কৰ’ণাভাইৰাছ তেওঁৰ গাঁৱলৈ বিয়পি পৰিব নে নাই সেই সম্পৰ্কে ৱাৰ্ধা জিলাৰ দুগ্ধ উৎপাদক ২৩ বছৰীয়া প্ৰফুল্ল কালোকাৰে নাজানো বুলিয়েই কয়। ‘মই নাজানো কিন্তু আমাৰ ইয়াত আৰ্থিক ক্ষতি ইতিমধ্য়ে দেখা দিছে।’
২৫ মাৰ্চত তলাবন্ধ আৰম্ভ হোৱাৰ পৰা প্ৰফুল্লৰ গাওঁ চান্দনিত দৈনিক ৫০০ লিটাৰ গাখীৰ সংগৃহীত হোৱাৰ পৰিৱৰ্তে এতিয়া শূন্য হৈ পৰিছে বুলি তেওঁ কয়। আৰৱি তালুকৰ এই গাওঁখনত প্ৰায় ৫২০ জন মানুহে বাস কৰে। ইয়াৰ অধিকাংশ পৰিয়াল নন্দ গাৱলি সম্প্ৰদায়ৰ।
নন্দ গাৱলিসকল অৰ্ধ-পশুপালক, বৰ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ কাষত ৱাৰ্ধা জিলাৰ ৪০-৫০ খন গাঁৱত তেওঁলোকে বসবাস কৰে। তেওঁলোকক ‘গাৱালি’ বুলিও জনা যায়। পৰম্পৰাগতভাৱে স্থানীয় প্ৰজাতিৰ গাওলাও গৰুবিধ তেওঁলোকে পালন কৰে। ৱাৰ্ধা জিলাত গাখীৰ, দৈ, মাখন, ঘি আৰু খোৱাৰ তেওঁলোক প্ৰধান যোগানকাৰী। ‘গাখীৰ বিক্ৰীৰ ক্ষেত্ৰত ২৫ হাজাৰ লিটাৰ হ্ৰাস পোৱা বুলি নন্দ গাৱলিসকলে প্ৰত্যক্ষ কৰিছে,’ তলাবন্ধৰ প্ৰথম ১৫ দিনত ৱাৰ্ধা জিলাত সম্প্ৰদায়টোৱে লোকচান ভৰিব, মোটামুটি হিচাপ কৰি কালোকাৰে কয়।
গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদন কৰা সহজে নষ্ট হ’ব পৰা সামগ্ৰীৰ চাহিদা ব্যাপক নিম্নগামী হোৱাত দুগ্ধক্ষেত্ৰত হাহাকাৰৰ সৃষ্টি হৈছে। পৰিয়ালবোৰে গাখীৰ খোৱা কমাই দিয়াৰ উপৰিও হোটেল, ৰেষ্টুৰেণ্ট, মিঠাইৰ দোকানবিলাক বন্ধ হৈ পৰিল। ফলস্বৰূপে দুগ্ধজাত সামগ্ৰীৰ চাহিদা অভুতপূৰ্ব হাৰত পতনমুখী হৈ পৰিছে। ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বৰ্ডৰ এটি পৰিপুৰক সংস্থা মাদাৰ ডেইৰিকে ধৰি বৃহত দুগ্ধ উপাদকসকলেও দুগ্ধ সংগ্ৰহ বন্ধ ৰাখিছে।
কালোকাৰে কয় যে এই আৰ্থিক লোকচান সম্ভৱতঃ দীঘলীয়া হ’ব। দুগ্ধ আৰু দুগ্ধজাত সামগ্ৰীৰ যোগানৰ লগত জৰিত প্ৰতিজনেই এতিয়া আনুমানিক ১০০০ টকা দৈনিক হেৰুৱাব। নন্দ গাৱলি সম্প্ৰদায়ৰ প্ৰফুল্ল একমাত্ৰ গৱেষক ছাত্ৰ। নাগপুৰ বিশ্ববিদ্যালয়ৰ ৱাৰ্ধাৰ কপাহ অৰ্থনীতি বিষয় হিচাপে লৈ তেওঁ পি.এইচ.ডি ডিগ্ৰীৰ বাবে গৱেষণা কৰি আছে।






