“আমাৰ ৰাবাৰিসকলৰ তৰাবোৰৰ বাবে থকা নাম তোমালোকৰ বোৰতকৈ বেলেগ, তোমালোকৰ ধ্ৰুৱতৰা, আমাৰ পাৰ’ডিয়া,” মাশ্ৰুভায়ে কয়।
ৱাৰ্ধা জিলাৰ ডেন’ডা গাৱঁৰ অস্থায়ী পাম অৰ্থাৎ তেওঁৰ ডেৰাত উপস্থিত হৈছিলোঁ। সেয়া আছিল নাগপুৰৰ পৰা ৬০ কিল’মিটাৰ আৰু তেওঁ ঘৰ বুলি কোৱা কচ্ছ নামৰ ঠাইখনৰ পৰা ১৩০০ কি.মি দূৰৈত।
ৰাবাৰি ডেৰাটোত সন্ধিয়া নামিছিল। এয়া মাৰ্চ মাহৰ আগচোৱাঁ, শীতৰ পৰা গ্ৰীষ্মলৈ ঋতু পৰিৱৰ্তনৰ সময়, সন্ধিয়াৰ আকাশত হেঙুলী আভা বহু পৰলৈ ওলমি ৰোৱাৰ সময়। উজ্জ্বল পাহিৰে হাবিৰ জুই যেন পলাশ বা কেছুড’ (বিউটি মন’স্পাৰ্মা) ফুলবোৰে ভিন ভিন গেৰুৱা বোলেৰে সজাইছে ধৰা। ৰঙৰ উৎসৱ ‘হোলী’ সমাগত।
নিজৰ মানুহখিনিৰ মাজত মৰমেৰে ‘মামা’ বুলি পৰিচিত মাশ্ৰু মামা আৰু মই বিদৰ্ভৰ এই ঠাইখনৰ পৰা নিৰ্মল আকাশখনলৈ চাই আছিলোঁ। কপাহখেতি এডৰাৰ মাজত তেওঁৰ খাতিয়াখনত বহি আমি মনলৈ অহা যিকোনো কথাবোৰ পাতি আছিলোঁ: তৰা, নক্ষত্ৰপুঞ্জ, জলবায়ু আৰু জলবায়ু পৰিৱৰ্তন, তেওঁলোকৰ মানুহ আৰু জীৱ-জন্তুবোৰৰ মেজাজৰ ভিন্নতা, অঘৰী জীৱন – শ্ৰমসাধ্য, কঠিন, সদা ভ্ৰমণৰত, তেওঁ জনা কিংবদন্তি আৰু লোক-কাহিনীবোৰ, আৰু অনেক কথা।
ৰাবাৰিসকলৰ মাজত তৰাবোৰৰ বিশেষত্ব আছে, কাৰণ পথ নিৰ্দেশনাৰ বাবে তেওঁলোক সেইবোৰৰ ওপৰত নিৰ্ভৰশীল, বিশেষকৈ ৰাতি। “সাতোটা তৰাৰ নক্ষত্ৰ মণ্ডল সপ্তৰ্ষি আমাৰ বাবে হৰণ (হৰিণ),” তেওঁ বৰ্ণাই কয়। “পুৱতি নিশা সেই তৰা সাতোটা নিষ্প্ৰভ হৈ পৰে, কিন্তু এন্ধাৰ থকা সময়কণলৈকে সিহঁতে আগজাননী দিয়ে এটা নতুন পুৱাৰ, নতুন প্ৰত্যাহ্বানৰ আৰু বহু সম্ভাৱনাৰ,” তেওঁ দাৰ্শনিকৰ ভাবত কৈ গ’ল।
