''নিজ সন্তানক এনেকৈ কোনো নেহেৰুৱাওঁক,’’ ২৬ জানুৱাৰীৰ দিনা দিল্লীত কৃষকৰ ট্ৰেক্টৰৰ ৰেলীত মৃত্যু হোৱা নৱৰীত সিঙৰ পিতৃ ছাৰবিক্ৰমজীৎ সিং হুণ্ডালে কয়।

উত্তৰ প্ৰদেশৰ দিবদিবা গাঁৱৰ তেওঁলোকৰ ঘৰত নৱৰীতৰ ফটো এখন আঁৰি থোৱা আছে, তাৰে কাষত বহি থকা নৱৰীতৰ পিতৃ ছাৰবিক্ৰমজীৎ (৪৫) আৰু তেওঁৰ পত্নী পৰমজীৎ কৌৰ (৪২)য়ে তেওঁলোকলৈ সমবেদনা যাঁচিবলৈ অহা মানুহক আদৰিছে। পুত্ৰশোকে তেওঁলোকৰ ঘৰখন একেবাৰে খালী কৰি থৈ গৈছে। ''তেওঁ আমাক খেতিত সহায় কৰি দিছিল, আমাৰ যত্ন লৈছিল। দায়িত্বৱান আছিল মোৰ ল’ৰাটো,’’ ছাৰবিক্ৰমজীতে কয়।

দিল্লীৰ গণতন্ত্ৰ দিৱসৰ ৰেলীত ভাগ ল’বলৈ নৱৰীতে (২৫) দিল্লী-উত্তৰ প্ৰদেশৰ সীমান্তৰ গাজিপুৰলৈ গৈছিল। ২০২০ৰ ২৬ নৱেম্বৰৰ পৰা দিল্লী সীমান্তত আৰম্ভ হোৱা কৃষকৰ প্ৰতিবাদৰ দিন ধৰি তেওঁৰ ককা হৰদীপ সিং দিবদিবা (৬৫) তাতেই বাহৰ পাতি আছিল। নৱৰীতে ট্ৰেক্টৰ এখন চলাই আছিল, সেইখন দিল্লী পুলিচে দীন দয়াল উপাধ্যায় মাৰ্গত পতা চিকিউৰিটি বেৰিকেডৰ কাষত লুটি খাই পৰে।

পুলিচে কয় যে ট্ৰেক্টৰখন লুটি খাই পৰাত আঘাত পাই নৱৰীতৰ মৃত্যু হৈছে, কিন্তু নৱৰীতৰ পৰিয়ালৰ মানুহে ভাৱে যে দুৰ্ঘটনাটো হোৱাৰ আগত তেওঁক গুলি কৰা হৈছিল। ''আমি আদালতত প্ৰমাণ দিম,’’ নৱৰীত সিঙৰ মৃত্যুৰ এক চৰকাৰী তদন্ত বিচাৰি দিল্লীৰ উচ্চ ন্যায়ালয়ত হৰদীপ সিঙে দাখিল কৰা আর্জিৰ প্ৰসংগত ছাৰবিক্ৰমজীতে কয়।

সেই মৰ্মন্তুদ ঘটনাৰ পিছৰে পৰা উত্তৰ-পশ্চিম উত্তৰ প্ৰদেশৰ সীমান্তৱৰ্তী জিলা ৰামপুৰ, য’ত দিবদিবা গাওঁখন আছে, তাৰে কৃষকসকলে ২০২০ৰ ছেপ্টেম্বৰত কেন্দ্ৰীয় চৰকাৰে অৱতাৰণা কৰা নতুন কৃষি আইনকেইখন প্ৰত্যাহাৰৰ দাবীৰে প্ৰতিবাদী কাৰ্য্যসূচী আৰু বেছি তীব্ৰতৰ কৰি তুলিবলৈ দৃঢ়মনা হৈ পৰিছে। ৰামপুৰৰ পৰা আৰম্ভ কৰি, উত্তৰাখণ্ডৰ উধম সিং নগৰ আৰু কাশীপুৰ জিলালৈ, কুমাওন অঞ্চলতো কৃষকসকল আগতকৈ বেছি দৃঢ়প্ৰতিজ্ঞ হৈ পৰিছে।

The death of their son, Navreet Singh (in the framed photo), has left a void in Paramjeet Kaur (left) and Sirvikramjeet Singh Hundal's lives.
PHOTO • Parth M.N.
PHOTO • Parth M.N.

