‘আমি গোপন পথ এটাৰে ঘৰৰ পৰা ওলাই গ’লো। কিন্তু আমি কি কৰিম? অন্ততঃ আমাৰ লগত পাচি তৈয়াৰ কৰা কেঁচামাল থকাহেঁতেন, আমি ঘৰত বহি পাচি তৈয়াৰ কৰি বিক্ৰীৰ বাবে সাজু কৰিলোহেঁতেন।’ তেলাংগনাৰ কাঙাল গাঁৱৰ পাচি তৈয়াৰ কৰা এদল লোকে কয়। তেওঁলোকৰ গোপন পথ? সেইটো পথত পুলিচৰ বাধাও নাই আৰু গাওঁবাসীয়ে কাইটীয়া গছৰ ডালেৰে বন্ধ কৰি ৰখাৰ সমস্যাও নাই।
৪ এপ্ৰিলত নেলিগুন্ধাৰশি ৰামুলাম্মাই চাৰিগৰাকী মহিলা আৰু এজন পুৰুষক লগত লৈ এখন অটোৰিক্সাৰে পুৱা প্ৰায় ৯ বজাত কাঙাল গাঁৱৰ পৰা ৭ কিলোমিটাৰ দূৰত থকা সৰু গাওঁ ৱেল্লিদান্দুপাড়ালৈ গ’ল। তাৰ পৰা খেজুৰ গছৰ পাত আনিবলৈ গৈছিল। খেজুৰ গছৰ পাতেৰে তেওঁলোকে পাচি তৈয়াৰ কৰে। তেওঁলোকে সাধাৰণতে ৰাজহুৱা মাটিত থকা বা কোনো লোকৰ পথাৰৰ পৰা খেজুৰ পাত সংগ্ৰহ কৰে। কৃষকৰ পৰা ল’লে তেওঁলোকক দুই-এটা পাচি দিব লাগে।
কাঙালৰ পাচি তৈয়াৰ কৰা লোকৰ বাবে মাৰ্চৰ পৰা মে’ মাহৰ সময়খিনি অতি গুৰুত্বপূৰ্ণ। তেলাংগনাৰ চৰকাৰী তালিকাভুক্ত অনুসূচিত জনজাতিৰ য়েৰুকুলা সম্প্ৰদায়ৰ এইসকল লোকে এই সময়খিনিত বিক্ৰীৰ বাবে পাচি বনোৱা সামগ্ৰী সাজু কৰে। এই কেইমাহমানৰ প্ৰখৰ ৰ’দৰ তাপত তেওঁলোকে খেজুৰ পাতবিলাক শুকুৱাই লয়।
বছৰৰ আন সময়খিনিত তেওঁলোকে কৃষিশ্ৰম কৰি দৈনিক ২০০ টকা মজুৰী লাভ কৰে। কপাহ চপোৱাৰ সময়ত- ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে কিছুমানে এদিনতে ৭০০-৮০০ টকা পৰ্যন্ত উপাৰ্জন কৰে। কিন্তু কাম পোৱাৰ ওপৰত নিৰ্ভৰ কৰি গোটেই সময়খিনিত মাজে মাজে কাম কৰি যায়।
পাচি বিক্ৰীৰ পৰা হোৱা উপাৰ্জন এইবাৰ ক’ভিড-১৯ তলাবন্ধৰ বাবে একেবাৰে স্থবিৰ হৈ পৰিল। ‘যিসকলৰ টকা আছিল, তেওঁলোকৰো শেষ হ’ল। আমাৰ নাই, সেইকাৰণে আমি (খেজুৰপাত বিচাৰি) ওলাই আহিছো। এনেয়ে কিয় এনেকৈ ওলাই আহিম?’ প্ৰায় ৭০ বছৰ বয়সীয়া ৰামুলাম্মাই কয়।
৩০-৩৫ টা পাচি তৈয়াৰ কৰিবলৈ ৰামুলাম্মাৰ ছয়জনীয়া গোটটোৱে দিনে ৫-৬ ঘণ্টাকৈ কাম কৰিলে ২-৩ দিনৰ বেছি সময় নালাগে। পৰিয়ালৰ সকলোৱে একেলগে কাম কৰে। ৰামুলাম্মাই কোৱা মতে কাঙাল গাঁৱত বাস্কেট তৈয়াৰ কৰা এনেধৰণৰ ১০ টা গোট আছে। নালগোন্দা জিলাৰ কাঙাল মণ্ডলৰ গাওঁখনত বসবাস কৰা ৭,০০০ লোকৰ প্ৰায় ২০০ জন অনুসূচীত জনজাতি সম্প্ৰদায়ৰ।
