ছবিখন চাওকঃ 'মজুৰী একোৱেই নহয়…সেয়ে কৰ্মীসকলে কাম এৰিছে'
"মোৰ লৰা-ছোৱালীকেইটাৰ মতে কাপোৰ বয় চলিব নোৱাৰি। সেয়ে সিহতে ভগলপুৰত কটাই-চিলাইৰ কাম শিকি মুম্বাইলৈ গুছি গ'ল। এতিয়া সিহতৰ মাহত ১০-১৫ হাজাৰ মান আয় হয়," কাটৰিয়া গাঁৱৰ ৬০ বছৰ বয়সীয়া ৰেচমৰ শিপিনী আব্দুল ছাত্তাৰ আনচাৰিয়ে কয়।
কাটৰিয়াৰ বয়নশিল্পৰ পৰম্পৰা কিমান পুৰণি সেয়া ছাত্তাৰভায়ে নাজানে, তেওঁ মাত্ৰ ককাকে বোৱা-কটাৰ কাম কৰা মনত পৰে আৰু সেই ককাই আকৌ আজোককাই বোৱা কাম কৰা মনত পেলোৱাৰ কথা জানে।
বিবি আচমীনে সাতঘণ্টা লেটাৰপৰা সুতা কাটি মাত্ৰ ৩০ টকা পায়
কাটৰীয়াত মহিলাই বোৱাৰ পৰম্পৰা নাই, কিন্তু ৰেচম সুতা প্ৰস্তুত কৰাৰ বিভিন্ন পৰ্যায়ত তেওঁলোকৰ ভূমিকা গুৰুত্বপুৰ্ণ। তেওঁলোকে লেটাবোৰ সিজায়, সুতাবোৰ পৃথক কৰি ববিনত ভৰায় আৰু শিপিনীয়ে তাঁতশালত বহিবপৰাকৈ আন কামবোৰ কৰে। মহিলাই এই কামটোত খুব কষ্টকৰ আৰু কৌশলী হোৱাটো আৱশ্যক হয়। কিন্তু তেওঁলোকৰ দৈনিক আয় ৩০ টকাতকৈও কম হয় আৰু ৰেচমৰ প্ৰস্তুত কৰা কামত তেওঁলোকৰ ভূমিকা প্ৰায় অদৃশ্য হৈয়ে থাকে।
৬৫ বছৰ বয়সৰ আব্দুছ জাব্বাৰ হৈছে কাটৰীয়াত তাঁতশালত বহা শেষৰটো প্ৰজন্মৰ শিপিনীৰ এজন
কিন্তু এটাৰ পিছত আনটো প্ৰজন্ম চলি অহা এই জীৱিকা এতিয়া বিহাৰৰ বাংকা জিলাৰপৰা হেৰাই যাব ধৰিছে। ছাত্তাৰভায়ে অনুমান কৰামতে ৫০০ ৰপৰা ৬০০ ঘৰ পৰিয়াল থকা এই মুছলমান গাওঁখনৰ এক-চতুৰ্থাংশইহে এতিয়া বোৱা-কটাৰ কাম অব্যাহত ৰাখিছে।
আব্দুল ছাত্তাৰ আনচাৰিৰ দৰে শিপিনীসকলে ভাবে যে পৰিয়ালৰ এই পৰম্পৰা তেওঁলোকৰ সৈতেই মৃত্যু ঘটিব।
ফটো এলবাম চাওকঃ তুষাৰঃ জহি যোৱা লেটা