জুপুৰী ঘৰটোৰ ধূলিময় মজিয়াত বহি নৰ্মদাবায়ে শিলপতাত বিলাহী পিহিছে। তেওঁৰ স্বামী মোহন লালে বিলাহীবিলাক মিহিকৈ কাটি দিছে আৰু কাপোৰ এখনৰ ওপৰত থৈ দিছে।
“আমি ইয়াৰে চাতনি বনাম। কাষৰ ঘৰৰ পৰা মাজে-সময়ে আমাক ভাত দিয়ে। যদি নিদিয়ে, তেন্তে কেৱল চাতনি খাই পেটৰ জুই নুমুৱাব লাগিব।” এপ্ৰিলৰ শেষভাগত আমি যেতিয়া পৰিয়ালটোক লগ পাইছিলো, তেতিয়া নৰ্মদাবায়ে এই কথা কৈছিল। কাষৰ ঘৰ মানে ওচৰতে থকা অট্টালিকাকেইটাৰ বাসিন্দাক বুজাইছে। জম্মু চহৰৰ পশ্চিমফালে থকা দূৰ্গা নগৰৰ পিছফালৰ সৰু পথটোত থকা তিনিটা জুপুৰিত বাস কৰা শ্ৰমিকসকলক তেওঁলোকে মাজে-সময়ে চাউল-দাইল দিয়ে।
২৫ মাৰ্চত যেতিয়া ক’ভিড-১৯ তলাবন্ধ আৰম্ভ হ’ল, নৰ্মদাবাঈ চন্দ্ৰা আৰু মোহন লাল চন্দ্ৰাৰ বাবে খাদ্য-সামগ্ৰী সংগ্ৰহ কৰা কঠিন হৈ পৰিল। ইয়াৰ উপৰি শীতকালটোকে ধৰি ফেব্ৰুৱাৰীলৈকে তেওঁলোকে কাম নোহোৱাকৈ থাকিব লগা হ’ল, আৰু জমা থকা ধন খৰছ কৰি উদং কৰিলে।
জম্মুৰ নিৰ্মাণস্থলত দিন মজুৰ হিচাপে কাম কৰা ৪৮ বছৰীয়া নৰ্মদাবায়ে দৈনিক ৪০০ টকাকৈ মজুৰী পায় আৰু মাহত ২০-২৫ দিন কাম পায়। ৫২ বছৰীয়া মোহন লাল এজন ৰাজমিস্ত্ৰী আৰু দিনে ৬০০ টকাকৈ মজুৰী পায়। “ফেব্ৰুৱাৰী মাহত যেতিয়া কাম আৰম্ভ হোৱাৰ সময় হৈছিল, সেই সময়তে তলাবন্ধ বলবৎ কৰা হ’ল, আমি পেটে-ভাতে খাই থকা অৱস্থাৰ পৰা গৈ অনাহাৰে থাকিবলগীয়া অৱস্থা পালো,” মোহন লালে কয়।
জুপুৰিটোৰ কাষৰ কোঠাত মোহন লালৰ কনিষ্ঠ ভাতৃ অশ্বিনী কুমাৰ চন্দ্ৰা থাকে। প্ৰায় ৪০ বছৰীয়া অশ্বিনীৰ সৈতে তেওঁৰ ৪০ বছৰীয়া পত্নী ৰাজকুমাৰীও থাকে। অশ্বিনীয়েও ৰাজমিস্ত্ৰী হিচাপে কাম কৰে আৰু দিনে ৬০০ টকা উপাৰ্জন কৰে, আৰু ৰাজকুমাৰীয়ে নিৰ্মাণক্ষেত্ৰ তথা ওচৰৰ খেতিপথাৰ আৰু বাগিছাত কাম কৰি দৈনিক প্ৰায় ৪০০ টকা উপাৰ্জন কৰিছিল।
চত্তীশগড়ৰ জঞ্জগিৰ-চম্পা জিলাৰ নাৱাগড় তালুকৰ বৰভাটা গাঁৱৰ পৰা দুয়োটা পৰিয়াল আহিছিল। নৰ্মদাবাঈ আৰু মোহন লালে খৰাঙৰ বাবে ২০০২ত নিজৰ গাওঁ এৰিবলগা হ’ল। “খৰাং বতৰে সকলো নিঃশেষ কৰিছিল। পশুধন, জীৱিকা তথা প্ৰতিজন ব্যক্তিৰ জীয়াই থকাৰ মৌলিক উৎস ধ্বংস হৈছিল।” মোহন লালে মোক কয়। “আমি সকলো হেৰুৱালো, সেয়ে গাওঁ এৰি গুছি আহিলো।”







