কম বয়সীয়া খামৰিয়ে বন্দিত্বকালৰ বিৰূপ প্ৰভাৱৰৰ পৰা সম্পূৰ্ণকৈ মুক্ত এতিয়াও হোৱা নাই।
“তাক সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ সময় লাগিব,” কাম্মাভাই লখাবাই ৰাবাৰিয়ে কয়।
উটৰখীয়াজনে তেওঁৰ জাকটোৰ কম বয়সীয়া উট এটাৰ বিষয়ে কৈ আছে।
মহাৰাষ্ট্ৰৰ অমৰাৱতীৰ স্থানীয় আৰক্ষীয়ে ২০২২ৰ জানুৱাৰীত ৫৮ টা উট জব্দ কৰাৰ অসাধাৰণ ঘটনাৰ পৰিপ্ৰেক্ষিতত কাম্মাভাইয়ে কোৱা কথাখিনি বুজিব পাৰি। এমাহ পিছত, ফেব্ৰুৱাৰীৰ শেষৰফালে আৰক্ষীয়ে উটকেইটা মুকলি কৰি দিয়া হয় যদিও গোটেই জাকটোৰে স্বাস্থ্য ভাঙি পৰে।
উটকেইটাকৰ ৰখীয়াকেইজনে কয় যে আটক কৰি ৰখাৰ সময়ত উটকেইটাই সিহঁতৰ নিয়মীয়া আহাৰ খাবলৈ পোৱা নাছিল। যিটো গোৰক্ষণ কেন্দ্ৰত উটকেইটা ৰখা হৈছিল, তাতে গৰু-ম’হৰ খাদ্যহে আছিল। “সিহঁত হৈছে মুকলিত চৰি ফুৰা জন্তু, ডাঙৰ গছৰ পাত খাই জীয়াই থাকে। গৰু-ম’হৰ খাদ্য নাখায়,” কাম্মাভাইয়ে কয়।
তেনেকৈ এমাহৰো অধিক সময় সিহঁতক ছয়াবিন আৰু আন খাদ্যশস্যৰ অৱশিষ্ট খুৱাই ৰখাত সিহঁতৰ স্বাস্থ্যৰ অৱনতি ঘটিল। ২০২২ৰ ফেব্ৰুৱাৰীৰ মাজভাগত যেতিয়া সিহঁতক ৰখীয়াৰ হাতত গতাই দিয়া হ’ল, ভালেকেইটাৰ মৃত্যু হ’বলৈ ধৰিলে। জুলাইলৈ ২৪ টা উট মৃত্যু হ’ল।
উটৰ মালিকসকলে এনেকৈ উটকেইটাক হঠাতে বিচ্ছেদ কৰি নি বন্দী কৰি ৰখাৰ ফলত এনে হোৱা বুলি অভিযোগ তোলে। কাম্মাভাইকে ধৰি চাৰিজন ৰাবাৰি সম্প্ৰদায়ৰ, এজন ফকিৰানি জাত সম্প্ৰদায়ৰ। পৰম্পৰাগত উটৰখীয়াকেইজন মূলতঃ গুজৰাটৰ কচ্চ-ভুজ জিলাৰ।
বিড়ম্বনাৰ কথা যে অসহায় ৰখীয়াকেইজনে প্ৰতিটো উটৰ খাদ্যৰ বাবদ দিনে ৩৫০ টকা দিবলগীয়া হৈছিল, খাদ্য কি খাব সেয়া ঠিৰাং কৰিছিল কেন্দ্ৰই। বিল আহিছিল গোৰক্ষণ সংস্থাই হিচাপ কৰি উলিওৱা মতে ৪ লাখ টকা। গো-আশ্ৰয় সংস্থাটোৱে নিজকে স্বেচ্ছাসেৱী সংগঠন বুলি কয় যদিও উটকেইটাৰ ভৰণ-পোষণৰ বাবে ৰাবাৰিসকলৰ ওপৰত মাচুল ধাৰ্য্য কৰে।
“বিদৰ্ভৰ বিভিন্ন ঠাইত থকা আমাৰ মানুহৰ পৰা পইচা পাওতে দুটা দিন লাগিছিল,” মাল-বস্তু পৰিবহনৰ বাবে উট ব্যৱহাৰ কৰা বয়সস্থ উটৰখীয়া জাকাৰা ৰাবাৰিয়ে কয়। তেওঁ নাগপুৰ জিলাৰ সিৰচি গাঁৱত ডেৰা (তম্বু তৰি) থাকে আৰু ভাৰতত মধ্যভাগৰ ২০ টা পৰিয়াল যিয়ে এই উটকেইটা পাবলগীয়া আছিল, তাৰে মাজৰ এজন।
