জানুৱাৰী মাহৰ শীতৰ ৰাতিপুৱা ৯ বাজিছে আৰু প্ৰায় ৪০০ মান মানুহে দৰ্শনী আৰম্ভ হোৱালৈ বাট চাইছে। এঘণ্টা আগতে দৰ্শনী আৰম্ভ হ’বই লাগিছিল।
হঠাতে অস্থায়ী মঞ্চখনত উখল-মাখল লাগিল। বাঁহ এডালত বান্ধি থোৱা মাইকটো কঁপি উঠিল আৰু ঘোষণা শুনা গ’ল: “আমি সোনকালেই আৰম্ভ কৰিম মা বনবিবিৰ পালাগান…বিপদনাশিনী মাৰ পালাগান!”
গোসাবা ব্লকৰ জৱাহৰ কলনি গাঁৱত ঘুৰি ফুৰা মানুহবোৰ থিতাপি লাগি বহি ল’লে। সকলোৱে হৰেক ৰকমৰ ‘অশুভ’ শক্তি - ভূত-পিশাচ, সাপ, ঘৰিয়াল, বাঘ, মৌমাখি আদিক আঠাৰো ভাতিৰ দেশত (১৮ প্ৰকাৰৰ ভাটাৰ দেশত) বনবিবিয়ে কেনেকৈ হৰুৱাই বিজয়গাথা ৰচিছে সেয়া চাবলৈ আহিছে। এয়া সুন্দৰবন। বিশ্বৰ আটাইতকৈ বিশাল লুণীয়া আৰু সতেজ পানীৰ জলাশয়ৰ জলাহবন অৰণ্য, যিখন জীৱ-জন্তু, পশু-পক্ষী, সৰীসৃপ আৰু স্তন্যপায়ী প্ৰাণীৰে ভৰি আছে। ইয়াত বনবিবিৰ কাহিনীবোৰ প্ৰজন্মৰ পিছত প্ৰজন্ম বাগৰিছে আৰু অঞ্চলটোৰ মৌখিক সাহিত্যক সমৃদ্ধ কৰিছে।
ৰাস্তাৰ পৰা নেদেখাকৈ পৰ্দাৰে আঁৰ কৰি থোৱা গ্ৰীণৰুমটো ভাৱৰীয়া আৰু দৰ্শকৰ গুণগুণনিৰে ভৰি পৰিছে। বনবিবি পালাগানৰ বাবে সকলো সাজু হৈছে। তিৰ্পাল দি ডাঙৰ ডাঙৰ মৌমাখিৰ বাহ আৰু পোৰামাটিৰ মুখা ঢাকি থোৱা আছে, যিবোৰ আজিৰ দৰ্শনীত প্ৰপ হিচাপে ব্যৱহাৰ কৰা হ’ব। কাহিনীবোৰ হৈছে সুন্দৰবনত মানুহৰ বাস্তৱ জীৱনৰ সৈতে গভীৰভাবে জৰিত বিষয়বস্তু - ২০২০ চনৰ হিচাপ অনুযায়ী সেই বনাঞ্চল ৯৬ টা বাঘৰ বসতিস্থল।
খেতিয়ক, মাছমৰীয়া, মৌ সংগ্ৰহ কৰোঁতা - এইসকল হৈছে ভাৱৰীয়া। তেওঁলোককেই প্ৰসাধন সনা হৈছে, পোচাক পিন্ধাই সাজু কৰা হৈছে। তেওঁলোকৰ মাজৰ সম্পৰ্কৰ মধুৰতা স্পষ্ট। দৰ্শকেই বেকষ্টেজলৈ গৈ ভাৱৰীয়াক ৰিহাৰ্ছেল কৰাইছে, নাইবা গ্ৰীণৰুমত পোচাকবোৰ পিন্ধাত সহায় কৰিছে।
