ভাৰতৰ প্ৰিয় মুখ্য ন্যায়াধীশ মহোদয়,
প্ৰথমে অতিকৈ প্ৰাসংগিক আপোনাৰ পৰ্য্যবেক্ষণৰ কাৰণে আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছো। আপুনি ঠিকেই মন কৰিছে যে “অনুসন্ধানমূলক সাংবাদিকতা সংবাদজগতৰ পৰা নাইকিয়া হৈ আহিব ধৰিছে…আমি ডাঙৰ হোৱা সময়ত বিয়াগোম দুৰ্নীতি ফাদিল হোৱাৰ বাতৰি পঢ়িবলৈ পাম বুলি সদায় অধীৰ আগ্ৰহেৰে বাতৰি কাকত মেলিছিলো। বাতৰি কাকতে কেতিয়াও আমাক হতাশ কৰা নাছিল।”
বিগত দিনবোৰত সংবাদমাধ্যমৰ ভাল কথা কাচিৎহে চাগে কোৱা হৈছে। আপোনাৰ আগৰ সময়ছোৱাৰ ভাতৃত্ববোধ কেনে আছিল সেয়া সোঁৱৰাৰ বাবে আপোনাক ধন্যবাদ জনাইছো। আপুনি ১৯৭৯ত যেতিয়া ইনাডুত সোমাইছিল, তাৰে কেইমাহমান পিছতে ময়ো সাংবাদিকতাৰ জগতখনত খোজ দিছিলো।
আপুনি অলপতে গ্ৰন্থ উন্মোচনী সভা এখনত দিয়া ভাষণত পুৰণি সেই দিনবোৰ মনত পেলাইছে। আপুনি উল্লেখ কৰিছে যে সেই দিনবোৰ কেনে উৎসাহভৰা আছিল আৰু “বাতৰি কাকতে ডাঙৰ ডাঙৰ কেলেংকাৰী উদঘাটন কৰা খবৰ চাবলৈ কাকতৰ পৃষ্ঠা লুটিয়াইছিল।” মহোদয়, আজি আমি পুৱা উঠি খবৰ পাওঁ যে দুৰ্নীতি ফাদিল কৰা সাংবাদিকক বেআইনী গতিবিধি নিয়ন্ত্ৰণ আইন (ইউএপিএ)ৰ দৰে কঠোৰ আইনৰ অধীনত অভিযুক্ত সজোৱা হৈছে, আনকি কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে। আনকি ধন শোধন নিবাৰণ আইন (পিএমএলএ)ৰ দৰে আইনৰ অপপ্ৰয়োগ কৰা হৈছে, যিটো আপুনি শেহতীয়াকৈ কঠোৰ নিন্দা কৰিছে।
আপুনি আপোনাৰ ভাষণত কৈছে, “অতীতত আমি দুৰ্নীতি আৰু অপকৰ্মৰ বিষয়ে বাতৰি কাকতত প্ৰতিবেদন দেখিছিলো, সেই প্ৰতিবেদনে সকলোকে কঁপাই তুলিছিল আৰু তাৰ পৰিণাম আছিল ভয়ংকৰ।” দুৰ্ভাগ্যৰ কথা যে এনে সংবাদ যুগুতোৱাসকলে আজিকালি সেই পৰিণাম ভোগ কৰিবলগীয়া হৈছে। গণধৰ্ষণৰ বলি হোৱা ভুক্তভোগীজনৰ পৰিয়ালক লগ কৰিবলৈ উত্তৰ প্ৰদেশৰ হাথৰাচলৈ যোৱা সাংবাদিক ছিদ্দিকী কাপ্পানক গ্ৰেপ্তাৰ কৰি এবছৰৰো অধিক কাল কাৰাগাৰত নিক্ষেপ কৰা হ’ল। আনকি তেওঁ জামিনো পোৱা নাই। তেওঁৰ ভগ্নস্বাস্থ্যলৈ কাৰো ভ্ৰুক্ষেপ নাই, গোচৰটোৰ শুনানিৰ বাবে তেওঁ ইখনৰ পৰা সিখন আদালতলৈ দৌৰি ফুৰিবলগীয়া হৈছে।