একোচা ডাঠ মোছ, পকন ধৰা চুলি, বহল হাতৰ তলুৱা আৰু এখন বিশাল হৃদয়েৰে ওখ-পাখ, সুঠাম চেহেৰাৰ ৬০ৰ বয়্সৰ মাশ্ৰু মামা - ডেৰাটোৰ সবাতোকৈ বৰ্ষীয়ান সদস্য। তেওঁৰ লগতে আন পাঁচটা পৰিয়ালেৰে গঠিত ডেৰাটো কেইদিনমানৰ আগেয়ে ইয়াত উপস্থিত হৈছেহি। “আমি আজি ইয়াত আছোঁ আৰু আজিৰ পৰা ১৫ দিনৰ ভিতৰত আমি নাগপুৰ জিলাত থাকিম। বাৰিষা আহিলে তুমি আমাক য়াভাতমাল জিলাৰ পান্ধাৰকাৱাড়াত পাবা। আমি গোটেই বছৰটোত জনা-শুনা ঠাইবোৰতে ঘূৰি ফুৰোঁ আৰু খেতি পথাৰবোৰত থাকোঁ,” তেওঁ ক’লে।
গোটেই বছৰজুৰি তেওঁলোকৰ ঘৰ হ’ল আকাশৰ তলত এখন মুকলি পথাৰ।
*****
মূলতে গুজৰাটৰ কচ্ছৰ বাসিন্দা ৰাবাৰিসকলৰ সমাজখন হ’ল এক অৰ্ধ-পশুপালক সমাজ। মাশ্ৰু মামাৰ দৰে আন বহুতেই কেইবা প্ৰজন্মও ধৰি মধ্য ভাৰতৰ বিদৰ্ভতে ঘৰ পাতি লৈছে। তেওঁলোকে ছাগলী, ভেড়া আৰু উটৰ ডাঙৰ ডাঙৰ পালবোৰ পোহে। কচ্ছত থাকি যোৱা বেছিভাগ ৰাবাৰিয়েই তেওঁলোকৰ পথাৰত কাম কৰে। মাশ্ৰু মামাৰ দৰে আনসকলেো সদায়েই ভ্ৰমণৰত আৰু শিবিৰ পাতি বাস কৰে।
মাশ্ৰু মামাই হিচাব দিলে যে গোটেই বিদৰ্ভ আৰু চুবুৰীয়া চত্তীশগড়ত মুঠতে ৩,০০০ৰতকৈ অধিক এনেকুৱা ডেৰা আছে। প্ৰতিটোকে এটা বিশেষ স্থায়ী প্ৰব্ৰজনমূলক গাঁথনিত সজা হয়, কিন্তু তেওঁলোক থকা ঠাইখন কেতিয়াও স্থায়ী নহয়।
তেওঁলোকে কেইবাখনো জিলাৰ মাজেৰে ঘূৰি ফুৰে আৰু প্ৰব্ৰজনৰ পথৰ মাজত কেইদিন মানৰ মূৰে মূৰে ভিন ভিন ঠাইত শিবিৰ পাতে। যাত্ৰা পথত তেওঁলোকে কিমান সঘনাই শিবিৰ পাতে কোৱাটো সহজ নহয়, কিন্তু এটা ঋতুত তেওঁলোকক মোটামুটি ৫০-৭৫খনমান ভিন ভিন ঠাইত দেখা যায়। আজি যদি তেওঁলোক ৱাৰ্ধা জিলাৰ এখন গাৱঁত আছে পিচদিনাখন য়াভাতমাল জিলাৰ ৱানিৰ ওচৰত থাকিব। তেওঁলোক বিভিন্ন ঠাইত থকাৰ সময়ৰ পৰিমাণ ঋতু আৰু স্থানীয় খেতিয়কসকলৰ স’তে তেওঁলোকৰ সম্পৰ্কৰ ওপৰত নিৰ্ভৰ কৰি কেইদিনমানৰ পৰা এপষেকৰ ভিতৰত হ’ব পাৰে।
