পুৰস্কাৰ ল’বলৈ তেওঁ মঞ্চত উঠিছিল। পুৰস্কাৰ আছিল জিলিকি থকা এপইছা, দিছিল মুন্সীয়ে, মুন্সীজন আছিল ভালেকেইখনৰ স্কুল নিয়ন্ত্ৰণত ৰখা এজন জ্যেষ্ঠ বিষয়া। সেয়া ১৯৩৯ৰ পাঞ্জাৱৰ কথা। তেওঁৰ বয়স তেতিয়া ১১ বছৰ, তৃতীয় মানত পঢ়া ল’ৰাজনে শ্ৰেণীত প্ৰথম হৈছিল। মুন্সীজনে তেওঁৰ মূৰত হাত ফুৰাই দিছিল আৰু তেওঁক চিঞৰি ক’ব দিছিল - ‘ব্ৰিটেনিয়া জিন্দাবাদ, হিটলাৰ মুৰ্দাবাদ।’ কুমলীয়া বয়সৰ ভগত সিঙে, কিংবদন্তি ভগত সিং বুলি নাভাবিব, দৰ্শকৰ ফালে চাই চিঞৰি কৈছিলঃ “ব্ৰিটেনিয়া মুৰ্দাবাদ, হিন্দুস্থান জিন্দাবাদ।”

তেওঁৰ এই ধৃষ্টতাৰ প্ৰতিক্ৰিয়া ক্ষণিকতে আহিল। তেওঁক মুন্সীগৰাকীয়ে নিজেই মঞ্চৰ পৰা বাহিৰ কৰি দিলে আৰু চৰকাৰী প্ৰাথমিক স্কুল সমুন্দ্ৰৰ পৰাও নাম কাটি দিলে। তাত থকা আন ছাত্ৰ-ছাত্ৰীবোৰে আশ্চৰ্য্যচকিত হৈ অলপ সময় ভেবা লাগি ৰ’ল, তাৰ পিছত পলাল। স্থানীয় কৰ্তৃপক্ষই, আজিৰ দিনত খণ্ডৰ শিক্ষা বিষয়া পৰ্য্যায়ৰ কাৰ্য্যালয়ৰ পৰা পাঞ্জাৱ জিলাৰ এতিয়াৰ হোশিয়াৰপুৰ জিলাৰ এই অঞ্চলটোত উপায়ুক্তৰ সন্মতিক্ৰমে এখন চিঠি জাৰি কৰিলে। ১১ বছৰ বয়সতে তেওঁক ‘বিপজ্জনক’ আৰু ‘বিপ্লৱী’ বুলি ঘোষণা কৰি তেওঁক চৰকাৰীভাৱে বহিষ্কাৰ কৰা হ’ল।

এই চিঠিখনে স্কুললৈ যোৱাৰ বাট একেবাৰে বন্ধ কৰিলে, তেতিয়া স্কুলো বেছি নাছিল। কোন স্কুলেনো ব্লেকলিষ্টত থকা ভগত সিং ঝুগ্গিয়াক স্কুলৰ চৌহদত সোমাবলৈ দিব। মাক-দেউতাকৰ লগতে আন বহুতে সেই সিদ্ধান্ত উভতাই লোৱাৰ বাবে কৰ্তৃপক্ষক অনুৰোধ জনালে। এজন সৰবৰাহী জমিদাৰ গুলাম মুস্তাফাই তেওঁৰ ফালৰ পৰা যৎপৰোনাস্তি চেষ্টা কৰিলে। কিন্তু ব্ৰিটিছ সাম্ৰাজ্যৰ আজ্ঞাবাহীসকলৰ খং থামিবই নোখোজে। এজন সৰু ল’ৰাই তেওঁলোকৰ সন্মানত আঘাত হানিছে। ভগত সিং ঝুগ্গিয়াই তেওঁৰ অসাধাৰণ বৰণীয় জীৱনকালত কেতিয়াও আনুষ্ঠানিক শিক্ষাৰ বাবে ঘূৰি নাহিল।

কিন্তু কঠিন বাটৰ জীৱনৰ পাঠশালাখনৰ তেওঁ এজন জাকত জিলিকা ছাত্ৰ হৈ ৰ’ল, ৯৩ বছৰ বয়সতো একেই প্ৰভা বিদ্যমান।

হোশিয়াৰপুৰ জিলাৰ নিজ গাওঁ ৰামগঢ়ৰ ঘৰত বহি আমাৰ সৈতে কথা পাতি থকাৰ মাজতে তেওঁ সেই নাটকীয় দিনটোৰ কথা ভাবি মিচিকিয়াই হাঁহে। তেওঁৰ মনৰ অৱস্থা তেতিয়া কি আছিল? “এৰা, মই মানে ভাবিলো, এতিয়া দেখোন মই ব্ৰিটিছ বিৰোধী সংগ্ৰামত যোগ দিয়াৰ বাবে মুক্ত,” তেওঁ কয়।

Bhagat Singh Jhuggian and his wife Gurdev Kaur, with two friends in between them, stand in front of the school, since renovated, that threw him out in 1939
PHOTO • Courtesy: Bhagat Singh Jhuggian Family

ভগত সিং ঝুগ্গিয়া আৰু তেওঁৰ বন্ধুবৰ্গক স্কুলখনৰ আগত দেখা গৈছে , এতিয়া মেৰামতি কৰা এই স্কুলখনৰ পৰাই ১৯৩৯ত তেওঁক বহিস্কাৰ কৰা হৈছিল

