মৃত্যুৰ দিনটোলৈকে ২২ বছৰীয়া গুৰপ্ৰীত সিঙে নতুন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ নিজৰ গাঁৱত প্ৰতিবাদী কৃষকৰ সমদলত যোগদান কৰিছিল। উত্তৰ-পশ্চিম পাঞ্জাৱৰ এখন গাঁৱত ৫ একৰ কৃষিভূমিত খেতি কৰা প্ৰয়াত গুৰপ্ৰীতৰ পিতৃ জগতাৰ সিং কাতাৰিয়াই তেওঁৰ অন্তিম বক্তব্য সোঁৱৰে। দিল্লীৰ সীমান্তত নতুন ইতিহাস সৃষ্টি কৰা হৈছে, সেয়ে তেওঁলোকেও প্ৰতিবাদী সমদলত যোগ দিয়া উচিত বুলি তেওঁৰ কথা শুনি থকা কমেও ১৫ জন কৃষকক তেওঁ কৈছিল। ২০২০ৰ ডিচেম্বৰৰ পুৱা প্ৰদান কৰা সেই ভাষণৰ পিছত তেওঁলোক সাজু হ’ল আৰু ৰাজধানী অভিমুখে প্ৰতিবাদ কৰিবলৈ যাবলৈ ওলাল।
যোৱা বছৰৰ ১৪ ডিচেম্বৰত পাঞ্জাৱৰ শ্বহীদ ভগৎ সিং নগৰ জিলাৰ বালাচৌৰ তহচিলৰ সাকোৱাল গাঁৱৰ পৰা তেওঁলোকে যাত্ৰা আৰম্ভ কৰিলে। প্ৰায় ৩০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই যাত্ৰাত হাৰিয়ানাৰ আম্বালা জিলাৰ মোহৰাৰ ওচৰত তেওঁলোক উঠি যোৱা ট্ৰেক্টৰখনৰ ট্ৰলীত এখন ডাঙৰ গাড়ীয়ে খুন্দা মাৰিলে। “ভয়াৱহ সংঘৰ্ষ হৈছিল। গুৰপ্ৰীতৰ মৃত্যু হ’ল। সেইয়া আছিল কৃষক আন্দোলনলৈ তেওঁৰ অৱদান, নিজৰ জীৱনটোকে সপি দিলে,” পাটিয়ালাৰ মোদী কলেজত স্নাতক শ্ৰেণীত অধ্যয়ন কৰা গুৰপ্ৰীতৰ বিষয়ে পিতৃ জগতাৰ সিঙে কয়।
২০২০ৰ ছেপ্টেম্বৰত ভাৰত চৰকাৰে প্ৰৱৰ্তন কৰা তিনিখন কৃষি আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত অংশগ্ৰহণ কৰি মৃত্যু হোৱা ৭০০ৰো অধিক কৃষকৰ মাজৰে এজন আছিল গুৰপ্ৰীত। এই আইনকেইখনে ন্যূনতম সমৰ্থন মূল্য (এমএচপি) সুবিধা নাইকিয়া কৰিব আৰু ব্যক্তিগত ব্যৱসায়ীক আৰু বৃহৎ নিগমসমূহক শস্যৰ মূল্য নিয়ন্ত্ৰণৰ অধিকাৰ দিয়াৰ লগতে কৃষিপণ্যৰ বজাৰত অবাধ প্ৰৱেশৰ সুবিধা দিব, যাৰ বিৰুদ্ধে সমগ্ৰ দেশত কৃষকসকলে প্ৰতিবাদ কৰিছিল। ২০২০ৰ ২৬ নৱেম্বৰৰ পৰা দিল্লী সীমান্তত হোৱা বিশাল প্ৰতিবাদত প্ৰধানকৈ পাঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কৃষকে অংশগ্ৰহণ কৰিছিল। দিল্লী-হাৰিয়ানা সীমান্তৰ সিংঘু আৰু টিক্ৰি আৰু দিল্লী-উত্তৰ প্ৰদেশ সীমান্তৰ গাজীপুৰত শিবিৰ পাতি প্ৰতিবাদী কৃষকে আইনকেইখন খাৰিজ কৰাৰ দাবী জনাইছিল।
প্ৰতিবাদ আৰম্ভ হোৱাৰ এবছৰ পাৰ হৈ গ’ল, তেতিয়াহে ২০২১ৰ ১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে আইনকেইখন খাৰিজ কৰা হ’ব বুলি ঘোষণা কৰিলে। ২৯ নৱেম্বৰত সংসদত কৃষি আইন খাৰিজ বিধেয়ক ২০২১ গৃহীত কৰা হয়, কিন্তু কৃষক সংঘসমূহে উত্থাপন কৰা দাবীৰ অধিকাংশ চৰকাৰে গ্ৰহণ কৰাৰ পিচত ২০২১ৰ ১১ ডিচেম্বৰত প্ৰতিবাদী আন্দোলন প্ৰত্যাহাৰ কৰা হয়।
এই দীঘলীয়া প্ৰতিবাদৰ সময়ছোৱাত নিজৰ প্ৰিয়জনক হেৰুওৱা কিছুমান পৰিয়ালৰ সৈতে মুখামুখিকৈ আৰু ফোনেৰে মই কথা পাতিছিলো। তেওঁলোক বিধ্বস্ত আৰু বিষণ্ণ, লগতে ক্ষুব্ধ। এক মহান উদ্দেশ্যৰ বাবে জীৱন উৎসৰ্গা কৰা শ্বহীদসকলৰ মাজৰ নিজৰ প্ৰিয়জনক তেওঁলোকে সুঁৱৰিলে।
“আমি কৃষকৰ বিজয় উদযাপন কৰিছো, কিন্তু আইনকেইখন ঘূৰাই ল’ব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে কৰা ঘোষণাই আমাক সন্তুষ্ট কৰিব পৰা নাই। চৰকাৰে কৃষক আৰু মৃতকসকলক উপহাস কৰিছে,” জগতাৰ সিং কাতাৰিয়াই কয়।

















