সোমা কদালিয়ে কয় যে তেওঁৰ পৰিয়ালে তেওঁৰ খবৰ ল’বলৈ ফোন কৰি থাকে। ৮৫ বছৰীয়া বৃদ্ধজনে তেওঁলোকক আশ্বস্ত কৰি কয়, “মই ভালেই আছো।
আকোলে (আকোলা বুলিও কোৱা হয়) তালুকাৰ ৱাৰাংগুছি গাঁৱৰ এজন কৃষক কদালিয়ে মহাৰাষ্ট্ৰৰ আহমদনগৰ (আহমেদনগৰ বুলিও লিখে) জিলাৰ আকোলেৰ পৰা লনিলৈ কৃষকসকলে আয়োজন কৰা তিনিদিনীয়া প্ৰতিবাদী পদযাত্ৰা (২৬-২৮ এপ্ৰিল)ত যোগদান কৰিছে। বয়সৰ বাধা স্বত্ত্বেও ইয়াত থকাৰ প্ৰয়োজনীয়তা বুজাই তেওঁ কয়, “মই মোৰ গোটেই জীৱনটো খেতি কৰিয়েই কটাইছো।”
আঢ়ৈ লাখ টকাৰ ঋণৰ বোজা থকা খেতিয়কজনে কয়, “৭০ বছৰ ধৰি কাম কৰাৰ পিছত যে মোৰ এনে বিলৈ হ’ব পাৰে, জীৱনতো ভবা নাছিলো।” মহাদেৱ কোলি আদিবাসী সম্প্ৰদায়ৰ কদালিৰ নিজৰ গাঁৱত পাঁচ বিঘা মাটি আছে, তেওঁ কয় যে এতিয়া বতৰ যিধৰণে অভাৱনীয় হৈ পৰিছে, আগতে তেনে হোৱা কেতিয়াও তেওঁ দেখা নাই।
“মোৰ গাঁঠিৰ বিষ আছে। খোজ কাঢ়িলে আঁঠু দুটা বিষায়। পুৱা বিচনাৰ পৰা উঠিবলৈ মন নাযায়। কিন্তু তথাপিও মই আগবাঢ়ি যাম,” তেওঁ কয়।
২০২৩ৰ ২৬ এপ্ৰিলত আকোলেৰ পৰা আৰম্ভ কৰি তিনিদিনীয়া প্ৰতিবাদী সমদলৰ বাবে সমবেত হোৱা আনুমানিক ৮ হাজাৰ কৃষকৰ ভিতৰত কদালিও অন্যতম। মিচিল সংগমনেৰৰ দিশে আগবাঢ়ি যোৱাৰ সময়তে বহু কৃষকক কঢ়িয়াই অনা ট্ৰাক আৰু বাছ লানি ছিগা নাই। সৰ্বভাৰতীয় কিষাণ সভাৰ অনুমান মতে সেইদিনা সন্ধিয়ালৈকে মিচিল গৈ সংগমনেৰ ঢুকি পোৱাৰ সময়লৈকে মিচিলত কৃষকৰ সংখ্যা ১৫ হাজাৰ হৈছিলগৈ।
বিয়লি ৪ বজাত আকোলেত আয়োজিত এক বৃহৎ ৰাজহুৱা সভাত এ.আই.কে.এছ.ৰ সভাপতি ড. অশোক ধাৱালেকে ধৰি অন্যান্য বিষয়ববীয়াৰ সভাপতিত্বত এই পদযাত্ৰাৰ আৰম্ভ কৰা হয়। তিনিওটা দিন কৃষকৰ সৈতে একাত্মবোধেৰে থিয় দিয়া প্ৰবীণ সাংবাদিক পি. সাইনাথ আছিল প্ৰথমজন বক্তা। আন আন বক্তাসকলৰ ভিতৰত বিশিষ্ট অৰ্থনীতিবিদ ড. আৰ ৰামকুমাৰ আৰু অল ইণ্ডিয়া ডেম’ক্ৰেটিক উইমেন এছ’চিয়েশ্যন (এ.আই.ডি.ডব্লিউ.এ.)ৰ সাধাৰণ সম্পাদিকা মৰিয়ম ধাৱালেও আছিল।
এই প্ৰতিবাদৰ বেছিভাগেই আয়োজন কৰা এ.আই.কে.এছ.ৰ সাধাৰণ সম্পাদক অজিত নাভালে কয়, “প্ৰতিশ্ৰুতি শুনি শুনি আমি বিৰক্ত হৈ পৰিছো। চৰকাৰে হাতে-কামে কৰি দেখুৱাওক।”
অহা ২৮ এপ্ৰিলত, লনিত, মহাৰাষ্ট্ৰৰ ৰাজহ মন্ত্ৰী ৰাধাকৃষ্ণ ভিখে পাটিলৰ বাসগৃহত এই পদযাত্ৰাৰ সামৰণি পৰিব। কৃষকৰ মাজত স্পষ্ট ৰূপত দেখা দিয়া ক্ষোভ আৰু হতাশাৰ ছবিখন সহজেই বুজিব পাৰি যেতিয়া ৩৯ ডিগ্ৰী চেলছিয়াছৰ পাৰ হোৱা এই গ্ৰীষ্মৰ দেই পুৰি নিয়া ক্লান্তিকৰ দিনতো ভালেমান জ্যেষ্ঠ নাগৰিকে মিচিলত যোগদানৰ সিদ্ধান্ত লৈছে।