তেওঁ যে এতিয়া সংগ্ৰামত যোগ দিয়াৰ বাবে মুক্ত সে্ই কথা ব্ৰিটিছ বিৰোধী সংগঠনৰবোৰৰ নজৰত নপৰাকৈ থকা নাছিল। যদিওবা তেওঁ প্ৰথম অৱস্থাত পৰিয়ালৰ খেতিৰ কামত ধৰিছিল, তেওঁৰ যশস্যা ইতিমধ্যে বিয়পি পৰিছিল। পাঞ্জাৱৰ বিপ্লৱী গোপন সংগঠনবোৰে তেওঁক যোগাযোগ কৰিবলৈ ধৰিলে। ৰাজ্যখনত ১৯১৪-১৫ত গদৰ বিপ্লৱৰ সূচনা কৰা গদৰ পাৰ্টিৰে এটা শাখা কীৰ্তি পাৰ্টিত তেওঁ যোগ দিয়ে।

কীৰ্তি দলটোত সামৰিক আৰু আদৰ্শগত প্ৰশিক্ষণৰ বাবে বিপ্লৱী ৰাছিয়ালৈ যোৱা বহুতো লোক আছিল। ঘূৰি আহি পাঞ্জাৱত যেতিয়া তেওঁলোকে দেখিলে যে গদৰ বিপ্লৱ মষিমুৰ কৰি পেলোৱা হ’ল, তেওঁলোকে কীৰ্তি নামে এক প্ৰকাশন আৰম্ভ কৰিলে। তাৰে মাজৰে বিশিষ্ট সাংবাদিক হিচাপে অৰিহণা যোগোৱা এজন আছিল কিংবদন্তি ভগত সিং, আলোচনীখনৰ সম্পাদকজনৰ ঢুকোৱাৰ পাছত ১৯২৭ৰ ২৭ মে’ত আটক হোৱাৰ আগলৈকে সিঙে তিনিমাহ কীৰ্তি পত্ৰিকাখন চলাইছিল। ১৯৪২ত কীৰ্তি পাৰ্টি ভাৰতীয় কমিউনিষ্ট দলটোৰ সৈতে লগ লাগে।

এটা কথা, ঝুগ্গিয়াৰ নামটো মহান ভগত সিঙৰ নামৰ অনুকৰণত থোৱা নাম নাছিল, যদিওবা “মই মানুহে তেওঁৰ জয়গান গোৱা শুনি শুনি ডাঙৰ হৈছো।” ১৯৩১ত ব্ৰিটিছে ফাঁচিকাঠত ওলমোৱা মহান বিপ্লৱী ভগত সিঙক লৈ গোৱা গানৰ কিয়দংশ তেওঁ গাই শুনালে, তেতিয়া ভগত সিঙৰ একে নামৰ এইজনা বিপ্লৱীৰ বয়স আছিল তিনি বছৰ।

স্কুলৰ পৰা খেদা খোৱাৰ প্ৰথম কেইবছৰমানৰ ভিতৰতে কিশোৰ ভগত সিঙে আত্মগোপনকাৰী বিপ্লৱীসকলৰ বাবে বাৰ্তাবাহকৰ কাম কৰিবলৈ লয়। ঘৰৰ খেতিপথাৰত কাম কৰাৰ বাদে “তেওঁলোকে যিয়েই কৰিবলৈ কয়, মই তাকেই কৰিছিলো।” ইয়াৰে মাজৰ এটা কাম আছিল ২০ কিলোমিটাৰ বাট আন্ধাৰত খোজকাঢ়ি এটা খোলা অৱস্থাত থকা আৰু সাংঘাতিক গধুৰ, সৰু প্ৰিণ্টিং প্ৰেছ বুলিবই পাৰি, দুটা বস্তাত কঢ়িয়াই বিপ্লৱীসকলৰ শিবিৰ এটালৈ গৈ দি অহা। প্ৰকৃতাৰ্থতে স্বাধীনতাৰ এজন পদাতিক সৈন্য।

“গৈ পোৱাৰ পিছত আকৌ তেওঁলোকে মোক খাদ্য আৰু আন আন সামগ্ৰীৰ এটা গধুৰ বেগ দিলে যিটো সমানেই দূৰত্বৰ আন কমৰেডৰ ঠিকনালৈ নিব লাগে।” তেওঁৰ পৰিয়ালটোৱেও আত্মগোপনকাৰী মুক্তিযুঁজাৰুসকলক খাদ্য আৰু আশ্ৰয় দিছিল।

Prof. Jagmohan Singh (left), nephew of the great revolutionary Shaheed Bhagat Singh, with Jhuggian at his home in Ramgarh
PHOTO • P. Sainath

ৰামগঢ়়ৰ নিজ ঘৰত ভগত সিং ঝুগ্গিয়াৰ সৈতে মহান বিপ্লৱী শ্বহীদ ভগত সিঙৰ ভতিজাক প্ৰফেছৰ জগমোহন সিং (বাওঁফালে)