এনে উদাহৰণ চকুৰ আগত দেখাৰ পিছত নিশ্চয়কৈ সাংবাদিকতা, বিশেষকৈ অনুসন্ধানমূলক আৰু আন বহুতো প্ৰকৃতিৰ সাংবাদিকতাই উসাহ নোপোৱাটোৱে স্বাভাৱিক।
আপুনি ঠিকেই কৈছে ন্যায়ামূৰ্তি ৰমন, যে অতীতৰ বাতৰি কাকতে ডাঙৰ ডাঙৰ দুৰ্নীতি-কেলেংকাৰী ফাদিল কৰাৰ দৰে “এতিয়া এনে বৃহৎ কেলেংকাৰীৰ কোনো ঘটনা মনত নপৰে। সৰ্বত্ৰে যেন ৰঙা ৰঙা গোলাপ ফুলিছে। আপুনি এই বিষয়ে কি ভাবি পাইছে সেয়া আপোনাৰ ওপৰতে এৰিছো।”
আইন আৰু সংবাদমাধ্যম, এই দুয়োটাৰে গভীৰ জ্ঞানেৰে সমৃদ্ধ আপুনি ভাৰতীয় সমাজৰ এজন অতিকৈ আগ্ৰহী পৰ্যবেক্ষক, তেনেস্থলত আপুনি আৰু অকণমান যদি গভীৰতালৈ গৈ পৰ্য্যবেক্ষণ কৰি চালেহেঁতেন, কেনেকৈ কি কি কাৰকে কেৱল অনুসন্ধানমূলক প্ৰকৃতিৰেই নহয়, ভাৰতীয় সাংবাদিকতাৰ সিংহভাগ কেনেকৈ গ্ৰাস কৰিছে। আপুনি যেনেদৰে আমাক নিজেই সিদ্ধান্তত উপনীত হোৱাৰ কথা কৈছে, মই আপোনাৰ বিবেচনাৰ হেতু তিনিটা দিশ উনুকিওৱাৰ অনুমতি বিচাৰিছো।
প্ৰথমেই মিডিয়াৰ মালিকীস্বত্বৰ গাঁথনিটোনো বাস্তৱতঃ কেনেকুৱা সেই কথা ক’ম যিটো মুষ্টিমেয় ক’ৰ্পৰেট গোষ্ঠীৰ হাতত মুঠিত আছে, তেওঁলোকেই মুনাফা আদায়কাৰী, হৰ্ত-কৰ্তা।
দ্বিতীয়তে, স্বতন্ত্ৰ সাংবাদিকৰ ওপৰত ৰাজ্যই চলোৱা নিপীড়ন আৰু কঠোৰ হাতেৰে মুক্ত সাংবাদিকতাক কৰা দমনৰ নজিৰবিহীন চেষ্টা।
তৃতীয়তে নৈতিকতাৰ স্খলন। সংবাদজগতৰ বহু জ্যেষ্ঠ সাংবাদিকক এতিয়া ৰজাঘৰীয়াই ষ্টেন’গ্ৰাফাৰৰ দৰে খটুৱাইছে।
সাংবাদিকতাৰ আদিপাঠ শিকোৱা শিক্ষক হিচাপে মই নিজৰ ছাত্ৰসকলক এটা কথা সদায় সুধি আহিছো যে তেওঁলোকে আমাৰ এই জীৱিকাৰ কোনটো দিশত আগবাঢ়িব খোজে - সাংবাদিকতা নে ষ্টেন’গ্ৰাফি?