মঞ্চকুশলী এজনে স্পটলাইটৰ ওপৰত ৰঙীন ফিল্টাৰ ৰাখিছে। কিছু সময়ৰ পিছতে ৰাধা-কৃষ্ণৰ গীতি-নাট আৰু বনবিবিৰ যাত্ৰাপালা আৰম্ভ হ’ব। বনবিবিৰ পালাগানক জনপ্ৰিয় ভাষাত দুখে যাত্ৰা বুলি কোৱা হয়, এয়া বাংলা মাঘ মাহ (জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত)ৰ প্ৰথমটো দিনত প্ৰদৰ্শন কৰা হয়।
বছৰি অনুষ্ঠিত হোৱা এই বনবিবিৰ পালাগান চাবলৈ পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগণা জিলাৰ গোসাবা ব্লকৰ বহু গাঁৱৰ লোক ইয়ালৈ আহে।
দলটোৰ মেকআপ শিল্পী হৈছে নিত্যনন্দ জোতদাৰ। অতি যত্নেৰে সাৱধানে তেওঁ ভাৱৰীয়াৰ মুৰত ৰংচঙীয়া মুকুট পিন্ধাই দিছে। বহুকেইটা প্ৰজন্ম ধৰি তেওঁৰ পৰিয়ালটো পালাগানৰ সৈতে জৰিত। অৱশ্যে এতিয়া এই উপাৰ্জনেৰে পেট পোহাটো কঠিন হৈ পৰিছে। “পালাগানৰ আয়েৰে কাৰো সংসাৰ নচলে। বিহাৰ আৰু উত্তৰপ্ৰদেশত কেটাৰিঙৰ ব্যৱসায়ত বিভিন্ন কাম মই কৰিছো,” তেওঁ কয়। কিন্তু ক’ভিড-১৯ লকডাউনত সেইখিনি উপাৰ্জনো নাইকিয়া হ’ল।
পালাগানৰ উপাৰ্জনেৰে পৰিয়াল চলোৱাটো কিমান কষ্টকৰ, তাকে পালা গোটটোৰ সদস্যৰ বহুতেই কৈছে। “যোৱা কেইটামান বছৰত সুন্দৰবনত পালা গানৰ বাবে দৰ্শকে বুকিং কৰা দ্ৰুত গতিত কমিছে,” ভাৱৰীয়া অৰুণ মণ্ডলে কয়।
বহুত পালা ভাৱৰীয়াই সেয়ে চহৰৰ দিশে গতি কৰিছে। কাৰণ হৈছে জলবায়ু পৰিৱৰ্তন, জলাহবন ধ্বংস আৰু তাৰ লগতে লোকনাট্যৰ পৰম্পৰাৰ হ্ৰাস পোৱা জনপ্ৰিয়তা। কলকাতা আৰু তাৰ আশে-পাশে অট্টালিকাৰ নিৰ্মাণত বনুৱা হিচাপে কাম কৰি আহিছে। “পালাগানেৰে বাচি থাকিব নোৱাৰি,” ৩০ত সোমাৱা নিত্যনন্দই কয়। “সেয়ে মই আজি ভাৱৰীয়াসকলৰ মেকআপ কৰিবলৈ আহিছো।”
এই ধৰণৰ পালাত ৭০০০ৰ পৰা ১৫ হাজাৰৰ দক্ষিণা পোৱা যায়, সেয়ে ভাৱৰীয়াসকলে গাইপতি পোৱা টকা নিচেই কম পৰিমাণৰ। “এই বনবিবি পালাগানত ১২ হাজাৰ টকা দিব। সেয়া ২০ জন শিল্পীৰ মাজত ভাগ হ’ব,” অৰুণে জনায়।
মঞ্চৰ পিছফালে উষাৰাণী ঘৰানিয়ে সহ-অভিনেতাৰ চকুত কাজ লগাইছে। “চহৰৰ অভিনেতাই মেকআপৰ সামগ্ৰী লৈ নুফুৰে, কিন্তু আমি সকলো সময়তে মেকআপ সামগ্ৰীবোৰ লগত লৈ ফুৰো,” তেওঁ মিচিকিয়াই হাঁহি কয়। জৱাহৰ কলনি গাঁৱৰ বাসিন্দা উষাৰাণীয়ে এটা দশকৰ অধিক সময় পালাগান কৰিছে। মূল চৰিত্ৰ বনবিবিকে ধৰি তিনিটা পৃথক চৰিত্ৰ তেওঁ আজি ৰূপায়ণ কৰিব।