তেওঁ কঢ়িয়াই নিয়া সেইটোক ‘উদাৰা প্ৰেছ’ বুলি কোৱা হৈছিল (আক্ষৰিক অৰ্থত এক উৰন্ত ছপাশাল, মানে এটা লৈ ফুৰিবপৰা বিধৰ ছপাশাল)। সেইটো ছপাশালৰ মেচিনৰ অংশবোৰ ভাগ ভাগ কৰি থোৱা আছিল, নে মূল অংশবোৰ আছিল, নে এটা চাইক্লষ্টাইলিং মেচিন আছিল, সেই কথা জানিব পৰা নগ’ল। তেওঁৰ মাত্ৰ মনত আছে যে “সেইটোৰ ডাঙৰ ডাঙৰ গধুৰ কাষ্ট আইৰনৰ পাৰ্টছ কিছুমান আছিল।” বাৰ্তাবাহকৰ কামটোত তেওঁৰ কোনোদিন জখম হোৱা নাছিল, যদিওবা তেওঁ কামটোৰ ভয়াৱহতা আৰু বিপদৰ হেলাৰঙে মুৰ পাতি ল’বলৈ সাজু আছিল, আৰু গৌৰৱেৰে কয় যে সেই বছৰকেইটাত “তেওঁ পুলিচক যিমান ভয় কৰিছিল, পুলিচে তাতোকৈ বেছি তেওঁক ভয় কৰিবলৈ লৈছিল।”

*****

তাৰ পিছতে দেশ বিভাজন ঘটিল।

সেই সময়খিনি মনত পেলাই ভগত সিং ঝুগ্গিয়াৰ অন্তৰ কঁপি উঠে। প্ৰৌঢ় ভদ্ৰলোকজনে সেই সময়ৰ মানুহৰ অসহনীয় দুখ-দুৰ্দশা আৰু গণহত্যাৰ কথা মনত পেলাই চকুলো ৰখাব নোৱাৰিলে। “দেশৰ সীমা পাৰ হ’বলৈ যোৱা হাজাৰ হাজাৰ লোকক সঘনাই আক্ৰমণ কৰা হৈছিল, মাৰি পেলোৱা হৈছিল। ইয়াতো গণহত্যা হৈছিল।”

“চাৰি কিলোমিটাৰ দূৰৰ চিম্বালি গাঁৱত প্ৰায় ২৫০ জন লোকক, আটাইবোৰ মুছলমান পৰিয়ালৰ আছিল, দুই ৰাতি আৰু এটা দিনত নিষ্ঠুৰতাৰে নিঃশেষ কৰি পেলোৱা হৈছিল।” তথাপি “তাৰে গঢ়শংকৰ আৰক্ষী থানাৰ ঠানেদাৰজনে কেৱল ১০১ জনৰ মৃত্যু হোৱা বুলি লিখিছিল,” ভগত সিং ঝুগ্গিয়াৰ সৈতে আমি কথা পাতি থকা সময়তে তেওঁৰ লগত থকা সিধুৱে কয়।

“১৯৪৭ৰ আগস্তত দুটা ফৈদত মানুহখিনি বিভক্ত হৈ আছিল,” ভগত সিঙে কয়। “এটা ফৈদে মুছলমানক মাৰিছিল, আনটো ফৈদে আক্ৰমণকাৰীৰ পৰা তেওঁলোকক বচাবলৈ চেষ্টা কৰিছিল।”

“আমাৰ পথাৰৰ কাষতে ডেকা ল’ৰা এজনক গুলিয়াই হত্যা কৰা হৈছিল। আমি ভায়েকজনক মৃতকৰ সমাধিৰ বাবে সহায় কৰি দিব ওলাইছিলো, কিন্তু তেওঁ ভীতিগ্ৰস্ত হৈ পৰিছিল আৰু মিচিলৰ সৈতে গুছি গৈছিল। আমি তেওঁৰ মৃতদেহটো আমাৰ পথাৰতে সমাধি দিছিলো। সেইবাৰৰ ১৫ আগস্তৰ দিনটো আমাৰ বাবে ইমান ভাল নাছিল,” তেওঁ কয়।

Bhagat Singh with his wife Gurdev Kaur and eldest son 
Jasveer Singh in 1965.
PHOTO • Courtesy: Bhagat Singh Jhuggian Family
Bhagat Singh in the late 1970s.
PHOTO • Courtesy: Bhagat Singh Jhuggian Family

পত্নী গুৰদেৱ কৌৰ আৰু ডাঙৰজন ল’ৰা জছবীৰ সিঙৰ সৈতে ১৯৬৫ত ভগত সিং। সোঁফালে ১৯৭০ৰ দশকৰ তেওঁৰ এখন প্ৰতিকৃতি

সীমা পাৰ হ’বলৈ সক্ষম হোৱা আন এজন আছিল গুলাম মুস্তাফা, সেই জমিদাৰজন, যিয়ে ভগত সিঙক স্কুলত পুনৰাই নাম লগাই দিয়াৰ চেষ্টা কৰিছিল।

“যাহওঁক,” ভগত সিঙে কয়, “মুস্তাফাৰ ল’ৰা আব্দুল ৰহমান অলপ দিন বেছিকৈ ইয়াতে আছিল আৰু সাংঘাতিক বিপদত পৰিছিল। আমাৰ পৰিয়ালটোৱে ৰহমানক মনে মনে এদিনাখন ৰাতি আমাৰ ঘৰলৈ লৈ আহে। তেওঁৰ লগত এটা ঘোৰা আছিল।”

মুছলমানৰ হত্যাৰ বাবে লালায়িত লোকসকলে ইয়াৰ খবৰ পালে। “সেয়ে এদিনাখন ৰাতি, বন্ধুবৰ্গ আৰু কমৰেডসকলৰ সহায়ত তেওঁ কোনোমতে সীমা পাৰ হৈ যাব পাৰিলে। পিছত তেওঁৰ ঘোৰাটোও সীমাৰ সিপাৰলৈ নিব পৰা গ’ল।” মুস্তাফাই গাওঁখনৰ বন্ধুবৰ্গলৈ লিখা পত্ৰত ভগত সিঙক ধন্যবাদ জনাইছিল আৰু ভাৰতলৈ আহিলে এদিন তেওঁক দেখা কৰাৰো কথা দিছিল। “কিন্তু তেওঁ কেতিয়াও ঘূৰি নাহিল।”