সাংবাদিকতাৰ ডেৰকুৰি বছৰৰ অভিজ্ঞতাৰে মই সদায় যুক্তি দি আহিছো যে ভাৰতীয় সংবাদমাধ্যম ৰাজনৈতিকভাৱে মুক্ত যদিও মুনাফাৰ লোভত বন্দী। আজি এই মিডিয়া মুনাফাৰ বন্দী, কিন্তু মুষ্টিমেয় কেতবোৰ স্বতন্ত্ৰ কণ্ঠ আছিল যিবোৰ এতিয়া ক্ৰমশঃ ৰাজনৈতিক হাতোৰাত বন্দী হ’বলৈ ধৰিছে।
সংবাদমাধ্যমৰ স্বাধীনতাৰ শোচনীয় অৱস্থাক লৈ সংবাদমাধ্যমত তেনেই কমকৈ আলোচনা হোৱাটো মন কৰিবলগীয়া কথা। যোৱা কেইটামান বৰ্ষত সংবাদমাধ্যমৰ সৈতে জৰিত চাৰিজনকৈ প্ৰসিদ্ধ চিন্তাবিদক হত্যা কৰা হ’ল। ইয়াৰে এগৰাকী জ্যেষ্ঠ সাংবাদিক গৌৰি লংকেশ পেছাত সাংবাদিক আছিল। (ইয়াতে সুজাত বুখাৰিৰ কথাও ক’ব লাগিব, ৰাইজিং কাশ্মীৰৰ সম্পাদকগৰাকীৰো বুলেটৰ আঘাতত মৃত্যু হৈছিল)। কিন্তু আন তিনিগৰাকী কাকতত নিয়মীয়াকৈ লিখা স্তম্ভলেখক আছিল। নৰেন্দ্ৰ ডাঙোলকাৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ দিয়া আলোচনী এখনৰ প্ৰতিস্থাপক সম্পাদক আছিল। তেওঁ সেই আলোচনীখন প্ৰায় ২৫ বছৰ চলাইছিল। গোবিন্দ পানচাৰে আৰু এম এম কালবুৰ্গিও প্ৰসিদ্ধ লেখক আৰু স্তম্ভলেখক আছিল।
চাৰিওজনৰ মাজত এটা সাদৃশ্য আছিল যে কেউজনেই আছিল যুক্তিবাদী আৰু ভাৰতীয় ভাষাত লিখা সাংবাদিক। সেই কাৰণতে তেওঁলোকক হত্যা কৰাসকলৰ শংকা বাঢ়ি আহিছিল। চাৰিওজনৰ হত্যাকাৰীৰ সৈতে ৰাজ্যৰ পোনপটীয়া সম্পৰ্ক নাই যদিও তেওঁলোক শাসকীয় বৰ্গৰ সৈতে উঠা-বহা কৰা লোক। অৰাজ্যিক এই হত্যাকাৰীসকলৰ হিটলিষ্টত আন বহুকেইজন সাংবাদিক এতিয়াও আছে।
স্বাধীন ভাৰতৰ ইতিহাসত ভাৰতীয় সংবাদমাধ্যম নিজৰ আটাইতকৈ বেয়া স্থিতিলৈ অৱনমিত হোৱাৰ সত্যক যদি ন্যায়পালিকাই মানি লয়, তেন্তে সাংবাদিকতাৰ শোচনীয় অৱস্থা কিছু ভাললৈ আহিব পাৰে বুলি আশা কৰিব পাৰি। শেহতীয়াকৈ প্ৰযুক্তিৰ অগ্ৰগতিৰ প্ৰেক্ষাপটত পেগাচাচৰ দৰে যি ঘটনা ঘটিছে, য’ত আধুনিক প্ৰযুক্তিৰ সহায়ত অৱদমন কৰাৰ চেষ্টা কৰা হৈছে, তেনে ঘটনাই জৰুৰীকালীন অৱস্থাতকৈও ভয়াৱহ পৰিস্থিতিৰ জন্ম দিব পাৰে।