বাওঁফালেঃ পুত্ৰ নৱৰীত সিঙৰ মৃত্যুই (বন্ধোৱা ফটোখনত) পৰমজীৎ কৌৰ (বাওঁফালে) আৰু ছাৰবিক্ৰমজীৎ সিং হুণ্ডালৰ জীৱনত এক বৃহৎ শূন্যতা সৃষ্টি কৰিছে। সোঁফালেঃ দিবদিবাত পৰিয়ালটোক সান্তনা যাঁচিবলৈ অহা পাঞ্জাৱৰ খেতিয়কসকলৰ সৈতে ছাৰবিক্ৰমজীৎ

দিবদিবাৰ পৰা ১৫ কিলোমিটাৰ দূৰত্বত, উধম সিং নগৰৰ সাইজানি গাঁৱৰ খেতিয়ক সুখদেৱ সিঙে (৪২) কয়, ''ল’ৰাজন (নৱৰীত) কাষৰে গাঁৱৰ আছিল, ঘৰটো ইয়াৰ পৰা বেছি দূৰত নহয়। তেওঁৰ মৃত্যুৰ পাছত কৃষকসকল আৰু বেছি দৃঢ়প্ৰতিজ্ঞ হৈ পৰিল (প্ৰতিবাদৰ বাবে)।’’

দিল্লী সীমান্তত প্ৰতিবাদ হোৱাৰ দিন ধৰি, উত্তৰাখণ্ডৰ কৃষকসকলেও ঘাইকৈ পাঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পৰা অহা কৃষকৰ সৈতে নতুন তিনিখন আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। আন তিনিখন ৰাজ্যতকৈ উত্তৰাখণ্ড ৰাজধানী চহৰৰ পৰা আটাইতকৈ দূৰত যদিও দূৰত্বৰ বাবে গাজিপুৰত তেওঁলোকৰ প্ৰতিবাদী কণ্ঠ ম্লান পৰিবলৈ দিয়া নাই।

উধম সিং নগৰ আৰু কাশীপুৰৰ পৰা কৃষকসকলে নৱেম্বৰত দিল্লী অভিমুখে যাত্ৰা কৰা সেই সময়খিনি সিমান সহজ নাছিল, সুখদেৱে কয়। উত্তৰ প্ৰদেশ আৰক্ষীয়ে আমাক ৰাজ্যৰ সীমান্তত, ৰামপুৰ-নেইনিতাল ১০৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখালে। ''আমি হাইৱেতে তিনিদিন তিনিৰাতি কটালো। পুলিচে আমাক ঘূৰাই পঠিয়াবলৈ যৎপৰোনাস্তি চেষ্টা কৰিলে। আমি ঘূৰি নাযাও বুলি তেওঁলোকে জানিব পাৰি পিছত যেনিবা আমাক সীমা পাৰ হৈ যাবলৈ দিলে।’’

নতুন কৃষি আইনকেইখনে কৃষকৰ পেটৰ ভাত মাৰিব কাৰণেই কৃষকসকলে ঘৰ এৰি ইমান দূৰ বাট বাই প্ৰতিবাদ কৰিবলৈ আহিছে, উধম সিং নগৰৰ ৰুদ্ৰপুৰ টেহচিলৰ সাইজিনিত ২৫ একৰ খেতিমাটি থকা সুখদেৱে কয়। কৃষকসকলে বিৰোধিতা কৰা আইনকেইখন হৈছেঃ কৃষকৰ উৎপাদনৰ ব্যৱসায় আৰু বাণিজ্য (উত্তৰণ আৰু সুচলকৰণ) আইন, ২০২০ ; কৃষকৰ (সবলীকৰণ আৰু সুৰক্ষিতকৰণ) মূল্য নিশ্চিতকৰণ আৰু কৃষিপাম সেৱাৰ চুক্তি আইন, ২০২০ ; আৰু অত্যাৱশ্যকীয় পণ্য (সংশোধন) আইন, ২০২০।

এই আইনকেইখনে কৃষকৰ সহায়ক হৈ অহা বুনিয়াদী ব্যৱস্থা যেনে ন্যূনতম সমৰ্থন মূল্য (এমএছপি), কৃষি উপজাত বিপণন কমিটি (এপিএমচি), ৰাজ্যৰ দ্বাৰা আহৰণ আৰু অনান্য ব্যৱস্থাক দুৰ্বল কৰি পেলাব।

সুখদেৱে মানে যে বিদ্যমান এপিএমচি মাণ্ডি ব্যৱস্থাটো কৃষকৰ সামগ্ৰী বিক্ৰীৰ বাবে উত্তম নহয়। ''আমি সেয়া খুবেই ভাল বুলি কেতিয়াও কোৱা নাই। আমি সংশোধন হোৱাটো বিচাৰিছো।’’ কিন্তু প্ৰশ্নটো হৈছে, এই সংশোধন কাৰ বাবে- কৃষকৰ বাবে নে ক’ৰ্পৰেট জগতখনৰ বাবে?

