পৰিপাটিকৈ তেল সানি বেণী গাঠি থোৱা চুলিকোচা মূৰৰ ওপৰত টানকৈ বান্ধি থোৱা থাকে। মুখমণ্ডলত বয়সৰ আঁচোৰ। তেঁও পৰিধান কৰে এজোৰ হাৱাই চেণ্ডেল আৰু এখন খদ্দৰৰ কপাহী শাৰী। ভৰিৰ সৰুগাঁঠিৰ অলপ ওপৰত শাৰীখন পিন্ধে। সদায় পুৱাতে তেঁও দিনটোৰ কামৰ বাবে সাজু হয়। কিন্তু সেইদিনা তেঁও কুমায়ুন অঞ্চলত থকা কোশী নদীৰ উৎস পিন্নাথ বনাঞ্চলৰ পৰা ৰুদ্ৰধাৰীলৈ আমাক লৈ যাবলৈ ৰৈ আছে।
উত্তৰাখণ্ডৰ বাগেশ্বৰ আৰু আলমোৰা জিলাৰ সীমাত থকা ২৪০০ লোকৰ বাসভূমি কৌশানী নামৰ গাঁওখনত মাৰ্চ-এপ্ৰিলত অনুষ্ঠিত বাৰ্ষিক ৰাজহুৱা উৎসৱৰ আমি অংশগ্ৰহণকাৰী আছিলো। অঞ্চলটোত বাসন্তী বেহেন (বাইদেউ) ৰূপে পৰিচিত বাসন্তী সামন্ত এই উৎসৱৰ এগৰাকী বক্তা।
কেইবছৰমান পূৰ্বে তেঁও এটা আন্দোলনৰ নেতৃত্ব দিছিল- কোশী নদীক ৰক্ষা কৰিবলৈ কৌশানী গাঁৱৰ চৌপাশৰ মহিলাক লৈ ২০০ টা গোট গঠন কৰিছিল, একোটা গোটত ১৫-২০ গৰাকী মহিলা আছিল। ১৯৯২ ত কোশী নদীত প্ৰতি ছেকেণ্ডত ৮০০ মিটাৰ পানী প্ৰৱাহিত হোৱাৰ পৰিৱৰ্তে ২০০২ বৰ্ষাকালত প্ৰতি ছেকেণ্ডত মাত্ৰ ৮০ লিটাৰমান জল প্ৰবাহৰ পৰিমান হ্ৰাস পায়। তেতিয়াৰে পৰা শ্ৰীসামন্ত আৰু তেঁওৰ সতীৰ্থসকলে কোশী নদীৰ ৰক্ষণা-বেক্ষণৰ বাবে কাম কৰি আহিছে। ২০০২ত শ্ৰীমতী সামন্ত আৰু তেঁওৰ সতীৰ্থসকলে গছ কটা বন্ধ কৰিবলৈ আৰু গছ ৰুবলৈ আৰু বিশেষকৈ স্থানীয়ভাৱে পোৱা বঞ্জ ওকজাতীয় গছ ৰুবলৈ সকলোকে উৎসাহিত কৰে। মহিলাসকলে কোশীৰ পানী ব্যয় কৰাত মিতব্যয়ী হ'বলৈ সকলোকে আহ্বান জনায় আৰু বন জুই নিৰ্বাপিত কৰিবলৈ তথা বাধা দিবলৈ আহ্বান জনায়। শ্ৰীমতী সামন্তই সকলো মহিলাকে ভগ্নীসুলভ বান্ধোনেৰে একত্ৰিত কৰিছিল আৰু এই সম্পৰ্কৰ এনাজৰী পৰিৱেশ ৰক্ষাত ব্যৱহাৰ কৰিছিল।
কিন্তু প্ৰথমে সামন্তই নিজৰ সংগ্ৰাম কৰিব লগা হৈছিল।