ফ্ৰান্সৰ ৰিপ’ৰ্টাৰ্ছ ৱিডাউট ব’ৰ্ডাৰ্ছ সংস্থাই ২০২০ত প্ৰকাশ কৰা সংবাদমাধ্যমৰ স্বাধীনতাৰ বিশ্ব সূচাংকত ভাৰত ১৪২ স্থানলৈ অৱনমিত হৈছে।
প্ৰেছৰ স্বাধীনতাৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকা কেনেধৰণৰ, তাৰে পোনপটীয়া অভিজ্ঞতা আপোনাৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছো। আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতৰ স্থানাংক ১৪২লৈ নামি অহাত বিতুষ্ট হৈ কেন্দ্ৰীয় কেবিনেট সচিবগৰাকীয়ে সূচাংক নিৰীক্ষণ কমিটি এখন গঠন কৰাৰ আহ্বান জনায় যিটো সংস্থাক ভাৰতত সংবাদমাধ্যমৰ স্বতন্ত্ৰতা বিষয়ত নিজৰ প্ৰতিবেদন দাখিল কৰাৰ দায়িত্ব দিয়া হ’ব। কমিটিখনৰ সদস্য হোৱাৰ প্ৰস্তাৱ পোৱাত মই এই চৰ্ত আগত ৰাখি সন্মতি দিছিলো যে আমি ডব্লিউপিএফআই ৰেংকিঙৰ সত্যতা নুই কৰিবলৈ যোৱাৰ পৰিৱৰ্তে ভাৰতত সংবাদমাধ্যমৰ স্বতন্ত্ৰতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব।
১৩ জনীয়া কমিটিখনত ১১ গৰাকী আমোলা আৰু চৰকাৰ নিয়ন্ত্ৰিত আনুষ্ঠানিক গৱেষক আছিল। সংবাদমাধ্যমৰ স্বতন্ত্ৰতাৰ পৰ্য্যবেক্ষণৰ হেতু গঠিত এই কমিটিখনত মাত্ৰ দুজন সাংবাদিকক অন্তৰ্ভূক্ত কৰা হৈছিল! কমিটিৰ যিকেইখন বৈঠক বহিছিল, তাত ইয়াৰে এজনে কথাও নকয়, প্ৰশ্নও নকৰে। বৈঠকবোৰ খুবেই মসৃণকৈ পাৰ হৈ গ’ল। ময়েই কেৱল তাত কথা ক’লো প্ৰশ্ন কৰিলো। তাৰপিছত এখন ‘খচৰা প্ৰতিবেদন’ প্ৰস্তুত কৰা হ’ল। বৈঠকবোৰত উল্লেক কৰা কোনো গুৰুতৰ কথা তাত উল্লেখ কৰা নহ’ল। সেয়ে মই নিজাববীয়াকৈ এখন অসন্মতিৰ পত্ৰ লিখি সেই খচৰাত অন্তৰ্ভূক্তিৰ হেতু দাখিল কৰিলো।
পলকতে সেই প্ৰতিবেদনখনতো বাদেই, কমিটিখনো অদৃশ্য হৈ পৰিল। দেশখনৰ উৰ্ধতম আমোলা, যি কেৱল দেশৰ আটাইতকৈ শক্তিশালী দুই ব্যক্তিৰ ওচৰতহে জবাবদিহি আছিল, সেই ব্যক্তিৰ নিৰ্দেশত গঠিত কমিটিখন নাইকিয়া হৈ গ’ল। এতিয়া আৰটিআইৰ জৰিয়তেও সেই প্ৰতিবেদনৰ কথা জানিব পৰা নাযায়। অৱশ্যে মোৰ হাতত সেইখনৰ এটা খচৰা প্ৰতিলিপি এতিয়াও আছে। এই কমিটিখনৰ মূল বিষয়বস্তু অনুসন্ধানমূলক সাংবাদিকতা নাছিল, তাৰ পৰিৱৰ্তে আছিল সাংবাদিকতাৰহে অনুসন্ধান কৰা। যিটো ভাৰতত কোনো নতুন কথা নহয়। মই অসন্মতি জাহিৰ কৰি পত্ৰ লিখাৰ লগে লগে গোটেই প্ৰতিবেদনখনেই নাইকিয়া হৈ গ’ল।