PHOTO • Parth M.N.
Sukhdev Singh in Saijani village on tractor
PHOTO • Parth M.N.

কৃষকৰ আন্দোলনৰ আৰম্ভণিৰে পৰা কৃষি আইন তিনিখনৰ বিৰোধ কৰি অহা সাইজানি গাঁৱৰ সুখদেও চঞ্চল সিং (বাওঁ) আৰু সুখদেৱ সিং

কেতিয়াবা মাণ্ডিত শস্যৰ গুণাগুণ চাই সেই শস্য নিকিনাও হয়, সুখদেৱে কয়। ''তেওঁলোকে আমাৰ পৰা শস্য কিনালৈকে প্ৰায় ভালেকেইদিন বাহৰ পাতি থাকিবলগীয়া হয়। কেতিয়াবা আকৌ বিক্ৰী হোৱাৰ পিছত পইছা সময়মতে নাপাওঁ,’’ সুখদেৱে কয়। ''মই ২০২০ৰ অক্টোবৰত মাণ্ডিত ২০০ কুইণ্টল ধান বিক্ৰী কৰিছিলো। কিন্তু এতিয়াও মই তাৰে ৪ লাখ টকা পোৱা নাই।’’

দিবদিবাত ছাৰবিক্ৰমজীৎ আৰু পৰমজীতৰ সাত একৰ খেতিমাটি আছে, তাতে পৰিস্থিতি সামান্য বদলিছে। ''চৰকাৰী মাণ্ডি ওচৰতে আছে, সেয়ে মই এমএছপিতে শস্যখিনি বিক্ৰী কৰো। আমি জীয়াই থাকিবলৈ এয়া অত্যৱশ্যকীয়,’’ খাৰিফ ঋতুত ধানখেতি আৰু ৰবিশস্যৰ ঋতুত গমৰ খেতি কৰা ছাৰবিক্ৰমজিতে কয়।

সীমাৰ সিপাৰে সাইজিনিৰ খেতিয়কে বিক্ৰী নোহোৱা শস্যখিনি বেপাৰীৰ ওচৰত বিক্ৰী কৰে। ''আমি খুব কম দামতে সেইখিনি তেওঁলোকলৈ বিক্ৰী কৰোঁ,’’ সুখদেৱে কয়। মাণ্ডিয়ে শস্য ক্ৰয় নকৰিলে কৃষকে আন যিকোনো ঠাইত এমএছপিত শস্যৰ বিক্ৰী কৰিব পাৰিব লাগে। ''যদি চাউলৰ বাবে এমএছপি ১৮০০ টকা প্ৰতি কুইণ্টল নিৰ্ধাৰণ কৰা হৈছে, তেন্তে বেপাৰীয়ে ১৪০০-১৫০০ টকাত সেয়া কিনি নিয়ে,’’ তেওঁ কয়। ''চৰকাৰী মাণ্ডিবোৰ অকামিলা হৈ পৰিলে বেপাৰীয়ে গোটেই বজাৰ দখল কৰিব।’’

চৰকাৰে অনা 'সংশোধন’ কৃষকে আদৰি লোৱা নাই, সুখদেৱে কয়। ''মাণ্ডি ব্যৱস্থাক দুৰ্বল কৰি তোলা আইন এখনৰ পৰিৱৰ্তে চৰকাৰে সকলো কৃষকে নিশ্চিত বজাৰ পোৱাৰ বাবে সেয়া প্ৰসাৰিত ঘটোৱাত গুৰুত্ব দিব লাগিছিল।’’

বৃহৎ ক’ৰ্পৰেট গোষ্ঠীক এই আইনকেইখনে কৃষি আৰু কৃষকৰ ওপৰত অধিক ক্ষমতা সাব্যস্ত কৰাৰ সুবিধা কৰি দিব বুলি আইনকেইখন সমালোচিত হৈছে। ''ব্যক্তিগত খণ্ডৰ প্ৰৱেশ কেতিয়াও ভাল সংকেত নহয়। তেওঁলোক এটাই নিয়মঃ যিকোনো উপায়ে মুনাফা আদায় কৰা। কৃষকক শোষণ কৰাৰ সময়ত তেওঁলোকে এবাৰো নাভাৱে,’’ সুখদেৱে কয়।

কৃষকৰ মিচিল দিল্লী অভিমুখে যাত্ৰা কৰাৰ সময়ত উত্তৰাখণ্ডৰ খেতিয়কে এক নতুন উপায়েৰে তাত ভাগ ল’লে। জানুৱাৰীৰ শেষভাগৰ পৰা তেওঁলোকে পাল পাতি প্ৰতিবাদত ভাগ ল’লে। প্ৰতিখন গাঁৱৰে ৫-১০ জন খেতিয়কে পাল পাতি গাজিপুৰত বাহৰ কৰি প্ৰতিবাদ অব্যাহত ৰাখিলে।

Baljeet Kaur says, the whole village is supporting one another, while cooking
PHOTO • Parth M.N.