‘খেজুৰ পাতৰ পৰা আমি প্ৰথমতে কাইটবিলাক এৰুৱাই ল’ব লাগে। তাৰপিছত পানীত গোৰাই থওঁ। ইয়াৰ পিছত শুকুৱাই লৈ পাতবিলাক মিহিকৈ ফালি লওঁ। ইয়াৰ পিছত পাচি বা আন বস্তু তৈয়াৰ কৰো।’ ৰামুলাম্মাই কয়, ‘সকলো কৰা হ’ল, কিন্তু তলাবন্ধৰ কাৰণে বিক্ৰী কৰিব নোৱাৰো।’
পাচিবিলাক ল’বলৈ ৭-১০ দিনৰ মুৰে মুৰে হায়দৰাবাদৰ পৰা এজন ব্যৱসায়ী আহে। তেওঁলোকে একোটা পাচি ৫০ টকাত বিক্ৰী কৰে আৰু মাৰ্চৰ পৰা মে’ মাহৰ ভিতৰত দিনে ১০০-১৫০ টকা উপাৰ্জন কৰে। কিন্তু ‘বিক্ৰী কৰিব পাৰিলেহে আমি নগদ টকা পাওঁ’ বুলি ২৮ বছৰীয়া নেলিগুন্ধাৰশি সুমথিয়ে কয়।
তলাবন্ধৰ পিছত (তেলাংগনাত ২৩ মাৰ্চত আৰম্ভ হৈছিল) ব্যৱসায়ীজন কাঙাললৈ অহা নাই। ‘সপ্তাহত এবাৰ বা দুবাৰ আহি আমাৰ পৰা পাচি লৈ ট্ৰাকত ভৰ্তি কৰি নিয়ে। আন বহুতৰ পৰাও পাচি কিনি লয়।’ নেলিগুন্ধাৰশি ৰামুলুয়ে কয়। ৪০ বছৰীয়া এই মহিলাগৰাকীয়ে তলাবন্ধই সৃষ্টি কৰা পৰিস্থিতিৰ অৱৰ্ণনীয় বহু কথা কয়।
ৰামুলু আৰু তেওঁৰ সহকৰ্মীসকলে তৈয়াৰ কৰা পাচিবিলাক বহু মানুহ গোটখোৱা ভোজ আদিৰ ভাতৰ পানী যাবলৈ বা আন খাদ্যবস্তুৰ তেল ওলাই যোৱাৰ বাবে ব্যৱহাৰ কৰা হয়। ১৫ মাৰ্চৰ পৰা তেলাংগনা চৰকাৰে এনেধৰণৰ জনসমাগম নিষিদ্ধ ঘোষণা কৰিছে।
২৫ মাৰ্চৰ তেলুগু নৱবৰ্ষ ‘উগাড়ি’ উপলক্ষে এসপ্তাহৰ আগতে লৈ যোৱা পাচিবিলাক এতিয়া ব্যৱসায়ীৰ ঘৰত পৰি আছে। তলাবন্ধ যদি শিথিল কৰে বা প্ৰত্যাহাৰ কৰে, তেতিয়াও বিবাহ বাহৰ বা আন সভা-সমিতি অনুষ্ঠিত হোৱা স্থানসমূহ মুকলি কৰাৰ পিছত স্থানীয় ব্যৱসায়ী তেওঁলোকৰ ওচৰলৈ আহিব।
‘তেওঁ আমাক কথা দিছে (ফোনত) যে আমাৰ পৰা সকলো পাচি (তলাবন্ধৰ পিছত) ক্ৰয় কৰিব,’ সুমথিয়ে কয়। এই বস্তুবিলাক যিহেতু নষ্ট হৈ নাযায়, সেয়ে তেওঁ আৰু আন পাচি তৈয়াৰ কৰাসকল আশাবাদী যে তেওঁলোকৰ ক্ষতি নহ’ব। কিন্তু কাঙালৰ প্ৰতিঘৰত পাচি বহুত জমা হৈ গৈছে, তলাবন্ধ প্ৰত্যাহাৰ কৰাৰ পিছত প্ৰতিটো পাচিৰ দাম কিমান কমিব, সেই লৈ স্পষ্টকৈ ক’ব পৰা নাযায়।
উগাড়িৰ এসপ্তাহৰ আগতে স্থানীয় ব্যৱসায়ীয়ে তেওঁলোকৰ পাচি ক্ৰয় কৰাৰ বাবে তলাবন্ধৰ আগতে অলপ টকা পাইছিল। নেলিগুন্ধাৰশি য়াডাম্মা (অৰ্থাৎ ৰামুলুৰ পত্নী)ই সেই টকাৰে বজাৰৰ পৰা ১০ দিনৰ বাবে খোৱাবস্তু কিনি আনিছিল। পাচি বনোৱাসকলে সাধাৰণতে চাউল, দাইল, চেনী, জলকীয়া গুড়ি আৰু তেল আৰু আন