দেশ বিভাজনৰ কথা পাতিলে ভগত সিঙৰ দুখ লাগে, তেওঁ ইতস্ততঃবোধ কৰে। কথাৰ মাজতে তেওঁ থমকি ৰ’ল, আকৌ ক’লে। হোশিয়াৰপুৰৰ বিৰামপুৰ গাঁৱৰ মুক্তিযুঁজাৰুসকলৰ মেল এখনত পুলিচ আহি ওলাল আৰু তেওঁক ধৰি নিলে, তেওঁ ১৭ দিনৰ বাবে জেল খাটিলে।

১৯৪৮ত তেওঁ লাল কমিউনিষ্ট পাৰ্টি হিন্দ ইউনিয়নত যোগদান কৰে, সেইটো আছিল চিপিআইৰ সৈতে একত্ৰ হোৱা পূৰ্বৰ কীৰ্তি পাৰ্টিৰে একাংশ লোক জন্ম দিয়া দল।

কিন্তু ১৯৪৮ৰ পৰা ১৯৫১ৰ সময়ছোৱাত টেলেংগানা আৰু আন কোনো কোনো ঠাইত হোৱা বিপ্লৱৰ বাবে সকলো কমিউনিষ্ট দলক নিষিদ্ধ ঘোষণা কৰা হৈছিল। ভগত সিং পুনৰাই খেতিত নামিল, কিন্তু ৰাতি গোপনে বাৰ্তাবাহকৰ কাম কৰি থাকিল। তলে তলে সংগঠনৰ কামো চলাই নিলে। তেওঁ নিজেও এইখিনি সময়ত আত্মগোপন কৰি আছিল।

পিছলৈ, ১৯৫২ত লাল পাৰ্টি ভাৰতীয় কমিউনিষ্ট পাৰ্টিত মিলিত হয়। পিছলৈ যেতিয়া ১৯৬৪ত চিপিআই দল বিভাজন হয়. তেওঁ নতুনকৈ গঠিত চিপিআই-এমত যোগ দিয়ে আৰু তাতেই চিৰদিনৰ বাবে থাকি যায়।

সেইখিনি সময়ত তেওঁ ভূমি আৰু কৃষকৰ ক্ষতি কৰা আন সমস্যাবোৰৰ বিৰুদ্ধে যুঁজ দিছিল। ভগত সিঙক ১৯৫৯ত খুছ হাচিয়াতি টেক্স মৰ্চাৰ সময়ত আটক কৰা হয়। তেওঁৰ অপৰাধ আছিল কাণ্ডি এলেকাৰ খেতিয়কসকলক আন্দোলনৰ বাবে প্ৰৰোচিত কৰা। ক্ষুব্ধ প্ৰতাপ সিং কাইৰো চৰকাৰে তেওঁৰ ম’হ আৰু খেতিৰ মেচিন-পাতি জব্দ কৰে আৰু নিলাম কৰি দিয়ে। কিন্তু দুয়োবিধেই ১১ টকা দি গাঁৱৰে এজনে ক্ৰয় কৰে আৰু পিছত তেওঁক ঘূৰাই দিয়ে।

Jhuggian (seated, centre) with CPI-M leader (late) Harkishan Singh Surjeet (seated, right) at the height of the militancy in Punjab 1992
PHOTO • Courtesy: Bhagat Singh Jhuggian Family

পাঞ্জাৱত ১৯৯২ত সামৰিক উত্থানৰ সময়ত চিপিআই-এম নেতা (প্ৰয়াত) হৰকিষাঁ সিং সুৰজীত (সোঁফালে বহি থকাজন)ৰ সৈতে ঝুগ্গিয়া (মাজত বহি থকাজন)

ভগত সিঙে এই আন্দোলনৰ সময়ত লুধিয়ানাৰ কাৰাগাৰতো তিনিমাহ কটাইছিল। আকৌ একেটা বছৰতে পাটিয়ালাৰ জেলতো তিনিমাহ কাৰাবাস খাটিছিল।

তেওঁ বাস কৰা গাওঁখনত সকলোৰে ঘৰবোৰ প্ৰথমে ঝুগ্গি মানে জুপুৰী আছিল সেয়ে চুবুৰীটোৰ নাম ঝুগ্গিয়া থোৱা হৈছিল। তেনেদৰেই ভগত সিঙৰ নামৰ পিছতো ঝুগ্গিয়া বহিছিল। এতিয়া সেই চুবুৰীটো গঢ়শংকৰ টেহচিলৰ ৰামগঢ় গাঁৱত পৰে।

১৯৭৫ত তেওঁ আকৌ এটা বছৰৰ বাবে আত্মগোপন কৰিলে, এইবাৰ দেশত জৰুৰীকালীন অৱস্থা ঘোষণা হোৱাৰ সময়ত। সেইখিনি সময়ত তেওঁ মানুহক সজাগ কৰি, জৰুৰীকালীন পৰিস্থিতি বিৰোধী কাগজ-পত্ৰ বিলাই ফুৰিছিল।

এই আটাইকেইটা বছৰত তেওঁ নিজৰ গাওঁ আৰু অঞ্চলটো পাহৰি যোৱা নাছিল। তৃতীয় শ্ৰেণীৰ পৰা পঢ়া এৰিবলগীয়া হোৱা মানুহজনে শিক্ষা আৰু নিয়োগৰ বাবে সংগ্ৰাম কৰিবলগীয়া হোৱা ল’ৰা-ছোৱালীহঁতৰ কাৰণে সদায়ে চিন্তা কৰিছিল। তেওঁ সহায় কৰা ভালেমানে ভাল ফলাফল দৰ্শাইছিল, কিছুমানে চৰকাৰী চাকৰিও পাইছিল।