খেতিয়ক আৰু ৰাবাৰিসকলৰ এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছে। খেতিয়কসকলে বিনামুলীয়াকৈ জন্তুৰ পালবোৰক ঘাঁহ-বন বা শস্যৰ পতান খুৱাবলৈ অনুমতি দিয়ে যিবোৰৰ খেতিয়কসকলৰ বাবে বিশেষ মূল্য নাই আৰু তাৰ বিনিময়ত ৰাবাৰিসকলে তেওঁলোকৰ পথাৰবোৰ জন্তুৰ গোৱৰেৰে সাৰুৱা কৰি যায়।
এপ্ৰিলৰ পৰা জুলাইলৈকে পথাৰবোৰত ভেড়া আৰু ছাগলীৰ পালবোৰ ৰখাবলৈ কেতিয়াবা আনকি খেতিয়কসকলে ৰাবাৰিবোৰক বেছ কিছু পৰিমাণৰ পইচাও দিয়ে। নাগপুৰস্থ চেণ্টাৰ ফৰ পিপলছ্ কালেক্টিভ নামৰ সংস্থাটোৰ প্ৰকাশ পাবলগীয়া ভেড়া-ছাগলী ৰখাই পথাৰ সাৰুৱা কৰা এক অধ্যয়নত উল্লেখ কৰা হৈছে যে, তেওঁলোকে পোৱা পইচাৰ সঠিক পৰিমাণ জন্তুৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে, কিন্তু কোনো কোনোৱে বছৰত ২-৩ লাখ বুলি গণনা কৰি দেখুৱায়। এনেদৰে সাৰুৱা কৰাৰ পিচত পথাৰৰ উৎপাদন বিশেষভাৱে বৃদ্ধি হয়।
মামাৰ এহেজাৰতকৈ অধিক জন্তু আছে – সেইটোৱেই তেওঁৰ পাশাৰ গুটি।
সাঁতুৰিব পৰা খাৰাই উট কেইটাতকৈ পৃথক তেওঁৰ কাচ্ছি জাতৰ তিনিটা উট কাষৰ জোপোহানিৰ পৰা এই মাত্ৰ উলটিছে। মামাৰ বিশ্বাসী সহায়ক ৰামাৰ লগত ঘাঁহ খাবলৈ গৈছিল। জন্তুবোৰ চোৱা-চিতা কৰাৰ লগতে সি পিচৰ থাকিবলগীয়া ঠাইখনো বিচাৰি উলিওৱাত সহায় কৰে। আমি য’ত বহি কথা পাতি আছিলোঁ তাৰ পৰা উটবোৰ দেখা পোৱা নগৈছিল, কিন্তু আমি কাষৰ গছবিলাকৰ পৰা ভাঁহি অহা বেবনি-ঘেঁহনি শুনিছিলোঁ, য’ত লাহে লাহে স্তিমিত হৈ অহা পোহৰত সিহঁতৰ ছাঁবোৰে উঠা-বহা কৰিছিল।
তেওঁৰ বৰ্তমানৰ শিবিৰটোৰ নিচেই কাষতে, ডেৰাটোৰ বিপৰীত ফালে থকা কপাহৰ খেতি এডৰাত ভেড়া আৰু ছাগলীবোৰে সতেজ সেউজীয়া পাতবোৰ খাই আছিল। ডেৰাত সদায় এটা কুকুৰ থাকে, আৰু ইয়াত, ৰাবাৰি তিৰোতাহঁতে হাতেৰে বোৱা জহাদ (কম্বলে)ৰে মেৰিওৱা আমাৰ চাৰপাইখনৰ কাষতে মামাৰ কুকুৰটোৱে মহা আনন্দৰে খেলি আছিল।
