‘মই অলপ শাক-পাচলি বিক্ৰী কৰিলো, বিশেষ লাভ নহ’ল। আমি ঘৰত কাম নোহোৱাকৈ এনেয়ে বেছিভাগ সময় কটাইছো। ওচৰৰ চিমেণ্ট কাৰখানা চলি আছে, কিন্তু আমি কাম কৰিবলৈ যোৱা নাই।’ কচ্চ জিলাৰ লাখপট তালুকৰ মৰি গাঁৱৰ পৰা কৰিম জাঠে মোক ক’লে। ফকিৰাণী জাঠ সম্প্ৰদায়ৰ কৰিম জাঠ এজন মালধাৰী (পশুপালক)। কচ্চৰ স্থানীয় ভাষাত ‘মাল’ মানে পশু আৰু ‘ধাৰী’ মানে গৰাকী বা মালিক। গোটেই কচ্চত মালধাৰীসকলে গৰু-ম’হ, উট, ঘোৰা, ভেড়া ছাগলী আৰু ছাগলী চৰায়।
কৰিমে উল্লেখ কৰা শাক-পাচলি আচলতে ওচৰৰ বজাৰৰ পৰা কিনি আনিছিল যদিও তেওঁ কোৱা মতে বিক্ৰী কৰি ভাল দাম নাপালে। কেইকিলোমিটাৰমান দূৰৰ নগৰত এটা চিমেণ্টৰ কাৰখানা আছে, কিন্তু তলাবন্ধৰ কাৰণে কৰিম বা আন ফকিৰাণী জাঠসকলৰ বাবে ঘৰৰ পৰা ওলোৱা টান হৈ পৰিছে। তদুপৰি কাৰখানাটোত ইতিমধ্যে যথেষ্ট শ্ৰমিক আছে, বেছিসংখ্যক পশ্চিমবংগ আৰু আন ঠাইৰ প্ৰব্ৰজনকাৰী শ্ৰমিক, এতিয়াও বহুত ইয়াত আছে, ঘৰলৈ উভতি যাব নোৱাৰিলে। স্থানীয় লোক আৰু প্ৰব্ৰজনকাৰী শ্ৰমিকৰ মাজৰ সম্পৰ্ক কেতিয়াও ভাল নাছিল।
কৰিম জাঠে মোক ক’লে যে তলাবন্ধৰ কাৰণে এইবাৰ তেওঁ ভাৰত-পাকিস্তানৰ সীমান্তৰ ওচৰত থকা সাৱলা পীৰ দৰগাহলৈ যাব নোৱাৰিব, তাত মেলা অনুষ্ঠিত হয়। ‘পৱিত্ৰ ৰমজান মাহ আৰম্ভ হ’ল। ঈদলৈ এমাহৰো কম সময় আছে।’ তেওঁ কয় আৰু উদ্বেগ প্ৰকাশ কৰে, ‘ঈদ এইবাৰ আগৰ নিচিনা নহ’ব।’
লাখপট তালুকৰ এগৰাকী মহিলা আছিল কচ্চৰ প্ৰথম ক”ভিড-১৯ত সংক্ৰমিত ৰোগী, তেওঁ বিদেশৰ পৰা আহিছিল। মাৰ্চত তেওঁক ভূজলৈ লৈ গৈ পৰীক্ষা কৰাৰ পিছত আক্ৰান্ত হোৱা বুলি নিশ্চিত হয়। লাখপট হৈছে অধিকাংশ উটপালকৰ স্থান।
২৪ মাৰ্চত যেতিয়া তলাবন্ধৰ ঘোষণা হ’ল, তাৰ পিছত কচ্চৰ সকলো কাম-কাজ স্থবিৰ হৈ পৰিল। উটপালকসকল গভীৰ প্ৰত্যাহ্বানৰ মুখামুখি হ’ল। কিয়নো নিজৰ ঘৰৰ পৰা যথেষ্ট দূৰত তেওঁলোক থাকে আৰু উটবিলাক চৰায়। তেওঁলোক থকা আৰু উট চৰোৱা ঠাইবিলাক সীমান্তৰ একেবাৰে কাষত বা সীমান্তত, সেয়ে অতি স্পৰ্শকাতৰ অঞ্চলৰূপে চিহ্নিত, অতি কঠোৰ নিৰাপত্তাৰ নিয়ম-নীতিৰ মাজত চলিব লাগে। হঠাতে ঘোষণা কৰা তলাবন্ধৰ বাবে বহুতো মালধাৰী ঘৰলৈ উভতি অহাৰ সময় নাপালে বা তাত থকা তেওঁলোকৰ পৰিয়ালৰ বাবে যথেষ্ট পৰিমাণৰ খোৱাবস্তু সংগ্ৰহ কৰিবও নোৱাৰিলে।
চৰণীয়া পথাৰ এৰি দিয়াৰ পিছত তেওঁলোকৰ উটবিলাকৰ খাদ্যৰ অভাৱ হোৱা নাই বুলি তেওঁলোকে কয়। যদি তলাবন্ধৰ ম্যাদ পুনৰ বৃদ্ধি কৰে, তেন্তে উটবিলাকক খুওৱাই থকা সমস্যা হ’ব। ইফালে তীব্ৰগতিত গ্ৰীষ্মৰ উত্তাপ বাঢ়ি আহিছে।
নসত্ৰানা ব্লকত চৰণীয়া পথাৰৰ কাষত থকা কিছুমান পশুপালকৰ ওচৰলৈ আৰক্ষী আহিছিল আৰু ঘূৰি নুফুৰিবলৈ তেওঁলোকক পৰামৰ্শ দিয়া বুলি স্থানীয় মানুহে আমাক ফোনত ক’লে। পশুপালকসকলে ইফালে-সিফালে যাবলৈ চেষ্টা কৰিব পাৰে, ৰেচনৰ বাবে বা আন কামৰ বাবে নিজৰ গাঁৱলৈ যোৱাৰ চেষ্টা কৰিব পাৰে, কিন্তু এতিয়া সেয়াও কঠিন হৈ পৰিছে।