*****

১৯৯০ৰ দশকত ভগত সিঙৰ পৰিয়ালটোৱে জানিছিল যে তেওঁলোকৰ পৰা কেইমিনিটমানৰ দূৰত্বত তেওঁলোকৰ দমকলটো আৰু তাৰ পৰা অলপ দূৰত বিভীষিকা ৰৈ আছিল। অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত খালিস্তানিৰ দল এটাই তেওঁলোকৰ দমকলটোৰ কাষতে ৰৈছিলহি, দমকলটোৰ তেওঁৰ নাম দেখি তেওঁলোক নিশ্চিত হৈছিল আৰু প্ৰায় ৪০০ মিটাৰমান দূৰত্বত খাপ পিতি ৰৈছিল। তাতে তেওঁলোক লুকাই আছিল যদিও তেওঁলোকক দেখা গৈছিল।

১৯৮৪ৰ পৰা ১৯৯৩লৈ পাঞ্জাৱখন সন্ত্ৰাসজৰ্জৰ হৈ পৰিছিল। শ শ লোকক গুলিয়াই হত্যা কৰা হৈছিল, পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল নাইবা মাৰি পেলোৱা হৈছিল। তাৰে সিংহভাগ আছিল চিপিআই, চিপিআই-এম আৰু চিপিআই-এমএলৰ কৰ্মী, কিয়নো সেই দলবোৰেই খালিস্তানিসকলৰ তীব্ৰ বিৰোধ কৰিছিল। ভগত সিঙো সেইখিনি সময়ত খালিস্তানিসকলৰ হিটলিষ্টত আছিল।

Bhagat Singh Jhuggian at the tubewell where the Khalistanis laid an ambush for him 31 years ago
PHOTO • Vishav Bharti

খালিস্তানিয়ে ৩১ বছৰ আগতে চোপ পিতি ৰৈ থকা সেই দমকলটোৰ পাৰত ভগত সিং ঝুগ্গিয়া

১৯৯০ৰ কথা, সেই তালিকাখনত থকাটো কেনে এক ভয়লগা কথা সেয়া তেওঁ জানিছিল। তেওঁৰ তিনিপুত্ৰ ছাদত আছিল, তেওঁলোকক পুলিচে বন্দুক দিছিল। প্ৰাণে মৰাৰ ভাবুকি দিয়া লোকক তেতিয়া চৰকাৰে সহায় কৰাৰ উপৰিও আত্মৰক্ষাৰ হেতু অস্ত্ৰ ৰখাৰ অনুমতি দিছিল।

“তেওঁলোকে দিয়া বন্দুককেইটা ইমান ভাল নাছিল। সেয়ে মই ১২-ব’ৰ শ্বটগান এটা মগাই আনিলো আৰু পিছলৈ নিজে ছেকেণ্ড হেণ্ড এটা অনালো,” ভগত সিঙে সেই দিনকেইটাৰ কথা মনত পেলালে।

তেওঁৰ ৫০ বছৰীয়া ল’ৰা পৰমজীতে কয়, “এদিনাখন চিঠি এখন খুলি চাই দেখিলো যে তাতে সন্ত্ৰাসবাদীয়ে দেউতাক ভাবুকি প্ৰদান কৰিছে। ‘কামবোৰ বন্ধ কৰা নহ’লে গোটেই পৰিয়ালটোৰ চিন-মোকাম নাথাকিব।’ মই সেইখন আকৌ খামত ভৰালো আৰু কোনোৱেই যেন দেখা নাই তেনে ভাও জুৰিলো। তেওঁ নিৰুদ্বেগচিত্তে চিঠিখন পঢ়িলে আৰু ভাঁজ কৰি পকেটত ভৰাই থ’লে। পিছমুহূৰ্তত তেওঁ আমাক তিনিজনক ছাদলৈ লৈ গ’ল আৰু সতৰ্ক হৈ থাকিবলৈ ক’লে। কিন্তু চিঠিখনৰ কথা একো নক’লে।”

১৯৯০ৰ সেই অচলৱস্থাৰ পৰিস্থিতি গাৰ নোম শিয়ৰি উঠা ধৰণৰ আছিল। এই সাহসী পৰিয়ালটোৱে শেহলৈকে যুঁজিব, তাত কোনো সন্দেহ নাছিল। কিন্তু এ.কে.-৪৭ৰে সুসজ্জিত প্ৰশিক্ষিত সংগঠনৰ আগত যে তেওঁলোক বিধ্বস্ত হৈ পৰিব, সেয়াও সন্দেহাতীত আছিল।

উগ্ৰপন্থীৰ দলটোৰ এজনে দমকলটো চাই তেওঁৰ নাম লিখা থকা দেখিছিল। “তেওঁ উভতি গৈ আনবোৰক কৈছিল, ‘যদি এই ভগত সিং ঝুগ্গিয়াই আমাৰ লক্ষ্য, তেন্তে এই অভিযানত মোৰ আৰু কৰণীয় নাই,’” তেওঁ আছিল এজন পুৰণি বয়সীয়া মুক্তিযুঁজাৰু। হিট স্কোৱাডটোৱে সেই অভিযান সিমানতে বাতিল কৰিছিল আৰু পথাৰখনৰ পৰা অন্তৰ্ধান হৈ পৰিছিল।

