কম বয়সীয়া খামৰিয়ে বন্দিত্বকালৰ বিৰূপ প্ৰভাৱৰৰ পৰা সম্পূৰ্ণকৈ মুক্ত এতিয়াও হোৱা নাই।
“তাক সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ সময় লাগিব,” কাম্মাভাই লখাবাই ৰাবাৰিয়ে কয়।
উটৰখীয়াজনে তেওঁৰ জাকটোৰ কম বয়সীয়া উট এটাৰ বিষয়ে কৈ আছে।
মহাৰাষ্ট্ৰৰ অমৰাৱতীৰ স্থানীয় আৰক্ষীয়ে ২০২২ৰ জানুৱাৰীত ৫৮ টা উট জব্দ কৰাৰ অসাধাৰণ ঘটনাৰ পৰিপ্ৰেক্ষিতত কাম্মাভাইয়ে কোৱা কথাখিনি বুজিব পাৰি। এমাহ পিছত, ফেব্ৰুৱাৰীৰ শেষৰফালে আৰক্ষীয়ে উটকেইটা মুকলি কৰি দিয়া হয় যদিও গোটেই জাকটোৰে স্বাস্থ্য ভাঙি পৰে।
উটকেইটাকৰ ৰখীয়াকেইজনে কয় যে আটক কৰি ৰখাৰ সময়ত উটকেইটাই সিহঁতৰ নিয়মীয়া আহাৰ খাবলৈ পোৱা নাছিল। যিটো গোৰক্ষণ কেন্দ্ৰত উটকেইটা ৰখা হৈছিল, তাতে গৰু-ম’হৰ খাদ্যহে আছিল। “সিহঁত হৈছে মুকলিত চৰি ফুৰা জন্তু, ডাঙৰ গছৰ পাত খাই জীয়াই থাকে। গৰু-ম’হৰ খাদ্য নাখায়,” কাম্মাভাইয়ে কয়।











