নামদেও তাৰালে নিজৰ খেতিপথাৰখনত নমাৰ পিছত লাহে লাহে খোজ কাঢ়িছে। ৪৮ বছৰীয়া কৃষকজনে হাউলি মগুমাহখিনি চাইছে, সেয়া জন্তুৱে ভৰিৰে মোহাৰি পেলাইছে আৰু খাইছে। সেয়া ২০২২ৰ ফেব্ৰুৱাৰীৰ শীতৰ এটা সুন্দৰ পুৱা; আকাশত বেলিৰ কোমল ৰ’দ।
“ হা এক প্ৰকাৰ্চা দুষ্কলাচ আহে [এয়া নতুন ধৰণৰ খৰাং],” তেওঁ খাৰাংখাচ ভাবত কয়।
তাৰালেৰ হতাশা আৰু শংকা অনুধাৱন কৰিবলৈ এইষাৰ কথাই যথেষ্ট। পাঁচ একৰ মাটি থকা এজন কৃষক তাৰালেয়ে কৰা তিনিমাহৰ কঠোৰ পৰিশ্ৰমৰ অন্তত চপাবলৈ সাজু হোৱা তুৰ আৰু মগুমাহ হেৰুৱাৰ চিন্তাই তেওঁক খাইছে। ২৫ বছৰীয়া খেতিৰ অভিজ্ঞতাৰ সময়ছোৱাত তেওঁ বিভিন্ন ধৰণৰ খৰাং পৰিস্থিতিৰ নিজ চকুৰে দেখিছে – বতৰ সম্পৰ্কীয়, যেতিয়া কেতিয়াবা অনাবৃষ্টি, কেতিয়াবা আকৌ অতিবৃষ্টি হয়; জল সম্পৰ্কীয়, যেতিয়া ভূগৰ্ভস্থ পানীৰ স্তৰ সাংঘাতিক ধৰণে নামি যায়; আকৌ কেতিয়াবা কৃষিজনিত, যেতিয়া মাটিৰ আৰ্দ্ৰতা হ্ৰাস পালে শস্য আশানুৰূপ নহয়।
যিবাৰ আকৌ ফচল ভাল হৈছে বুলি আপুনি ভাবিব, তেতিয়া আহিব এই চাৰিঠেঙীয়াবোৰ, নাইবা আহিব পতংগবোৰ। আৰু গোটেইখন উচন কৰি থৈ যাব।
“ডাউনক, বান্দৰ, শহাপহু দিনত আহে; হৰিণা, নীলগাই, চম্বাৰ হৰিণা, বনগাহৰি, বাঘ আদি আহে ৰাতি,” তেওঁৰ পথাৰখনৰ ক্ষতিসাধন কৰা জীৱ-জন্তুবোৰৰ তালিকাখন তেওঁ গণি শুনাইছে।
“মাটি কেনেকৈ চহায়, খেতি কেনেকৈ কৰে, আমি জানো, কিন্তু খেতিপথাৰখন সুৰক্ষা দিব নাজানো,” তেওঁ হতাশ হোৱাৰ সুৰত কয়। তেওঁ সাধাৰণতে কপাহ বা ছয়াবিন আদি নগদী শস্যৰ উপৰিও মগুমাহ, মাকৈ, জোৱাৰ আৰু বুটমাহৰ খেতি কৰে।




