আচলতে সেই উগ্ৰপন্থী সংগঠনৰ এজনক ডেকাকালত ভগত সিঙে গাঁৱত সহায় কৰিছিল। আনকি পাটৱাৰি হিচাপে তেওঁ চৰকাৰী চাকৰি পাবলৈও সক্ষম হৈছিল। “তেওঁলোক আঁতৰি যোৱাৰ পিছত দুবছৰলৈ,” ভগত সিঙে মিচিকিয়াই কয়, “সেই পুৰণি ভাতৃজনে মোক খবৰ-বাতৰি আৰু সতৰ্ক থাকিবলৈ খবৰ দি থাকিছিল। ক’ত যাব লাগে, ক’ত যাব নালাগে সেইবোৰ কৈছিল...” এনেকৈয়ে তেওঁৰ ভালেমানবাৰ প্ৰাণ ৰক্ষাও পৰিছিল।

Bhagat Singh with his wife Gurdev Kaur at their home in Ramgarh. Right: He has sold off his 12-bore gun as, he says, now even ‘a child could snatch it from my hands’
PHOTO • Vishav Bharti
Bhagat Singh with his wife Gurdev Kaur at their home in Ramgarh. Right: He has sold off his 12-bore gun as, he says, now even ‘a child could snatch it from my hands’
PHOTO • P. Sainath

ৰামগঢ়ত নিজ ঘৰত পত্নী গুৰুদেৱ কৌৰৰ সৈতে ভগত সিং ঝুগ্গিয়া। সোঁফালেঃ তেওঁ নিজৰ ১২-ব ৰ বন্দুকটো বিক্ৰী কৰিছে, তেওঁ কয় যে সেইটো এতিয়া সৰু ল ৰা এটাইও তেওঁৰ পৰা কাঢ়ি নিব পাৰিব

সেই একেই ঘটনাবোৰৰ তেওঁৰ পৰিয়ালে দিয়া ভাষ্যই আকৌ আমাক আলোড়িত কৰে। কিন্তু ভগত সিঙে কৰা ঘটনাৰ বিশ্লেষণ নিৰ্মোহ। দেশ বিভাজনৰ কথা ক’বলৈ লওঁতে তেওঁক অতিবেছি আৱেগিক হৈ পৰা দেখা গ’ল। তেওঁৰ ঘৈণীয়েকৰ কি অৱস্থা হৈছিল, সেই সময়ে তেওঁকো জোকাৰি যোৱা নাছিলনে? “আমি সেই আক্ৰমণ প্ৰতিৰোধ কৰিব পাৰিম বুলি মোৰ বিশ্বাস আছিল,” ৭৮ বছৰ বয়সীয়া গুৰুদেৱ কৌৰে নিৰুদ্বেগ হৈ কয়। অল ইণ্ডিয়া ডেম’ক্ৰেটিক ৱ’মেনচ্ এছচিয়েছনৰ এগৰাকী প্ৰবীণ কৰ্মকৰ্তা গুৰুদেৱ কৌৰে কয়ঃ “মোৰ ল’ৰাকেইটা বলৱান আছিল, মোৰ কোনো ভয় নাছিল, গাঁৱৰ মানুহো আমাৰ পক্ষত আছিল।”

১৯৬১ত ভগত সিঙৰ সৈতে গুৰুদেৱ কৌৰৰ বিয়া হৈছিল, সেয়া আছিল সিঙৰ দ্বিতীয় বিবাহ। তেওঁৰ প্ৰথম পত্নীৰ ১৯৪৪ত বিয়াৰ কিছুবছৰ পিছতেই মৃত্যু ঘটিছিল আৰু তেওঁলোকৰ দুজনী জীয়াৰী বিদেশতে থিতাপি লৈছিল। গুৰুদেৱৰ লগত তেওঁৰ এতিয়া তিনিটা সন্তান আছিল যদিও ২৯১১ত ৪৭ বছৰ বয়সত ডাঙৰজন ল’ৰা জছবীৰ সিঙৰ মৃত্যু হয়। আন দুজন ল’ৰা কুলদ্বীপ সিং (৫৫) এতিয়া গ্ৰেট বৃটেইনত থাকে আৰু পৰমজীত তেওঁলোকৰ লগতে থাকে।

তেওঁৰ এতিয়াও ১২-ব’ৰ বন্দুকটো আছে নে? “নাই, সেইটো মই কেতিয়াবাই এৰিলো। এতিয়া সেইটো লৈ মই কি কৰিম। সৰু ল’ৰা এটাইও মোৰ পৰা সেইটো কাঢ়ি নিব,” হাঁহি হাঁহি ৯৩ বছৰ বয়সীয়া ভগত সিঙে কয়।

১৯৯২ৰ ৰাজ্যিক বিধানসভা নিৰ্বাচনে তেওঁৰ দুৱাৰডলিলৈ পুনৰাই বিপদ মাতি আনিলে। কেন্দ্ৰীয় চৰকাৰে পাঞ্জাৱত নিৰ্বাচন পাতিবলৈ দৃঢ়প্ৰতিজ্ঞ। আনফালে খালিস্তানি পন্থাইও নিৰ্বাচন বন্ধ কৰিবলৈ উদ্যত, প্ৰাৰ্থীসকলক এজন এজনকৈ হত্যা কৰিবলৈ আৰম্ভ কৰিছে। ভাৰতীয় নিৰ্বাচনী আইন মতে কোনো এটা সমষ্টিত অনুমতিপ্ৰাপ্ত প্ৰাৰ্থী এজনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত মৃত্যু ঘটিলে সেই সমষ্টিটোত নিৰ্বাচন স্থগিত ৰখা হয়। তেনেদৰে প্ৰতিজন প্ৰাৰ্থীৰ জীৱনেই সংকটত পৰিছিল।