এই প্ৰতিবাদৰ অধিকাংশই আয়োজন কৰা সৰ্বভাৰতীয় কিষাণ সভাৰ সাধাৰণ সম্পাদক অজিত নাভালে কয়, 'প্ৰতিশ্ৰুতি শুনি শুনি আমি বিৰক্ত হৈ পৰিছো। চৰকাৰে হাতে-কামে কৰি দেখুৱাওক'
ৰাজহ মন্ত্ৰীৰ ঘৰৰ দিশে সহস্ৰাধিক কৃষকে উলিওৱা সমদলৰ দৃশ্যই ৰাজ্য চৰকাৰৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। বৰ্তমান চৰকাৰৰ ৰাজহ, জনজাতীয় পৰিক্ৰমা আৰু শ্ৰম – এই তিনিটা বিভাগৰ মন্ত্ৰী সভাস্থলীত উপস্থিত হৈ দাবীসমূহ আলোচনা কৰাৰ সম্ভাৱনা আছে।
কিন্তু ভাৰতী মাংগাৰ দৰে বহুতকে সহজে শান্ত কৰিব পৰা নাযাব। “এয়া আমাৰ অধিকাৰৰ বাবে কৰিছো, আমাৰ নাতি-নাতিনীৰ বাবে কৰিছো,” কৃষকৰ মিচিলত অংশগ্ৰহণ কৰিবলৈ পালঘৰ জিলাৰ নিজৰ গাঁও ইবাধপাৰাৰ পৰা ২০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি অহা সত্তৰোৰ্দ্ধ কৃষকগৰাকীয়ে কয়।
মাংগাৰ পৰিয়ালটো ৱৰ্লি সম্প্ৰদায়ৰ আৰু প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি দুবিঘা মাটিত খেতি কৰি আহিছে। কিন্তু সেই ভূমি বনাঞ্চল হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে আৰু ইয়াৰ ওপৰত তেওঁলোকৰ কোনো অধিকাৰ নাই। তেওঁ কয়, “মৰাৰ আগতে মই মোৰ পৰিয়ালে মাটিখিনি নিজৰ নামত পোৱাটো বিচাৰো।”
তিনিদিনৰ বাবে টোপোলা কৰি অনা ৰুটি কেইখন আছে, তেওঁ ভালকৈ নাজানে। তেওঁ কয়, “মই খৰখেদাকৈ সেইখিনি টোপোলা কৰিলো। তেওঁ মাত্ৰ জানে যে কৃষকসকলে আকৌ নিজৰ অধিকাৰৰ বাবে সমদল উলিয়াইছে আৰু তেওঁ তাৰে অংশ।
সমবেত হাজাৰ হাজাৰ কৃষকৰ এয়া কোনো নতুন দাবী নহয়। ২০১৮ৰ কৃষকৰ লং মাৰ্চৰ পিছৰে পৰা যেতিয়া কৃষকসকলে – বেছিভাগেই আদিবাসী, নাচিকৰ পৰা মুম্বাইলৈ ১৮০ কিলোমিটাৰ যাত্ৰা কৰিছিল, তেতিয়াৰ পৰাই কৃষকসকলে ৰাজ্যখনৰ সৈতে অবিৰতভাবে যুঁজি আহিছে। (পঢ়ক: পদযাত্ৰা চলি আছে... )
কৃষকসকলে বিচাৰে যে চৰকাৰে বৰ্ধিত ইনপুট ব্যয়, হ্ৰাস পোৱা শস্যৰ মূল্য আৰু জলবায়ু পৰিৱৰ্তনৰ বিধ্বংসী সংমিশ্ৰিত প্ৰভাৱত কৃষকে যি ঋণৰ বোজাত ডুবিছে, শস্য চপোৱাৰ পিছতো যি ঋণে তেওঁলোকৰ পিছ এৰা নাই, সেই ঋণ মাফ কৰি দিব লাগে। কৃষকসকলে বিগত দুটা বৰ্ষাকালত অত্যধিক বৰষুণৰ ফলত
হেৰুওৱা শস্যৰ
ক্ষতিপূৰণৰ দাবী জনাইছে। ৰাজ্য চৰকাৰে ক্ষতিপূৰণ দিম বুলি ঘোষণা কৰিছিল যদিও বাস্তৱত সেয়া ৰূপায়ণ হোৱা নাই।
