২০২০ৰ আগস্তত দ্বিতীয়টো সন্তান জন্ম দিয়াৰ পিছত অঞ্জনী যাদৱ মাকৰ ঘৰলৈ আহিছিল। তাৰপিছত তেওঁ গিৰীয়েকৰ ঘৰলৈ উভতি নগ’ল। এতিয়া ৩১ বছৰ বয়সীয়া অঞ্জনীয়ে দুটা সন্তানৰ সৈতে বিহাৰৰ গয়া জিলাৰ বোধগয়া ব্লকৰ বাকৰৌৰ গাঁৱত মাক-দেউতাকৰ লগত থাকে। গিৰীয়েকৰ ঘৰলৈ আধা ঘণ্টাৰো বাট নহয় যদিও তেওঁ গাওঁখনৰ নাম ক’ব খোজা নাই।
“হস্পিতালত সন্তান জন্ম দিয়াৰ দুটা দিন হৈছিল মাত্ৰ, বৌৱে মোক ভাত ৰান্ধিবলৈ আৰু ঘৰ চাফাই কৰা কামত লগাইছিল। তেওঁ নিজেও সন্তান জন্ম দিয়াৰ পিছতে তেনেদৰে ঘৰৰ কাম কৰিছিল বুলি মোক কৈছিল। তেওঁ মোতকৈ ১০ বছৰে ডাঙৰ। প্ৰসৱৰ সময়ত মোৰ খুব তেজ গৈছিল। সন্তান জন্মৰ আগত নাৰ্ছে মোক কৈছিল যে মই গুৰুতৰ ৰক্তহীনতাত ভুগি আছো আৰু শাক-পাচলি আৰু ফলমূল খাব লাগিব। মই মোৰ শাহু-শহুৰৰ ঘৰত থাকিলে মোৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিলহেঁতেন।”
শেহতীয়া ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা (ৰা.প.স্বা.স.-৫) অনুযায়ী দেশৰ প্ৰায়ভাগ ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ মহিলা আৰু শিশুই যোৱা অৰ্দ্ধশতিকাজুৰি ৰক্তহীনতাত ভূগি আছে।
গিৰীয়েক সুখীৰামে (৩২) গুজৰাটৰ চুৰাটত কাপোৰৰ কাৰখানা এটাত কাম কৰে বুলি অঞ্জনীয়ে কয়। যোৱা ডেৰটা বছৰ ধৰি তেওঁ ঘৰলৈ অহা নাই। “তেওঁ মোৰ ডেলিভাৰিৰ সময়ত অহাৰ কথা আছিল, কিন্তু দুদিনতকৈ বেছি ছুটি ল’লে কামৰ পৰা তেওঁক উলিয়াই দিব বুলি কোম্পানীয়ে সকীয়নি দিলে। এই ক’ৰনা বেমাৰ অহাৰ পিছত আমাৰ দৰে দুখীয়া মানুহৰ পইছা-পাতি, স্বাস্থ্যৰ ফালে টান পৰিছে আৰু মানসিকভাৱেও ভাগি পৰিছে। মই অকলশৰীয়া হৈ পৰিছিলো, অকলেই সকলো কৰিবলগীয়া হৈছিল।”
“তেওঁৰ অনুপস্থিতিত সেই ভয়লগা পৰিৱেশ এটাৰ পৰা ওলাই অহাটোৱে মই বাচি ল’লো। প্ৰসৱোত্তৰ কালৰ স্বাস্থ্যসেৱাৰ কথা বাদেই, কোনোৱে ঘৰৰ কামখিনিতো মোক সহায় কৰা নাছিল, পানীকেঁচুৱাটোকো কোলাত নলয়,” পাৰিক তেওঁ কয়। অঞ্জনী যাদৱৰ এতিয়াও ৰক্তহীনতা কমা নাই। এইখন ৰাজ্যত হাজাৰ হাজাৰ মহিলাৰ একেই অৱস্থা।
ৰা.প.স্বা.স.-৫ৰ মতে বিহাৰৰ প্ৰায় ৬৪ শতাংশ মহিলাই ৰক্তহীনতাত ভূগি আছে।
দেশখনে “প্ৰজননক্ষম বয়স হোৱা মহিলাৰ মাজত ৰক্তহীনতা দূৰ কৰাৰ লক্ষ্যত উপনীত হোৱাৰ দিশত কোনো অগ্ৰগতি লাভ কৰা নাই, এতিয়া ১৫ৰ পৰা ৪৯ বছৰ বয়সৰ ৫১.৪ শতাংশ মহিলা ৰক্তহীনতাত ভূগি আছে,” ২০২০ৰ বিশ্ব পুষ্টি প্ৰতিবেদনত ক’ভিড-১৯ প্ৰসংগত এই তথ্য দাঙি ধৰা হৈছে।








