‘মই অলপ শাক-পাচলি বিক্ৰী কৰিলো, বিশেষ লাভ নহ’ল। আমি ঘৰত কাম নোহোৱাকৈ এনেয়ে বেছিভাগ সময় কটাইছো। ওচৰৰ চিমেণ্ট কাৰখানা চলি আছে, কিন্তু আমি কাম কৰিবলৈ যোৱা নাই।’ কচ্চ জিলাৰ লাখপট তালুকৰ মৰি গাঁৱৰ পৰা কৰিম জাঠে মোক ক’লে। ফকিৰাণী জাঠ সম্প্ৰদায়ৰ কৰিম জাঠ এজন মালধাৰী (পশুপালক)। কচ্চৰ স্থানীয় ভাষাত ‘মাল’ মানে পশু আৰু ‘ধাৰী’ মানে গৰাকী বা মালিক। গোটেই কচ্চত মালধাৰীসকলে গৰু-ম’হ, উট, ঘোৰা, ভেড়া ছাগলী আৰু ছাগলী চৰায়।
কৰিমে উল্লেখ কৰা শাক-পাচলি আচলতে ওচৰৰ বজাৰৰ পৰা কিনি আনিছিল যদিও তেওঁ কোৱা মতে বিক্ৰী কৰি ভাল দাম নাপালে। কেইকিলোমিটাৰমান দূৰৰ নগৰত এটা চিমেণ্টৰ কাৰখানা আছে, কিন্তু তলাবন্ধৰ কাৰণে কৰিম বা আন ফকিৰাণী জাঠসকলৰ বাবে ঘৰৰ পৰা ওলোৱা টান হৈ পৰিছে। তদুপৰি কাৰখানাটোত ইতিমধ্যে যথেষ্ট শ্ৰমিক আছে, বেছিসংখ্যক পশ্চিমবংগ আৰু আন ঠাইৰ প্ৰব্ৰজনকাৰী শ্ৰমিক, এতিয়াও বহুত ইয়াত আছে, ঘৰলৈ উভতি যাব নোৱাৰিলে। স্থানীয় লোক আৰু প্ৰব্ৰজনকাৰী শ্ৰমিকৰ মাজৰ সম্পৰ্ক কেতিয়াও ভাল নাছিল।
কৰিম জাঠে মোক ক’লে যে তলাবন্ধৰ কাৰণে এইবাৰ তেওঁ ভাৰত-পাকিস্তানৰ সীমান্তৰ ওচৰত থকা সাৱলা পীৰ দৰগাহলৈ যাব নোৱাৰিব, তাত মেলা অনুষ্ঠিত হয়। ‘পৱিত্ৰ ৰমজান মাহ আৰম্ভ হ’ল। ঈদলৈ এমাহৰো কম সময় আছে।’ তেওঁ কয় আৰু উদ্বেগ প্ৰকাশ কৰে, ‘ঈদ এইবাৰ আগৰ নিচিনা নহ’ব।’
লাখপট তালুকৰ এগৰাকী মহিলা আছিল কচ্চৰ প্ৰথম ক”ভিড-১৯ত সংক্ৰমিত ৰোগী, তেওঁ বিদেশৰ পৰা আহিছিল। মাৰ্চত তেওঁক ভূজলৈ লৈ গৈ পৰীক্ষা কৰাৰ পিছত আক্ৰান্ত হোৱা বুলি নিশ্চিত হয়। লাখপট হৈছে অধিকাংশ উটপালকৰ স্থান।
২৪ মাৰ্চত যেতিয়া তলাবন্ধৰ ঘোষণা হ’ল, তাৰ পিছত কচ্চৰ সকলো কাম-কাজ স্থবিৰ হৈ পৰিল। উটপালকসকল গভীৰ প্ৰত্যাহ্বানৰ মুখামুখি হ’ল। কিয়নো নিজৰ ঘৰৰ পৰা যথেষ্ট দূৰত তেওঁলোক থাকে আৰু উটবিলাক চৰায়। তেওঁলোক থকা আৰু উট চৰোৱা ঠাইবিলাক সীমান্তৰ একেবাৰে কাষত বা