"আন্দোলনটোৱে মোক সমূখলৈ আহি নিজৰ যুঁজখন যুঁজিবলৈ শিকাইছিল। এই আন্দোলনটোৱে আমাক সন্মান দিছে।" 'আমাক' বুলি ৰজিন্দৰ কৌৰে তেওঁৰ দৰে মহিলাসকলক বুজাইছে যিসকলে ২০২০ চনৰ ছেপ্টেম্বৰত জাৰী কৰা কৃষি আইনৰ বিৰুদ্ধে আন্দোলনত অংশগ্ৰহণ কৰিছিল। পাঞ্জাৱৰ পাটিয়ালা জিলাৰ ৪৯ বছৰীয়া কৃষক ৰজিন্দৰে প্ৰায়ে ২২০ কিলোমিটাৰ দূৰৰ সিংঘুলৈ ভ্ৰমণ কৰিছিল আৰু প্ৰতিবাদস্থলীত ভাষণ দিছিল।
তেওঁলোকৰ দৌন কালান গাঁৱত থকা তাইৰ চুবুৰীয়া, ৫০ বছৰীয়া হৰজিৎ কৌৰে দিল্লী-হাৰিয়ানা সীমান্তৰ সিংঘুত ২০৫ দিন অতিবাহিত কৰিছিল। তেওঁ কয়, "মোৰ এনে এটা সময় মনত নাই যেতিয়া মই খেতি কৰা নাছিলোঁ।" "মই চপোৱা প্ৰতিটো শস্যৰ সৈতে মই অকণমান ডাঙৰ হৈছিলোঁ।" হৰজিৎ ৩৬ বছৰ ধৰি এজন কৃষক, হৰজিতে কয়, "মই প্ৰথমবাৰৰ বাবে এনে ধৰণৰ আন্দোলন দেখিছিলো আৰু অংশগ্ৰহণ কৰিছিলো।" "মই দেখিছিলো শিশু, বৃদ্ধ আৰু মহিলাসকল প্ৰতিবাদত উপস্থিত হৈছিল।"
কেন্দ্ৰীয় চৰকাৰে বিতৰ্কিত আইনসমূহ ঘূৰাই লোৱাৰ দাবীত দেশৰ ৰাজধানীৰ উপকণ্ঠত লাখ লাখ কৃষক সমবেত হৈছিল। মুখ্যতঃ পাঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কৃষকসকলে ২০২০ চনৰ নৱেম্বৰৰ পৰা তাত এবছৰৰ বাবে শিবিৰ পাতিছিল। কৃষকসকলৰ প্ৰতিবাদ ঐতিহাসিক আছিল, আৰু শেহতীয়াকৈ হোৱা সৰ্ববৃহৎ জনআন্দোলনসমূহৰ ভিতৰত সেয়াও এটা আছিল।
পাঞ্জাৱৰ মহিলাসকলে সন্মুখত থাকি আন্দোলনত অংশগ্রহণ কৰিছিল। তেওঁলোকে কয় যে তেতিয়া তেওঁলোকে অনুভৱ কৰা একতা অব্যাহত আছে আৰু ইয়াৰ অংশ হ’বলৈ পাই তেওঁলোকে যি সাহস আৰু স্বাধীনতা অনুভৱ কৰিছিল, সেই অনুভৱ শক্তিশালী হৈছে। "মই প্ৰতিবাদস্থলীত থকাৰ সময়ত কেতিয়াও ঘৰলৈ মনত পৰা নাছিল। এতিয়া যেতিয়া মই উভতি আহিছো, প্রতিবাদৰ দিনবোৰ মনত পৰি থাকে," মানসা জিলাৰ ৫৮ বছৰীয়া কুলদীপ কৌৰে কয়।
আগতে, বুধলাদা তহচিলৰ ৰালি গাঁৱত কামৰ বোজাই তাইৰ মেজাজক প্রভাৱিত কৰিছিল। "ইয়াত মই এটাৰ পিছত এটা কাম কৰিব লাগিব বা আমি আনুষ্ঠানিকতা মানি অতিথিসকলক আপ্যায়ন কৰিব লাগিব। কিন্তু প্রতিবাদস্থলীত মই মুক্ত আছিলোঁ," কুলদীপে কয়। প্ৰতিবাদস্থলীবোৰত থকা পাকঘৰত তাই স্বেচ্ছাই উপস্থিত হৈছিল। তাই কৈছিল যে তাই গোটেই জীৱন তাত কাম কৰিব পাৰিলেহেঁতেন। "মই জ্যেষ্ঠসকলক দেখিছিলো আৰু ভাবিছিলো যে মই মোৰ পিতৃ-মাতৃৰ বাবে ৰান্ধি আছিলো।"












