হাতকেৰেয়াসহ তেওঁৰ ডিঙিৰ পৰা ভৰিলৈকে এডাল শিকলি ওলমি আছে। ক’লা আঁচ থকা বগা কুৰ্তাৰ সাজত তেওঁক এজন প্ৰকৃত কাৰাবন্দীৰ দৰেই দেখা গৈছে।
কিন্তু ৪২ বছৰীয়া কাবাল সিং কোনো অপৰাধৰ বাবে দোষী সাব্যস্ত হোৱা নাই, তেওঁৰ শিকলি আৰু হাতকেৰেয়া তেওঁ নিজে লগাই লোৱাহে। তেওঁ হ’ল পাঞ্জাৱৰ ফাজিল্কা জিলাৰ ৰুকানপুৰা (খুই খেৰা বুলিও জনাজাত) গাঁৱৰ এজন কৃষক।
তেওঁ হ’ল তিনিখন শেহতীয়া কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা লাখ লাখ কৃষকৰ মাজৰে এজন। ২০২০ চনৰ ৫ জুনত এই আইনকেইখনৰ অধ্যাদেশ জাৰী কৰা হৈছিল, তাৰপাছত ১৪ চেপ্তেম্বৰত সংসদত বিধেয়ক হিচাপে উত্থাপন কৰা হৈছিল, আৰু সেই মাহৰে ২০ তাৰিখে তাৎক্ষণিকভাৱে আইনত পৰিণত কৰিবলৈ প্ৰচেষ্টা চলোৱা হৈছিল।
তেন্তে এই স্ব-নিপীড়িনৰ হাতকেৰেয়া কিয়?
“যেতিয়া মই দীৰ্ঘদিন ধৰি কৃষকসকলক তেওঁলোকৰ অধিকাৰৰ বাবে দাবী জনাই অহা দেখি আহিছিলো, মই তেওঁলোকৰ যন্ত্ৰণা সহ্য কৰিব পৰা নাছিলো। আপোনালোকে মোৰ শৰীৰত দেখা পোৱা এই শিকলি হ’ল তেওঁলোকৰ পীড়াৰ প্ৰতিফলন। তেওঁলোকে অভ্যন্তৰৰপৰা যি অনুভৱ কৰে ময়ো তেনে অনুভৱেই কৰোঁ।”
“আপোনালোকে মোৰ গাত দেখা পোৱা এই একেডাল শিকলিয়েই আমাক সকলোকে আৱৰি ৰাখিছে, আপুনি মাত্ৰ এয়া বিচাৰিব লাগিব।” ৰাইজৰ অপ্ৰিয় এই তিনিখন আইনে কাবাল সিঙৰ গাত মেৰ খাই থকা শিকলিডাল আৰু কঠিন কৰি তোলা বুলি তেওঁ ভাবে।
তেওঁ সবাতোকৈ বৃহৎ প্ৰতিবাদ ক্ষেত্ৰ দিল্লী সীমান্তত থকা হাৰিয়ানাৰ সোনিপট জিলাৰ সিংঘুত আমাৰ আগত তেওঁৰ বক্তব্য প্ৰকাশ কৰিছিল।
“ভগৱানে আমাক কৰ্প’ৰেটৰ হাতোৰাৰপৰা ৰক্ষা কৰক যি আমাক ভূমিহীন কৃষক কৰি তুলিব। যিহেতু খেতি কৰিবলৈ আমাৰ নিজৰ মাটি আছে, তেন্তে আমি কিয় শ্ৰমিক হ’বলৈ বিচাৰিম? আমি কেনেকৈ বৃহৎ কৰ্প’ৰেট গোষ্ঠীক আমাৰ ভূমি নিয়ন্ত্রণ কৰিবলৈ এৰি দিব পাৰোঁ?” - তেওঁ কৈছিল।
“মোৰ শিকলিৰ চাবি আম্বানী আৰু আদানীৰ হাতত আছে। মোদী চৰকাৰে তেওঁলোকৰপৰা সেই চাবি লৈ এই তলা খুলি দিয়া উচিত। এই আইনকেইখন বাতিল কৰিবলৈ মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৰযোৰে অনুৰোধ জনাইছোঁ।”
কৃষকসকলে প্ৰতিবাদ কৰা আইনকেইখন হ’ল: কৃষকৰ উৎপাদিত সামগ্ৰীৰ ব্যৱসায় আৰু বাণিজ্য (প্ৰসাৰ আৰু সহায়ক) আইন, ২০২০ ; কৃষকৰ (সবলীকৰণ আৰু সুৰক্ষা) মূল্য নিশ্চিতকৰণ চুক্তি আৰু কৃষি সেৱা আইন, ২০২০ ; আৰু অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধনী) আইন, ২০২০। যিহেতু আইনকেইখনে ভাৰতীয় সংবিধানৰ ৩২ নং অনুচ্ছেদক অৱমাননা কৰি সকলো নাগৰিকৰ আইনী সাহায্যৰ অধিকাৰত বাধা প্ৰদান কৰিছে , সেয়েহে প্ৰত্যেক ভাৰতীয়কে প্ৰভাৱিত কৰিব বুলি এই আইনকেইখনক সমালোচনা কৰা হৈছে।
