কেৰেলাৰ পাৰাপ্পা গাঁৱত ১৫ জনীয়া গোট এটাই ‘বাঁহ’ৰ বাদ্যযন্ত্ৰ বজায়। বাদ্যযন্ত্ৰবিধৰ নাম মুলাম চেণ্ডা, বাঁহৰ ঢোল। তেঁওলোক মাৱিলান জনজাতিৰ লোক। কাচাৰগোড় আৰু কান্নুৰ জিলাৰ বাসিন্দা এইসকল লোক পাৰম্পৰিক পৰিৱেশক হিচাপে পৰিচিত।
'তাহানি আমাৰ পূৰ্ৱপুৰুষে বাঁহৰ এই বাদ্যযন্ত্ৰেৰে সংগীত সৃষ্টি কৰিছিল,’ কে. পি. ভাস্কৰমে কয়। ভাস্কৰমৰ বাদ্যযন্ত্ৰীৰ মণ্ডলীক এই লিখনীৰ অন্তৰ্গত ভিডিঅ’টোত দেখুওৱা হৈছে, কেউজনেই কাচাৰগোড়ৰ ভেল্লাৰিকুণ্ড তালুকৰ পাৰাপ্পাৰ বাসিন্দা। 'আজিও ঢোল গৰুৰ ছালৰ পৰা তৈয়াৰ কৰা হয় (কেৰেলাৰ অইন অঞ্চলত)। পাৰম্পৰিকভাবে আমি কেতিয়াও দৈনন্দিন জীৱনত গৰুৰ ছাল বা মাংস ব্যৱহাৰ নকৰো। সেয়ে আমাৰ পূৰ্ৱপুৰুষে থেইয়ামৰ দৰে আমাৰ পৰম্পৰাৰ কাৰণে সংগীত সৃষ্টিৰ উদ্দেশ্যে বাঁহৰ ঢোল সাজিছিল।’
কেইটামান দশক আগলৈকে জনজাতিটোৱে সহজেই বন্য সা-সামগ্ৰী পাইছিল, কিন্তু চৰকাৰে বনাঞ্চলত প্ৰৱেশৰ ক্ষেত্ৰত সীমাবদ্ধতা আৰোপ কৰাৰ ফলত বাঁহৰ ঢোল বনোৱাটো ব্যয়বহুল হৈ পৰিছে। মাৱিলানসকলে এতিয়া ৫০ কিলোমিটাৰ নিলগত থকা বাৰিয়াডাকা চহৰৰ বজাৰৰ পৰা বাঁহ কিনি আনে। এডাল বাঁহত ২৫০০ৰ পৰা ৩০০০ টকা পৰে আৰু তাৰ পৰা ৩-৪ টা মান ঢোল সাজিব পাৰি। এটা ঢোলেৰে দুটা প্ৰদৰ্শনী চলাব পাৰি, তাৰ পিছত বাঁহৰ পাবটোত ফাঁট মেলিবলৈ ধৰে। ঢোল এটা সাজিবলৈ ৩-৪ দিন লাগে। প্ৰথমে জোখত কাটি লৈ দি ৰ’দত দি শুকাবলৈ দিয়া হয়। 'বাঁহৰ এটা ঢোল সাজি উলিয়াওতে বহুত পৰিশ্ৰম হয়,’ ঢোলবাদকৰ মাজৰ সুনীল ৱিটিয়’ৰিয়ে কয়।




