পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াত সৰ্বসাধাৰণজনক কেন্দ্ৰ কৰি এনে শ শ ষ্ট’ৰি আৰু ডকুমেণ্ট আছে, ফটোগ্ৰাফ আৰু ফিল্ম আছে, যিয়ে আমাক দুই-এটা কথা শিকাব পাৰে।
তাৰে মাজৰ এজন হৈছে ত্ৰিপুৰাৰ ৰতন বিশ্বাস (এই লিংকটোত তেওঁৰ ষ্ট’ৰিটো আছে), তেওঁ নিজৰ চাইকেলখনতেই এনে এক কায়দাত বাঁহ বান্ধি লৈছে যে পাঁচডাল পূৰঠ বাঁহ চাইকেলত কঢ়িয়াই ১৭ কিলোমিটাৰ যাব, ২০০ কিলোগ্ৰামৰ ওজন এনেকৈ ইমানদূৰ বাট কঢ়িয়াই নি তেওঁ ২০০ টকা লাভ পাব। তেওঁ আমাক অকণমান ফিজিক্স, অলপ উদ্ভাৱনা আৰু সামান্য জিঅ’গ্ৰাফি নিশ্চয়কৈ শিকাব পাৰে। আকৌ গুজৰাটৰ ভেড়াৰখীয়া কাৰাভাই আল, কেৰালাৰ খেতিয়ক আগাষ্টিন বেদকিলে, দুয়োজনেই জলবায়ু পৰিৱৰ্তনৰ ভুক্তভোগী, দুয়োজনেই আমাক পৰিস্থিতিতন্ত্ৰ আৰু অৰ্থনৈতিক উন্নয়নৰ বিষয়ে কিবা শিকাব পাৰে। কিন্তু তেওঁলোকৰ জীৱনবোৰ বহুলাংশে আমাৰ পাঠ্যক্ৰমৰ বাহিৰত।
এনে কিছুমান কাহিনী শ্ৰেণীকোঠাৰ মাজলৈ অনাৰ বাবে দেশজুৰি যোৱা দুটা বছৰত পাৰি এজুকেচনে স্কুল আৰু কলেজৰ সৈতে কাম কৰি আহিছে। কিয়নো আমি বিশ্বাস কৰোঁ যে গ্ৰামাঞ্চলৰ সাধাৰণজনৰ পৰা আমি শিকিবলগীয়া বহুকথা আছে। ভাৰতীয় যুৱচামে নিজৰ দেশখনক ভালদৰে জানিব বিচাৰে আৰু তেওঁলোকৰ চৌপাশৰ জগতখনৰ বাস্তৱিক দিশটো শ্ৰেণীকোঠালৈ আনি আলোচনা কৰাৰ আগ্ৰহ প্ৰকাশ কৰে। তেওঁলোকৰ সৈতে একেলগে আমি দেশৰ গ্ৰামাঞ্চলৰ আশ্চৰ্য্যকৰ বৈচিত্ৰ আৰু জটিলতাক উন্মোচিত কৰিব খোজো।
ক’ব খোজো জটিল আৰু প্ৰভাৱ পেলাব পৰা ষ্ট’ৰি। যেনে ধৰক মহাৰাষ্ট্ৰৰ বনৰীয়া ম’হৰ কথা, জলবায়ু পৰিৱৰ্তনৰ ফলত খাদ্যৰ অভাৱত পৰি খেতিপথাৰত নামিবলৈ বাধ্য হৈ পৰিছে, ওড়িশাৰ নিয়ামগিৰি পাহাৰৰ পৰা আদিবাসী মানুহক বিচ্যুত কৰাক লৈ গান গোৱা বিপ্লৱী কবিজন, বা লাদাখৰ চাংপা সম্প্ৰদায়ৰ মহিলাগৰাকীৰ কথা। এজন ছাত্ৰই আমাক কৈছিল, “মই মোৰ দেশখনৰ এইবোৰ কথা নাজানিছিলো, লাজ পাইছো। গ্ৰাম্য ভাৰত বুলিলে কেৱল যে খেতিৰ কথাই নহয়, এই কথা জানিলো।” এই নতুন কথা এটা শিকোৱা, গ্ৰামাঞ্চলৰ জীৱন আৰু সময়ৰ কথা জনা, ইয়েই ‘পাৰি এজুকেচন’ৰ মূল উদ্দেশ্য।
আমাৰ পাঠ্যপুথিত বিশেষ একো নিলিখা আপোনাৰ দেশখনৰ কথা শিকোৱাৰ এয়া মাত্ৰ আৰম্ভণিহে। পাৰি এজুকেচন যেতিয়া আপোনাৰ প্ৰতিষ্ঠানলৈ আহে, আপুনি ৮০ কোটি গ্ৰামীণ ভাৰতীয়ৰ জগতখনৰ বিষয়ে জানিব পাৰিব, যিখন ভাৰতৰ কথা মূলধাৰাৰ মিডিয়াই কাচিৎহে কয়। তেওঁলোকৰ জীৱন, কলা-শিল্প, সংস্কৃতি, ভাষা; প্ৰব্ৰজনকাৰীৰ কথা, তেওঁলোকে কিদৰে কামৰ সন্ধানত ঘৰ-বাৰী এৰি ভ্ৰমি ফুৰে, নিজৰ মাটি আৰু পৰিৱেশ সংৰক্ষণৰ বাবে মহিলাই নেতৃত্ব দিয়া সংগ্ৰামৰ কথা। এজন কলেজীয়া ছাত্ৰই টুইট কৰিছিল: “আমি প্ৰতিদিনে পঢ়া বাতৰিবোৰক লৈ প্ৰশ্ন কৰিবলৈ ই মোক বাধ্য কৰাইছিল। দেশৰ গৰিষ্ঠসংখ্যক লোকে বাস কৰা ভাৰতখনত কি হৈ আছে, আমিচোন একোৱেই নাজানো।”
আমি বিশ্বাস কৰো, শিকনৰ যি যাত্ৰা, সেয়া অভিজ্ঞতাৰ পৰাই আৰম্ভ হয়। সেয়ে আমি পাৰি এজুকেচনত শিক্ষাৰ্থীক কেৱল জনোৱাতে সীমাবদ্ধ নাৰাখো। শিক্ষাৰ্থীক অধ্যয়নৰ ক্ষেত্ৰলৈ গৈ যাৰ বিষয়ে জানিব বিচাৰিছে, তেওঁলোকৰ সৈতে কথা পাতি, সংস্পৰ্শলৈ আহি সহমৰ্মিতা আৰু সংবেদনশীল এক সম্পৰ্কৰ সৃষ্টি কৰিব কওঁ। “মোৰ প্ৰকল্প (পাৰিৰ প্ৰকল্পৰ কথা কৈছে)টোৰ যোগেদি জানিব পাৰিলো যে কেনেদৰে এজন মানুহে অতিৰিক্ত ৫,০০০ টকা উপাৰ্জনৰ বাবে হাজাৰ হাজাৰ কিলোমিটাৰ প্ৰব্ৰজন কৰিব পাৰে। মানুহজনৰ কাহিনীয়ে মোৰ মনত ৰেখাপাত কৰিছে আৰু অনুপ্ৰাণিত হৈছো,” এজন শিক্ষাৰ্থীয়ে কয়, তেওঁৰ অৰ্থনীতিৰ প্ৰকল্পটো এতিয়া পাৰিৰ এটা ষ্ট’ৰি।