এই নতুন আইনকেইখনে কৃষকসকলক ক্ৰোধান্বিত কৰি তুলিছে। তেওঁলোকে ভাবিছে যে এই আইনকেইখন তেওঁলোকৰ জীৱিকা ধ্বংসকাৰী, কাৰণ আইনকেইখনে বৃহৎ কৰ্প’ৰেট গোষ্ঠীক ৰঙা দলিচা পাৰি দিয়াৰ লগতে এইসমূহক কৃষক আৰু কৃষিৰ ওপৰত অধিক ক্ষমতা প্ৰদান কৰিব। এইসমূহে ন্যূনতম সমৰ্থন মূল্য (এমএচপি), কৃষিজাত উৎপাদন বিপণন সমিতি (এপিএমচি সমূহ), চৰকাৰীভাৱে শস্য সংগ্ৰহ, যোগান আৰু অন্যান্যকে ধৰি কৃষকৰ প্ৰতি আগবঢ়োৱা সাহায্যৰ প্ৰধান ধৰণসমূহক আওকাণ কৰিছে।
“বিষৰ কথা ক’বলৈ গ’লে গোটেই দিনজুৰি এই পাঁচ কিল’গ্ৰাম ওজনৰ শিকলিডাল গাত লৈ মই জঠৰ হৈ পৰোঁ। কিন্তু মোৰ এই শাৰীৰিক যন্ত্ৰণা কৃষকসকলৰ যন্ত্ৰণাৰ তুলনাত একোৱেই নহয়।”- কাবাল সিঙে কয়।
আমাৰ লগত কথা পাতি থকা গোটেই সময়খিনিত তেওঁ হাত দুখন মুঠি মাৰি ধৰি আছিল। দিনটোৰ প্ৰায়খিনি সময় তেনেদৰে থকাটো অশেষ কষ্টকৰ। “মই পুৱা ৫ বজাত শিকলিডাল গাত বান্ধি লওঁ আৰু বেলি ডুবাৰ সময়লৈকে এনেদৰেই নিজকে আবদ্ধ কৰি ৰাখোঁ,” তেওঁ কয়।
আঢ়ৈ বছৰৰ আগলৈকে এই কৃষকজন পাঁচ একৰ মাটিৰ গৰাকী আছিল। এতিয়া তেওঁৰ কেৱল তিনি একৰ মাটি আছে য’ত তেওঁ প্ৰধানকৈ ঘেঁহু আৰু কপাহৰ খেতি কৰে। তেওঁৰ জীয়ৰী আৰু অসুস্থ পিতৃৰ চিকিৎসাৰ বাবে ধনৰ যোগাৰ কৰিবলৈ তেওঁ দুই একৰ মাটি বিক্ৰী কৰিবলগীয়া হৈছিল।
সিঙে সেই মাটি বিক্ৰী কৰি পোৱা কেইবা লাখ টকা তেওঁলোকৰ চিকিৎসাত খৰচ কৰিলে। তেওঁ বৰ দুখেৰে জনায়, “তথাপিও তেওঁলোকক মই বচাব নোৱাৰিলোঁ।” তেওঁৰ ২০ বছৰীয়া ছোৱালীজনীৰ জণ্ডিছ ৰোগত মৃত্যু হৈছিল। আৰু দীৰ্ঘদিনীয়া অসুস্থতাত ভূগি থকা তেওঁৰ দেউতাকৰো ঠিক তাৰপাছতেই মৃত্যু ঘটিছিল।
“মোৰ মা বলবীৰ কৌৰেও এই প্ৰতিবাদত যোগ দিবলৈ আহিছিল। কিন্তু ইয়ালৈ আহি পোৱাৰ সময়তে (অন্য বহুতৰ দৰেই ট্ৰেক্টৰ ট্ৰলীৰে যাত্ৰা কৰিছিল) তেওঁ পৰি আঘাত পালে।” তেওঁ কয়, “মোৰ পূৰ্বপুৰুষসকলো কৃষক আছিল। আমাৰ ওপৰত কৰা চৰকাৰৰ অন্যায়-অবিচাৰ মই দেখি আহিছো। ইয়াৰ বিৰুদ্ধেই আমি যুঁজি আছোঁ। আমাৰ সন্তানেও ইয়াৰ সন্মুখীন হোৱাটো মই নিবিচাৰো।”
তেওঁ আৰু কয় যে, ভাৰতৰ সীমান্তত থকা সৈনিকসকল হ’ল কৃষকৰ সন্তান। “তেওঁলোক শ্বহীদ হ’লে আপোনালোকে তেওঁলোকক বীৰ সজায়। সেইটো ঠিকেই আছে। কিন্তু আমি যেতিয়া ইয়াত আমাৰ অধিকাৰৰ বাবে দাবী জনাইছোঁ, আমাক অপৰাধী সজোৱা হৈছে। কিয়?”
কাবাল সিঙে দৃঢ়ভাৱে কয়, “এটা কথা নিশ্চিত, মোদী চৰকাৰে এই কৃষি আইনকেইখন বাতিল নকৰা পৰ্যন্ত মই মোৰ শিকলি নোখোলো।”
প্ৰচ্ছদ ফটো: শ্ৰদ্ধা আগৰৱালা
অনুবাদ: বন্যা বৰুৱা