*****
মহাৰাষ্ট্ৰৰ পূৱ অংশৰ বিশেষকৈ সৰু সৰু খেতিয়কৰ বহুসংখ্যক বৰ্ষা নিৰ্ভৰ একক ফচল পথাৰ এতিয়া উদং। কপাহৰ খেতি চপোৱা হ’ল। শীতৰ শস্য – মগু মাহ, অ’ত ত’ত কিছু ঘেঁহু আৰু জোঁৱাৰ চপোৱাৰো দিন চাপিল, অহা এপষেকত খেতিবোৰ উঠিব। মাশ্ৰু মামা কেইদিনমানৰ পিচতে নতুন পথাৰ এখনলৈ যাব, তেওঁৰ ভেড়া আৰু ছাগলীবোৰে এইখন পথাৰৰৰ শেষ সেউজীয়া ঘাঁহ-পাত কেইটাও উদৰস্থ কৰি উঠিলে।
“ইয়াত মোৰ কোনো ঠিকনা নাই,” মাশ্ৰু মামাই ক’লে। বৰষুণ পৰিলে এই ডেৰাটোৰ প্ৰায় ১৫ৰ পৰা ২০ জন নিকট আত্মীয়ৰ মতা- মাইকী সকলোৱে টাৰ্প’লিনেৰে ঢকা চাৰপাইখনৰ তলত আশ্ৰয় লয়। তেওঁৰ উট, ভেড়া আৰু ছাগলীৰ জাকবোৰে বৰষুণতে গা ধোৱে। ‘সিহঁতক যিদৰে শীত আৰু বৰষুণে লেহুকা ভংগুৰ কৰে, সেইদৰে শক্ত কৰি তোলে গ্ৰীষ্মৰ উষ্ণ প্ৰবাহে। তেওঁ কয়, ‘ৰাবাৰিসকল প্ৰকৃত আবহাৱা ৰক্ষক।’
“আমাৰ জীৱনৰ এক মাত্ৰ নিশ্চিতি হ’ল অনিশ্চয়তা। সেইটো নিশ্চিত,” বুলি কৈ তেওঁ হাঁহিলে। তেওঁৰ ডেৰা নাগপুৰ, ৱাৰ্ধা, চন্দ্ৰপুৰ, আৰু য়াভাতমাল জিলা আৰু তাৰ আশে-পাশে ভ্ৰমি ফুৰে। “মৌচুমীৰ আগমন সলনি হৈছে। হাবিবোৰ নোহোৱা হ’ল। পথাৰৰ মাজত থকা গছবোৰ আঁতৰাই পেলোৱা হ’ল। মাশ্ৰু মামাই কৃষক সংগ্ৰাম আৰু খাটিখোৱা খেতিয়ক মানুহৰ বিপৰ্য্যস্ত হৈ পৰা অৱস্থা কাষৰ পৰা দেখিছে। তেওঁ ক’লে, এহাতে যেনেকৈ অৰ্থনৈতিনৈতিকভাৱে সকলো সলনি হৈছে, আনহাতে তেনেকৈ জটিল পৰিৱেশতন্ত্ৰ আৰু জলবায়ু পৰিৱৰ্তনৰ কাৰকবোৰেও ভিন ভিন প্ৰভাৱ পেলাব।
মাশ্ৰু মামাৰ মতে পথাৰ, পানী, হাবি আৰু জন্তুবোৰক প্ৰভাৱিত কৰা পৰিবৰ্তিত জলবায়ু এটা অশুভ সংকেত। তেওঁলোকৰ কিছুমান পুৰণি ঠাই বৰ্তমান সমস্যাজৰ্জৰ। তেওঁ বুজাই ক’লে, অঞ্চলটোত তেওঁলোকে ৩০ বছৰৰ আগতে পোৱা সেউজীয়া হাবি-বন-জোপোহাবোৰ এতিয়া তেনেকৈ নেদেখা হ’ল। তেওঁৰ জন্তুৰ পালবোৰে তাৰ ফল ভূগিছে। “চাওক, প্ৰকৃতিৰ সমস্যা হ’লে মানুহে সেইটো বুজি নাপাব বা কেনেকৈ তাৰ সমাধান কৰিব নাজানিব,” অভিজ্ঞতাপুষ্ট অঘৰীজনে ক’লে।