অত্যাৱশ্যকীয় সামগ্ৰী স্থানীয় বজাৰ আৰু সুলভ মূল্যৰ দোকানৰ পৰা ক্ৰয় কৰে। ৪ এপ্ৰিলত যেতিয়া মই য়াডাম্মাক সাক্ষাৎ কৰো, তেতিয়া বজাৰৰ পৰা অনা চাউল শেষ হৈছিল আৰু আগৰ মাহৰ ৰেচনৰ বাকী থকা অলপ বস্তুৰে তেতিয়া ৰান্ধি আছিল। তেলাংগনাত এটা পৰিয়ালৰ প্ৰতিজন সদস্যই প্ৰতি কিলোগ্ৰামত ১ টকা দামত ৰাজহুৱা বিতৰণ ব্যৱস্থা (পি.ডি.এছ.)ৰ অধীনত সুলভ মূল্যৰ ৰেচনৰ দোকানৰ পৰা পায়। কিন্তু বজাৰৰ পৰা ক্ৰয় কৰা চাউলৰ প্ৰতি কিলোৰ মূল্য ৪০ টকা।
যি নহওঁক, তলাবন্ধৰ যথেষ্ট পূৰ্বে য়াডাম্মা আৰু আন লোকসকলে কাঙালৰ পি.ডি.এছ. দোকানৰ পৰা ক্ৰয় কৰা চাউল ৰান্ধে, সেই চাউল আঠাৰ দৰে লাগি ধৰে আৰু বেয়া গোন্ধ ওলায়। য়াডাম্মাই ব্যংগ কৰি কয়, ‘খুব সোৱাদ লগা চাউল আছিল, খাই খাই মৰি যাব পাৰি।’
পি.ডি.এছ. দোকানৰ পৰা ৰেচনৰ চাউল নিয়মীয়াকৈ এতিয়াও তেওঁলোকে আনে। তেওঁলোকৰ ভয় এয়ে যে ৰেচনৰ বস্তু আনি নাথাকিলে তেওঁলোকে ৰেচন কাৰ্ড হেৰুৱাবলগা হ’ব পাৰে। য়াডাম্মাই সেই চাউল খুন্দি গুড়ি কৰি আবেলি খাবলৈ দুই সন্তান, স্বামী আৰু তেওঁৰ নিজৰ বাবে পিঠা তৈয়াৰ কৰ। তলাবন্ধৰ আগলৈকে তেওঁলোকে বজাৰৰ পৰা অনা মিহি চাউল আৰু শাক-পাচলিৰে দুপৰীয়া আৰু নিশাৰ আহাৰ ৰান্ধিছিল। ভাল চাউল, শাক-পাচলি আৰু আন প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ সমৰ্থ হোৱাৰ বাবে পাচি তৈয়াৰ কৰা লোকসকলক নিয়মীয়া উপাৰ্জনৰ দৰকাৰ। ‘আমাৰ নিচিনা দুৰ্বল জাতিৰ বাবে এয়ে সমস্যা।’ ৰামুলাম্মাই কয়।
ভাৰতীয় খাদ্য নিগমৰ গুদামত জমা থকা খাদ্যশস্য ৰাজ্য চৰকাৰে বিতৰণ কৰিছে। পাৰ চৰায়ে এৰা মল, ঘৰচিৰিকাৰ পাখি, মেকুৰীৰ প্ৰস্ৰাৱ আৰু কীট-পতংগ, পোক-পৰুৱা, উইপোক বা গুবৰুৱা আদিয়ে চাউল বা খাদ্যশস্য নষ্ট কৰিব পাৰে বুলি ভাৰতীয় খাদ্য নিগমৰ মান নিয়ন্ত্ৰক বিষয়াই কয়। এসময়ত বীজাণু আৰু পোক-পৰুৱাৰ পৰা ৰক্ষা পাবলৈ মিঠাইল ব্ৰ’মাইড আৰু ফছফাইনৰ দৰে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হৈছিল, যাৰ গোন্ধ পঁচা নহৰুৰ দৰে। সেয়ে হয়তো কাঙালৰ মানুহে সুলভ মূল্যৰ দোকানৰ পৰা পোৱা খাদ্য-সামগ্ৰীৰ মান ভাল নহয়। ‘আমাৰ ল’ৰা-ছোৱালীয়ে এই চাউলৰ ভাত নাখায়,’ আন এগৰাকী পাচি তৈয়াৰ কৰা মহিলা নেলিগুন্ধাৰশি ভেংকটাম্মাই কয়।
