ৰুশিকেশ আৱেগিক হৈ পৰিছিল। ৫ আগষ্টত অলিম্পিকৰ ৰূপৰ পদক ল’বলৈ জাপানৰ ক্ৰীড়ামঞ্চত মল্লযোদ্ধা ৰবি দাহিয়াক থিয় হোৱা দেখি তেওঁৰ চকু চলচলীয়া হৈছিল। সেয়া আছিল আনন্দৰ এক মুহূৰ্ত।
২০২০ৰ মাৰ্চত ক’ভিড-১৯ আৰম্ভ হোৱাৰ পৰা সম্পূৰ্ণ ১৮ মাহ মহাৰাষ্ট্ৰৰ লাটুৰ জিলাৰ ২০ বছৰীয়া সম্ভাৱনাপূৰ্ণ ৰুশিকেশ হতাশ হৈ পৰিছিল। আগন্তুক ভৱিষ্যতে পৰিস্থিতি সলনি হ’ব যেন লগা নাই, তেওঁ কয়, “পৰিস্থিতি হতাশজনক, এনে লাগে যেন মোৰ হাতৰ পৰা সময়বোৰ ওলাই গৈছে।”
সেমেকা হাঁহি মাৰি নিজৰ সমস্যাটোৰ কথা তেওঁ কয়ঃ “সামাজিক দূৰত্বও মানি চলিম আৰু মল্লযুঁজো কৰিম, কেনেকৈ সম্ভৱ কওঁকচোন?”
নিজক অলপ উৎফুল্লিত কৰিবলৈ ওচমানাবাদ চহৰৰ উপকণ্ঠ অঞ্চলত থকা মল্লযুঁজৰ প্ৰশিক্ষণ কেন্দ্ৰ হাটলাই কুস্তি সংকুলত কেইজনমান বন্ধুৰ সৈতে ৰুশিকেশে ২০২০ৰ টকিঅ’ অলিম্পিক চাইছিল। ৮ আগষ্টত যেতিয়া অলিম্পিকৰ সামৰণি পৰিল, সাতটা পদকেৰে ভাৰতে সৰ্বকালৰ শ্ৰেষ্ঠ খিতাপ লাভ কৰিলে। তাৰে দুটা পদক ভাৰতে মল্লযুঁজৰ বাবে পালে।
পুৰুষৰ ৫৭ কি.গ্ৰা. আৰু ৬৫ কি.গ্ৰা.ৰ ফ্ৰীষ্টাইল মল্লযুঁজত যথাক্ৰমে দাহিয়াই ৰূপৰ আৰু বজংৰগ পুণিয়াই ব্ৰঞ্জৰ পদক লাভ কৰাৰ অভিলেখে পেটেভাতে খাই থকা পৰিয়ালৰ ৰুশিকেশৰ নিচিনা কুস্তিবীৰ হোৱাৰ সপোন দেখাসকলক অনুপ্ৰাণিত কৰিলে। বিজয়ী হোৱাৰ পিছত টকিঅ’ত ২৩ বছৰীয়া দাহিয়াই সংবাদসংস্থা পিটিআইক জনালে যে তেওঁক সফল কৰি তুলিবলৈ পৰিয়ালটোৱে বহু ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছিল। উল্লেখ্য, দাহিয়া হাৰিয়ানাৰ লাহৰী গাঁৱৰ এজন আধিয়াৰ কৃষকৰ পুত্ৰ। তিনিটাকৈ অলিম্পিকৰ পদক লাভ কৰা তেওঁৰ গাওঁখনত আজিপৰ্য্যন্ত মল্লযুঁজৰ প্ৰশিক্ষণৰ মৌলিক আন্তঃগাঁথনি গঢ়ি নুঠিল। তেওঁ কয়, “সকলো লাগে...ভাল স্কুলৰ পৰা আৰম্ভ কৰি খেলৰ সা-সুবিধা।”