সংবাদজগতত এনে বহু লোক আছে যিয়ে অনুসন্ধানমূলক সাংবাদিকতা কৰিবলৈ আগ্ৰহী, যিটোৰ উল্লেখ আপুনি আপোনাৰ বক্তব্যত কৈছে। ডাঙৰ ডাঙৰ সংস্থা, বিশেষকৈ চৰকাৰী সংস্থাৰ দুৰ্নীতি, কেলেংকাৰীক লৈ অনুসন্ধানমূলক সাংবাদিকতা। আজিকালি এনে সাংবাদিকতা কৰিব খোজা সাংবাদিকৰ সন্মুখত হেঙাৰ হিচাপে থিয় দিয়া প্ৰথমজন ব্যক্তি হৈছে তেওঁলোকৰ বছ। সেই বছজন ক’ৰ্পৰেট মিডিয়াৰ বহতীয়া আৰু চৰকাৰ তথা ডাঙৰ ডাঙৰ পদবীধাৰী ক্ষমতাশালী লোকৰ সৈতে তেনে লোক ওতপ্ৰোতভাৱে জৰিত।
এই বৃহৎ মিডিয়াগোষ্ঠীৰ মালিকবোৰে পেইড নিউজৰ পৰা বহুখিনি টকা আদায় কৰে, ৰাজহুৱা সম্পদৰ তেওঁলোকে অবাধ শোষণ কৰে, চৰকাৰে তেওঁলোকৰ হাতত গতাই দিয়া ৰাজহুৱা সম্পদ-সংস্থাৰ পৰা তেওঁলোকে হাজাৰ হাজাৰ কোটি টকা লাভ কৰে আৰু শাসকীয় পক্ষৰ নিৰ্বাচনী প্ৰচাৰত অবাধ টকা খৰছ কৰে। তেওঁলোকে শাসনত বহি থকা নিজৰ অংশীদাৰজনক সাংবাদিকে আমনি দি থকাটো নিবিচাৰে। এটা সময়ত গৌৰৱ কৰিবলগীয়া ভাৰতীয় সংবাদমাধ্যম এতিয়া নিৰন্তৰ অৱনমিত হ’বলৈ ধৰিছে আৰু পইছা উপাৰ্জন কৰা মেচিনত পৰিণত হৈছে। ফ’ৰ্থ ইষ্টেট (চতুৰ্থ স্তম্ভ) আৰু ৰিয়েল ইষ্টেটৰ মাজৰ ব্যৱধান নাইকিয়া কৰি দিয়া হৈছে। শাসকীয় পক্ষৰ বিষয়ে সঁচা কথা ক’ব পৰা সাংবাদিকতাৰ প্ৰতি তেনে সাংবাদিকতাৰ হোতাসকলৰ তিলমানো আগ্ৰহ এতিয়া নাই।
মই ভাবো আপুনি এই কথাৰ সৈতে সহমত প্ৰকাশ কৰিব যে এই অতিমাৰীৰ সময়ৰ দৰে আগতে আন কোনো সময়ত ভাৰতীয় জনতাক সাংবাদিক আৰু সাংবাদিকতাৰ ইমান প্ৰয়োজন হোৱা নাছিল। শক্তিশালী সংবাদগোষ্ঠীবোৰে তেওঁলোকৰ পাঠক আৰু দৰ্শকৰ লগতে জনতাৰ পক্ষত থিয় দিয়াৰ পৰিৱৰ্তে কি কৰিলে? তেওঁলোকে দুইৰ পৰা আঢ়ৈ হাজাৰ সাংবাদিকক আৰু সংবাদমাধ্যমৰ সৈতে জৰিত আন বহুতো লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে।






