‘মই দিনে ১৫০ টকা উপাৰ্জন কৰিছিলো, সপ্তাহত ছদিন কাম পাইছিলো। এতিয়া মহিলাৰ কাৰণে কামেই নাই,’ থুল্লুৰ মণ্ডলৰ উদ্দাণ্ডৰায়ুনীপালেম গাঁৱৰ ভেমুৰি সুজাথা নামে মালা সম্প্ৰদায়ৰ ৩৮ বৰ্ষীয় বিধবা মহিলাগৰাকীয়ে কয়। মালা সম্প্ৰদায়ৰ সুজাথা নিজা মাটি নাই আৰু ২০১৫ৰ জানুৱাৰীৰ আগলৈকে তেঁও কৃষি শ্ৰমিক হিচাপে কাম কৰিছিল।
কিন্তু অন্ধ্ৰপ্ৰদেশ চৰকাৰে ‘বিশ্বমান’ৰ ৰাজধানী অমৰাৱতী নিৰ্মাণৰ হেতু ভূমি অধিগ্ৰহণ আৰম্ভ কৰাৰে পৰা গুণ্টুৰ জিলাত পথাৰৰ কাম বিচাৰি পোৱাটো দুৰুহ হৈ পৰিছে। ২০১৪ত অন্ধ্ৰপ্ৰদেশ আৰু টেলেংগানাৰ ৰাজ্য বিভাজন হোৱাৰ পিছৰেপৰা হায়দৰাবাদ চহৰখন দুয়োখন ৰাজ্যৰ কাৰণে এটা দশক ধৰি ৰাজধানী হৈ আহিছে, যেতিয়ালৈ অন্ধ্ৰপ্ৰদেশৰ নিজা ৰাজধানী অমৰাৱতী সাজু হৈ নুঠে।
সুজাথাৰ স্বামী ২০০৮ চনতে ঢুকাইছে। তেতিয়াৰে পৰা তাই অকলেই দুটাকৈ সন্তানক খেতিপথাৰৰ হাজিৰাৰে ডাঙৰ কৰিছে। এতিয়া দুয়োটা ল’ৰাই জীৱিকা নিৰ্বাহৰ কঠোৰ পৰিশ্ৰম কৰিছে। তাইৰ ডাঙৰটো ল’ৰা ভেমুৰি প্ৰসাদে (১৯) দশম মানৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ২০১৫ত থুল্লুৰৰ জিলা পৰিষদ স্কুলৰ পৰা আধাতে পঢ়া এৰে। এবছৰ পিছত প্ৰসাদৰ ভায়েক ভেমুৰি ৰাজাই (১৭) একেখন স্কুলৰ পৰা পঢ়া এৰে। দুয়োৱে এতিয়া কৃষ্ণা নদীৰ পাৰৰ বালি কুৱেৰীত দিন হাজিৰা কৰে আৰু সপ্তাহৰ তিনি দিনৰ কাৰণে দিনে ২০০ৰ পৰা ২৫০ টকা উপাৰ্জন কৰে- কামৰ সুবিধা সীমিত হোৱা কাৰণে সপ্তাহত তিনিদিনহে কাম পোৱা যায়।
‘এয়া হাড়ভঙা পৰিশ্ৰম, বল বহুত লাগে। আমি পুৱা ৬ বজাত যাও আৰু সন্ধ্যা ৬ বজাতহে ঘুৰি আহো...,’ ৰাজাই কয়। মহিলাক কুৱেৰীত কাম কৰিবলৈ দিয়া নহয়, ইফালে গাঁৱৰ খেতিপথাৰতো কাম নোপোৱা অৱস্থা হৈছে। সেয়ে সুজাথাৰ দৰে বহুতেই ঘৰতেই আৱদ্ধ হৈ থাকিবলগীয়া হৈছে।










