নিজৰ সম্প্ৰদায়ৰ আনবোৰৰ দৰে জাট আয়ুব আমীনো এগৰাকী ওজৰ-আপত্তি নথকা সুখী মানুহ। “আমি মদ নাখাও আৰু আনৰ সম্পত্তিৰ প্ৰতি লোভ নাৰাখো। আমি নিজৰ মনৰ আহ্বান শুনো, নিজৰ ছন্দৰে চলো।”
দুবছৰ আগতে ভুজৰ এটা ধূলিময় বাটত মই জাট আয়ুব আৰু আন মালধাৰীসকলক লগ পাইছিলো। মালধাৰীসকল কচ্ছৰ যাযাবৰ উটৰখীয়া। গুজৰাটী ভাষাত মাল মানে পশু (শব্দটোৰ আক্ষৰিক অৰ্থ বস্তু) আৰু ধাৰী মানে এই পশুবোৰৰ গৰাকী। তেওঁলোকে কেৱল উটেই নহয়, ছাগলী, ভেড়া, গৰু-ম’হো পালন কৰে।
প্ৰায়ভাগ মালধাৰী লোকে গ্ৰীষ্মকাল পৰাৰ ঠিক আগে আগে মাৰ্চ-এপ্ৰিলত সেউজীয়া পশুখাদ্যৰ সন্ধানত প্ৰব্ৰজন কৰে। তেওঁলোকে জুলাই-আগষ্ট মানত নিজৰ গাঁৱলৈ উভতে, যেতিয়া বৰ্ষাকাল আৰম্ভ হয়। কি পশু তেওঁলোকে পোহে, তাৰ ওপৰত তেওঁলোক কোনফালে কেতিয়া যাব, সেয়া নিৰ্ভৰ কৰে। কিন্তু খোজ কাঢ়িলেহে তেওঁলোকৰ জীৱন চলে।
কচ্ছৰ মূল মালধাৰী সম্প্ৰদায়কেইটা হৈছে জাট, ৰাবাৰী আৰু চাম্মাসকল। তেওঁলোক হিন্দু (ৰাবাৰী) বা মুচলিম (জাট আৰু চাম্মা) হ’ব পাৰে, কিন্তু যাযাবৰী জীৱনৰ দৰ্শন একেই আৰু সম্পৰ্কও মধুৰ।
এই বিশিষ্ট মালধাৰীসকলৰ ফটো তোলাটো মোৰ কাৰণে বৰ প্ৰত্যাহ্বানৰ কাম আছিল। ওখ পাহাৰত বাস কৰা গৰখীয়াসকলৰ গোষ্ঠীগত গাঁথনি সৰল, কিন্তু কচ্ছত এই গাঁথনি বৰ জটিল আৰু বুজোতে সময় লাগে। জাটৰেই উদাহৰণ লোৱা যাওঁক, জাটসকলৰ চাৰিটা ফৈদ আছে - ফকিৰানি জাট, হাজিয়ানি জাট, দানেটা জাট আৰু গৰখীয়া জাট। তেওঁলোকৰ কিছুমানে দীৰ্ঘকাল আগতেই নিগাজি হৈছে আৰু এতিয়া গৰু-ম’হ পোহে। কেৱল ফকিৰানিসকলে উট পোহে আৰু তেওঁলোক যাযাবৰ। গোটেই বছৰটো তেওঁলোক ভ্ৰমি ফুৰে, সাধাৰণতে তেওঁলোকৰ নিজৰ তালুকটোৰ ভিতৰতে।
“সন্ত চাভলা পীৰৰ অনুগামীসকলক ফকিৰানি জাট বুলি কোৱা হয়,” আগা খান চাভলানিয়ে কয়। আগা খান ফকিৰানি জাটসকলৰ মাজৰ এগৰাকী সন্মানীয় ব্যক্তি আৰু আধ্যাত্মিক গুৰু। চাভলানিয়ে মোক কয় যে ১৬০০ খ্ৰীষ্টাব্দত চাভলা পীৰে দেৱীদাস ৰাবাৰীক এটা উট দিছিল আৰু এনেকৈয়ে ৰাবাৰীসকলে খাৰাই উট পালন কৰিবলৈ লয়, এতিয়াও তেওঁলোকে চাভলা পীৰক গভীৰ সন্মান যাঁচে।