দৰাচলতে, অভূতপূৰ্ব হিংসাৰ ফলত ১৯৯১ৰ জুনত এই বিশেষ নিৰ্বাচন স্থগিত ৰখা হয়। এছিয়ান চাৰ্ভে নামে জাৰ্নেলখনত প্ৰকাশিত গুৰহৰপাল সিঙৰ এখন গৱেষণাপত্ৰত কোৱা হৈছে যে সেই বছৰটোৰ মাৰ্চৰ পৰা জুন মাহৰ সময়ছোৱাত “২৪ জন ৰাজ্যিক আৰু সংসদীয় প্ৰাৰ্থীক হত্যা কৰা হৈছিল; দুখন ৰেলৰ ৭৬ জন ৰেলযাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল; সেয়া আছিল নিৰ্বাচনৰ এসপ্তাহ আগৰ ঘটনা, পাঞ্জাৱক এখন অস্থিৰ অঞ্চল বুলি ঘোষণা কৰা হৈছিল।”

Bhagat Singh, accompanied by a contingent of security men, campaigning in the Punjab Assembly poll campaign of 1992, which he contested from Garhshankar constituency
PHOTO • Courtesy: Bhagat Singh Jhuggian Family

পাঞ্জাৱৰ গঢ়শংকৰ সমষ্টিৰ পৰা ১৯৯২ৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হওঁতে নিৰ্বাচনী প্ৰচাৰৰ সময়ত সুৰক্ষাকৰ্মীৰ বেষ্টনীৰ মাজত ভগত সিং

উগ্ৰপন্থীসকলৰ লক্ষ্য স্পষ্ট আছিল। যিমান পাৰে প্ৰাৰ্থীক হত্যা কৰা। চৰকাৰেও প্ৰাৰ্থীসকলক নজিৰবিহীন সুৰক্ষা প্ৰদান কৰিলে। নিৰ্বাচনত অৱতীৰ্ণ হোৱাসকলৰ মাজত ভগত সিং ঝুগ্গিয়াও আছিল, তেওঁ গঢ়়শংকৰ সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াইছিল। আকালি দলৰ আটাইবোৰে নিৰ্বাচন বয়কট কৰিছিল। “ প্ৰতিজন প্ৰাৰ্থীকে ৩ জনীয়া সুৰক্ষা দিয়া হৈছিল, অধিক জনজাত প্ৰাৰ্থীক ৫০ জনীয়া বা ততোধিকেৰে সুৰক্ষা বেষ্টনী দিয়া হৈছিল।” অৱশ্যে এই সুৰক্ষা কেৱল নিৰ্বাচনৰ কালছোৱাৰ বাবেহে আছিল।

ভগত সিঙৰ ৩২ জনীয়া সুৰক্ষাৰ কথা? “মোৰ দলীয় কাৰ্য্যালয়ত ১৮ জনীয়া সুৰক্ষাকৰ্মী আছিল। আন ১২ জন মই নিৰ্বাচনী প্ৰচাৰৰ বাবে য’লৈকে যাও, তালৈকে গৈছিল। দুজন ঘৰত মোৰ পৰিয়ালৰ সুৰক্ষাৰ দায়িত্বত আছিল।” নিৰ্বাচনৰ আগৰ পৰাই উগ্ৰপন্থীৰ হিট লিষ্টত ১০ বছৰ ধৰি থকাৰ কাৰণে তেওঁৰ ক্ষেত্ৰত বিপদৰ আশংকা বেছি আছিল। কিন্তু তেওঁৰ একো ক্ষয়-ক্ষতি হোৱা নাছিল। সেনা, অৰ্দ্ধসামৰিক বাহিনী আৰু আৰক্ষীৰ সহযোগত চৰকাৰে উগ্ৰপন্থীক দমন কৰিলে আৰু কাৰো মৃত্যু নোহোৱাকৈ নিৰ্বাচন শেষ হ’ল।

“তেওঁ ১৯৯২ৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল,” পৰমজীতে কয়। “ভাবিছিল যে নিজকে উগ্ৰপন্থীৰ ডাঙৰ টাৰ্গেট কৰি ৰাখি তেওঁ অনুজ কমৰেডসকলক খালিস্তানীসকলৰ নজৰৰ পৰা বচাব পাৰিব।”

ভগত সিং কংগ্ৰেছ প্ৰাৰ্থীৰ হাতত পৰাজিত হয়। কিন্তু তেওঁ আন কিছুমানত তেওঁ জয়ীও হৈছিল। ১৯৫৭ত তেওঁ দুখন গাঁৱৰ চৰপঞ্চ নিৰ্বাচিত হৈছিল, ৰামগঢ় আৰু চাক গুজ্জৰানৰ। তেওঁ ১৯৯৮ লৈ চাৰিবাৰকৈ চৰপঞ্চ নিৰ্বাচিত হৈছিল।

১৯৭৮ত তেওঁ নাৱানচহৰৰ (এতিয়া শ্বহীদ ভগত সিং নগৰ)ৰ এটা সমবায় চেনীকলৰ সঞ্চালকো নিৰ্বাচিত হৈছিল। আকালি দলৰ সৈতে জৰিত এজন শক্তিশালী ভূস্বামীক পৰাজিত কৰি তেওঁ সেই পদ লাভ কৰিছিল। তেওঁ পুনৰাই অপ্ৰতিদ্বন্দী হিচাপে সেই পদতে ১৯৯৮ত নিৰ্বাচিত হৈছিল।

