“মই এই বিষয়ে একো নাজানো, মই ভাবিছো যে এয়া মোডী সংক্ৰান্ত কিবা বিষয়।মই ইয়ালৈ খাদ্যৰ বাবে আহো। আমি আৰু খালী পেটে ৰাতি শোৱাৰ চিন্তা কৰিব নালাগে,” ১৬ বছৰীয়া ৰেখাই কয়(এই প্ৰতিবেদনত উল্লেখিত অধিকাংশ মানুহৰ নিচিনা তাইও কেৱল নিজৰ প্ৰথম নামটো ব্যৱহাৰ কৰাটো পছন্দ কৰে)। তেওঁ জাবৰত থকা পেলনীয়া সামগ্ৰী ভাগ ভাগ কৰা এগৰাকী চাফাই কৰ্মী আৰু সিংঘুৰ প্ৰতিবাদস্থলীৰ পৰা প্ৰায় ৮ কিলোমিটাৰ দূৰত উত্তৰ দিল্লীৰ আলিপুৰত বাস কৰে।
তেওঁ হাৰিয়ানা-দিল্লী সীমান্তত থকা সিংঘুৰ অৱৰোধস্থলীত আছিল,য’ত কৃষকসকলে যোৱা ২৬ ছেপ্টেম্বৰত চৰকাৰৰ দ্বাৰা প্ৰণয়ন কৰা তিনিখন নতুন কৃষি আইনৰ বিৰুদ্ধে আন্দোলন কৰি আছিল।আন্দোলনে সহস্ৰাধিক মানুহক আকৰ্ষণ কৰিছিল-কৃষক, সমৰ্থক, কৌতুহলীসকলক আৰু কিছুমান সহজ-সৰল বুভুক্ষামানুহক, যিসকলে কৃষক আৰু গুৰুদ্বাৰাৰ ৰান্ধনীশালতউদৰ পূৰাই খাবলৈ পায়।এই উমৈহতীয়া ৰান্ধনীশালত কাম কৰা মানুহবোৰেখাবলৈ অহা সকলোকে আদৰণি জনায়।
ইয়াৰ আশে-পাশে থকা পদপথ আৰু বস্তি এলেকাৰ বহুত পৰিয়ালৰ মাজৰ একাংশই প্ৰতিবাদস্থলীত থকা গুৰুদ্বাৰাৰ ৰান্ধনীশালত পুৱা ৮ বজাৰ পৰা নিশা ৯ বজালৈ প্ৰায় দিনটো চলি থকা বিনামূলীয়া খাদ্যৰ বাবে আহে।চাউল, দাইল,ফুলাৰি, লাৰু, শাক, মাকৈৰ ৰুটি, পানী, ফলৰ ৰস-সকলো ইয়াত উপলদ্ধ।স্বেচ্ছাসেৱকসকলেও বিভিন্ন প্ৰকাৰৰ লাগতিয়াল সামগ্ৰী যেনে ঔষধ, কম্বল, চাবোন, চেন্দেল, কাপোৰ আদি বিনামূলীয়াকৈ বিতৰণ কৰিছিল।
স্বেচ্ছাসেৱকসকলৰ মাজত পাঞ্জাৱৰ গুৰুদাসপুৰ জিলাৰ ঘুমন কলান গাঁৱৰ ২৩ বছৰীয়া এগৰাকী কৃষক তথা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম পঢ়ি থকা হৰপ্ৰীত সিঙো আছিল।“মই বিশ্বাস কৰো যে এইবোৰ আইন ভুল" তেওঁ কয়। "আমাৰ পূৰ্বপুৰুষসকলে এই মাটিত খেতি কৰিছিল আৰু মাটিৰ মালিক আছিল আৰু এতিয়া চৰকাৰে আমাক ইয়াৰ পৰা বেদখল কৰাৰ চেষ্টা কৰি আছে।আমি এইবোৰ আইন সমৰ্থন নকৰো। যদি আমি ৰুটি খাব নিবিচাৰো, তেতিয়া কেনেকৈ আমাক এয়া খাবৰ বাবে বাধ্য কৰাব পাৰে? এইবোৰ আইন বাতিল কৰিব লাগিব।”
অনুবাদ - ভৱেশ মেধি