সমগ্ৰ বিশ্বই এক বিপজ্জনক আৰু অশান্ত সময়ৰ মুখামুখি হোৱা বাবেই মই এই গীতটি লিখিবলগীয়া হৈছে। যিসময়ত আমি তলাবন্ধ কাৰ্যকৰী কৰি দুৱাৰৰ খিলি মাৰি নিজৰ ঘৰৰ ভিতৰত সোমাই আছো, সেই সময়ত শত-সহস্ৰ লোকে তেওঁলোকৰ দূৰ-দূৰণিত থকা ঘৰলৈ খোজকাঢ়ি যাত্ৰা কৰিবলৈ ধৰাৰ বিষয়ে ভবাই নাছিলো। এই ঘটনাই মোক দুখ দিয়াৰ লগতে নিদাৰুণ যন্ত্ৰণা দিছে। আমাৰ এই উন্নত দেশত, এখন মহান দেশত, যিখন দেশত বহুক্ষেত্ৰত আমি নিজক পথিকৃত বুলি দাবী কৰো, সেইখন দেশত কোটি কোটি মানুহে খোজকাঢ়ি যাবলগা হৈছে বহুদূৰ পথ। যি যাত্ৰাৰ অন্তত তেওঁলোকৰ এখন ঠাই পাব, য’ত জিৰণি ল’ব। সেই ঠাইখন হ’ল তেওঁলোকৰ পৰিয়ালৰ সৈতে নিজৰ ঘৰ। এই ঘটনাই মোক বিষাদগ্ৰস্ত কৰি তুলিছে।
ঘৰত থাকিব? কিমান মানুহৰ দৰাচলতে এখন ঘৰ আছে? তেওঁলোকে বহুদূৰ পথ, শ শ কিলোমিটাৰ খোজকাঢ়ি গৈ থাকোতে কোনোবাই পথতে মৃত্যুক আকোৱালি লৈছে। সেই খোজকঢ়া ভৰিবিলাক, সেই শিশুবিলাক, সেই সকলো দৃশ্য যেতিয়া মই দেখিছিলো, তেতিয়া এই যন্ত্ৰণাকাতৰ হৃদয় বিদাৰক কান্দোন প্ৰকাশ কৰাৰ তাগিদা অনুভৱ কৰিছিলো। এনে ঘটনা আমাৰ দেশতে সীমাবদ্ধ বুলি মই নাভাবো। এই ভয়াৱহ দুখ-যন্ত্ৰণাৰ সাক্ষী সমগ্ৰ পৃথিৱী। মই প্ৰব্ৰজনকাৰীসকলৰ বিষাদগাথা ক’ব বিচাৰিছো। এখন ঠাইৰ পৰা আন এখন ঠাইলৈ মানুহৰ অবিৰত যাত্ৰা- এনে এক পৰিস্থিতিত যেতিয়া বহুতে ক’ৰণাভাইৰাছৰ কথা ভাবিছে, সেই সময়ত তেওঁলোকে মানুহৰ কথা ভবা নাই। এই বিষাদেই মোক এনে এটা গীত সৃষ্টি কৰিবলৈ বাধ্য কৰাইছে।
মই মনৰ পৰিভ্ৰমী। গোটেই পৃথিৱী চাব বিচাৰো। গোটেই পৃথিৱীখন ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিবৰ মন যায়। মনত মই সযতনে পুহি ৰাখিছো মানুহৰ বাবে সীমাহীন ভালপোৱা, যিসকলৰ জীৱন মই দৃশ্যায়িত কৰিব বিচাৰো। মানুহৰ ভাল পোৱা, মানুহৰ জীৱনক প্ৰকাশ কৰাৰ প্ৰতি থকা প্ৰৱল আবেগৰ পৰাই মোৰ এই গীতৰ জন্ম।
গীতৰ কথা এনেধৰণৰঃ
ঘৰত কণমানিহঁত ভালে আছেনে?
মই ভাবি আচৰিত হওঁ সিহঁতক মোৰ বৃদ্ধ মাতৃয়ে কি খুৱাইছে?
আমি জীয়াই থাকিবলৈ নিতৌ কঠোৰ পৰিশ্ৰম কৰো
জীৱিকাৰ বাবে অনাই-বনাই ঘূৰো
দেশখন মহান হ’ব পাৰে
কিন্তু আমাৰ জীৱনবোৰ দুৰ্ভগীয়া
এই চয়তান ৰোগে আমাক আঘাত হানিছে
আৰু আমাৰ জীৱন দুৰ্বিসহ কৰি তুলিছে
এয়া কি জীৱন? এয়া কি জীৱন?
এক দুৰ্ভগীয়া জীৱন? পুতৌলগা জীৱন?
এক শোচনীয় জীৱন, এক বিধ্বস্ত জীৱন
দাৰিদ্ৰ্যতকৈ আন কিবা বেয়া ৰোগ আছেনে?
নিজৰ পৰিয়ালৰ লগত থকাতকৈ ভাল আন কিবা সান্তনা আছেনে?
এনে দুৰ্যোগৰ সময়ত ঘৰত থাকিব পৰাটোৱে যথেষ্ট আছিল
অন্ততঃ আমি একেলগে বাচি থাকিলোহেঁতেন, জোল-লুথুৰী খাই
কণমানিহঁতৰ ছবি মোৰ চকুৰ আগত অনবৰতে ভাঁহি থাকে
মোৰ পত্নিৰ শোকে মোক খেদি লৈ ফুৰে
কি কৰোঁ, তেন্তে মই কি কৰোঁ? মই কি কৰিব পাৰো?
কি কৰা যায়? মই কি কৰিব পাৰো?
বাছ-ৰেলগাড়ী মোক নালাগে অ’ চাৰু
মোক যাবলৈ দিয়ক মালিক ! মই খোজকাঢ়িয়ে ঘৰলৈ যাম
বাছ-ৰেলগাড়ী মোক নালাগে অ’ চাৰু
মোক যাবলৈ দিয়ক মালিক ! মই খোজকাঢ়িয়ে ঘৰলৈ যাম!
ঘৰত কণমানিহঁত ভালে আছেনে?
মই ভাবি আচৰিত হওঁ সিহঁতক মোৰ বৃদ্ধ মাতৃয়ে কি খুৱাইছে?
ঘৰত কণমানিহঁত ভালে আছেনে?
মই ভাবি আচৰিত হওঁ সিহঁতক মোৰ বৃদ্ধ মাতৃয়ে কি খুৱাইছে?
মোক যাবলৈ দিয়া, অ’ চাৰু! মই খোজকাঢ়িয়ে ঘৰলৈ যাম!
মোক যাবলৈ দিয়ক মালিক ! মই খোজকাঢ়িয়ে ঘৰলৈ যাম !
সুৰকাৰ, গীতিকাৰ, আৰু গায়কঃ আদেশ ৰবি
মূল তেলেগু ভাষাৰ পৰা ইংৰাজীলৈ গীতৰ কথাৰ ভাঙনিঃ কুমাৰ নৰসিংহ আৰু কিন্নেৰা মুৰ্থী
মূল তেলেগু ভাষাত আদেশ ৰবিৰ লিখনীৰ পৰা ইংৰাজীলৈ ভাঙনিঃ ৰাহুল এম.
অনুবাদঃ পংকজ দাস