমকপ্ৰদ।’
ৰাজধানীৰ বাবে মাটি এৰি দিয়া কৃষকক এপিচিআৰডিএ-এ ‘প্লটৰ উন্নীতকৰণ বুজাবলৈ’ ছিংগাপুৰলৈ এলানি ভ্ৰমণৰ ব্যৱস্থা কৰিছে। স্থানীয় বাতৰি কাকতত এই প্ৰতিবেদন প্ৰকাশ পাইছে। তাৰে মাজৰ এজন হৈছে কাম্মা সম্প্ৰদায়ৰ উদ্দাণ্ডৰায়ুনীপালেমত ১৫ একৰ মাটিৰ খেতিয়ক বাট্টুলা নাগামাল্লেশ্বৰা ৰাও। তেঁও ২০১৭ৰ ছেপ্তেম্বৰত ছদিনৰ কাৰণে ছিংগাপুৰ ফুৰি আহিছে। ‘মই অমৰাৱতীৰ উন্নয়নক লৈ সন্দিহান আছিলো, কিন্তু ছিংগাপুৰৰ উন্নয়ন নিজ চকুৰে চাই অহাৰ পিছত মই নিশ্চিত হ’ব পাৰিছো যে অমৰাৱতীৰো বিকাশ একে প্ৰকৃতিৰে হ’ব,’ তেঁও কয়।
এটা দশকৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ঘৰলৈ উভতি অহা তেঁওৰ ৩৫ বৰ্ষীয় তথ্য প্ৰযুক্তিৰ পেছাধাৰী ল’ৰা বাট্টুলা তিৰুপথি ৰাও বিশেষ আশাবাদী নহয়। ‘মই অমৰাৱতীত ব্যৱসায় আৰম্ভ কৰিম বুলি ২০১৭ৰ মে’ মাহত উভতি আহিলো। কিন্তু নিৰ্মাণকাৰ্য আৰম্ভ হোৱাৰ চাৰি বছৰৰ পিছতো ইয়াতে সঠিক আন্তঃগাথনি গঢ় লৈ উঠা নাই। কোম্পানীয়ে কিয় এই ঠাইত শাখা বহুৱাব যদিহে এই অঞ্চলটোৰ ৰাস্তা-ঘাট বেয়া হৈ থাকে, বিজুলী সৰবৰাহ নিয়মীয়া নহয় আৰু ম’বাইলৰ নেটৱৰ্ক দুৰ্বল হৈ থাকে?’ তেঁও সোধে। ‘‘বৃহৎ বিশ্বমান’ৰ অমৰাৱতী চহৰ মাত্ৰ কাগজে-পত্ৰই আৰু পাৱাৰ-পইণ্ট প্ৰেজেণ্টেছনতহে বিদ্যমান। আমি গন্তব্যস্থল পাবলৈ বহুদুৰ বাট। স্থানীয় প্ৰাসংগিকতা নুবুজাকৈ যদি অমৰাৱতীখনক ছিংগাপুৰ কৰি গঢ়ি তুলিব বিচাৰো, তেন্তে সেয়া মুৰ্খামী হ’ব।’
২০১৪ৰ ডিচেম্বৰত নেছনেল এলায়েন্স অৱ পিপলচ্ মুভমেণ্টৰ এটা দলে ৰাজধানী অঞ্চল সাক্ষাত কৰিছিল। ১৯৬০ৰ দশকত চণ্ডীগড় ৰাজধানী চহৰ প্ৰকল্পৰ প্ৰশাসক হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া এম. জি. দেবসহায়মৰ তত্বাৱধানত এই দলটো তালৈ গৈছিল। তেঁও কয়, “নিৰ্মাণ খণ্ডৰ অৰ্থনীতিৰ কাৰণে কৃষি অৰ্থনীতি এনেদৰে ধ্বংস কৰালৈ চাই মোৰ অলিভাৰ গ’ল্ডস্মিথৰ ১৭৭০ৰ গ্ৰাম্য কবিতা দা ডেজাৰ্টেড ভিলেজ কবিতাটিলৈ মনত পৰে। ‘ব্যাধিয়ে মাটিবোৰ আৱৰি পেলাইছে, তড়িৎ গতিত সকলো তাৰ চিকাৰ হৈছে/ বিভূতি-বৈভৱ গোট খাইছে ঠিকেই, পিছে মানুহৰ পতন ঘটিছে’- অমৰাৱতীত কি ঘটি আছে সেয়া বুজাবলৈ কবিতাটোৰ এই শাৰীকেইটাই যথেষ্ট।”
এই শৃংখলত আৰু আছেঃ
‘এইখন সাধাৰণ জনতাৰ ৰাজধানী নহয়’
ৰাজধানী নতুন, বৈষম্য এলান্ধুকলীয়া
‘চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিয়া চাকৰিবোৰ দিয়ক’
খেতিৰ কাম নাইকিয়া হোৱা চন পৰা পথাৰবোৰ
বিশাল ৰাজধানী চহৰৰ কম মজুৰী পোৱা প্ৰব্ৰজিত শ্ৰমিক
অনুবাদঃ পংকজ দাস