*****

After being expelled from school in Class 3, Bhagat Singh Jhuggian never returned to formal education, but went to be a star pupil in the school of hard knocks (Illustration: Antara Raman)

স্কুলৰ পৰা ৩য় শ্ৰেণীতে বহিস্কৃত হোৱাৰ পিছত ভগত সিং ঝুগ্গিয়া কেতিয়াও আনুষ্ঠানিক শিক্ষাৰ বাবে উভতি নগ ল, কিন্তু জীৱনৰ যুদ্ধত ভোটাতৰা হৈ জিলিকি ৰ ল (সচিত্ৰকৰণঃ অন্তৰা ৰমন)

স্কুলৰ পৰা বাহিৰ কৰি দিয়াৰ দিনধৰি এই আঠটা দশকত ভগত সিং ঝুগ্গিয়া ৰাজনৈতিকভাৱে সজাগ, সতৰ্ক আৰু সক্ৰিয়। বৰ্তমান চলি থকা কৃষকৰ প্ৰতিবাদৰ প্ৰতিটো কথাই তেওঁ জানিব খোজে। তেওঁ দলৰ ৰাজ্যিক নিয়ন্ত্ৰণ আয়োগৰ কাৰ্যালয়ত বহে। জলন্ধৰত থকা দেশ ভগত যাদগাৰ হলৰো তেওঁ এগৰাকী ন্যাসৰক্ষক। এই য়াদগাৰ হলে পাঞ্জাৱৰ বৈপ্লৱিক আন্দোলনৰ তথ্যপাতি যিমান লিপিবদ্ধ কৰি আহিছে, সিমানখিনি আন কোনো অনুষ্ঠানে কৰা নাই। সেই ন্যাসটো গদৰ আন্দোলনৰ বিপ্লৱীসকলে স্থাপন কৰিছিল।

“আনকি আজিও যেতিয়া কৃষকৰ সমস্যাক লৈ জাঠা (সংগঠিত পদযাত্ৰীৰ কনভয়) দিল্লী সীমান্তৰ প্ৰতিবাদী কাৰ্য্যসূচীত নাইবা আন ক’ৰবাত যোগদান কৰিবলৈ ইয়াৰ পৰা ওলায়, তেওঁলোকে প্ৰথমে ভগত সিঙৰ ঘৰৰ পৰা তেওঁৰ আশীৰ্বাদ লৈহে ওলায়,” তেওঁৰ বন্ধু দৰ্শন সিং মাত্তুৱে কয়। চিপিআই-এমৰ পাঞ্জাৱ ৰাজ্যিক কমিটিৰ এগৰাকী সদস্য মাত্তুৱে কয় যে “তেওঁৰ গাত আগৰ দৰে বল নাই। কিন্তু তেওঁৰ দায়বদ্ধতা আৰু উদ্যম আগৰ দৰেই দৃঢ়। এতিয়াও তেওঁ শ্বাহজাহানপুৰৰ প্ৰতিবাদী কৃষকৰ শিবিৰৰ বাবে নিজাকৈ অৰিহণা যোগোৱাৰ লগতে ৰামগঢ় আৰু গঢ়শংকৰ এলেকাৰ পৰা চাউল, দাইল, তেল আৰু আন সামগ্ৰী তথা পইছা-পাতি যোগাৰ কৰাত আগভাগ লৈছে।”

আমি তেওঁক এৰাৰ সময়ত তেওঁ ততালিকে নিজৰ ৱাকাৰডাল লৈ আমাক আগবঢ়াই দিবলৈ সাজু হ’ল। ভগত সিং ঝুগ্গিয়াই আমাক ক’ব খোজে যে নিজে স্বাধীনতাৰ বাবে যুঁজ দিয়া দেশখনৰ এই অৱস্থা তেওঁ ভাল পোৱা নাই। দেশখন চলাই থকা কোনোৱেই “স্বাধীনতা আন্দোলনৰ ঐতিহ্য ধৰি ৰাখিব পৰা নাই। তেওঁলোকে প্ৰতিনিধিত্ব কৰা কোনো ৰাজনৈতিক শক্তিয়ে স্বাধীনতা আৰু স্বৰাজৰ কাৰণে যুঁজ দিয়া নাছিল। তেওঁলোকৰ কোনো এটাও নাছিল। চকু নিদিলে সিহঁতে দেশখন ৰসাতলে নিব,” তেওঁ চিন্তাক্লিষ্ট হৈ কয়।

তাৰপিছত তেওঁ যোগ দিয়েঃ “কিন্তু বিশ্বাস ৰাখক, এই সাম্ৰাজ্যৰো এদিন বেলি মাৰ যাব।”

লিখকৰ টোকাঃ এই প্ৰতিবেদন প্ৰস্তুত কৰাত সহায় আগবঢ়োৱা চণ্ডীগড়ৰ দা ত্ৰিবিউনৰ বিশ্বভ ভাৰতী আৰু মহান বিপ্লৱী শ্বহীদ ভগত সিঙৰ ভতিজাক প্ৰফেছৰ জগমোহন সিঙক অশেষ কৃতজ্ঞতা জনাইছো। আজমেৰ সিধুকো তেওঁৰ সহায় আৰু তথ্যপাতিৰ বাবে ধন্যবাদ যাঁচিছো।

অনুবাদঃ পংকজ দাস

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought'.

Other stories by P. Sainath
Translator : Pankaj Das

Pankaj Das is a Journalist, Translator and Co-Founder of newsnextone.com. He can be reached at [email protected]

Other stories by Pankaj Das