*****
এবছৰ আগতে হায়দৰাবাদা স্বঘোষিত পশু অধিকাৰ কৰ্মী এগৰাকীয়ে পাঁচগৰাকী পশুৰখীয়াৰ বিৰুদ্ধে তালেগাওঁ দশাচাৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল। উটকেইটা হায়দৰাবাদৰ কচাইখানালৈ নিয়াৰ অভিযোগ উত্থাপিত হৈছিল। ৰাবাৰিসকলে মহাৰাষ্ট্ৰৰ বিদৰ্ভ অঞ্চলত শিবিৰ পাতি আছিল। আৰক্ষীয়ে অমৰাৱতী জিলাৰ আৰক্ষীৰ পৰিক্ষেত্ৰত অহা নিমগাৱহান গাঁৱত ৰাবাৰিসকলক আটক কৰে। উটৰ গৰাকীসকলক পশুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন, ১৯৬০ৰ ১১ (১) (ডি)ৰ অধীনত গোচৰ ৰুজু কৰা হয়। উটৰ জাকটোক অমৰাৱতীৰ গোৰক্ষণ কেন্দ্ৰলৈ পঠিওৱা হয়। (পঢ়ক: মৰুভূমিৰ জাহাজ থমকিলঃ কচ্চৰ উট এতিয়া আইনী মেৰপেঁচত )।
স্থানীয় আদালতে ততালিকে উটৰ মালিকসকলক জামিন দিলে যদিও উটকেইটাৰ অধিকাৰৰ বাবে তেওঁলোকে জিলা আদালতলৈ যাবলগীয়া হ’ল। ২০২২ৰ ২৫ জানুৱাৰীত অমৰাৱতীৰ দণ্ডাধীশে গোৰক্ষণ সংস্থাকে ধৰি তিনিটা পশু অধিকাৰ সংস্থাৰ আবেদন নাকচ কৰে। অৱশ্যে কেতবোৰ চৰ্ত ৰাবাৰিসকলৰ প্ৰতি ধৰি দিয়া হ’ল।
ৰখীয়াসকলক গোৰক্ষণ সংস্থাটোৱে নিৰ্ধাৰণ কৰি দিয়া উটৰ চোৱাচিতাৰ বাবদ হোৱা ‘সমুচিত খৰচ’ দিয়াৰ বাবে কোৱা হ’ল। ২০২২ৰ ফেব্ৰুৱাৰীত অমৰাৱতীৰ জিলা আৰু খণ্ড বিচাৰপীঠে প্ৰতিটো উটৰ বাবদ দিনে ২০০ টকা নিৰ্ধাৰণ কৰি দিলে।
ৰাবাৰিসকলৰ বাবে এয়া সকাহ পোৱাৰ দৰেই আছিল, কিয়নো তেওঁলোকে ইতিমধ্যে ভালেখিনি পইচা খৰছ কৰিবলগীয়া হৈছিল।
“আমি আদালতৰ উকীলৰ মাচুল, পাঁচগৰাকী ৰখীয়াৰ চোৱাচিতাৰ নামত প্ৰায় ১০ লাখ টকা ব্যয় কৰিছো,” জাকাৰা ৰাবাৰিয়ে কয়।
২০২২ৰ ফেব্ৰুৱাৰীৰ মাজভাগত যেতিয়া উটকেইটা মালিকহঁতক গতাই দিয়া হয়, তেতিয়া মালিকসকলে দেখিলে যে উঠবোৰ ৰুগীয়া আৰু অপুষ্টিত ভুগিছে। তাৰে দুটা অমৰাৱতী চহৰৰ বাহিৰতে জীউ এৰে, মুক্তি দিয়াৰ কেইঘণ্টামানৰ ভিতৰতে।