গ্ৰীণৰূমৰ এটা মুৰত বহি আছে বনমালি বেপাৰী। তেওঁৰ গাত জ্যেষ্ঠ অভিনেতাৰ স্বাচ্ছন্দ্য স্পষ্ট। যোৱা বছৰৰ ৰজত জুবিলি গাঁৱত মই তেওঁক মা মনসা পালাগান কৰা কৰিছিল। তেওঁ মোক চিনি পাইছিল, কথা আৰম্ভ কৰাৰ লগে লগেই তেওঁ ক’লে, “এই দলটোৰ আমাৰ সহ-অভিনেতাসকলক মনত আছেনে, যাৰ আপুনি ফটো তুলিছিল? তেওঁলোক সকলোৱে এতিয়া ধাননি পথাৰত বনুৱাৰ কাম কৰিছে।”
২০২০ চনৰ আমফান আৰু ২০২১ৰ য়াচৰ দৰে বিধ্বংসী ঘূৰ্ণীবতাহ, ক’ভিড-১৯ অতিমাৰী আৰু তাৰ পিছত অহা একাধিক লকডাউনত সুন্দৰবনৰ এই শিল্পীসকল চৰম দুৰ্দশাত পৰিছিল। ঋতুগত প্ৰব্ৰজনকাৰীৰ সংখ্যাও বাঢ়িছে। দিনমজুৰি কৰাসকলৰ বাবে কোনো নিৰ্ধাৰিত উপাৰ্জন নথকাত পালাগান কৰিবলৈ ঘুৰি অহাটো বৰ কঠিন সিদ্ধান্ত।
“আমাৰ সহ-অভিনেতাসকল তিনিমাহ অন্ধ্ৰপ্ৰদেশত থাকিব। ফেব্ৰুৱাৰী মাহত তেওঁলোক ঘুৰি আহিব,” বনমালিয়ে জনায়। “ধানখেতিৰ পথাৰত কাম কৰি প্ৰায় ৭০-৮০ হাজাৰ টকা জমা কৰিব পাৰে। শুনিলে লাগিব যে ধেৰ টকা, কিন্তু হাড়ভঙা শ্ৰম কৰিব লাগে,” তেওঁ জনায়।
সেয়ে বনমালীয়ে এইবাৰ অন্ধ্ৰপ্ৰদেশলৈ নগ’ল। “পালা গান কৰি যি সামান্য পইচা আৰ্জিব পাৰিছো, সেইখিনিতে মই সন্তুষ্ট,” তেওঁ কয়।
বনবিবি পালা এটাৰ নামত প্ৰায় ২০ হাজাৰ টকা খৰছ হয়। তাৰে ১২ হাজাৰ টকা দলটোক দিব লাগে আৰু বাকীখিনি লাউডস্পীকাৰ ভাৰাত অনা আৰু মঞ্চ বনোৱাত যায়। দৰ্শনীৰ পৰা আয় কমি আহিলেও বনবিবি পালা বাচি আছে মুলতঃ স্থানীয় মানুহৰ উৎসাহ, সক্ৰিয় যোগদান আৰু আৰ্থিক অনুদানৰ জোৰত। প্ৰতি বছৰে তেওঁলোকে বনবিবি পালাগান সাৰ্থক কৰাৰ বাবে একগোট হয়।
এইফালে মঞ্চ সাজু হৈছে, পোহৰ ভৰি পৰিছে, দৰ্শক বহা ঠাইত অকণমানো ঠাই নাই, সংগীতৰ শব্দ ক্ৰমে বাঢ়ি আহিছে, পালা আৰম্ভ হৈছে!
