বিগত বৰ্ষৰ ৮ নবেম্বৰত ৫০০ আৰু ১০০০ টকাৰ নোট অচল বুলি ঘোষণা কৰাৰ দহ মাহ পিছতো বিমুদ্ৰাকৰণৰ ভুতে দীপক বড়াবনেক অশান্তি দি আছে।
নবেম্বৰ মাহত বড়াবনেয়ে ২.৫ একৰ মাটিত ৩১ কুইণ্টল কপাহৰ খেতি কৰিছিল। তেওঁ খুব ভাল লাভৰ মুখ দেখিব বুলি আশা কৰি আছিল। "বেপাৰীজনে ট্ৰাকৰ ব্যৱস্থা কৰিলে আৰু মোৰ ঘৰৰ পৰা কপাহখিনি তাতে উঠালে," তেওঁ কৈ গ'ল। কিন্তু তাৰ পিছতে বিমুদ্ৰাকৰণে কৃষি খণ্ডত আঘাত কৰিলে। দীপকে কপাহখিনিৰ টকা নাপালে। 'বেপাৰীজনে এতিয়া কোৱামতে সেই টকাখিনি দিপাৱলীৰ সময়তহে (২০১৭ চনৰ অক্টোবৰ মাহৰ মাজভাগত) আদায় দিব," তেওঁ কয়।
বেপাৰীজনে বডা়বনেক কপাহৰ বাবদ ১,৭৮,৪৮৩ টকা দিবলৈ আছে। এই ৰাশিৰ বাবদ তেওঁ ২৪ মাৰ্চত এখন চেক পালে যিখন তিনিবাৰ বাউঞ্চ হ'ল। "কেৱল ময়েই নহয়," মহাৰাষ্ট্ৰৰ মাৰাথৱাড়াৰ ওৰাংগাবাদ চহৰৰ দাঁতিকাষৰীয়া কৰাজগাঁৱৰ গছ এডালৰ তলত বহি থকা ৩১ বৰ্ষীয় দীপকে কয়। "আমাৰ গাঁৱত আন লোকো আছে যিসকলে থগ খাইছে।"
এহাল ল'ৰা-ছোৱালীৰ সৈতে যৌথ পৰিয়ালৰ বড়াবনেয়ে ১৩০০ জনসংখ্যাৰ গাওঁখনৰ কিছুমানক গোট খুৱাইছে যিয়ে তেওঁলোকৰ পাবলগীয়াখিনি নাই পোৱা অথবা চেক বাৰম্বাৰ বাউঞ্চ হৈছে। বিমুদ্ৰাকৰণৰ পিছত এপ্ৰিল মাহত দীপকৰ ৩৮ বৰ্ষীয় ভায়েক জীতেন্দ্ৰই ৩৪ কুইণ্টল কপাহৰ বাবদ মাত্ৰ দুই লাখমানহে টকা পাইছিল। সেই চেকখনো বাউঞ্চ হৈছিল। "মোৰ হাতত টকা নাথাকিলে মই এইখনেৰে কি কৰি থাকিম?" তেঁও সোধে। "শস্যৰ ঋতুৰ সময়ত মোক বিনিয়োগৰ বাবে ধনৰ প্ৰয়োজন (সেয়া জুনমাহৰ মাজভাগত আৰম্ভ হৈছিল)।"