সীমান্তত, সেয়ে অতি স্পৰ্শকাতৰ অঞ্চলৰূপে চিহ্নিত, অতি কঠোৰ নিৰাপত্তাৰ নিয়ম-নীতিৰ মাজত চলিব লাগে। হঠাতে ঘোষণা কৰা তলাবন্ধৰ বাবে বহুতো মালধাৰী ঘৰলৈ উভতি অহাৰ সময় নাপালে বা তাত থকা তেওঁলোকৰ পৰিয়ালৰ বাবে যথেষ্ট পৰিমাণৰ খোৱাবস্তু সংগ্ৰহ কৰিবও নোৱাৰিলে।
চৰণীয়া পথাৰ এৰি দিয়াৰ পিছত তেওঁলোকৰ উটবিলাকৰ খাদ্যৰ অভাৱ হোৱা নাই বুলি তেওঁলোকে কয়। যদি তলাবন্ধৰ ম্যাদ পুনৰ বৃদ্ধি কৰে, তেন্তে উটবিলাকক খুওৱাই থকা সমস্যা হ’ব। ইফালে তীব্ৰগতিত গ্ৰীষ্মৰ উত্তাপ বাঢ়ি আহিছে।
নসত্ৰানা ব্লকত চৰণীয়া পথাৰৰ কাষত থকা কিছুমান পশুপালকৰ ওচৰলৈ আৰক্ষী আহিছিল আৰু ঘূৰি নুফুৰিবলৈ তেওঁলোকক পৰামৰ্শ দিয়া বুলি স্থানীয় মানুহে আমাক ফোনত ক’লে। পশুপালকসকলে ইফালে-সিফালে যাবলৈ চেষ্টা কৰিব পাৰে, ৰেচনৰ বাবে বা আন কামৰ বাবে নিজৰ গাঁৱলৈ যোৱাৰ চেষ্টা কৰিব পাৰে, কিন্তু এতিয়া সেয়াও কঠিন হৈ পৰিছে।
গুলমমদ জাঠৰ দৰে আন বহুতো লাখপটৰ পশুপালকে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বিপণীৰ পৰা খাদ্য-সামগ্ৰী তথা আন অত্যাৱশ্যকীয় সামগ্ৰী লাভ কৰাৰ ক্ষেত্ৰত সমস্যাত ভূগিছে। ‘পৰিচয়ৰ প্ৰমাণ হিচাপে ৰেচন কাৰ্ডবিলাক আমি লগত লৈ ফুৰো, কিন্তু ইয়াৰ ফলত ৰেচনৰ দোকানৰ পৰা বস্তু লোৱাৰ ক্ষেত্ৰত একো লাভ নহয়, আৰু বহুতো পৰিয়ালৰ এই সমস্যা হয়,’ তেওঁ কয়।
ভূজৰ পশুপালন কেন্দ্ৰৰ প্ৰজনন আঁচনিৰ আঁত ধৰোতা ৰমেশ ভাটিয়ে কয় যে এনেকুৱা প্ৰায়ে হয়। বহুতো উট পালক ঘৰৰ পৰা ১০-২০ কিলোমিটাৰ দূৰৰ জংঘলৰ ওচৰত বা সীমান্ত অঞ্চলত থাকে, ‘গাওঁবাসী বা চৰকাৰৰ লগত তেওঁলোকৰ যোগাযোগ নোহোৱা হৈ পৰে। আন ঠাইত ঘূৰি ফুৰাৰ সময়ত বহুতো লেকে তেওঁলোকৰ ৰেচন কাৰ্ড ঘৰত থৈ যায়। এতিয়া উটৰ গাখীৰৰ ক্ৰেতা নোহোৱা হ’ল বা মালধাৰীসকলৰ আন বস্তুও বিক্ৰি কৰিব নোৱাৰা হ’ল। তেওঁলোকে অত্যাৱশ্যকীয় সামগ্ৰী কিনিব নোৱাৰা হ’ল। কাৰণ কিছুমান গাঁৱত তেওঁলোকক সোমাবলৈ নিদিব পাৰে।’
