এতিয়া আৰু উৎকণ্ঠা নাই। ৰেলগাড়ীখন ঢুকি পালো। নতুন দিল্লী কালকা শতাব্দী স্পেচিয়েলৰ ছিট এটাত মোৰ সৈতে মনৰ উৎকণ্ঠা-উদ্বিগ্নতা মাৰ গৈছে। ৰেলগাড়ীখনে কিবা এটা যেন মনৰ বেজাৰত ঝক্ ঝক্ কৰি প্লেটফৰ্ম এৰি গৈছে। ৰেলখনৰ ছন্দোময় হেন্দোলনিৰ সমানে সমানে মোৰ চৌপাশে থকা সকলো বস্তু অস্তমিত হ’ব ধৰিছে, যেন মোৰ খেয়ালী মনৰ কথাবোৰহে। কিন্তু তাই, তাই যে উশাহ ল’বলৈকে পাহৰিছে। ৰেলখনে যিমান জোৰে চলিছে, তাইৰো চঞ্চলতা সমানে বাঢ়িছে।
প্ৰথমে তাই ককাদেউতাকৰ গন্তি কৰিবপৰা চুলিকেইডাল ফণিওৱাত লাগিল। আমি কুৰুক্ষেত্ৰ পাওঁ মানে বেলিটোৰ হেঙুলীয়া ৰংটোও নাইকিয়া হ’ল, কেতিয়া হ’ল গমকে নাপালো। এতিয়া তাই চকীখনৰ হাতখনৰ লগত ব্যস্ত হৈ পৰিছে। এবাৰ হাতখন উঠাইছে, আনবাৰ নমাইছে। বেলিটোৱে লগত লৈ যোৱা হালধীয়াখিনিৰ কাৰণে মোৰ মনটো উচপিচ কৰিছে, আমি যে এতিয়া আন্ধাৰৰ সৈতে সহবাস কৰিব লাগিব।
কিন্তু বাঢ়ি অহা এন্ধাৰক জানো তাই চল দিছে, তাইৰ প্ৰাণচঞ্চলতা বাঢ়িছেহে। নীলাৰ ওপৰত বগা আঁচ টনা ফ্ৰকটোৰে সৈতে তাই মাকৰ কোলাৰ পৰা উঠিছে। তৰুণ মাকজনীয়ে তাইক কোলাৰ পৰা দাঙি অকণমান ভালকৈ চৌপাশ চাব পৰা কৰি দিছে। তাই চাইছে, তাই য’লৈকে চাইছে, মোৰো চকু তালৈকে গৈছে। দেখিছো তাইৰ মূৰৰ ওপৰতে দুটা চুইচ আছে। তায়ো দেখিছে। অকণমান দিগ দি তাই মাকৰ কোলাৰ পৰা উঠিছে আৰু এবাৰ ইখন হাতেৰে, আনবাৰ আনখনেৰে চেষ্টা কৰিছে...তাৰপিছত, ইউৰেকা!
তাইৰ মুখখন হালধীয়া পোহৰে চাদৰ এখনৰ দৰে আৱৰি ধৰিছে। সেয়া সেই বেলিটো, তাইৰ চকুত লুকাই আছিল। এতিয়া ধলফাট দিছে। তাই দ্বিতীয়টো চুইচ টিপিছে। আন এটা লাইটৰ পোহৰ তাইৰ গাত পৰিছে। তাইৰ চকুৱে আভা বিলাইছে। তাইৰ চকুকেইটাৰে, হালধীয়া লাইটটো কণমানি হাতৰ তলুৱাৰে ঢাকিব খোজোতে আঙুলিৰ ফাঁকেৰে পোহৰ ওলাই আহিছে।
মোৰ সহযাত্ৰী, সেই কণমানিজনীৰ মুখাৱয়বৰ আভাই মোক নিদা ফাজিলৰ দুটা শাৰী মনত পেলাই দিলে
"শিশুহঁতৰ কণমানি হাতক জোন-তৰা চুবলৈ দিয়া
দুই-চাৰিখন কিতাপ পঢ়িলে সিহঁতো আমাৰ দৰে হৈ পৰিব।’’
অনুবাদ: পংকজ দাস