এয়া স্বাধীনতা, প্ৰতিৰোধ আৰু সৰৱ হোৱাৰ গীত। গৰ্বাৰ সুৰত গোৱা এই গীত সঁচা অৰ্থত গ্ৰামাঞ্চলৰ মহিলাৰ কণ্ঠ, যিয়ে পৰম্পৰাগত সামাজিক কাঠামো আৰু কৰ্তৃত্বশীল নীতিৰ বিৰুদ্ধাচৰণ কৰিবলৈ অকণো কুণ্ঠাবোধ কৰা নাই।
কচ্ছত গোৱা বিভিন্ন ভাষাৰ ভিতৰত অন্যতম গুজৰাটী ভাষাত লিখা এই লোকগীত গাঁৱৰ মহিলাই কচ্ছৰ মহিলা বিকাশ সংগঠনৰ দ্বাৰা আয়োজিত এক কৰ্মশালাত অংশগ্ৰহণ কৰাৰ সময়ত লিখিছে। মহিলাক নিজৰ অধিকাৰৰ প্ৰতি সজাগ কৰি তুলিবলৈ এই কৰ্মশালাখনৰ আয়োজন কৰা হৈছিল।
এই গীতটো কেতিয়া লিখা হৈছিল আৰু কোনে লিখিছিল, তাৰ সঠিক সময় উলিওৱাটো টান। কিন্তু এই লোকগীতটো শুনিলে, নিঃসন্দেহে ক’ব পাৰি যে এয়া সম্পত্তিৰ ওপৰত নিজৰ সমান অধিকাৰ বিচাৰি মাত মতা মহিলাৰ মজবুত কণ্ঠ।
কি প্ৰসংগ আৰু প্ৰয়োজনত এই গীতকেইটা ৰচনা কৰা হৈছিল সেয়া আমি নাজানিলেও আমাৰ হাতত ২০০৩ চনৰ আশে-পাশে মহিলাই ভূ-স্বামী আৰু জীৱিকা সন্দৰ্ভত গুজৰাটত, বিশেষকৈ কচ্ছ অঞ্চলত আয়োজিত আলোচনা আৰু কৰ্মশালাৰ লিপিবদ্ধ ৰূপ আছে। সেই সময়ত মহিলাৰ অধিকাৰক লৈ সজাগতা বৃদ্ধিৰ অভিযানত প্ৰায়ে কৃষিৰ উৎপাদিত সামগ্ৰীত মহিলাৰ অৰিহণা আৰু মাটিৰ অধিকাৰৰ অভাৱৰ বিষয়টোক লৈ চৰ্চা হৈছিল। অৱশ্যে আমি স্পষ্টকৈ কৈ দিব নোৱাৰো যে এই আলোচনাৰেই ফলস্বৰূপে এই গীত ৰচনা কৰা হ’ল।
যাহওক, এই গীত তেতিয়াৰে পৰা কচ্ছ অঞ্চলৰ উপৰিও তাৰ বাহিৰলৈকো গৈছে। এই যাত্ৰাত, কেতবোৰ পংক্তি নতুনকৈ যোগ দিয়া হৈছে, যিটো সততে লোকগীতৰ ক্ষেত্ৰত ঘটে, কিছু সালসলনি কৰি তাৎক্ষণিক দৰ্শকক আকৰ্ষিত কৰিব পৰাকৈ সজাই তোলা হৈছে। ইয়াত নক্ষত্ৰ তালুকৰ নন্দুবা যাদেজাই গোৱা এই গীতটো আগবঢ়োৱা হৈছে।
এইটো সুৰবাণী নামে কচ্ছী মহিলা বিকাশ সংগঠন পৰিচালিত সমবায় অনাতাঁৰ কেন্দ্ৰই ২০০৮ত বাণীবদ্ধ কৰা ৩৪১ টা গীতৰ মাজৰ এটা। কে.এম.ভি.এছ.ৰ যোগেদি গীতৰ এই সংগ্ৰহ পাৰিয়ে পাইছিল। এই গীতবোৰত অঞ্চলটোৰ সাংস্কৃতিক, ভাষিক আৰু সাংগীতিক বৈচিত্ৰ সোমাই আছে। এই সংগ্ৰহে কচ্ছৰ সাংগীতিক পৰম্পৰা ধৰি ৰখাত সহায় কৰিছে, যি পৰম্পৰা বৰ্তমান লুপ্ত হোৱাৰ দিশে গৈ আছে।



