পদুলিমুখতে ধৰা পৰিল,
চাৰিআলিত তাক হত্যা কৰা হ’ল
হৈ-চৈ লাগিল।
হায় ৰে হায়! হামীৰ নাহে আৰু!


Kachchh, Gujarat
|SAT, FEB 25, 2023
কচ্ছৰ সৰোবৰ আৰু এটা প্ৰেমকাহিনী
ভুজৰ এই কচ্ছী গীতটোত প্ৰেম আৰু হাবিয়াসে ঠাই পাইছে। এয়া পাৰিত কচ্ছী লোকগীতৰ শৃংখলৰ দ্বিতীয়টো কবিতা
Author
Illustration
Translator
এই গীতটো ২০০ বছৰ পুৰণি। জনপ্ৰিয় কচ্ছী গীতটোত দুজন প্ৰেমিক-প্ৰেমিকা হামীৰ আৰু হামলিৰ কাহিনী কোৱা হৈছে। তেওঁলোকৰ পৰিয়ালে তেওঁলোকৰ প্ৰেমক অস্বীকাৰ কৰিছিল আৰু সেয়ে ভূজৰ হামিচাৰ সৰোবৰৰ পাৰত তেওঁলোক দুজনে গোপনে লগ কৰিছিল। কিন্তু এদিনাখন প্ৰেমাস্পদক লগ কৰিবলৈ অহা বাটত হামীৰক পৰিয়ালৰ মানুহে দেখা পায়। তেওঁ পলাবলৈ চেষ্টা কৰে যদিও তেওঁক খেদি নি হত্যা কৰা হয়। এই গীতটোত হামলিয়ে কেনেকৈ সৰোবৰৰ পাৰত প্ৰেমিক হামীৰলৈ বাট চাই আছে, তাৰেই বেজাৰ ফুটি উঠিছে।
পৰিয়ালে কিয় অনুমতি নিদিলে?
গীতৰ কথাখিনি ৰচুদা শৈলীৰ। গীতটোত এই কথাৰ অনুমান কৰিব পাৰি যে ল’ৰাটোৰ হত্যাত জাত-পাতৰ ভূমিকা আছে। কিন্তু প্ৰায়ভাগ কচ্ছী পাঠকে গীতটোত মহিলা এগৰাকীয়ে তেওঁৰ প্ৰেমিকাক হেৰুওৱাৰ বেদনাৰ প্ৰকাশ হিচাপেহে এই গীতটো বিশ্লেষণ কৰে। কিন্তু এই বিশ্লেষণত সেই পদুলিমুখ, চাৰিআলিটো আৰু ঘটনাৰ পিছত লগা হৈ-চৈৰ কথা উপেক্ষা কৰা হৈছে।
এইটো সুৰবাণী নামে কচ্ছী মহিলা বিকাশ সংগঠন পৰিচালিত সমবায় অনাতাঁৰ কেন্দ্ৰই ২০০৮ত বাণীবদ্ধ কৰা ৩৪১ টা গীতৰ মাজৰ এটা। কে.এম.ভি.এছ.ৰ যোগেদি গীতৰ এই সংগ্ৰহ পাৰিয়ে পাইছিল। এই গীতবোৰত অঞ্চলটোৰ সাংস্কৃতিক, ভাষিক আৰু সাংগীতিক বৈচিত্ৰ সোমাই আছে। এই সংগ্ৰহে কচ্ছৰ সাংগীতিক পৰম্পৰা ধৰি ৰখাত সহায় কৰিছে, যি পৰম্পৰা বৰ্তমান লুপ্ত হোৱাৰ দিশে গৈ আছে।
পাৰিত প্ৰকাশিত এই গীতটো কচ্ছৰ ভাচাউ তালুকৰ ভাৱনা ভিলে গাইছে। অঞ্চলটোৰ বিবাহ উৎসৱত প্ৰায়ে ৰচুদা বজোৱা হয়। ৰচুদা একধৰণৰ কচ্ছী লোকনৃত্য য’ত মহিলাই ধুলীয়া এজনক কেন্দ্ৰ কৰি গীত গাই নাচে। ছোৱালীৰ বিয়াত মাক-দেউতাকে গহণা-গাঁঠৰি কিনোতে ধাৰত পোত যায়। হামীৰীঅ’ৰ মৃত্যুৰ পিছত হামলিয়ে সেই অলংকাৰবোৰ পিন্ধাৰ অধিকাৰ হেৰুৱাই পেলালে আৰু গীতটোত তাইৰ ত্যাগ আৰু ধাৰৰ প্ৰসংগ আছে।
કરછી
