২০২২ৰ অক্টোবৰ মাহৰ আবেলি এটাৰ কথা। নিশকতীয়া বয়সস্থ মহিলা এগৰাকীয়ে বেল্লাৰিৰ ৱাদ্দু গাঁৱৰ সামূহিক কেন্দ্ৰ এটাৰ মজিয়াত বহি আছে। খুটা এটাত তেওঁ আউজি ভৰি দুটা মেলি বহিছে। চন্দুৰ তালুকৰ ২৮ কিলোমিটাৰ পাহাৰীয়া ৰাস্তাটোত খোজ কাঢ়ি তেওঁ ভাগৰি পৰিছে। এতিয়াও তেওঁ আৰু ৪২ কিলোমিটাৰ খোজ কাঢ়িব লাগিব।
চন্দুৰৰ সুশীলানগৰ গাঁৱৰ খনিৰ কৰ্মী হনুমাক্কা ৰংগন্না এগৰাকী খনিৰ বনুৱা যিয়ে বেল্লাৰি জিলা গনি কৰ্মিকাৰা সংঘৰ দ্বাৰা আয়োজিত দুদিনীয়া পদযাত্ৰাত ভাগ লৈছে। প্ৰতিবাদীসকলে উত্তৰ কৰ্ণাটকৰ বেল্লাৰী স্থিত জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত তেওঁলোকে নিজৰ দাবীপত্ৰ জমা দিবলৈ ৭০ কিলোমিটাৰ বাট খোজকাঢ়িছে। যোৱা ১০ টা বছৰত এয়া ষোল্ল নম্বৰ বাৰ তেওঁ আন খনন কৰ্মীৰ লগত এনেকৈ নিজৰ বাবে ক্ষতিপূৰণ আৰু জীৱিকাৰ বিকল্প উপায় দাবী কৰি ৰাস্তালৈ ওলাই আহিছে।
নব্বৈৰ দশকৰ শেষভাগত বেল্লাৰিৰ খনিৰ কামৰ পৰা উলিয়াই দিয়া শ শ মহিলা বনুৱাৰ মাজৰ তেঁৱো এগৰাকী। “ধৰি লওক মোৰ বয়স এতিয়া ৬৫, সেই হিচাপত মই মোৰ কাম হেৰুওৱা ১৫ বছৰ হ’ল,” তেওঁ কয়। “বহুতেই পইচা (ক্ষতিপূৰণ)ৰ আশাত ৰৈ ৰৈ এই পৃথিৱী এৰিলে…মোৰ স্বামীও ঢুকাল।”
“এতিয়া জীয়াই থকাখিনি অভিশপ্ত। এই অভিশপ্ত জীৱনটোত ক্ষতিপূৰণ পাম নে নোপোৱাকৈয়ে আমিও মৰিব লাগিব নাজানো,” তেওঁ কয়। “আমি প্ৰতিবাদ কৰিব আহিছো। য’তেই মিটিং বহে, মই তালৈকে যাও। ভাবিছো, শেষবাৰৰ বাবে চেষ্টা কৰি চাও।”