ফকিৰানি জাটসকল সংৰক্ষণশীল আৰু কেমেৰা ভাল নাপায়। তেওঁলোকে অভ্যাগতক উটৰ গাখীৰেৰে সম্ভাষণ জনায় যদিও বেছি ফটো তুলি থকা কামটো বেয়া পায়। বহু পৰিয়ালে মই তেওঁলোকৰ জীৱন ধাৰণ কেমেৰাৰে ধৰি ৰখাৰ মোৰ আইডিয়া ভাল নাপালে আৰু নাকচ কৰিলে।
তাৰপিছত মই জাট আয়ুব আমীনক লগ পালো। কচ্ছৰ ভাচাউ তালুকৰ এগৰাকী সহজ-সৰল ফকিৰানি জাট সম্প্ৰদায়ৰ লোক। তেওঁ পৰিয়ালৰ লগত প্ৰব্ৰজন কৰে। তেওঁৰ পৰিয়ালত পত্নী খাতুন আৰু ভনী হাছীনা আৰু এজাক উট আছে। ২০১৬ত তেওঁ মোক কেমেৰাৰে তেওঁৰ জীৱন লিপিবদ্ধ কৰাৰ অনুমতি দিয়ে।
জাট সম্প্ৰদায়ে ঘাইকৈ কচ্ছী ভাষা কয় যদিও ৫৫ বছৰ বয়সীয়া আমীনে সলসলীয়াকৈ হিন্দী ক’ব পাৰে, তেওঁ ৰেডিঅ’ শুনি শুনি সেই ভাষা শিকা বুলি আমাক কয়। আন ফকিৰানি জাটৰ দৰে আমীনৰ পৰিয়ালে মৰাপাট, ৰছী আৰু কাঠেৰে তৈয়াৰী অস্থায়ী পাখ্খাত নাথাকে। তেওঁলোকে মুকলি আকাশৰ তলতে শোৱে।
যদিও ফকিৰানি জাটে দুই ধৰণৰ উট পোহে, খাৰাই আৰু কচ্ছমূলীয়, আয়ুবৰ কিন্তু এটা প্ৰজাতিৰে উট আছে। জলাহবন এই খাৰাই উটৰ বাবে অত্যাৱশ্যকীয় খাদ্যত পৰে, সেয়ে আয়ুবেও চৰণীয়া জলাহবন বিচাৰি ঘুৰি ফুৰিবলগীয়া হয়। কিন্তু নিৰ্বননিকৰণ আৰু ঔদ্যোগীকৰণৰ ফলত, বিশেষকৈ উপকূলীয় অঞ্চল, আবদাসা, লাখপট আৰু মুন্দ্ৰাত জলাহবনৰ অৱক্ষয় ঘটিছে, যদিওবা ১৯৮২ত বন বিভাগে এই উপকূলীয় অঞ্চলবোৰক সংৰক্ষিত অঞ্চল বুলি ঘোষণা কৰে। আয়ুবেই গান্দো বাভাৰ (প্ৰচ’পিচ জুলিফ্ল’ৰা) নামৰ এবিধ লতাৰ কথাও আয়ুবে কয়। এই লতাবিধে জীৱ-জন্তুৰ বাবে প্ৰয়োজনীয় ঘাঁহ-বন আৰু লতা আদি গজিব নিদিয়ে।
এই সকলো সমস্যা স্বত্ত্বেও আয়ুব আমীনে তেওঁৰ সম্প্ৰদায়ৰ আনবোৰৰ দৰেই সুখী: “দিনটোৰ শেষত আমি ৰুটি আৰু উটৰ গাখীৰ পাওঁ। আমি সেই খাই শুই যাও।”
মালধাৰীসকলৰ সৈতে কাম কৰা বেচৰকাৰী সংস্থা ভুজৰ ন্যাস সহজীৱনৰ সকলোলৈকে ধন্যবাদ । কচ্ছৰ যাযাবৰী কৃষ্টিৰ সৈতে মোৰ পৰিচয় কৰোৱা মোৰ সৃষ্টিশীল বন্ধু হাৰ্দিকা দয়ালানিলৈকো অশেষ ধন্যবাদ ।
অনুবাদ: পংকজ দাস