উট চৰাই ঘূৰি ফুৰাৰ সময়ত পুৰুষসকলে গাখীৰ আৰু ৰুটি খায়, ঘৰত থকা মহিলা আৰু সন্তানৰ কাৰণে খাদ্য-সামগ্ৰীৰ দৰকাৰ হয় বুলি ভাটিয়ে কয়। সৌভাগ্যক্ৰমে, তেওঁ কয়, ‘যোৱা কেইদিনমানৰ পৰা অলপ গাড়ী-মটৰ চলিবলৈ আৰম্ভ কৰিছে। কিন্তু ইতিমধ্যে তেওঁলোক ব্যাপক লোকচানৰ মুখামুখী হৈছে।’
এনে পৰিস্থিতিত আচল সমস্যা দুৰ্ভিক্ষ। চৰকাৰে সহজভাৱে যি ঘোষণা কৰিছে, সেয়া যথেষ্ট নহয়। ‘আঠজন সদস্য থকা এটা পৰিয়ালে যদি ১০ কিলোগ্ৰাম আটা পায়, তেওঁলোকে কিমান দিন খাব,’ তেওঁ কয়।
মালধাৰীসকলৰ অধিকাৰৰ বাবে কাম কৰা পশুপালন কেন্দ্ৰ পৰিচালনা কৰা ‘সহজীৱন’ নামৰ ভূজত থকা এটা সংগঠনে যোৱা দুসপ্তাহত ভূজৰ বিপদগ্ৰস্ত ভালেমান পৰিয়ালৰ বাবে প্ৰায় ৭০ টা ৰেচনৰ টোপোলা প্ৰস্তুত কৰে। সেই টোপোলাবোৰত আটা, কপাহ তেল, মগু দাইল, চেনী, পিয়াজ, আলু, চাউল, নিমখ, মচলা, ধনীয়া গুড়ি, হালধি আৰু সৰিয়হ থাকে। প্ৰায় দুসপ্তাহ চলিব পৰা জোখাৰে সামগ্ৰী দিয়া হৈছে। ‘তেওঁলোকক ধন্যবাদ, আমাৰ ৰেচন আমাৰ ঘৰৰ দুৱাৰ মুখত তেওঁলোকে দি গৈছে।’ কৰিম জাঠে কয়। ‘এই সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি আমি এতিয়ালৈকে চলি আছো। তলাবন্ধ যদি আৰু কঠোৰ কৰি তোলে, আমি বেছি সমস্যাত পৰিম।’
চৰকাৰে ঘোষণা কৰা মতে যদি অলপ শিথিল কৰে, তেন্তে খেতিৰ কাম অলপ আৰম্ভ হ’ব, কৰিম জাঠে কয়। ‘মই ভাবো, চৰকাৰে সেয়ে কৰিব। নহ’লে পৃথিৱীৰ মানুহে কি খাব? সকলো উদ্বিগ্ন হৈ ৰৈছে।’
অলপমান ৰেচন পালেও, একাংশ লোক আন নাটনিৰ কথা ভাবি উদ্বিগ্ন হৈছে। সেইসকলৰ ভিতৰত জাঠ আয়ুব আমীন এজন। তেওঁ মোৰ বন্ধুৰ দৰে আৰু মৰমতে আয়ুব খুড়া বুলি মাতো। তেওঁ ফকিৰাণী জাঠ সম্প্ৰদায়ৰ এজন গণ্যমান্য ব্যক্তি। ‘হয়, খাবলৈ মোৰ ৰেচন আছে,’ ফোনত তেওঁ কয়। ‘আপোনালোকৰ দৰে ভাল মানুহক সকলোৱে ধন্যবাদ জনাইছে। কিন্তু তলাবন্ধত আটাইতকৈ দুখলগা কথাটো আপোনালোকে জানেনে? মই বিড়ি খাবলৈ পোৱা নাই।’
অনুবাদঃ পংকজ দাস