নিশাটোৰ বাবে সাজু হৈ পৰিছে সাথী মণি, ঘৰটোৰ চৌপাশে তেওঁ এবাৰ চকু ফুৰালে আৰু বস্তুবিলাক চালে: এখন প্লাষ্টিকত দৰকাৰী কাগজ-পত্ৰ আৰু ভাল কাপোৰবিলাক মেৰিয়াই ঘৰৰ দেৱালত ওলমাই থোৱা আছে; মজিয়াৰ পৰা ২ ফুটমান ওখ পকী শ্লেবখনত ৰন্ধা-বঢ়াৰ বাচন-বৰ্তনবিলাক তুলি থোৱা আছে।
“ঘৰৰ ভিতৰত পানী সোমাল নেকি সেয়া চাবলৈ নিশা ২ বজাত বহুদিন টোপনিৰ পৰা উঠো। মই কেইবাটাও গাৰু আৰু কেইবাখনো বিচনা চাদৰ হেৰুৱাইছো, ক’লা দাগ লগা এই বস্তুবিলাক ধূলেও চাফা নহয়, মই সেয়ে পেলাই দিবলগা হৈছে,” গান্ধীনগৰৰ পোষ্ট এণ্ড টেলিগ্ৰাফ কলনিৰ বাসিন্দা ৬৫ বছৰীয়া সাথীয়ে ক”লে, এই কলনিটো কেৰালাৰ কোচিত থকা টেৱাৰা পেনান্দুৰ নলাৰ পাৰত আছে।
কোচিৰ উত্তৰফালৰ পেৰান্দুৰ পূঝাৰ পৰা দক্ষিণৰ টেৱাৰালৈ এই কৃত্ৰিম নলাটো প্ৰৱাহিত হৈছে। চহৰখনৰ জলাশয়ৰ লগত সংলগ্ন হোৱাৰ আগলৈকে ইযাৰ মুঠ দৈৰ্ঘ্য ৯.৮৪ কিলোমিটাৰ। কোচি চহৰৰ মাজেৰে প্ৰৱাহিত ১১ টা গুৰুত্বপূৰ্ণ জনপথৰ ভিতৰত এইটো নলাও আছিল। এৰ্নাকুলমৰ ওচৰে-পাজৰে হোৱা যান-বাহনৰ অত্যধিক ভিৰ কমাবলৈ ৰাজ্য চৰকাৰে এনে কেইটামান জলপথলৈ ৰূপান্তৰ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে।
যোৱা প্ৰায় তিনি দশকত কোচিৰ জনসংখ্যা দুগুণৰ সমান হৈ প্ৰায় ২.১ নিযুত হৈছে, আধা মিটাৰৰো কম গভীৰতাৰ টেৱাৰা-পেৰান্দুৰ নলাটো বৰ্তমান আৱৰ্জনাৰ বোজা কঢ়িওৱা নলালৈ পৰ্য্যৱসিত হৈছে। মহানগৰৰ নিৰ্মাণ কাৰ্য্য আৰু ইয়াৰ পানী প্ৰৱাহিত নোহোৱাৰ ফলত নলাটো দুঠাইত বন্ধ হৈ পৰিছে। চিকিৎসালয়, স্থানীয় বজাৰ, উদ্যোগক্ষেত্ৰ আৰু নলাৰ পাৰত থকা ঘৰবিলাকৰ জাবৰ-জোঁথৰ ইয়াত পেলোৱা হয়। আৱৰ্জনা, উদ্যোগৰ বৰ্জিত পদাৰ্থ আৰু বৰষুণৰ পানী প্ৰায় ৬৩২ টা নিৰ্গমন নলী আৰু ২১৬ টা পথৰ নৰ্দমাৰে ইয়াত পেলোৱা হয়। ইয়াৰ পাৰত জাবৰ দ’ম কৰি থোৱা হয়, নলাটোৰ প্ৰস্থ ঠায়ে ঠায়ে ৮ মিটাৰলৈকে সংকুচিত হৈছে।
এৰ্নাকুলম জংচনৰ ৰেল ষ্টেছনৰ পিছফালে নলাটোৰ পাৰত পিএণ্ডডি কলনিত আৰু বহুতৰ দৰে সাথীৰ ঘৰ আছে। ৰাজহুৱা স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ সংৰক্ষণ কৰা পতিত মাটিৰ প্ৰায় ২৫০ মিটাৰ ব্যাপ্ত এই কলনিটোৱে অধিকাৰ কৰিছে। ইয়াৰ বাসিন্দসকলে কয় যে ভাৰা ঘৰত থকাতকৈ এই পতিত ভূমিত অস্থায়ী ঘৰ নিৰ্মাণ কৰি থাকিলে ব্যয় কম হয়। সময় পাৰ হোৱাৰ লগে লগে বাসিন্দাসকলে খেৰ বা তিৰপালৰ ঘৰৰ ঠাইত দুই দশকৰ আগতে স্থানীয় পঞ্চায়ত কৰ্তৃপক্ষই দিয়া চিমেণ্টৰ ব্লক আৰু টিনপাতেৰে আধাপকী ঘৰ নিৰ্মাণ কৰি লৈছে।