“মা বনবিবিৰ আশীৰ্বাদ লৈ আমি কবি জছিমুদ্দিনে লিখা পালা এখনেৰে আমাৰ দৰ্শনী আৰম্ভ কৰিছো,” উষাৰাণীয়ে ঘোষণা কৰিছে। বহুঘণ্টা ধৰি মনযোগেৰে বহি থকা দৰ্শকসকল মনযোগী হৈ উঠিছে আৰু আগন্তুক পাঁচ ঘণ্টাৰ বাবে মন্ত্ৰমুগ্ধ হৈ অভিনয় চাইছে।
মা বনবিবি, মা মনসা আৰু শিৱঠাকুৰৰ বন্দনাগীতেৰে অভিনয় আৰম্ভ হয়। সুন্দৰবনৰ খ্যাতিসম্পন্ন পালাকাৰ দিলীপ মণ্ডলে দক্ষিণ ৰায়ৰ চৰিত্ৰ ৰূপায়ণ কৰিছে, যিয়ে মন গ’লে বাঘৰ ৰূপ ধাৰণ কৰিব পাৰে।
দক্ষিণ ৰায়ৰ কবলৰ পৰা দুখেক বনবিবিয়ে উদ্ধাৰ কৰাৰ যি কাহিনী, সেয়া শুনি দৰ্শকৰ চকুপানী ওলায়। ১৯৯৯-২০১৪ৰ সময়চোৱাত সুন্দৰবনত হাবিত প্ৰৱেশ কৰা বা কাষেৰে যোৱা ৪৩৭ জন লোক বাঘৰ হাতত আহত হৈছে। হাবিত সোমোৱাৰ সময়ত বা পাৰ কৰাৰ সময়ত বাঘৰ আক্ৰমণৰ ভীতিক স্থানীয় লোকে হৃদয়ংগম কৰিছে আৰু মা বনবিবিৰ কৃপাদৃষ্টিৰ বাবে অধীৰ অপেক্ষাৰে বাট চাইছে।
ভীৰৰ মাজৰ পৰা কোনোবাই কৈ উঠে, “মাইকৱালাজন গাধ নেকি? পাঁচমিনিটমানৰ পৰা আমি একো শুনাই পোৱা নাই।” অভিনয় থমিক ৰয় আৰু মাইকৱালাই তাঁৰবোৰ লৰালৰিকৈ ঠিক কৰিবলৈ লয়। ভাৱৰীয়াসকলেও কিছু সময়ৰ বাবে বিশ্ৰাম পায়। ১০ মিনিট পিছত যান্ত্ৰিক বিজুতি আঁতৰাৰ পিছত আকৌ আৰম্ভ হয়।
যাত্ৰাপালা দলটোৰ মেনেজাৰ যোগীন্দ্ৰ মণ্ডল সন্মুখৰ শাৰীত বহি আছে। এনেকুৱা স্থানত তেওঁ বহি আছে যে কোনো ভাৱৰীয়াই সংলাপ ভুল কৰিলে তেওঁ সোঁৱৰাই দিব পাৰে। পালাগানৰ জনপ্ৰিয়তা হ্ৰাস পোৱাক লৈ তেওঁ দুখিত। “বুকিং নোপোৱা হ’লো। আগতে ইটোৰ পিছত সিটো প্ৰদৰ্শনী আছিল, উশাহ ল’বলৈকো সময় পোৱা টান হৈছিল। এতিয়া সকলো শেষ।”
পালাগানৰ পৰা আয় অনিশ্চিত হৈ পৰাত পালাৰ কাৰণে মানুহ লোৱাটো যোগীন্দ্ৰৰ দৰে মেনেজাৰৰ কাৰণে টান হৈ পৰিছে। বহু দূৰ-দূৰণিৰ পৰা তেওঁ মানুহ আনিবলগীয়া হৈছে, তেওঁ কয়। “আজিকালি ভাৱৰীয়া পাব ক’ত? পালাগানৰ ভাৱৰীয়াসকল দিনহাজিৰা কৰিবলৈ লৈছে।”
ঘণ্টাবোৰ নিমিষতে পাৰ হৈ গৈছে আৰু বনবিবিৰ পালা গান শেষ অংক পাইছেগৈ। উষাৰাণীৰ সৈতে আকৌ কথা পতাৰ সুযোগ পালো। বনবিবিৰ পালা গানৰ উপৰিও গোসাবা ব্লকৰ বিভিন্ন গাঁৱত ৰামায়ণ কথাত তেও ভাও লয়। কিন্তু স্থায়ী উপাৰ্জন বুলিবলৈ নাই। “কোনো মাহত ৫,০০০ টকা পাও। কোনো মাহত একোৱাই নাপাও।”
“যোৱা তিনিটা বছৰে আমি বিধ্বংসী ঘূৰ্ণীবতাহ, ক’ভিড-১৯ অতিমাৰী, তাৰ পিছত আকৌ লকডাউন আদিৰ সন্মুখীন হৈছো,” উষাৰাণীয়ে কয়। এই সকলো নেওচি “আমি পালা গান বন্ধ হ’বলৈ দিয়া নাই,” সা-সৰঞ্জামবোৰ পেকিং কৰি থকাৰ মাজতে তেওঁ কয়। আগন্তুক বছৰ নাট আকৌ আৰম্ভ হ’ব।
অনুবাদ: পংকজ দাস