পৰৱৰ্তী ৩-৪ টা মাহত আটাইবোৰো বেমাৰত পৰিব, মৰিব। “মাৰ্চৰ পৰা এপ্ৰিললৈ আমি সিহঁতৰ ভগ্ন স্বাস্থ্যৰ বাবে বেছিদূৰ যাব নোৱাৰিলো,” চত্তীশগড়ৰ বালোদা বাজাৰ জিলাৰ কেম্পছাইটৰ পৰা ফোনত সজন ৰাবাৰিয়ে পাৰিক কয়। “গ্ৰীষ্মকালত সিহঁতে আমাৰ শিবিৰলৈ অহাৰ বাটত সেউজীয়া ঘাঁহ-পাত নাপায়, আকৌ বাৰিষা পৰিলে সিহঁতে বেমাৰত পৰি এটা এটাকৈ মৰিব,” তেওঁ যোগ দিয়ে। সেই জাকটোৰ পৰা পোৱা চাৰিটা উটৰ দুটা ইতিমধ্যে মৰিল।
দৰাচলতে চত্তীশগড় আৰু অন্ধ্ৰপ্ৰদেশৰ ৰাবাৰি সম্প্ৰদায়লৈ বুলি অনা প্ৰায়ভাগ উটেই শিবিৰ পোৱাৰ আগত বা পিছত ঢুকাইছে।
যি ৩৪ টা বাচিছে, সেইকেইটাও বন্দীত্বৰ বিৰূপ প্ৰভাৱৰ পৰা এতিয়াও আৰোগ্য হোৱা নাই।
*****
ভাগ্যক্ৰমে খামৰি বাচি থাকিল।
কাম্মাভাইয়ে কয় যে দুবছৰ বয়সৰ উটটো সম্পূৰ্ণৰূপে আৰোগ্য নোহোৱালৈ তাক পৰিবহন কৰা নহ’ব।
আন উটবোৰৰ সৈতে খামৰিকো কাম্মাভাইয়ে ২০২৩ৰ জানুৱাৰীত পতা শিবিৰৰ পৰা নাতিদূৰত কপাহৰ খেতি চপোৱা পথাৰ এখনৰ গছ এডালত বান্ধি থোৱা আছে। বগৰী গছৰ পাতবোৰ খামৰিয়ে ভাল পায়, বগৰীবোৰো সি খাইছে।
ৰাবাৰি ৰখীয়া আৰু তেওঁৰ জন্তুবোৰ ৱানিৰ কাষৰ কেম্প এটাত আছে, সেইটো মহাৰাষ্ট্ৰৰ ৱাৰ্দ্ধা জিলাৰ হিনগংঘাট চহৰৰ পৰা ১০ কিলোমিটাৰ দূৰত, নাগপুৰ-আদিলাবাদ হাইৱেৰ কাষৰ এখন ক্ষুদ্ৰ গাঁৱত। সম্প্ৰদায়টোৱে তেওঁলোকৰ ছাগলী, ভেড়া আৰু উট লৈ পশ্চিম আৰু কেন্দ্ৰীয় ভাৰতত পৰিভ্ৰমণ কৰি আছে।
২০২২ৰ লটিঘটিৰ পিছত বাচি থাকিবলৈ সক্ষম হোৱা উটকেইটাক মালিকে নজৰত ৰাখিছে আৰু যত্ন লৈছে। কাম্মাভাইয়ে আশা কৰিছে যে সিহঁত বাচিব আৰু পূৰ্ণ জীৱন - ১৮ বছৰ বা ততোধিক কটাব।
“এই ঘটনাটোৱে আমাক লটিঘটি কৰিছে,” কাম্মাৰ ডাঙৰ ভায়েক আৰু বিদৰ্ভৰ ৰাবাৰিসকলৰ নেতা মাশ্ৰু ৰাবাৰিয়ে কয়, তেঁৱেই সম্প্ৰদায়টোৰ এই আইনী যুঁজ চলাইছিল। “হমকৌ পৰেশান কৰকে ইনকৌ ক্যা মিলা (আমাক অশান্তি দি ইহঁতে কি পালে)?” তেওঁ ভাবি বিস্মিত হয়।
উচ্চ ন্যায়ালয়ৰ কাষ চাপি ক্ষতিপূৰণ দাবী কৰিব নে নাই তাকে লৈ তেওঁলোকে চিন্তা-চৰ্চা কৰি আছে।
আৰক্ষীয়ে ইতিমধ্যে অমৰাৱতীৰ খণ্ড বিচাৰপীঠত অভিযোগনামা দাখিল কৰিছে, অৱশ্যে শুনানি এতিয়াও হোৱা নাই। “আমি আইনী যুঁজত অৱতীৰ্ণ হ’ম,” মাশ্ৰু ৰাবাৰিয়ে কয়।
“আমাৰ মৰ্য্যাদা হানিৰ উপক্ৰম ঘটিছে।”
অনুবাদ: পংকজ দাস