এতিয়া চাউলবিলাক আগতকৈ অলপ ভাল হৈছে। ৰামুলু আৰু তেওঁৰ পৰিয়াল তথা কাঙালৰ আন বাসিন্দাই পৰিয়ালৰ প্ৰতিজনৰ বাবে ১২ কিলোকৈ চাউল আৰু ৰাজ্য চৰকাৰৰ ক’ভিড-১৯ সাহায্য হিচাপে প্ৰতি পৰিয়ালে ১৫০০ টকা পাইছে। এতিয়ালৈকে তেওঁলোকে দুবাৰ পাইছে- এপ্ৰিল আৰু মে’ মাহৰ বাবে। ৰামুলুৱে কয়, ৰেচনৰ দোকানে আগতে দিয়া চাউলৰ তুলনাত এতিয়া দিয়া চাউলৰ মান অলপ ভাল হৈছে। ৬ মে’ত তেওঁ মোক ফোনত কয় যে ‘সাহায্য হিচাপে দিয়া সকলো চাউল ভাল নহয়। কিছুমান ভাল, কিছুমান ভাল নহয়। এতিয়া আমি তাকে খাইছো। কিছুমানে বজাৰৰ পৰা অনা ভাল চাউলৰ লগত মিহলি কৰি ৰেচনৰ চাউল ৰান্ধি খাইছে।’
১৫ এপ্ৰিলত ৰামুলুক যেতিয়া মই লগ পাইছিলো, সেই সময়ত কাঙালত চৰকাৰী ধান সংগ্ৰহ কেন্দ্ৰত তেওঁ দৈনিক মজুৰীভিত্তিক কাম পাইছিল। সাধাৰণতে এপ্ৰিল আৰু মে’ মাহত এই কাম পোৱা যায়। কিন্তু বহুত মানুহে ইয়াত কাম বিচাৰি আহে, সেয়ে তেওঁ এদিন বাদে এদিন কাম পায়, দিনে ৫০০ টকা মজুৰী পায়। ৰৈ ৰৈ পোৱা এনে মজুৰিৰ কাম মে’ মাহত প্ৰায় তৃতীয় সপ্তাহলৈ পোৱা যায়। তেতিয়ালৈ ধান সংগ্ৰহৰ কাম প্ৰায় সম্পূৰ্ণ হয়।
ৰামুলাম্মা, য়াডাম্মা আৰু আন মহিলাসকলেও দিনে ২০০-৩০০ টকা মজুৰীত মাজে-সময়ে এনে কাম কৰিছে। ‘কপাহৰ পথাৰত কপাহ চপোৱাৰ পিছত ৰৈ যোৱা অলাগতিয়াল অংশ সংগ্ৰহ কৰিবলৈ আমি ওলাইছিলো,’ ১২ মে’ৰ পুৱা ফোনত য়াডাম্মাই মোক কৈছিল।
তেওঁ আৰু কাঙালৰ আন পৰিয়ালবিলাকে অহা কেইমাহত কি খাব সেয়া নিৰ্ভৰ কৰিব পি.ডি.এছ.ৰ দোকানৰ ৰেচনৰ মানদণ্ড বা চৰকাৰী সাহায্যৰ সামগ্ৰীৰ ওপৰত। যদি পাচি বিক্ৰী কৰিব পাৰে অথবা পথাৰত শ্ৰমিকৰ কাম পায়, তাৰ ওপৰতো নিৰ্ভৰ কৰিব।
১ মে’ত কেন্দ্ৰীয় গৃহ পৰিক্ৰমাৰ নতুন তলাবন্ধৰ নিৰ্দেশাৱলী মতে, বিবাহ আদি উৎসৱত বিবাহ বাহৰত খুব বেছি ৫০ জন লোক সমবেত হ’ব পাৰিব- যদি তেলাংগনাত নতুন নিৰ্দেশাৱলী প্ৰয়োগ হয়, তেন্তে পাচি বিক্ৰী ব্যৱসায় আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ৰামুলুৱে কয় যে যিমানদূৰ জনা যায়, ‘এতিয়ালৈকে আমি পাচি ব্যৱসায়ীৰ পৰা ফোন পোৱা নাই, আমি অপেক্ষা কৰিছো।’
‘পাচিবিলাক ৫-৬ মাহলৈকে বেয়া নহয় বা নাভাঙে, কিন্তু পাচি ব্যৱসায়ীয়ে এতিয়ালৈকে আমাৰ লগত যোগাযোগ কৰা নাই। ক’ৰনা এতিয়াও শেষ হোৱা নাই,’ ৰামুলাম্মাই কয়।
অনুবাদ: পংকজ দাস