পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া এতিয়া সাতবছৰীয়া হ’ল। আমি কেৱল অতিমাৰী আৰু লকডাউনৰ কঠিন সময়ৰ মাজেৰে পাৰ হৈ অহাই নহয়, এই সময়ছোৱাতে আমি আমাৰ আটাইতকৈ ভাল কামখিনি কৰিছো।
যোৱাবছৰ লকডাউনৰ ঘোষণাৰ আগদিনা ভাৰত চৰকাৰে সংবাদমাধ্যমক (ছপা আৰু বৈদ্যুতিন দুয়োটাকে) আৱশ্যকীয় আৰু অনিবাৰ্য্য বুলি ঘোষণা কৰে। এয়া এক ভাল পদক্ষেপ আছিল। ইয়াৰ আগতে ভাৰতীয় জনতাক সাংবাদিকতা আৰু সাংবাদিকৰ ইমান প্ৰয়োজন কেতিয়াও হোৱা নাছিল। জনতাৰ জীৱন আৰু জীৱিকাক লৈ কিমান যে কাহিনী কোৱাটো জৰুৰী হৈ পৰিছিল। কিন্তু এই দেশৰ বিয়োগাম মিডিয়া কোম্পানীবোৰে কি কৰিলে? দুইৰ পৰা আঢ়ৈ হাজাৰ সাংবাদিকক আৰু প্ৰায় দহ হাজাৰ সংবাদকৰ্মীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে।
তেনে পৰিস্থিতিত এই ডাঙৰ কাহিনীবোৰ তেওঁলোকে কেনেকৈ ক’ব পাৰিব? ইতিমধ্যেই মিডিয়া কোম্পানীবোৰে ভালৰো ভালজন সাংবাদিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে। যিসকলক চাকৰিৰ পৰা উলিয়াই দিয়া নাছিল, তেওঁলোকৰো দৰমহা ৪০ৰ পৰা ৬০ শতাংশ কৰ্তন কৰে। সাংবাদিকৰ ভ্ৰমণত বাধা-নিষেধ জাপি দিয়ে। সেয়া তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি নহয়, তেওঁলোকৰ পৰা হ’বপৰা খৰছ কম কৰাৰ বাবেহে কৰা হৈছিল। সেয়ে ২০২০ৰ ২৫ মাৰ্চৰ পিছৰ দুসপ্তাহলৈ ইটোৰ পিছত সিটো যিমানবোৰ প্ৰতিবেদন প্ৰকাশ পাইছিল, তাৰে সৰহভাগেই ডাঙৰ চহৰ-নগৰৰ ভিতৰতে সীমাবদ্ধ প্ৰতিবেদন।
২০২০ৰ এপ্ৰিলৰ পিছত পাৰিয়ে নিজৰ টিমটোত আৰু ১১ জনক নিযুক্তি দিলে আৰু কাৰো দৰমহাৰ এটকাও কৰ্তন নকৰিলে। ২০২০ৰ আগস্তত প্ৰায় সকলো কৰ্মচাৰীক পদোন্নতি দিয়া হ’ল আৰু দৰমহাও বাঢ়িল।
নিজৰ অন্য বিবিধ আৰু বিস্তৃত প্ৰতিবেদনৰ উপৰিও অতিমাৰীৰ প্ৰাদুৰ্ভাৱ বঢ়াৰ প্ৰথম পৰ্য্যায়ৰ পৰা পাৰিয়ে প্ৰায় ২৭০ খন সংবাদ (তাৰে প্ৰায়ভাগেই মাল্টিমিডিয়া) প্ৰতিবেদন আৰু প্ৰয়োজনীয় নথি প্ৰকাশ কৰিছে। এই সকলোবোৰৰ বিষয়বস্তু লকডাউনৰ সময়ত জীৱিকাৰ সংকট। এই প্ৰতিবেদনবোৰ আমালৈ আহিছিল ২৩ খন ৰাজ্যৰ পৰা আৰু এনেদৰে ভাৰতৰ সকলো গুৰুত্বপূৰ্ণ অঞ্চল আমি সামৰি ল’ব পাৰিছিলো। গ্ৰামাঞ্চললৈ ঘূৰি যোৱা শ্ৰমিকৰ লগতে সেই ক্ষেত্ৰসমূহৰ সৈতে জৰিত বিভিন্ন বিষয়ক লৈ আমি প্ৰতিবেদন প্ৰকাশ কৰিছিলো, তাকো লকডাউনৰ মাজত। যাতায়তৰ সকলো ব্যৱস্থা স্তব্ধ হৈ পৰা স্বত্ত্বেও শ শ কিলোমিটাৰ খোজকাঢ়ি সাংবাদিকে এই প্ৰতিবেদনবোৰ যুগুতাইছিল। এই প্ৰতিবেদনৰ তলত আপুনি ৬৫ জনৰো অধিক সাংবাদিকৰ নাম (বাইলাইন) পাব। অতিমাৰী অহাৰ আগৰ বহু বছৰৰ পৰা পাৰিয়ে প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত কৰি আহিছে। তাৰবাবে ২০২০ৰ ২৫ মাৰ্চলৈ পাৰিয়ে অপেক্ষা কৰাৰ প্ৰয়োজন নাছিল।
আমাৰ পাঠকে জানেই, আৰু গম নোপোৱাসকলক জনাওঁ যে পাৰি কেৱল সাংবাদিকতাৰ মঞ্চই নহয়, ই এক জীৱন্ত আৰ্কাইভ। ভাৰতৰ লগতে যিকোনো গ্ৰামাঞ্চলৰ গ্ৰামীণ ভাৰতৰ লেখা, প্ৰতিবেদন, লোকসংগীত, গীত, আলোকচিত্ৰ আৰু চলচ্চিত্ৰৰ আটাইতকৈ ডাঙৰ আৰ্কাইভ এই পাৰি। পাৰিৰ সাংবাদিকতা হৈছে সাধাৰণ জনতাৰ প্ৰাত্যহিক জীৱনক লৈ কৰা সাংবাদিকতা, ৮৩ কোটি গ্ৰামীণ জনতাৰ কাহিনী আৰু অভিজ্ঞতা তেওঁলোকৰ মুখেৰে কোৱা।