গোটেই গাওঁখনে পৰস্পৰক সহায়-সহযোগিতা কৰি আহিছে, বলজীৎ কৌৰে কয়

কৃষকৰ মিচিল দিল্লী অভিমুখে যাত্ৰা কৰাৰ সময়ত উত্তৰাখণ্ডৰ খেতিয়কে তাত ভাগ লোৱাৰ এক নতুন উপায় কৰি ল’লে। জানুৱাৰীৰ শেষভাগৰ পৰা তেওঁলোকে পাল পাতি প্ৰতিবাদত ভাগ ল’লে। প্ৰতিখন গাঁৱৰে ৫-১০ জন খেতিয়কে পাল পাতি গাজিপুৰত বাহৰ কৰি প্ৰতিবাদ অব্যাহত ৰাখিলে

''আমি সীমান্তত (দিল্লীত) উপস্থিতো আছো আৰু আনফালে ঘৰতো খেতিৰ কাম পিছ পৰিব দিয়া নাই। আমি একেৰাহে এসপ্তাহ বা দুসপ্তাহতকৈ বেছি নাথাকো। পাল পাতি থাকো,’’ সাইজানিত ২০ একৰ মাটিত খেতি কৰা ৫২ বছৰ বয়সীয়া খেতিয়ক সুখদেও চঞ্চল সিঙে কয়। ''এনেদৰে আমি যিমানদূৰ পাৰো প্ৰতিবাদী কাৰ্য্যসূচী আগবঢ়াই নিম।’’

পৰিয়ালৰ কোনোবা সদস্য বাহিৰত থাকিলে পৰিয়ালৰ বাকী লোকে ঘৰখন চম্ভালে, বলজীৎ কৌৰে (৪৫) কয়। ''আমাৰ তিনিটা মহ মই চোৱাচিতা কৰো,’’ সাইজিনিৰ নিজ ঘৰৰ বাৰান্দাত বাচন ধুই থকাৰ মাজতে তেওঁ কয়।

''ঘৰখন চোৱাৰ উপৰিও বাচন-বৰ্তন ধোৱা আৰু ৰন্ধা-বঢ়াৰ কামো ময়েই চম্ভালো। দেউতাক নাথাকিলে মোৰ ২১ বছৰ বয়সীয়া ল’ৰাটোৱে খেতিৰ কাম চায়।’’

বলজীতৰ গিৰীয়েক যশপাল (৫০) গাজিয়াপুৰলৈ দুবাৰ গৈছে, এবাৰ ফেব্ৰুৱাৰীৰ শেষৰফালে আৰু আনবাৰ মাৰ্চৰ প্ৰথম সপ্তাহত। গিৰীয়েক দূৰত থাকিলে তেওঁৰ ৰাতি ভালকৈ টোপনি নাহে। ''ভাল কথা যে গোটেই গাওঁখনে ইজনে-আনজনক সহায় কৰি আহিছে। মোৰ স্বামী বাহিৰত থকা সময়ত যদি মোৰ ল’ৰাটোৱে খেতিত পানী দিব পৰা নাই, আন কোনোবাই হ’লেও সহায় কৰি দিয়ে।’’

এই সহায়-সমৰ্থন আৰু একাত্মবোধেই ছাৰবিক্ৰমজীৎ আৰু পৰমজীতক তেওঁলোকৰ শোক পাতলোৱাত সহায় কৰিছে। ''আমাক আমাৰ জীৱিকাই (খেতিয়ে) এক কৰি ৰাখিছে,’’ ছাৰবিক্ৰমজীতে কয়। ''উত্তৰাখণ্ড, পাঞ্জাৱ আৰু হাৰিয়ানাৰ পৰা অহা চিনাকি আৰু বেছিভাগেই অচিনাকি কৃষক বন্ধুৱে আমাক সান্তনা যাঁচিছে।’’

''মানুহে আমাক সাহ দিছে, আমি লাহে লাহে প্ৰকৃতিস্থ হ’ব পাৰিছো,’’ ছাৰবিক্ৰমজীতে কয়। ''কৃষকৰ প্ৰতি চৰকাৰখনৰ অকণমানো যদি সহমৰ্মিতা থাকিলেহেঁতেন, এই আইন তিনিখন তেওঁলোকে প্ৰত্যাহাৰ কৰিলেহেঁতেন।’’

অনুবাদ: পংকজ দাস

Parth M.N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M.N.
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das