মই ক’ৰবাত লিখিছো যে তুমি আমাক উভালি পেলাব পাৰা আৰু নদীত উটুৱাই দিব পাৰা। কিন্তু তোমাৰ বাবে পানী নাথাকিব। তুমি আমাৰ মাটি, আমাৰ পানী কাঢ়ি নিব পাৰা, কিন্তু আমি তোমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে মৰণপণ যুঁজ দিম। জল, জংগল, জমিনৰ সংগ্ৰাম কেৱল আমাৰ নহয়, আমি প্ৰকৃতিৰ পৰা কোনো বিচ্ছিন্ন নহয়। প্ৰকৃতিৰ সৈতে সমন্বয়েৰে আদিবাসীসকল জীয়াই থাকে। আমি আমাক প্ৰকৃতিৰ পৰা বেলেগ বুলি নাভাবো। মই দেহৱালি ভিলি ভাষাত লিখা ভালেকেইটা কবিতাত আমাৰ মানুহৰ মূল্যবোধ সংৰক্ষণ কৰাৰ চেষ্টা কৰিছো।
আমি আদিবাসী সম্প্ৰদায়ে জগতখনক কেনেকৈ চাওঁ, সেয়া ভৱিষ্যত প্ৰজন্মৰ বাবে অনুসৰণৰ আদিপাঠ হ’ব পাৰে। জগতখনক চোৱাৰ যি দৃষ্টিভংগী, সেয়া আদৰি লৈ জীৱনটো চলাই নিয়াৰ বাদে গত্যন্তৰ নাই, যদিহে আপুনি সামূহিক আত্মহত্যাৰ বাবে সাজু হোৱা নাই।