હમીરસર તળાવે પાણી હાલી છોરી હામલી
પાળે ચડીને વાટ જોતી હમીરિયો છોરો હજી રે ન આયો
ઝાંપલે જલાણો છોરો શેરીએ મારાણો
આંગણામાં હેલી હેલી થાય રે હમીરિયો છોરો હજી રે ન આયો
પગ કેડા કડલા લઇ ગયો છોરો હમિરીયો
કાભીયો (પગના ઝાંઝર) મારી વ્યાજડામાં ડોલે હમીરિયો છોરો હજી રે ન આયો
ડોક કેડો હારલો (ગળા પહેરવાનો હાર) મારો લઇ ગયો છોરો હમિરીયો
હાંસડી (ગળા પહેરવાનો હારલો) મારી વ્યાજડામાં ડોલે હમીરિયો છોરો હજી રે ન આયો
નાક કેડી નથડી (નાકનો હીરો) મારી લઇ ગયો છોરો હમિરીયો
ટીલડી મારી વ્યાજડામાં ડોલે હમીરિયો છોરો હજી રે ન આયો
હમીરસર તળાવે પાણી હાલી છોરી હામલી
પાળે ચડીને વાટ જોતી હમીરિયો છોરો હજી રે ન આયો
অসমীয়া
হামীৰচৰৰ পাৰত তাই ৰৈ আছে,
হামলী ৰৈ আছে।
সৰোবৰৰ ওখ বান্ধত বহি তাই ৰৈ আছে,
ৰৈ আছে প্ৰিয়তমৰ অপেক্ষাত।
হায় ৰে হায়! সি আৰু নাহে!
পদুলিমুখতে ধৰা পৰিল,
চাৰিআলিত তাক হত্যা কৰা হ’ল
হৈ-চৈ লাগিল,
হায় ৰে হায়! হামীৰ নাহে আৰু!
মোৰ কডালা লৈ গ’ল,
নুপুৰ বাজিব কেনেকৈ,
ধৰুৱা হৈ ৰ’লো মই।
গলৰ গলপতা গ’ল
কিহে শুৱাব এতিয়া মোক
ধৰুৱা হৈ ৰ’লো
কেনেকৈ সাজোন-কাচোন কৰোঁ
হায় ৰে হায়! হামীৰ নাহে আৰু!
নাকফুলিটোও তাৰ চিন্তাত হেৰাই থাকিল,
সেওঁতাৰ সেন্দুৰ মচ খালে,
কপালৰ ফোঁটে নুশুৱায় আৰু মোক
ধৰুৱা হৈ ৰ’লো,
হায় ৰে হায়! হামীৰ নাহে আৰু!
তাই এতিয়াও হামীৰচৰৰ পাৰত ৰৈ আছে,
হামলী ৰৈ আছে।
ওখ বান্ধত বহি তাই ৰৈ আছে
ৰৈ আছে প্ৰিয়তমৰ অপেক্ষাত।
Rahul Ramanathan
গীতৰ প্ৰকাৰ: পাৰম্পৰিক লোকগীত
গীতৰ কথা : প্ৰেম, বিচ্ছেদ আৰু হাবিয়াস
গীত: ২
গীতৰ শিৰোনাম: হামীৰচৰ তালাভে পানীহালি চৰি হামলী
গীতিকাৰ: দেৱল মেহতা
গায়ক: ভাচাউ তালুকৰ চম্পাৰ গাঁৱৰ ভাৱনা ভিল
ব্যৱহৃত বাদ্যযন্ত্ৰ: হাৰমনিয়াম, ধোল
বাণীবদ্ধকৰণৰ চন : ২০০৫, কে.এম.ভি.এছ. ষ্টুডিঅ’
গুজৰাটী অনুবাদ: অমদ চামেজা, ভাৰতী গোড়
প্ৰীতি চনি, অৰুণা ধোলকিয়া, কে.এম.ভি.এছ.ৰ সচিব, অমদ চামেজা, কে.এম.ভি.এছ.ৰ প্ৰকল্প সমন্বয়কক তেওঁলোকৰ সহায়-সহযোগিতাৰ কাৰণে আৰু গুজৰাটী অনুবাদত সহায়ৰ বাবে ভাৰতীবেন গ’ৰলৈ ধন্যবাদ।
অনুবাদ: পংকজ দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/কচ্ছৰ-সৰোবৰ-আৰু-এটা-প্ৰেমকাহিনী

