মায়ে বেলকনিৰ তুলসীজোপাৰ গুৰিত সৰু চাকি এগছি জ্বলালে। মই জনা হোৱাৰে পৰা এইগছি চাকি জ্বলোৱা মই দেখি আহিছো। এতিয়া সত্তোৰোৰ্ধ মাৰ হাত-ভৰিবোৰ কঁপে, দোষ পাৰ্কিনচনৰ। চিত্তবিভ্ৰম ঘটা মায়ে ভাবে, চাকিগছিৰ পোহৰ কমিছে। পোহৰত উজ্বলি উঠা আনৰ বেলকনিবোৰ দেখিলে দীপান্বিতা উৎসৱ যেনেই বোধ হয়। মায়ে আচৰিত হৈ ভাৱে, আজি দেৱালী নেকি বাৰু? তাইৰ স্মৃতিশক্তিৰ ভৰসা নাইকিয়া হৈ আহিছে। কিন্তু এতিয়া সকলো পুনৰাই আন্ধাৰ হৈ পৰিছে, আগতকৈও বেছি তমসাচ্ছন্ন। চিনাকি যেন লগা মন্ত্ৰোচ্চাৰণ মাৰ কাণত পৰিছে, গায়ন্ত্ৰী মন্ত্ৰ হ’ব পাৰে। নে সেয়া হনুমান চালিচা? কোনোবাই এইমাত্ৰ ‘পাকিস্তান মুৰ্দাবাদ’ বুলি ক’লে নেকি?
তাই তৰাহীন আকাশখনলৈ চাই কঁপিছে। হঠাতে তাইৰ মনৰ ভিতৰতে যেন মানুহবোৰে কোৱা-কুইবোৰে হেন্দোলনি তুলিছে, তাইক উন্মাদ কৰি তুলিছে। পাওৰুটী বনোৱা মুছলমান দোকানীয়ে বীজাণুযুক্ত পাওৰুটী বিক্ৰী কৰা বুলি কোনোবাই তাইক সতৰ্ক হ’বলৈ কৈছে। থু পেলাই ৰোগ বিয়পাই ফুৰা মুছলমান পাচলি বেপাৰীজনৰ পৰা পাচলি নল’বলৈ কোনোবা এটা কণ্ঠই কৈছে। কোনোবাই তাইক একতাৰ চাকি জ্বলাবলৈ কৈছে। ভোকত চিৎকাৰ মৰা কণ্ঠ অন্তহীন পথৰ পৰা ভাঁহি আহিছে। প্ৰেম আৰু অনুকম্পাৰ ক্ষীণ কণ্ঠ ৰিণিকি ৰিণিকি তাইৰ কাণত পৰিছে। ঘোৰ তমসাৰ বতাহে তাইৰ চাকিগছি নুমুওৱাৰ চেষ্টা কৰিছে। তাইৰ মুৰটো আচন্দ্ৰাই কৰিছে, বিচনালৈ যাব বিচাৰিছে। কিন্তু ঘূৰি অহাৰ বাটটো অন্ধকাৰ। তাই কঁপি থকা হাত দুখনেৰে চাকিগছি আকৌ এবাৰ জ্বলাবলৈ চেষ্টা কৰিছে ...



