‘সান্ধ্য আইনৰ আওতাত আমি নপৰো। আমি এদিনৰ ছুটীও ল’ব নোৱাৰো। জনতাক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থতে আমি নগৰবোৰ চাফা কৰি যাবই লাগিব,’ চেন্নাইৰ থাউজেণ্ড লাইটচ্ এলেকাৰ অনাময় কৰ্মী দীপিকাই কয়।
২২ মাৰ্চৰ দিনা ‘জনতা কাৰফিউ’ মানি সমগ্ৰ দেশৰ জনতাই ঘৰৰ ভিতৰত সোমাই আছিল, মাত্ৰ সন্ধিয়া ৫ বজাত স্বাস্থ্যসেৱাৰ সৈতে জৰিত কৰ্মচাৰীসকলক ‘কৃতজ্ঞতা’ যাঁচিবলৈ মানুহ গোট খাইছিল। দিনটো মহানগৰবোৰৰ চাফাই কৰ্মত লাগি থকা অনাময় কৰ্মীসকলেও সেই শলাগৰ ভাগ পাইছিল। ‘আমাৰ সেৱাৰ প্ৰয়োজন আগতকৈও অধিক লগা হ’ল,’ দিপীকাই কয়। ‘আমি সেই ভাইৰাছবিধক এই আলি-গলিৰ পৰা ধুই পেলাব লাগিব।’
আন দিনাৰ দৰেই দীপিকা আৰু অইনসকলে কোনোধৰণৰ সুৰক্ষামূলক পোচাক-পাতি নিপিন্ধাকৈয়ে পথত চাফাই কামত লাগি আছিল। আন দিনতকৈও সিদিনাৰ পৰিস্থিতি অতিকৈ বেয়া আছিল। দেশজোৰা তলাবন্ধৰ ফলত আৱৰ্জনাৰ দম কঢ়িওৱা গাড়ীত ওলমি তেওঁলোকৰ বহুতেই কৰ্মস্থলীলৈ আহিবলগীয়া হৈছিল। বহুতেই আকৌ ভালেকিলোমিটাৰ বাট খোজকাঢ়ি কৰ্মস্থলীত উপস্থিত হৈছিল। ‘২২ মাৰ্চৰ দিনা দূৰণিৰ সহকৰ্মীসকলে কামলৈ আহিব নোৱাৰা হেতুকে আন দিনাতকৈ বেছি পথ মই চাফা কৰিবলগীয়া হৈছিল,’ দীপিকাই কয়।
এই আলোকচিত্ৰবোৰত দেখা পোৱা প্ৰায়ভাগ মহিলা চাফাইকৰ্মীয়ে কেন্দ্ৰীয় আৰু দক্ষিণ চেন্নাইৰ থাউজেণ্ড চিটি লাইটচ্ আৰু আলৱাৰপেট, আন্না শালাই আদি এলেকাত কাম কৰে। ইয়ালৈ কাম কৰিবলৈ অহা প্ৰায়ভাগ মহিলাই চেন্নাইৰ উত্তৰাঞ্চলৰ নিজৰ ঘৰৰ পৰা অহা-যোৱা কৰে।
এতিয়া তেওঁলোকে এক আচহুৱা প্ৰকৃতিৰ কৃতজ্ঞতা লাভ কৰিছে। ২৪ মাৰ্চৰ দিনা তলাবন্ধ ঘোষণাৰ পিছৰেপৰা অনাময় কৰ্মীয়ে ছুটি ল’ব পৰা নাই বুলি অভিযোগ উত্থাপন কৰে। ‘খতি কৰিলে কাম হেৰুৱাব লাগিব বুলি তেওঁলোকক কোৱা হৈছে,’ চি.আই.টি.ইউ.ৰ স্বীকৃতিপ্ৰাপ্ত চেন্নাই ক’ৰ্পৰেশ্যন ৰেড ফ্লেগ ইউনিয়নৰ বি. শ্ৰীনিভাসুলুৱে কয়। শ্ৰীনিভাসুলুৱে কয় যে যাতায়তৰ কাৰণে বাছৰ ব্যৱস্থা কৰা হৈছে যদিও সেয়া পৰ্যাপ্ত নহয় আৰু প্ৰায়ে পলমকৈ আহে। সেয়ে অনাময় কৰ্মীয়ে আৱৰ্জনা কঢ়িওৱা গাডীতেই যাতায়ত কৰিবলগীয়া হয়। অনাময় কৰ্মীয়ে ইয়াত ৯০০০ পৰ্যন্ত মজুৰী লাভ কৰে, কিন্তু ভাল দিনতো তেওঁলোকে দিনে ৬০ টকা যাতায়তৰ নামত খৰছ কৰিবলগীয়া হয়। সান্ধ্য আইন আৰু তলাবন্ধৰ সময়ত চৰকাৰী বাছ নাইবা পৌৰনিগমে ব্যৱস্থা কৰি দিয়া বাহনৰ সুবিধা লাভত কৰিব নোৱাৰাসকলে খোজকাঢ়িয়েই কামলৈ আহিছে।



