অলপতে হাইদৰাবাদৰ কছাইখানালৈ চোৰাংভাৱে উট সৰবৰাহ কৰা বুলি মিছাকৈ কিছুমান ৰাবাৰিক অভিযুক্ত কৰা ঘটনাটো সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি তেওঁ ক’লে,“আমাক নজনা মানুহে আমাৰ স’তে উটৰ সম্পৰ্ক কি বুজি নাপায়।’ (পঢ়িবঃ মৰুভূমিৰ জাহাজ থমকিলঃ কচ্ছৰ উট এতিয়া আইনী মেৰপেঁচত ।
‘উটবোৰ আমাৰ জাহাজ, হামাৰা জাহাজ হে, আমাৰ ঈশ্বৰ,’ তেওঁ ক’লে। আৰু ক’লে, ‘এঠাইৰ পৰা আন ঠাইলৈ যাওঁতে লাম-লাকটু আৰু সৰু ল’ৰা-ছোৱালী কঢ়িয়াবলৈ প্ৰতিটো ডেৰাতে তিনিটা বা চাৰিটা উট থাকে।
গৱেষণা একেবাৰেই কমকৈ হোৱা জনগোষ্ঠীৰ ভিতৰত মধ্য ভাৰতৰ ৰাবাৰিসকল হ’ল অন্যতম। আনকি চৰকাৰৰ কোনো চক্ৰয়ো স্বীকাৰ নকৰে যে তেওঁলোকে সেই অঞ্চলতে বাস কৰি আহিছে। মাশ্ৰু মামাৰ জন্ম হৈছিল ৱাৰ্ধা জিলাৰ এখন কৃষি পামত। বিদৰ্ভৰ কোনো এক এনে কৃষি পামতে তেওঁৰ বিবাহ সম্পন্ন হৈছিল, আনকি তেওঁৰ পৰিয়ালো লালিত-পালিত হৈছিল এইবোৰতে। অথচ, অঞ্চলটোৰ মানুহৰ মাজত তেওঁলোকৰ অস্তিত্ব বা উপস্থিতিৰ বিষয়ে কোনোৱেই জ্ঞাত নহয়।
তেওঁ কথা কোৱা গুজৰাটী ভাষাৰ দৰে একে আয়াসতে বিদৰ্ভৰ পশ্চিম অংশত কথিত মাৰাঠী দোৱান বাৰ্দাহি ভাষাতো কথা কয়। মাশ্ৰু মামা ই কয়, “মই এফালৰ পৰা বাৰ্দাহী।” মানুহে তেওঁক বাহিৰৰ মানুহ বুলি ভাবিব পাৰে কাৰণ তেওঁ এজন খাতি ৰাবাৰি মানুহৰ দৰে সম্পূৰ্ণ বগা কোচ দিয়া চোলা, ধুতি আৰু বগা পাগুৰিৰ সাজ পিন্ধে। কিন্তু তেওঁ স্থানীয় সংস্কৃতিৰে সমৃদ্ধ আৰু তেওঁ অঞ্চলটোৰ নীতি-নিয়ম আৰু পৰম্পৰাৰ সম্পৰ্কে ভালদৰে জ্ঞাত। দৰকাৰ হ’লে তেওঁ স্থানীয় ভাষাত শাওপাত দিব আৰু গালি-গালাজ পাৰিবও পাৰে!