মহাৰাষ্ট্ৰৰ জনজাতীয় লোক অধ্যুষিত অঞ্চলসমূহত আদিবাসী কৃষকসকলে যুগান্তকাৰী বন অধিকাৰ আইন (এফ.আৰ.এ.), ২০০৬ ভালদৰে ৰূপায়ণ কৰাৰ বাবে বছৰ বছৰ ধৰি দাবী জনাই আহিছে।
দুগ্ধপামৰ কৰ্মীসকলেও বিচাৰে যে চৰকাৰে হস্তক্ষেপ কৰি দুগ্ধ পালকসকলৰ লোকচান বহন কৰক, যিসকলে ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ বঢ়াৰ পিছত প্ৰতিলিটাৰ গাখীৰ ১৭ টকাত বিক্ৰী কৰিবলগীয়া হৈছিল।
এসময়ত আকোলে তালুকৰ চেলভিৰে গাঁৱৰ খেতিয়ক গুলচন্দ জাংলে আৰু তেওঁৰ পত্নী কৌচাবাইয়ে নিজৰ মাটি বিক্ৰী কৰিবলগীয়া হৈছিল। সত্তৰোৰ্দ্ধ এই দম্পতীহালে খেতিপথাৰত কাম পালে দিনহাজিৰা কৰে, নিজ পুত্ৰক তেওঁলোকে খেতিৰ কামৰ পৰা বিৰত ৰাখিছে। জাংলেয়ে পাৰিক কয়, “সি পুনেত শ্ৰমিকৰ কাম কৰে, মই তাক খেতি এৰিবলৈ কৈছিলো। খেতিত কোনো ভবিষ্যত নাই।”
জাংলেয়ে নিজৰ মাটি বিক্ৰী কৰাৰ পিছত তেওঁ আৰু কৌচাবাইয়ে ম’হ পালন কৰি গাখীৰ বিক্ৰী কৰিবলৈ লয়। তেওঁ কয়, ‘ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ পিছৰে পৰা এই জীৱিকাৰে চলাটো টান হৈ পৰিছে।”
মিচিলত ভাগ ল’বলৈ দৃঢ়প্ৰতিজ্ঞ তেওঁ কয়, “মই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰিবলৈ তিনিদিনৰ বাবে দিনহাজিৰা এৰিছো। এই বয়সত এই গৰমখনত তিনিদিন খোজ কঢ়াৰ পিছত ঘৰ গৈ লগে লগে কামত ধৰিব নোৱাৰিম। ধৰি লওক মোৰ পাঁচ দিনৰ মজুৰি যাবলৈ দিছো।”
কিন্তু আন হাজাৰ হাজাৰ মানুহৰ দৰে তেঁৱো বিচাৰে যে তেওঁৰ কথাও চৰকাৰে শুনক। “যেতিয়া হাজাৰ হাজাৰ কৃষকে হাতে হাত ধৰি মাৰ্চ কৰা দেখে, তেতিয়া আপোনাৰ মনটো ভাল লাগি যায়। ইয়ে আপোনাৰ মনত এক নতুন আশাৰ সঞ্চাৰ কৰে। তেনে অনুভৱ আমি কাচিৎহে পাওঁ।”
পুনশ্চ:
প্ৰতিবাদী পদযাত্ৰাৰ দ্বিতীয় দিনা, ২০২৩ৰ ২৭ এপ্ৰিলত মহাৰাষ্ট্ৰ চৰকাৰে ততাতয়াকৈ তিনিজন কেবিনেট মন্ত্ৰী, ৰাজহ মন্ত্ৰী ৰাধাকৃষ্ণ ভিখে পাটিল, শ্ৰম মন্ত্ৰী সুৰেশ খাড়ে আৰু জনজাতি উন্নয়ন মন্ত্ৰী বিজয়কুমাৰ গাভিতক সংগমনেৰত কৃষক নেতাসকলৰ সৈতে তেওঁলোকৰ দাবীসমূহক লৈ আলোচনা কৰিবলৈ পঠিয়ায়।
প্ৰায় ১৫ হাজাৰ আদিবাসী কৃষকে ৰাজহ মন্ত্ৰীৰ লনিস্থিত বাসগৃহলৈ মিচিল লৈ আগবঢ়াত চৰকাৰে হেঁচাত পৰি কৃষকৰ প্ৰায় সকলো দাবী নিৰুপায় হৈ মানি লয় আৰু সৰ্বভাৰতীয় কিষাণ সভা (এ.আই.কে.এছ.) আৰু অনান্য সংগঠনে প্ৰতিবাদী পদযাত্ৰা আৰম্ভ হোৱাৰ পিছদিনা প্ৰতিবাদী কাৰ্য্যসূচী বাতিল কৰে।
অনুবাদ: পংকজ দাস