“আমাৰ ৰাবাৰিসকলৰ তৰাবোৰৰ বাবে থকা নাম তোমালোকৰ বোৰতকৈ বেলেগ, তোমালোকৰ ধ্ৰুৱতৰা, আমাৰ পাৰ’ডিয়া,” মাশ্ৰুভায়ে কয়।
ৱাৰ্ধা জিলাৰ ডেন’ডা গাৱঁৰ অস্থায়ী পাম অৰ্থাৎ তেওঁৰ ডেৰাত উপস্থিত হৈছিলোঁ। সেয়া আছিল নাগপুৰৰ পৰা ৬০ কিল’মিটাৰ আৰু তেওঁ ঘৰ বুলি কোৱা কচ্ছ নামৰ ঠাইখনৰ পৰা ১৩০০ কি.মি দূৰৈত।
ৰাবাৰি ডেৰাটোত সন্ধিয়া নামিছিল। এয়া মাৰ্চ মাহৰ আগচোৱাঁ, শীতৰ পৰা গ্ৰীষ্মলৈ ঋতু পৰিৱৰ্তনৰ সময়, সন্ধিয়াৰ আকাশত হেঙুলী আভা বহু পৰলৈ ওলমি ৰোৱাৰ সময়। উজ্জ্বল পাহিৰে হাবিৰ জুই যেন পলাশ বা কেছুড’ (বিউটি মন’স্পাৰ্মা) ফুলবোৰে ভিন ভিন গেৰুৱা বোলেৰে সজাইছে ধৰা। ৰঙৰ উৎসৱ ‘হোলী’ সমাগত।
নিজৰ মানুহখিনিৰ মাজত মৰমেৰে ‘মামা’ বুলি পৰিচিত মাশ্ৰু মামা আৰু মই বিদৰ্ভৰ এই ঠাইখনৰ পৰা নিৰ্মল আকাশখনলৈ চাই আছিলোঁ। কপাহখেতি এডৰাৰ মাজত তেওঁৰ খাতিয়াখনত বহি আমি মনলৈ অহা যিকোনো কথাবোৰ পাতি আছিলোঁ: তৰা, নক্ষত্ৰপুঞ্জ, জলবায়ু আৰু জলবায়ু পৰিৱৰ্তন, তেওঁলোকৰ মানুহ আৰু জীৱ-জন্তুবোৰৰ মেজাজৰ ভিন্নতা, অঘৰী জীৱন – শ্ৰমসাধ্য, কঠিন, সদা ভ্ৰমণৰত, তেওঁ জনা কিংবদন্তি আৰু লোক-কাহিনীবোৰ, আৰু অনেক কথা।
ৰাবাৰিসকলৰ মাজত তৰাবোৰৰ বিশেষত্ব আছে, কাৰণ পথ নিৰ্দেশনাৰ বাবে তেওঁলোক সেইবোৰৰ ওপৰত নিৰ্ভৰশীল, বিশেষকৈ ৰাতি। “সাতোটা তৰাৰ নক্ষত্ৰ মণ্ডল সপ্তৰ্ষি আমাৰ বাবে হৰণ (হৰিণ),” তেওঁ বৰ্ণাই কয়। “পুৱতি নিশা সেই তৰা সাতোটা নিষ্প্ৰভ হৈ পৰে, কিন্তু এন্ধাৰ থকা সময়কণলৈকে সিহঁতে আগজাননী দিয়ে এটা নতুন পুৱাৰ, নতুন প্ৰত্যাহ্বানৰ আৰু বহু সম্ভাৱনাৰ,” তেওঁ দাৰ্শনিকৰ ভাবত কৈ গ’ল।











