আজি আমি পাৰিৰ ১৭০ গৰাকী অনুবাদকৰ অদ্বিতীয় গোটৰ বিস্ময়কৰ সাফল্য উদযাপন কৰিবলৈ লৈছো। এই গোটটোৰ অতিকমেও ৪৫ গৰাকী যিকোনো সময়তে সক্ৰিয় থাকে। আৰু এই কাম কৰোঁতে আমি সকলোৱে সমানে কৰি যাওঁ, সমমৰ্য্যাদাৰে নজীৰ ৰাখি যাওঁ। ৰাষ্ট্ৰসংঘই ৩০ ছেপ্টেম্বৰৰ দিনটো বিশ্ব অনুবাদ দিৱস হিচাপে উদযাপন কৰি আহিছে।
এই দিনটোৱে “ৰাষ্ট্ৰসমূহৰ মাজত সংহতি স্থাপনৰ বাবে আলোচনাৰ বাট সুচল কৰি তুলি বুজাবুজি আৰু সহযোগিতাৰ সুবিধা আগবঢ়াই উন্নয়নৰ দিশত অৰিহণা যোগোৱা ভাষাৰ পেচাদাৰীসকলৰ শলাগ লোৱাৰ এক সুযোগ” আমাক দিছে। সেয়ে আন কোনো সাংবাদিকতাৰ ৱেবছাইটৰ লগত তুলনাত নুঠা বুলি আমাৰ মনে ধৰা আমাৰ অনুবাদকৰ গোটটোলৈ কৃতজ্ঞতা প্ৰকাশ কৰিছো।
আমাৰ অনুবাদকৰ গোটটোত ডাক্তৰ, পদাৰ্থবিদ, ভাষাবিদ, কবি, গৃহিণী, শিক্ষক, শিল্পী, সাংবাদিক, লিখক, অভিযন্তা, ছাত্ৰ আৰু অধ্যাপক অন্তৰ্ভূক্ত। আটাইতকৈ প্ৰবীণগৰাকীৰ বয়স ৮৪ আৰু আটাইতকৈ তৰুণগৰাকীৰ বয়স ২২। কিছুমান ভাৰতৰ বাহিৰত থাকে। আন কিছুমানৰ আকৌ এই দেশৰে আওহতীয়া ঠাইত ঘৰ, যোগাযোগৰ সুবিধা তেনেই শোচনীয়।
দেশৰ প্ৰতিটো ভাষাই যাতে সমমৰ্য্যাদাৰ মাজেদি সংহতি লাভ কৰে সেয়াই পাৰিয়ে নিজ স্তৰত নিজস্ব সীমাবদ্ধতাৰে বিশাল অনুবাদ অভিযানেৰে প্ৰয়াস কৰি গৈছে। পাৰিৰ প্ৰতিখন প্ৰতিবেদন ১৩টা পৰ্য্যন্ত ভাষাত উপলব্ধ হৈছে নাইবা শীঘ্ৰেই হ’বলৈ গৈ আছে। ইয়াতে ১৩ টা ভাষাত প্ৰকাশ পোৱা পাৰিৰ প্ৰতিবেদনৰ নমুনা চাব পাৰে: আমাৰ স্বাধীনতাৰ বাবে ভগত সিং ঝুগ্গিয়াৰ সংগ্ৰাম। আমাৰ গোটটোৱে তেনে প্ৰায় ৬,০০০ খন প্ৰতিবেদন প্ৰকাশ কৰিছে, তাৰে বহুকেইখনত মাল্টিমিডিয়াও আছে।