ৰাবাৰিসকল তেওঁলোকৰ মূল ঠাই কচ্ছৰ পৰা বহু দূৰৈত থাকে যদিও, জনগোষ্ঠীটোৱে তেওঁলোকৰ পৰম্পৰা আৰু সংস্কৃতি জীয়াই ৰাখিছে। কচ্ছৰ ঘৰত থকা আত্মীয়্সকলৰ সৈতেও তেওঁলোকৰ সম্বন্ধৰ টান ৰক্ষা কৰি চলিছে। বৰ্তমান মাশ্ৰু মামাৰ পৰিবাৰ কচ্ছ জিলাৰ আঞ্জৰি ব্লকৰ ভাদৰি গাৱঁলৈ ফুৰিবলৈ গৈছে। তেওঁৰ ডাঙৰ জীয়েক দুজনীক তাত থকা একে জনগোষ্ঠীৰ মানুহলৈ বিয়া দিছে।
“নতুন প্ৰজন্ম এই পামবোৰত থাকিব নিবিচাৰে,” তেওঁ ক’লে। ডেৰাৰ শিশুবোৰক পৰিয়ালৰ আন সকলৰ সৈতে থাকিবলৈ পঠিয়াই দিয়া হয়, যাতে সিহঁতে স্কুললৈ যাব পাৰে, শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু চাকৰি বিচাৰিব পাৰে।
“মানুহে আগৰ দৰে পৰিশ্ৰম নকৰে, জীৱনৰ বলিয়া দৌৰত সোমাই পৰিছে,” মাশ্ৰু মামাই কৈ গ’ল। তেওঁৰ নিজৰ পুত্ৰ ভৰত অভিযান্ত্ৰিক ডিপ্ল’মা শেষ কৰি এটা স্থায়ী নিযুক্তিৰ সন্ধানত মুম্বাইত আছে।
তেওঁৰ একেবাৰে নুমলীয়া জীয়েক তেওঁৰ স’তে আছে। ডেৰাৰ আন পাঁচজনী তিৰোতাৰ সৈতে তাই ৰাতিৰ সাজ ৰন্ধাত লাগিছে। সিহঁতৰ অস্পষ্ট কথাবোৰ জন্তু আৰু চৰাই মাতৰ সৈতে মিলি গৈছে। জুই ধৰা হৈছে, আৰু তাৰ চাৰিওকাষে বহি থকা তিৰোতাকেইজনীৰ মুখত জুইকুৰাই সোণালী পোহৰ ছটিয়াই দিছে। সিহঁত আটাইকেইজনীয়ে ক’লা সাজ পৰিধান কৰিছে।
কিয় জানো তিৰোতাৰ বাবে ক’লা আৰু পুৰুষৰ বাবে বগা?
তেওঁলোকৰ সমাজৰ দেৱী সতী মা আৰু এগৰাকী দীপলিপ ৰাবাৰি ৰাজকুমাৰীৰ বাবে বহু শতিকাৰ আগতে এজন আক্ৰমণকাৰী ৰজাৰ সৈতে হোৱা যুদ্ধখনৰ কিংবদন্তি বৰ্ণনা কৰি মাশ্ৰু মামাই উত্তৰ দিলে, ৰজাজন তাইৰ ৰূপত বিভোৰ হৈ পৰিছিল আৰু তাইক বিয়া কৰাব বিচাৰিছিল। কিন্তু আমাৰ সমাজখনে নামানিলে, ফলত, জয়ছলেমাৰৰ ওচৰত এখন যুদ্ধ লাগিল। বহু মানুহৰ মৃত্যু হ’ল, তেজেৰে তুমৰলি হ’ল যুদ্ধক্ষেত্ৰ, অৱশেষত শান্তি অটুত ৰাখিবৰ বাবে ৰাজকুমাৰীয়ে ধৰিত্ৰী মাৰ কোলাত নিজকে পুতি পেলোৱাত যুদ্ধৰ অন্ত পৰিল। “আমি তেওঁৰ বাবে শোক পালন কৰোঁ, এতিয়াও,” তেওঁ ক’লে।
এতিয়া ঘোৰ আন্ধাৰ; ৰাতিৰ সাজ তৈয়াৰ হ’ল। সাধাৰণতে ডেৰাৰ ৫ টা বা ৬টা পৰিয়ালে বেলেগে বেলেগে ৰান্ধে। কিন্তু আজি সন্ধিয়াৰ দৰে আমাৰ নিচিনাকৈ কেতিয়াবা আলহী আহিলে ভোজ ৰান্ধে আৰু একেলগে খায়। আজিৰ বিশেষ খাদ্যত আছে - ভেড়াৰ গাখীৰ, গুড়, আৰু ভেড়াৰ গাখীৰৰ পৰা উলিওৱা ঘীৰে তৈয়াৰ কৰা পায়স, চাপাটি ৰুটি, এখন মছলা দিয়া মাহৰ দাইল, ভাত আৰু বাটাৰ গাখীৰ।
মোবাইল ফোনৰ তৰ্চৰ পোহৰত আমি ৰাতিৰ সাজ খাবলৈ বহিলোঁ।
অনুবাদ: ৰুবী বৰুৱা দাস